ভাৰত-ৰাছিয়াৰ তৈল বাণিজ্যক লৈ ট্ৰাম্পৰ বিস্ফোৰণ ! কি ক’লে ক্ৰেমলিনে ?

ভাৰত-ৰাছিয়াৰ তৈল বাণিজ্যক লৈ ট্ৰাম্পৰ বিস্ফোৰণ ! কি ক’লে ক্ৰেমলিনে ?

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই । মঙলবাৰে ৰাছিয়াই কয় যে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তিৰ

ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই ।

মঙলবাৰে ৰাছিয়াই কয় যে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ সন্দৰ্ভত ভাৰতৰ পৰা এতিয়াও কোনো আনুষ্ঠানিক তথ্য লাভ কৰা নাই । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ সৈতে বৃহৎ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰি ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰা বুলি দাবী কৰাৰ পিছত এই বক্তব্য প্ৰকাশ কৰিছে ।

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্ৰী পেস্কোভে স্পষ্টভাৱে কয় যে মস্কোৱে এই বিষয়ত দিল্লীৰ পৰা কোনো আনুষ্ঠানিক যোগাযোগ লাভ কৰা নাই । পেস্কোভে কয় যে এতিয়ালৈকে আমি ভাৰতৰ পৰা ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰাৰ কোনো তথ্য লাভ কৰা নাই । তেওঁ লগতে উল্লেখ কৰে যে ৰাছিয়াই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্ব আৰু অধিক বিকশিত কৰিব বিচাৰে আৰু দুয়োখন দেশৰ মাজত সহযোগিতাক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰে ।

দৰাচলতে সোমবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিৰ কথা ঘোষণা কৰাৰ সময়ত কয় যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বন্ধ কৰিবলৈ সন্মত হৈছে । ট্ৰাম্পৰ মতে, বিনিময়ত আমেৰিকাই ভাৰতীয় ৰপ্তানিৰ ওপৰত আমদানি শুল্ক ৫০ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰিছে । তেওঁ উল্লেখ কৰে যে ইয়াৰ দ্বাৰা আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰীয়ে যথেষ্ট সকাহ পাব ।

ভাৰত চৰকাৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো সম্পূৰ্ণৰূপে বন্ধ কৰিব বুলি এতিয়াও আনুষ্ঠানকভাৱে নিশ্চিত কৰা নাই । বিশেষজ্ঞসকলৰ মতে ভাৰতে শক্তি নীতিৰ ক্ষেত্ৰত সদায় সুষম আৰু সতৰ্ক পন্থা গ্ৰহণ কৰে । ভাৰতে দীৰ্ঘদিন ধৰি ৰাছিয়াৰ পৰা কম দামত তেল লাভ কৰি আহিছে, যিটো দেশৰ শক্তি সুৰক্ষাৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত হৈছে ।

লগতে পঢ়ক : ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব ভাৰতেঃ শুল্ক হ্ৰাসৰ ঘোষণা কৰি ড’নাল্ড ট্ৰাম্পৰ দাবী