ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা; সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা ১৭৯গৰাকী যাত্ৰীৰ

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা শনিবাৰে আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান । মিয়ামি অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ বিমান এ এ-৩০২৩ৰ লেণ্ডিং গিয়াৰত জুই লাগে । এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা

ভয়ংকৰ বিমান দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল আমেৰিকা

শনিবাৰে আমেৰিকাৰ ডেনভাৰ বিমানবন্দৰত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল এখন যাত্ৰীবাহী বিমান । মিয়ামি অভিমুখী আমেৰিকান এয়াৰলাইন্সৰ বিমান এ এ-৩০২৩ৰ লেণ্ডিং গিয়াৰত জুই লাগে । এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে কেনেকৈ যাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে বিমানখনৰ পৰা দৌৰিছে আৰু চাৰিওফালে ধোঁৱা বিয়পি পৰিছে । বিমানখনত ১৭৩ জন যাত্ৰী আৰু ৬ জন ক্ৰু মেম্বাৰ আছিল ।

এই ঘটনা প্ৰায় ২:৪৫ বজাত (স্থানীয় সময়) সংঘটিত হয় যেতিয়া বয়িং ৭৩৭ মেক্স ৮ বিমানখনে উৰণৰ বাবে সাজু হৈ আছিল । একে সময়তে লেণ্ডিং গিয়াৰত হোৱা কাৰিকৰী বিজুতিৰ বাবে ধোঁৱা ওলাবলৈ ধৰে আৰু অলপ পিছতে বিমানখনত জুই লাগে  । ঘটনাৰ পিছতে ডেনভাৰ বিমানবন্দৰ প্ৰশাসন আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলটোক লগে লগে সতৰ্ক কৰি দিয়া হয় । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে ।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে যাত্ৰীসকলে আতংকিত হৈ জৰুৰীকালীন স্লাইডৰ তললৈ পিছলি বিমানখনৰ পৰা ওলাই আহিছে । এই সময়ছোৱাত চাৰিওফালে ধোঁৱা বিয়পি পৰিছিল । বিশেষকৈ জুইৰ এই পৰিস্থিতিত এজন যাত্ৰীৰ এহাতে শিশু আৰু আনখন হাতত লাগেজ লৈ পিছলি যোৱা দেখা গৈছে ।

বিমান সংস্থাটোৱে জনোৱা মতে, বিমানখনে ইতিমধ্যে মেইন্টেনেন্স সমস্যাৰ সতৰ্কবাণী লাভ কৰিছিল, যিটো টায়াৰৰ সৈতে জড়িত আছিল । এই কাৰিকৰী দোষ উৰণৰ আগতেই গুৰুতৰ বুলি প্ৰমাণিত হ’ল । অগ্নিকাণ্ডৰ পিছত বিমানখন সেৱাৰ পৰা আঁতৰাই তদন্ত আৰম্ভ কৰা হৈছে । বিবৃতিটোত বিমান সংস্থাটোৱে যাত্ৰীসকলৰ ওচৰত ক্ষমা বিচাৰিছে আৰু কৰ্মচাৰীসকলৰ তৎপৰতাক প্ৰশংসা কৰিছে ।

লগতে পঢ়ক : থাইলেণ্ড-কম্বোডিয়া সংঘাত সন্দৰ্ভত নিৰাপত্তা পৰিষদৰ জৰুৰী বৈঠক; উত্তেজনাক লৈ সমগ্ৰ বিশ্বতে উদ্বেগ

শেহতীয়া প্ৰৱন্ধসমূহ