অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১০০০ তকৈও অধিক ঘৰ, হাজাৰ হাজাৰ লোক গৃহহীন

অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১০০০ তকৈও অধিক ঘৰ, হাজাৰ হাজাৰ লোক গৃহহীন

নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় চাৰি ঘণ্টা ধৰি এই জুই জ্বলি থাকে । এই ঘটনাত প্ৰায় ১০০০ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । দক্ষিণ ফিলিপাইনছৰ এটা সৰু দ্বীপত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । প্ৰকাশিত

নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় চাৰি ঘণ্টা ধৰি এই জুই জ্বলি থাকে । এই ঘটনাত প্ৰায় ১০০০ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।

দক্ষিণ ফিলিপাইনছৰ এটা সৰু দ্বীপত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । প্ৰকাশিত খবৰ অনুসৰি বাৰাংগাই লামিয়ানত নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় চাৰি ঘণ্টা ধৰি এই জুই জ্বলি থাকে । এই ঘটনাত প্ৰায় ১০০০ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । প্ৰচণ্ড বতাহৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলটো আগুৰি ধৰে ।

সমগ্ৰ অঞ্চলটোত এই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰে । জানিব পৰা মতে এই ঘটনাৰ পিছত ৫ হাজাৰৰো অধিক লোকক স্থল আৰু সাগৰীয় পথেৰে উলিয়াই অনা হয় আৰু বৰ্তমান তেওঁলোকক অস্থায়ীভাৱে দুটা সাহায্য শিবিৰত ৰখা হৈছে ।

বুধবাৰে স্থানীয় প্ৰশাসনে প্ৰাদেশিক চৰকাৰৰ সহযোগত প্ৰাথমিক সাহায্য অভিযান আৰম্ভ কৰে । গ্ৰাম্য স্বাস্থ্য ইউনিটৰ স্বাস্থ্যকৰ্মীসকলকো মোতায়েন কৰি ভুক্তভোগী লোকসকলৰ চিকিৎসা আৰু চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিয়োগ কৰা হয় ।

প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি  এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কেইবাখনো ফুটব্ৰিজৰ ক্ষতিসাধন হোৱাৰ ফলত অগ্নিনিৰ্বাপন আৰু উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে নিশ্চিত কৰে যে প্ৰায় ২ বজাত জুই নিয়ন্ত্ৰণলৈ আহে । কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত আৰম্ভ কৰি সা-সম্পত্তিৰ মুঠ ক্ষতিৰ মূল্যায়ন কৰি আছে ।

লগতে পঢ়ক : স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া