স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া

স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ  হ’ব ছ’চিয়েল মিডিয়া

১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে স্পেইন আৰু গ্ৰীচ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব পাৰে ছ’চিয়েল মিডিয়া। মঙলবাৰে স্পেইন আৰু গ্ৰীচে চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়,যিহেতু ইউৰোপত এই প্ৰযুক্তিৰ বিৰুদ্ধে মনোভাৱ কঠোৰ হৈ পৰিছে,

১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে স্পেইন আৰু গ্ৰীচ চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব পাৰে ছ’চিয়েল মিডিয়া।

মঙলবাৰে স্পেইন আৰু গ্ৰীচে চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীসকলে ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়ায়,যিহেতু ইউৰোপত এই প্ৰযুক্তিৰ বিৰুদ্ধে মনোভাৱ কঠোৰ হৈ পৰিছে, যাৰ বিষয়ে একাংশই কৈছে যে ইয়াক নিচাযুক্ত হোৱাৰ বাবেহে ডিজাইন কৰা হৈছে।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে স্পেইনে১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰিব বিচাৰিছে।

গ্ৰীচেও ১৫ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে একেধৰণৰ নিষেধাজ্ঞা ঘোষণা কৰাৰ সম্ভাৱনা আছে।স্পেইন আৰু গ্ৰীচেও ব্ৰিটেইন আৰু ফ্ৰান্সৰ দৰে দেশত যোগদান কৰিছে, যিসকলে ছ’চিয়েল মিডিয়াত অধিক কঠোৰ স্থিতি লোৱাৰ কথা চিন্তা কৰিছে।

ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত অষ্ট্ৰেলিয়াই এনে কৰা প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছিল, যিয়ে ১৬ বছৰৰ তলৰ শিশুৰ বাবে এনে প্লেটফৰ্ম নিষিদ্ধ কৰিছিল।

স্পেইনৰ প্ৰধানমন্ত্ৰী পেড্ৰ’ ছানচেজে মঙলবাৰে কয়,১৬ বছৰৰ তলৰ শিশুক পৰ্ণগ্ৰাফী আৰু হিংসাৰ দৰে ক্ষতিকাৰক বিষয়বস্তুৰ পৰা ৰক্ষা কৰিবলৈ স্পেইনে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ চেষ্টা কৰিব।’

লগতে পঢ়ক: এআইক লৈ বাজেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত…