ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে

দক্ষিণ ফিলিপাইনছৰ মিন্দানাও উপকূলত সোমবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । শেষতীয়া খবৰ অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত কমেও ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩৪ জনতকৈও অধিক লোক আহত হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, বিগত ৫০ বছৰৰ ভিতৰত ফিলিপাইনছত আঘাত হনা এইটোৱেই আটাইতকৈ শক্তিশালী ভূমিকম্প । সোমবাৰে পুৱা প্ৰায় ৭:৩৭ বজাত (স্থানীয় সময়) এই জোকাৰণি অনুভূত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ শোকবাৰ্তা-

এই দুৰ্ভাগ্যজনক ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ) যোগে এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“ফিলিপাইনছৰ মিন্দানাওত আজি সংঘটিত ভূমিকম্পৰ ফলত হোৱা প্ৰাণহানি আৰু ধ্বংসলীলাত মই মৰ্মাহত হৈছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ অন্তৰংগ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । এই সংকটৰ সময়ত ভাৰত ফিলিপাইনছৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

ক্ষয়-ক্ষতিৰ খতিয়ান

দেশখনৰ নাগৰিক সুৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল সাৰাংগানী আৰু দক্ষিণ কটাবেটো প্ৰদেশতে ১৯ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ভূমিকম্পৰ ফলত হোৱা তীব্ৰ ভূমিস্খলনৰ বাবে সাৰাংগানীৰ গ্লান নামৰ ঠাই টুকুৰাত আন ১৩ জন লোক মাটিৰ তলত পোত খাই মৃত্যুবৰণ কৰে ।

ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া ৰড্ৰিগো অ’ ছচমেনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে ক্ষয়-ক্ষতিৰ প্ৰকৃত ছবিখন এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই । বহুতো ডাঙৰ অট্টালিকা আৰু পথত ডাঙৰ ফাঁট মেলিছে । বৰ্তমানলৈকে প্ৰায় ৭০,০০০ বাসিন্দা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে ।

লগতে পঢ়ক : ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি

৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি

ফিলিপাইনছত আঘাত হনা এক শক্তিশালী ভূমিকম্পৰ ফলত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি হৈছে

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফিলিপাইনছত আঘাত হনা এক শক্তিশালী ভূমিকম্পৰ ফলত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি হৈছে । ফিলিপাইনছৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ৱামে (WAM) প্ৰকাশ কৰা অনুসৰি, ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমান ১৫ জনলৈ বৃদ্ধি পাইছে ।

স্থানীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ সঞ্চালকে জনোৱা মতে, মৃত ১৫ জনৰ ভিতৰত ১২ জনেই চিল্ডা অঞ্চলৰ বাসিন্দা । উল্লেখ্য যে দক্ষিণ ক’টাবাট’, চুলতান কুদাৰাট, সাৰাংগানী আৰু জেনেৰেল চেণ্টচ চিটিক সামৰি লোৱা এই অঞ্চলটোত অতি কমেও ১২৯ জন লোক গুৰুতৰভাৱে আহত হৈছে ।

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান :

ভূমিকম্পৰ পাছতেই ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস তথা ব্যৱস্থাপনা পৰিষদকে ধৰি সকলো জৰুৰীকালীন সংস্থাক সক্ৰিয় কৰি তুলিছে । ইফালে, ফিলিপাইনছ নেশ্যনেল পুলিচে এক সংবাদ মেলযোগে জানিবলৈ দিয়ে যে জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’বলৈ আৰু উদ্ধাৰ কাৰ্য ক্ষিপ্ৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে সকলো সংশ্লিষ্ট বিভাগৰ সৈতে সম্পূৰ্ণ সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ।

খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা :

ফিলিপাইনছ নিউজ এজেন্সীয়ে দেশখনৰ সমাজ কল্যাণ আৰু উন্নয়ন বিভাগৰ উদ্ধৃতি দি জনাইছে যে বিভাগৰ সচিব ৰেক্স গাচালিয়ানে স্থানীয় চৰকাৰী সংস্থাসমূহৰ সৈতে জৰুৰীভাৱে সাহায্য বিতৰণৰ নিৰ্দেশ দিছে । কেৱল মিন্দানাও অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ১১ লাখতকৈও অধিক পৰিয়ালৰ খাদ্য সামগ্ৰীৰ পেকেট মজুত ৰখা হৈছে । ইয়াৰ উপৰি সমগ্ৰ দেশজুৰি জৰুৰীকালীন ব্যৱহাৰৰ বাবে ৪৭ লাখ খাদ্যৰ পেকেট সাজু আছে ।

তিনিখন দেশত চুনামীৰ সতৰ্কবাণী :

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, এই শক্তিশালী ভূমিকম্পৰ পাছতেই ফিলিপাইনছ, ইণ্ডোনেছিয়া আৰু জাপানত সাগৰীয় ঢৌ বা চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । উপকূলীয় অঞ্চলৰ বাসিন্দা কৰি তথা নাগৰিকসকলক নিৰাপদ আৰু ওখ স্থানলৈ যাবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

বৰ্তমান দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।

লগতে পঢ়ক : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…

অগ্নিকাণ্ডত ভস্মীভূত হ’ল ১০০০ তকৈও অধিক ঘৰ, হাজাৰ হাজাৰ লোক গৃহহীন

নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় চাৰি ঘণ্টা ধৰি এই জুই জ্বলি থাকে । এই ঘটনাত প্ৰায় ১০০০ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় ।

দক্ষিণ ফিলিপাইনছৰ এটা সৰু দ্বীপত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডৰ ফলত হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে । প্ৰকাশিত খবৰ অনুসৰি বাৰাংগাই লামিয়ানত নিশা প্ৰায় ১০ বজাত অগ্নিকাণ্ড সংঘটিত হয় আৰু প্ৰায় চাৰি ঘণ্টা ধৰি এই জুই জ্বলি থাকে । এই ঘটনাত প্ৰায় ১০০০ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয় । প্ৰচণ্ড বতাহৰ ফলত জুই দ্ৰুতগতিত বিয়পি পৰে আৰু ঘন জনবসতিপূৰ্ণ অঞ্চলটো আগুৰি ধৰে ।

সমগ্ৰ অঞ্চলটোত এই অগ্নিকাণ্ডই বিধ্বংসী ৰূপ ধাৰণ কৰে । জানিব পৰা মতে এই ঘটনাৰ পিছত ৫ হাজাৰৰো অধিক লোকক স্থল আৰু সাগৰীয় পথেৰে উলিয়াই অনা হয় আৰু বৰ্তমান তেওঁলোকক অস্থায়ীভাৱে দুটা সাহায্য শিবিৰত ৰখা হৈছে ।

বুধবাৰে স্থানীয় প্ৰশাসনে প্ৰাদেশিক চৰকাৰৰ সহযোগত প্ৰাথমিক সাহায্য অভিযান আৰম্ভ কৰে । গ্ৰাম্য স্বাস্থ্য ইউনিটৰ স্বাস্থ্যকৰ্মীসকলকো মোতায়েন কৰি ভুক্তভোগী লোকসকলৰ চিকিৎসা আৰু চিকিৎসাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে নিয়োগ কৰা হয় ।

প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি  এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও কেইবাখনো ফুটব্ৰিজৰ ক্ষতিসাধন হোৱাৰ ফলত অগ্নিনিৰ্বাপন আৰু উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে । অগ্নিনিৰ্বাপক বাহিনীয়ে নিশ্চিত কৰে যে প্ৰায় ২ বজাত জুই নিয়ন্ত্ৰণলৈ আহে । কৰ্তৃপক্ষই অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত আৰম্ভ কৰি সা-সম্পত্তিৰ মুঠ ক্ষতিৰ মূল্যায়ন কৰি আছে ।

লগতে পঢ়ক : স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপিল পৃথিৱী… হাহাকাৰ অৱস্থা

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল ফিলিপাইনছ । চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ ।

পুনৰ এক ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে (৭ জানুৱাৰী) ফিলিপাইনছৰ দক্ষিণ উপকূলত ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয় । প্ৰথমে এই ভূঁইকপৰ ৬.৭ তীব্ৰতাৰ বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত ৬.৪ প্ৰাবল্যৰ বুলি জানিব পৰা যায় ।

মিন্দানাও দ্বীপৰ চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূঁইকপৰ কেন্দ্ৰ । প্ৰায় ৫৮.৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূঁইকপ । অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ চুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত পূব মিন্দানাওত ৭.৪ আৰু ৬.৭ প্ৰাবল্যৰ দুটা ভূঁইকপে জোকাৰিছিল আৰু কমেও ৮ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ কিছুদিন পূৰ্বে মধ্য ফিলিপাইনছৰ চেবু প্ৰদেশত ৬.৯ প্ৰাবল্যৰ ভূঁইকপত ৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭২ হাজাৰ ঘৰৰ ক্ষতিসাধন হৈছিল বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে ।

ফিলিপাইনছত ভূঁইকপ সাধাৰণতে দেখা যায়, কিয়নো দেশখন পেচিফিক ৰিং অৱ ফায়াৰৰ ভিতৰত অৱস্থিত । এই অঞ্চলটো জাপানৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে আৰু সমগ্ৰ প্ৰশান্ত মহাসাগৰলৈকে বিস্তৃত, য’ত ভূঁইকপ সঘনাই হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

ফং ৱঙৰ তাণ্ডৱ… জৰুৰীকালীন অৱস্থা ঘোষণা চৰকাৰৰ

জৰুৰীকালীন অৱস্থা ঘোষণা

বিগত কিছুদিন ধৰি প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন হৈছে ফিলিপাইনছ । শেহতীয়াকৈ ২০০ৰো অধিক লোকৰ মৃত্যু হোৱা কালমাইগী ধুমুহাৰ পিছত এতিয়া দেশখন ছুপাৰ টাইফুন ফাং-ৱঙৰ ভাবুকিৰ সন্মুখীন হৈছে । দেওবাৰৰ পৰা দেশখনৰ উত্তৰ-পূব উপকূলত আঘাত হানিবলৈ আৰম্ভ কৰা পং ৱাঙক এই বছৰৰ আটাইতকৈ শক্তিশালী ধুমুহা বুলি কোৱা হৈছে । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ফুং ৱঙৰ গতিবেগ প্ৰতি ঘণ্টাত ১৮৫ কিলোমিটাৰ পৰ্যন্ত বুলি কোৱা হৈছে যদিও এই ধুমুহাৰ গতিবেগ ঘণ্টাত ২৩০ কিলোমিটাৰ পৰ্যন্ত হৈছে । ইয়াৰ প্ৰভাৱ ১৬০০ কিলোমিটাৰ ব্যাসাৰ্ধত বিয়পিব পাৰে, অৰ্থাৎ দক্ষিণ-পূব এছিয়াৰ দুই তৃতীয়াংশ অঞ্চলত ইয়াৰ প্ৰভাৱ পৰিব পাৰে ।

ইফালে এই দুৰ্যোগৰ বাবে দেশজুৰি জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে চৰকাৰে । ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কছ জুনিয়ৰে লোকসকলক তৎকালীনভাৱে নিৰাপদ ঠাইবলৈ যাবলৈ আহ্বান জনাইছে । প্ৰতিৰক্ষা সচিব গিলবাৰ্টো টিঅ’ড’ৰ’ জুনিয়ৰে সকীয়াই দিছে যে এই ধুমুহাই চেবু, অৰোৰা, ইছাবেলা আনকি ৰাজধানী মেনিলাকে ধৰি বহু ঠাইত বিধ্বংসী ৰূপ ধাৰণ কৰিব পাৰে ।

তেওঁ কয় যে এবাৰ বৰষুণ আৰম্ভ হ’লে বা ধুমুহা সম্পূৰ্ণৰূপে আহিলে মানুহক উদ্ধাৰ কৰাটো অত্যন্ত কঠিন হ’ব । গতিকে এতিয়া যোৱাটোৱেই আটাইতকৈ নিৰাপদ বিকল্প । এতিয়ালৈকে বিকল অঞ্চলৰ পৰা প্ৰায় ৫০ হাজাৰ পৰিয়ালক খালী কৰা হৈছে, য’ত উপকূলৰ কাষেৰে আৰু আগ্নেয়গিৰি মেয়নৰ ওচৰত ভূমিস্খলন আৰু বোকা পানীৰ প্ৰবাহৰ আশংকা অব্যাহত আছে ।

ইফালে বিদ্যুৎ বিচ্ছিন্ন, বিদ্যালয় আৰু চৰকাৰী কাৰ্যালয় বন্ধ, বিমান সেৱা বাতিল আদিৰ দৰে বহু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে । উপকূলৰক্ষীয়ে কোনো জাহাজক সাগৰত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে বন্দৰত আবদ্ধ হৈ আছে প্ৰায় ৬৬০০ যাত্ৰী আৰু ক্ৰু । ফিলিপাইনছত প্ৰতি বছৰে প্ৰায় ২০টা ধুমুহাৰ লগতে সঘনাই ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে । ইয়াক বিশ্বৰ অন্যতম দুৰ্যোগ প্ৰৱণ দেশ হিচাপে গণ্য কৰা হয় ।

লগতে পঢ়ক : পুনৰ বিফল আফগানিস্তান-পাকিস্তানৰ শান্তি আলোচনা

কালমাইগীৰ বিধ্বংসী ৰূপ… ৫২জনৰ মৃত্যু, শ শ লোক আৱদ্ধ

কালমাইগীৰ বিধ্বংসী ৰূপ

ফিলিপাইনছত শক্তিশালী ধুমুহা কালমাইগীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । এই ধ্বংসলীলাত এতিয়ালৈকে ৫২ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৩ জন নিৰুদ্দেশ হৈছে । এই কাল ধুমুহাই আটাইতকৈ বেছি ক্ষতিসাধন কৰিছে চেবু প্ৰদেশত, যিখন প্ৰদেশ শেহতীয়াকৈ বিধ্বংসী ভূমিকম্পৰ ধ্বংসলীলাৰ পৰা উদ্ধাৰৰ বাবে চেষ্টা চলাই আছিল । জানিব পৰা মতে প্ৰচণ্ড বৰষুণ আৰু বানপানীৰ ফলত বহু লোক ঘৰৰ ছাদত আবদ্ধ হৈ পৰিছে । ৰেড ক্ৰছে সহায়ৰ বাবে শ শ আহ্বান লাভ কৰিছে ।

উদ্ধাৰৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি চলোৱা হৈছিল যদিও হঠাতে অহা বানে এই প্ৰচেষ্টাত বাধা প্ৰদান কৰে বুলি প্ৰশাসনে জনায় । দীৰ্ঘম্যাদী খনন আৰু দুৰ্বল বান নিয়ন্ত্ৰণ প্ৰকল্পই পৰিস্থিতি আৰু বেয়া কৰি তোলা বুলিও স্বীকাৰ কৰে প্ৰশাসনে ।

ইফালে কালমাইগী ক্ষতিগ্ৰস্ত অঞ্চললৈ সাহায্য সামগ্ৰী কঢ়িয়াই অনা ফিলিপাইনছৰ বায়ুসেনাৰ এখন হেলিকপ্টাৰ আগুছান ডেল ছুৰ প্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত ৬ জন জোৱান নিহত হয় । দক্ষিণ আগুছান ডেল ছুৰ প্ৰদেশৰ লৰেটো চহৰৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয় ছুপাৰ হুই হেলিকপ্টাৰখন । ইষ্টাৰ্ণ মিন্দানাও মিলিটাৰী কমাণ্ডে প্ৰাৰম্ভিক বিবৃতিত কয় যে কালমাইগী ক্ষতিগ্ৰস্ত প্ৰদেশসমূহত মানৱীয় সাহায্য প্ৰদানৰ বাবে নিয়োজিত হেলিকপ্টাৰখনত থকা বায়ুসেনাৰ জোৱানসকলক বিচাৰি উলিয়াবলৈ প্ৰচেষ্টা চলোৱা হৈছে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত হেলিকপ্টাৰখনত থকা ৬ জন জোৱানৰ মৃত্যু হৈছে ।

আনহাতে চেবুত নদী উফন্দি উঠিছে । বহু অঞ্চল প্লাৱিত হৈ ঘৰ-বাৰী বুৰাই পেলাইছে । ক্ষিপ্ৰতাৰে কৰ্তৃপক্ষই প্ৰদেশখনক ৰাজ্যিক দুৰ্যোগ পিড়ীত অঞ্চল হিচাপে ঘোষণা কৰিছে । ইতিমধ্যে ভূমিকম্পৰ ফলত স্থানচ্যুত হোৱা হাজাৰ হাজাৰ লোকক আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত কৰা হৈছে, যাৰ ফলত বহু লোকৰ প্ৰাণ ৰক্ষা পৰিছে । চেবুৰ গৱৰ্ণৰে দুৰ্বল নিৰ্মাণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি বান নিয়ন্ত্ৰণ প্ৰকল্পৰ তদন্তৰ আহ্বান জনাইছে আৰু জীৱন হেৰুৱাৰ বাবে দায়ীসকলক জবাবদিহি কৰিবলৈ আহ্বান জনাইছে ।

বুধবাৰে পালাৱান দ্বীপৰ উপকূলীয় অঞ্চলৰ ওপৰেৰে কালমাইগী ধুমুহা ঘণ্টাত ১২০ কিলোমিটাৰ পৰ্যন্ত বেগেৰে পাৰ হয় । বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি দক্ষিণ চীন সাগৰৰ দিশে গতি কৰিছে এই ধুমুহাই । কালমাইগীৰ বাবে এই পৰ্যন্ত ৩,৮৭,০০০ৰো অধিক লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে, আনহাতে ১৮৬খন বিমান বাতিল কৰা হৈছে । বন্দৰত আবদ্ধ হৈ আছে প্ৰায় ৩৫০০ যাত্ৰী আৰু ট্ৰাক চালক । ফিলিপাইনছ প্ৰতি বছৰে প্ৰায় ২০টা ধুমুহা আৰু কেইবাটাও ভূমিকম্পৰ সন্মুখীন হয় । ইয়াৰ উপৰিও ইয়াত কেইবা ডজনো সক্ৰিয় আগ্নেয়গিৰি আছে, যাৰ ফলত ই বিশ্বৰ অন্যতম দুৰ্যোগপ্ৰৱণ দেশ ।

লগতে পঢ়ক : পুনৰ মাজ আকাশত ভয়ংকৰ বিমান দুৰ্ঘটনা; ধ্বংসস্তূপত পৰিণত এটা বৃহৎ অঞ্চল

৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি…

৭.৪ প্ৰাব্যলত কঁপি উঠিল ফিলিপাইনছৰ ভূমি…

৭.৪ প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠিল ফিলিপাইনছৰ মিন্দানাও অঞ্চল। এই ভূমিকম্পৰ পিছত কৰ্তৃপক্ষই চুনামীৰ সতৰ্কবাণী জাৰি কৰাৰ লগতে আফটাৰশ্বকৰ সম্ভাৱনাও প্ৰকাশ কৰিছে।

ইউৰোপীয়-ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (EMSC)ৰ মতে, ভূমিকম্পৰ গভীৰতা ভূপৃষ্ঠৰ পৰা ৬২ কিলোমিটাৰ (৩৮.৫৩ মাইল)আছিল।

উপকূলীয় অঞ্চলত বসবাস কৰা লোকসকলক স্থানীয় প্ৰশাসনে উচ্চ স্থানলৈ যাবলৈ পৰামৰ্শ দিছে। জৰুৰীকালীন সেৱা সষ্টম হৈ থকাৰ লগতে নাগৰিকসকলক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ কোৱা হৈছে।

ফিলিপাইনছ ইনষ্টিটিউট অৱ ভলকেন’লজী এণ্ড ছিজম’লজি (ফিভলক্স)-এ এই কথা প্ৰকাশ কৰিছে যে,প্ৰথম চুনামীৰ ঢৌ ১০ অক্টোবৰৰ পুৱা ০৯:৪৩:৫৪ৰ পৰা ১১:৪৩:৫৪ (PST)ৰ ভিতৰত আহিব পাৰে আৰু এই ঢৌবোৰ কেইবা ঘণ্টা ধৰি চলি থাকিব পাৰে।

লগতে পঢ়ক: তিব্বতত মাউন্ট এভাৰেষ্টত প্ৰচণ্ড তুষাৰপাত; আৱদ্ধ এহেজাৰ পৰ্বতাৰোহী

ট্ৰাম্পে পুনৰ বিস্ফোৰণ কৰিলে শুল্ক বোমা; ইৰাকৰ ওপৰত ৩০,ফিলিপাইনছৰ ওপৰত লগালে ২৫ শতাংশ কৰ 

ইৰাকৰ ওপৰত শুল্ক বোমা

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কেইবাখনো দেশত নতুন শুল্কৰ হাৰ ঘোষণা কৰিছে।ট্ৰাম্পে কৈছে যে, আমেৰিকাই ফিলিপাইনছ, ইৰাক, মলদোভা, আলজেৰিয়া, লিবিয়া আৰু ব্ৰুনাইৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিব ।

এই আদেশ ১ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব।এই ৭খন দেশত শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত এনে সময়ত আহিছে, যেতিয়া মাত্ৰ এদিন আগতে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে দক্ষিণ কোৰিয়া আৰু জাপানকে ধৰি ১৪খন দেশৰ ওপৰত শুল্ক আৰোপ কৰা হৈছিল।

কোনবোৰ দেশৰ ওপৰত কিমান শুল্ক?

ফিলিপাইনছ: ২৫%

ব্ৰুনাই: ২৫%

আলজেৰিয়া: ৩০%

মলদোভা: ২৫%

ইৰাক: ৩০%

লিবিয়া: ৩০%

শ্ৰীলংকা: ৩০%

এই দেশসমূহৰ নেতাসকললৈ প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰত ট্ৰাম্পে এই শুল্কৰ সবিশেষ শ্বেয়াৰ কৰিছে। ইৰা ক, আলজেৰিয়া আৰু লিবিয়াৰ ওপৰত আৰোপ কৰা শুল্কৰ সৰ্বোচ্চ হাৰ ৩০ শতাংশ।

ড’নাল্ড ট্ৰাম্পে কয়, ‘আমি আফ্ৰিকাত সাহায্যৰ পৰা বাণিজ্যলৈ আগবাঢ়িছো।’ আফ্ৰিকাৰ অৰ্থনৈতিক সম্ভাৱনা অপৰিসীম।অহা কেইসপ্তাহমানৰ ভিতৰত কংগো আৰু ৰুৱাণ্ডাৰ নেতাই আমেৰিকা ভ্ৰমণ কৰি শান্তি চুক্তিত স্বাক্ষৰ কৰিব।’

লগতে পঢ়ক :‘যিকোনো সময়তে ড’নাল্ড ট্ৰাম্পক কৰিব পাৰে আক্ৰমণ’; খামেইনীৰ ঘনিষ্ঠই দিলে ধমকি