ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল তেল বিক্ৰী কৰিব বুলি ঘোষণা কৰিছে মাৰ্কিন ৰাষ্ট্ৰপটি ড’নাল্ড ট্ৰাম্পে । তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে ।
মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভেনিজুৱেলা সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে । তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত উল্লেখ কৰে যে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন চৰকাৰে আমেৰিকাক ৩০ৰ পৰা ৫০ মিলিয়ন বেৰেল উচ্চমানৰ তেল বিক্ৰী কৰিব । ট্ৰাম্পৰ মতে এই তেল বজাৰ মূল্যত লাভ কৰিব আমেৰিকা ।
ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁ তেল বিক্ৰীৰ পৰা পোৱা ধনৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব আৰু এই ধন দুয়োখন দেশৰ জনসাধাৰণৰ হিতৰ বাবে ব্যৱহাৰ কৰা হ’ব । তেওঁ লগতে কয় যে তেওঁ শক্তি সচিব ক্ৰীছ ৰাইটক এই পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে । ষ্ট’ৰেজ জাহাজৰ জৰিয়তে পোনপটীয়াকৈ আমেৰিকাৰ আনলোডিং ডক আৰু বন্দৰলৈ তেল পৰিবহণ কৰা হ’ব ।
হোৱাইট হাউছে জাৰি কৰিলে বিবৃতি-
ইফালে, শুকুৰবাৰে অ’ভাল অফিচত ভেনিজুৱেলাৰ তেল ব্যৱসায় সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছে হোৱাইট হাউছে । এই বৈঠকত এক্সন, চেভ্ৰন, কন’কোফিলিপছৰ দৰে আমেৰিকাৰ প্ৰধান তেল কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে । বৈঠকত ভেনেজুৱেলাৰ তেল চুক্তি আৰু ভৱিষ্যতৰ কৌশলৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হ’ব বুলি আশা কৰা হৈছে ।
ভেনিজুৱেলাত বিশাল তেল ভাণ্ডাৰ-
উল্লেখ্য যে, ভেনেজুৱেলাত বিশ্বৰ ভিতৰতে সৰ্বাধিক খাৰুৱা তেলৰ মজুত আছে যদিও ইয়াৰ পিছতো ইয়াৰ পৰা গড়ে প্ৰতিদিনে মাত্ৰ ১০ লাখ বেৰেল তেলহে উৎপাদন হয় । যদি আমেৰিকাৰ সৈতে তুলনা কৰা হয় তেন্তে অক্টোবৰ মাহত প্ৰতিদিনে গড়ে ১ কোটি ৩৯ লাখ বেৰেল উৎপাদন কৰিছিল আমেৰিকাই । ট্ৰাম্পৰ পৰিকল্পনা অনুসৰি আমেৰিকাই যদি প্ৰায় ৫৬ ডলাৰত এক বেৰেল তেল ক্ৰয় কৰে তেন্তে ভেনিজুৱেলাৰ তেলৰ মূল্য হ’ব প্ৰায় ২.৮ বিলিয়ন ডলাৰ ।
লগতে পঢ়ক : গ্ৰীণলেণ্ড বিবাদ… ট্ৰাম্পৰ বিৰুদ্ধে একত্ৰিত ইউৰোপীয় দেশ !









