ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপিল পৃথিৱী… হাহাকাৰ অৱস্থা

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপিল পৃথিৱী… হাহাকাৰ অৱস্থা

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল ফিলিপাইনছ । চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ । পুনৰ এক ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে (৭ জানুৱাৰী) ফিলিপাইনছৰ দক্ষিণ উপকূলত ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয় ।

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল ফিলিপাইনছ । চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ ।

পুনৰ এক ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে (৭ জানুৱাৰী) ফিলিপাইনছৰ দক্ষিণ উপকূলত ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয় । প্ৰথমে এই ভূঁইকপৰ ৬.৭ তীব্ৰতাৰ বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত ৬.৪ প্ৰাবল্যৰ বুলি জানিব পৰা যায় ।

মিন্দানাও দ্বীপৰ চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূঁইকপৰ কেন্দ্ৰ । প্ৰায় ৫৮.৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূঁইকপ । অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ চুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত পূব মিন্দানাওত ৭.৪ আৰু ৬.৭ প্ৰাবল্যৰ দুটা ভূঁইকপে জোকাৰিছিল আৰু কমেও ৮ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ কিছুদিন পূৰ্বে মধ্য ফিলিপাইনছৰ চেবু প্ৰদেশত ৬.৯ প্ৰাবল্যৰ ভূঁইকপত ৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭২ হাজাৰ ঘৰৰ ক্ষতিসাধন হৈছিল বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে ।

ফিলিপাইনছত ভূঁইকপ সাধাৰণতে দেখা যায়, কিয়নো দেশখন পেচিফিক ৰিং অৱ ফায়াৰৰ ভিতৰত অৱস্থিত । এই অঞ্চলটো জাপানৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে আৰু সমগ্ৰ প্ৰশান্ত মহাসাগৰলৈকে বিস্তৃত, য’ত ভূঁইকপ সঘনাই হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

শেহতীয়া প্ৰৱন্ধসমূহ