৬.৩ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি, চুনামীৰ সতৰ্কবাণী জাৰি

ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে

বৃহস্পতিবাৰে এক তীব্ৰ ভূমিপকম্পই কঁপাই যায় নিউজীলেণ্ডৰ চাউথ আইলেণ্ড । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৩ । ভূমিকম্পৰ পাছতে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । তথ্য অনুসৰি, ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল তে আনাউ (Te Anau) চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটৰ উত্তৰে । এই অঞ্চলটো ফিয়ৰ্ডলেণ্ডৰ দৰে বিখ্যাত পৰ্যটন থলীৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায় ।

নিউজীলেণ্ডৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই ৰাইজক সাগৰৰ পাৰ আৰু উপকূলীয় অঞ্চলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে । অৱশ্যে প্ৰাৰম্ভিক তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত কোনো ডাঙৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ পোৱা হোৱা নাই ।

আনহাতে, আমেৰিকাৰ ভূতাত্বিক জৰীপ সংস্থা আৰু জাৰ্মানীৰ জিঅ’চাইন্স ৰিচাৰ্চ চেন্টাৰে এই ভূমিকম্পৰ তীব্ৰতা ৫.৯ বুলি লিপিৱদ্ধ কৰিছে । দুয়োটা সংস্থাৰ মতে, ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূগৰ্ভৰ ৫০ কিলোমিটৰতকৈও অধিক গভীৰতাত আছিল ।

গুজৰাটত তিনি মিনিটত দুটাকৈ জোকাৰণি

ইপিনে, ভাৰতৰ গুজৰাটৰ কচ্ছ জিলাতো বৃহস্পতিবাৰে তিনি মিনিটৰ ভিতৰত ভূমিকম্পৰ দুটাকৈ জোকাৰণি অনুভূত হয় ।

গান্ধীনগৰৰ ইনষ্টিটিউট অৱ চিচম’লজিকেল ৰিচাৰ্চৰ মতে প্ৰথমটো জোকাৰণি দুপৰীয়া ২:২০ বজাত অনুভূত হৈছিল আৰু ইয়াৰ প্ৰাবল্য আছিল ৩.৬ । যাৰ কেন্দ্ৰবিন্দু আছিল খাৱড়াৰ পৰা ৩২ কিলোমিটৰ উত্তৰ-পূবে ।

দ্বিতীয়টো জোকাৰণি ইয়াৰ ঠিক তিনি মিনিট পিছত, ২:২৩ বজাত অনুভূত হয় যাৰ প্ৰাবল্য আছিল ৩.২ । ইয়াৰ কেন্দ্ৰবিন্দু ধোলাৱীৰাৰ পৰা ৩২ কিলোমিটৰ পশ্চিম-উত্তৰত আছিল ।

বৰ্তমানলৈকে কচ্ছত ভূমিকম্পৰ বাবে কোনো ধৰণৰ ক্ষয়-ক্ষতি বা প্ৰাণহানিৰ খবৰ অহা নাই । স্থানীয় প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে ।

লগতে পঢ়ক : প্ৰলয়ংকৰী বানৰ পিছত এইবাৰ টাইফুন ‘বাভী’ৰ তাণ্ডৱ, ১৭ লাখৰো অধিক লোকক স্থানান্তৰ

ভূমিকম্পৰ পাছত আকাশৰ এই ৰূপ দেখি স্তব্ধ হৈ পৰিল সকলো!

আকাশখন হঠাতে এক গাঢ়, ৰঙা ৰঙলৈ ৰূপান্তৰিত হৈছিল । একাংশই ইয়াক অলৌকিক ঘটনা বুলি অভিহিত কৰিলে, আন কোনোবাই আকৌ ইয়াক এক ‘ভয়ংকৰ সতৰ্কবাণী’ বুলি ক’লে ।

বিগত কিছুদিন ধৰি ছচিয়েল মিডিয়াত ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ এখন বিশেষ আকাশৰ ছবিয়ে তীব্ৰ জোকৰণি তুলিছে । মঙলবাৰৰ সন্ধিয়া কাৰাকাছৰ আকাশখন হঠাতে এক গাঢ়, ৰঙা ৰঙলৈ ৰূপান্তৰিত হৈছিল । একাংশই ইয়াক ‘অলৌকিক ঘটনা’ বুলি অভিহিত কৰিলে, আন কোনোবাই আকৌ ইয়াক এক ‘ভয়ংকৰ সতৰ্কবাণী’ বুলি ক’লে । কিন্তু বিজ্ঞানৰ দৃষ্টিত ইয়াৰ আচল ৰহস্য কি? ইয়াৰ সৈতে শেহতীয়া ভূমিকম্পৰ কিবা সংযোগ আছিলনে?

সূৰ্যাস্তৰ সময়ত আকাশখন কিয় ৰঙা হৈ পৰে?

সূৰ্যৰ পোহৰ দেখাত বগা হ’লেও আচলতে ই সাতোটা ৰঙৰ এক মিশ্ৰণ । প্ৰতিটো ৰঙৰে তৰংগ দৈৰ্ঘ্য বেলেগ বেলেগ হয় । নীলা আৰু বেঙুনীয়া ৰঙৰ তৰংগবোৰ চুটি আৰু ঘন, আনহাতে ৰঙা আৰু কমলা ৰঙৰ তৰংগবোৰ দীঘল আৰু প্ৰসাৰিত ।

যেতিয়া সূৰ্যৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে, তেতিয়া ই বায়ুত থকা নাইট্ৰ’জেন আৰু অক্সিজেনৰ দৰে ক্ষুদ্ৰ গেছৰ অণুবোৰৰ সৈতে খুন্দা খায় । এই অণুবোৰে চুটি তৰংগৰ নীলা পোহৰক বহুত সহজে সকলো দিশতে চতিয়াই দিয়ে । ১৯ শতিকাৰ বিখ্যাত পদাৰ্থ বিজ্ঞানী লৰ্ড ৰেলীয়ে এই প্ৰক্ৰিয়াটো ব্যাখ্যা কৰিছিল, যাক বিজ্ঞানৰ ভাষাত ‘ৰেলীৰ বিক্ষেপণ’ বুলি কোৱা হয় । এই বাবেই দিনৰ ভাগত আকাশখন নীলা দেখা যায় ।

কাৰাকাছৰ আকাশ ইমান গাঢ় ৰঙা হোৱাৰ কাৰণ কি ?

সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যটো দিগন্তৰ একেবাৰে তলত থাকে । ফলত সূৰ্যৰ পোহৰে আমাৰ চকুত পৰাৰ আগতে বায়ুমণ্ডলৰ এক সুদীৰ্ঘ পথ অতিক্ৰম কৰিবলগীয়া হয় । এই দীঘলীয়া যাত্ৰাত সকলো নীলা পোহৰ বাটতে সিঁচৰিত হৈ নাইকীয়া হৈ যায় আৰু কেৱল দীঘল তৰংগৰ ৰঙা আৰু কমলা ৰঙহে বাচি থাকে ।

ভেনিজুৱেলা আৰু সমগ্ৰ কেৰিবিয়ান অঞ্চলত এনে অগ্নিময় ৰঙা সূৰ্যাস্তক ‘কান্দিলাজো’ (Candilazo) বুলি কোৱা হয় । এই শব্দটো ‘কান্দিল’ অৰ্থাৎ এটা পুৰণি তেলৰ চাকিৰ পৰা আহিছে ।

চাহাৰাৰ ধূলিকণাৰ প্ৰভাৱ

এইবাৰ কাৰাকাছৰ আকাশখনে অধিক ৰঙা হ’বলৈ এক অতিৰিক্ত ইন্ধন পালে । প্ৰতি বছৰে গ্ৰীষ্মকালত আফ্ৰিকাৰ চাহাৰা মৰুভূমিৰ পৰা সূক্ষ্ম খনিজ ধূলিকণাবোৰ বাণিজ্য বতাহৰ সহায়ত আটলাণ্টিক মহাসাগৰ পাৰ হৈ এই অঞ্চললৈ আহে । এই ধূলিকণাবোৰে বায়ুমণ্ডলত থকা নীলা পোহৰক সম্পূৰ্ণৰূপে মচি পেলায় আৰু ৰঙা ৰঙক অধিক আধিপত্য বিস্তাৰ কৰাত সহায় কৰে । সেইবাবেই মঙলবাৰৰ দৃশ্যটো ইমান নাটকীয় আৰু ভয়ংকৰ আছিল ।

ৰঙা আকাশৰ সৈতে ভূমিকম্পৰ সংযোগ আছিলনে?

এই ঘটনাটোৰ ঠিক ছয় দিন পূৰ্বে, অৰ্থাৎ ২৪ জুনত ভেনিজুৱেলাত এক ভয়ংকৰ দুটাকৈ ভূমিকম্প হৈছিল । এই ভূমিকম্পত কাৰাকাছ আৰু লা গুয়াইৰাৰ বহু অট্টালিকা ধ্বংসস্তূপত পৰিণত হৈছিল আৰু হেজাৰ হেজাৰ লোকৰ মৃত্যু হৈছিল ।

সময়ৰ এই মিল থকাৰ বাবেই মানুহৰ মনত ই এক অমংগলীয়া ভয়ৰ সৃষ্টি কৰিছিল । বহুতে ইয়াক ‘ভূমিকম্পৰ পোহৰ’ বা কোনো ‘গোপন অস্ত্ৰৰ পৰীক্ষা’ বুলি ছচিয়েল মিডিয়াত উৰাবাতৰি বিয়পাইছিল ।

বিজ্ঞানৰ স্পষ্ট উত্তৰ:

বিজ্ঞানীসকলৰ মতে, এই ৰঙা আকাশৰ সৈতে ভূমিকম্পৰ কোনো পোনপটীয়া সংযোগ নাই । অৱশ্যে, অট্টালিকাবোৰ ভাঙি পৰাৰ ফলত বতাহত উৰি থকা ধূলি আৰু ধ্বংসাৱশেষে আকাশৰ ৰঙা ৰংটোক সামান্য গাঢ় কৰাত সহায় কৰিব পাৰে । কিন্তু মূল কাৰণটো আছিল সম্পূৰ্ণ স্বাভাৱিক বায়ুমণ্ডলীয় পদাৰ্থ বিজ্ঞান । আকাশখনে ভূমিকম্পৰ কথা জনা নাছিল, ই কেৱল প্ৰকৃতিৰ নিয়ম অনুসৰিহে কাম কৰিছিল ।

লগতে পঢ়ক : প্ৰচণ্ড উত্তাপে দহিছে ইউৰোপ: অভিলেখ ভংগকাৰী গ্ৰীষ্ম প্ৰৱাহত ১,৩০০ৰো অধিক মৃত্যু, স্তব্ধ জনজীৱন!

৬.২ প্ৰাৱল্যৰ ভূমিকম্পত হাহাকাৰ

ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২১৫ কিলোমিটাৰ গভীৰতাত আছিল

শনিবাৰে সন্ধিয়া ৬ বাজি ৪ মিনিটত আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত ৬.২ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই কঁপাই যায় । নেচনেল চেণ্টাৰ ফৰ চেইজমোলজীৰ মতে, ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আছিল উত্তৰ-পূব আফগানিস্তানৰ কালাফগানৰ পৰা প্ৰায় ৮১ কিলোমিটাৰ দূৰত । ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূ-পৃষ্ঠৰ পৰা প্ৰায় ২১৫ কিলোমিটাৰ গভীৰতাত আছিল । ভূ-পৃষ্ঠৰ পৰা অতি গভীৰতাত হোৱাৰ বাবে ইয়াৰ জোঁকাৰণি পাকিস্তান, উত্তৰ ভাৰত, চীন, তাজিকিস্তান, উজবেকিস্তান, কিৰ্গিস্তান আৰু তুৰ্কমেনিস্তানকে ধৰি কেইবাখনো দেশত অনুভূত হয় ।

দিল্লী-এনচিআৰতো প্ৰভাৱ

দিল্লী-এনচিআৰতো কেইছেকেণ্ডমানৰ বাবে এই ভূমিকম্পৰ জোঁকাৰণি অনুবূত হয় । এই ভূমিকম্পত বৰ্তমানলৈকে কোনো ধৰণৰ প্ৰাণহানি বা সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । বিশেষজ্ঞসকলৰ মতে, ভূ-পৃষ্ঠৰ পৰা অধিক গভীৰতাত হোৱা ভূমিকম্পৰ জোঁকাৰণি বহল অঞ্চলত অনুভূত হয়, কিন্তু পৃষ্ঠত ক্ষতি হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে কম থাকে । আফগানিস্তানৰ হিন্দুকুশ অঞ্চল ভূমিকম্পৰ দিশৰ পৰা অতি সংবেদনশীল । ভাৰতীয় আৰু ইউৰেশীয় টেকটোনিক প্লেটৰ সংঘৰ্ষৰ বাবে ইয়াত প্ৰায়ে তীব্ৰ ভূমিকম্প সংঘটিত হয় ।

জম্মু-কাশ্মীৰতো অনুভূত-

জম্মু-কাশ্মীৰতো ভূমিকম্পৰ তীব্ৰ জোঁকাৰণি অনুভূত হয় । এই কম্পনৰ ফলত জনসাধাৰণ আতংকিত হৈ ঘৰ আৰু কাৰ্যালয়ৰ পৰা ওলাই আহি ৰাজপথ আৰু মুকলি ঠাইত আশ্ৰয় লয় । জম্মু-কাশ্মীৰো ভূমিকম্পৰ দিশৰ পৰা অতি সংবেদনশীল আৰু ইয়াত সময়ে সময়ে পাতলৰ পৰা মজলীয়া প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয় ।

লগতে পঢ়ক : অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

ভেনিজুৱেলাৰ ভয়াৱহ ভূমিকম্পত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ

ভেনিজুৱেলাৰ ভয়াৱহ ভূমিকম্পত প্ৰধানমন্ত্ৰী মোদীৰ গভীৰ শোক প্ৰকাশ । ভাৰতৰ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ।

ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছত সংঘটিত হোৱা এক ভয়াৱহ ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্স-ত কৰা এটা পোষ্টৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশখনৰ জনসাধাৰণক এই শোকৰ মূহুৰ্তত সমবেদনা জ্ঞাপন কৰাৰ লগতে এই সংকটৰ সময়ত ভাৰতে সম্ভৱপৰ সকলো ধৰণৰ সহায় আগবঢ়াবলৈ সাজু থকা বুলি ঘোষণা কৰে ।

এক্স-ত কৰা পোষ্টটোত প্ৰধানমন্ত্ৰী মোদীয়ে কয় :

“ভেনিজুৱেলাত হোৱা ভয়াৱহ ভূমিকম্পৰ ফলত হোৱা ধ্বংসলীলাত মই গভীৰভাৱে মৰ্মাহত হৈছোঁ । ভাৰতৰ জনসাধাৰণৰ হৈ মই ভেনিজুৱেলা চৰকাৰ আৰু তাত থকা লোকসকলৰ প্ৰতি, বিশেষকৈ আপোনজনক হেৰুওৱা পৰিয়ালসমূহলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ ।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ভূমিকম্পত আহত হোৱা সকলোৰে আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায় আৰু এই কঠিন সময়ত ভাৰত সদায় ভেনিজুৱেলাৰ কাষত থিয় দিয়াৰ বাৰ্তা প্ৰেৰণ কৰে ।

এক মিনিটৰ ভিতৰত দুটাকৈ শক্তিশালী জোকাৰণি

ইউনাইটেড ষ্টেটছ জিঅ’লজিকেল ছাৰ্ভে-ৰ তথ্য অনুসৰি, বুধবাৰে সন্ধিয়া ভেনিজুৱেলাৰ ৰাজধানী কাৰাকাছৰ ওচৰৰ অঞ্চলত দুটাকৈ শক্তিশালী ভূমিকম্পই জোকাৰি যায় । প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৭.২ আছিল, যাৰ অভিকেন্দ্ৰ আছিল কাৰাকাছৰ পৰা প্ৰায় ২৮৪ কিলোমিটাৰ পশ্চিমে অৱস্থিত ছান ফেলিপেৰ ওচৰত । ইয়াৰ ঠিক পিছতে ১ মিনিটৰ ভিতৰতে ৭.৫ প্ৰাবল্যৰ দ্বিতীয়টো ভূমিকম্পই সমগ্ৰ অঞ্চলটো কপাই তোলে । এই প্ৰবল জোকাৰণিৰ ফলত ৰাজধানী চহৰখনৰ বহু অট্টালিকা ধ্বংস্তূপত পৰিণত হয় ।

এই প্ৰলয়ংকৰী ভূমিকম্পত মৃতকৰ সংখ্যা ১০ হাজাৰৰ পৰা ১ লাখলৈ বৃদ্ধি পাব পাৰে বুলি অনুমান কৰা হৈছে ।  

লগতে পঢ়ক : দুটাকৈ প্ৰলয়ংকৰী ভূমিকম্পৰ জোকাৰণি : ধ্বংসস্তূপৰ তলত হাজাৰ হাজাৰ জীৱন

দুটাকৈ প্ৰলয়ংকৰী ভূমিকম্পৰ জোকাৰণি : ধ্বংসস্তূপৰ তলত হাজাৰ হাজাৰ জীৱন

এটাৰ পিছত আনটাকৈ অহা দুটাকৈ অতি শক্তিশালী ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে

এক ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে ভেনিজুৱেলা । বুধবাৰে সন্ধিয়া দেশখনৰ ৰাজধানী কাৰাকাছ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ এক ভয়াৱহ ভূমিকম্পই জোকাৰি যায় । এটাৰ পিছত আনটাকৈ অহা দুটাকৈ অতি শক্তিশালী ভূমিকম্পৰ ফলত সমগ্ৰ অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । খহি পৰিছে ইটোৰ পিছত সিটো বহুমহলীয়া অট্টালিকা ।

আমেৰিকাৰ ভূ-গৰ্ভবিজ্ঞান জৰীপ সংস্থা (USGS)-ৰ প্ৰাৰম্ভিক অনুমান অনুসৰি, এই ভয়াৱহ দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ১০,০০০ ৰ পৰা ১,০০,০০০ পৰ্যন্ত বৃদ্ধি পাব পাৰে ।

মিনিটৰ ব্যৱধানত দুটাকৈ ডাঙৰ জোকাৰণি!

ইউ এছ জিঅ’লজিকেল ছাৰ্ভে (USGS)-ৰ তথ্য অনুসৰি :

প্ৰথমটো জোকাৰণি: গ্ৰীনিজ মান সময় ২২:০৪ বজাত কাৰাকাছৰ পৰা প্ৰায় ২৮৪ কিলোমিটাৰ পশ্চিমে ছান ফিলিপৰ ওচৰত আঘাত হানে । ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৭.২ ।

দ্বিতীয়টো জোকাৰণি : ইয়াৰ ঠিক পিছতে ৰাজধানীৰ পৰা প্ৰায় ২৯৩ কিলোমিটাৰ পশ্চিমে ইউমাৰে নামৰ ঠাইত ৭.৫ প্ৰাবল্যৰ আন এক শক্তিশালী ভূমিকম্প সংঘটিত হয় ।

ইফালে, ভাৰতীয় সময় অনুসৰি ২৫ জুনৰ পুৱা ০৩:৩৪ বজাত নেচনেল চেণ্টাৰ ফৰ চিচম’লজী-য়ে জনোৱা মতে, এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ভূগৰ্ভৰ মাত্ৰ ১৫ কিলোমিটাৰ গভীৰতাত আছিল, যাৰ বাবে ক্ষয়-ক্ষতিৰ পৰিমাণ অধিক হৈছে ।

ৰাজপথত আতংক, স্তব্ধ জনজীৱন

ভেনিজুৱেলাৰ বিৰোধী ৰাজনীতিবিদ এডমুণ্ডো গনজালেজে এক্স (X)-ত এক পোষ্টযোগে পৰিস্থিতিৰ ভয়াৱহতা বৰ্ণনা কৰি কয়, “পৰস্পৰ দুটাকৈ ভূমিকম্পই দেশখন ধ্বংসস্তূপত পৰিণত কৰিছে । অট্টালিকা খহি পৰিছে আৰু ৰাজপথত মানুহৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । দুঘণ্টা পাৰ হৈ যোৱাৰ পিছতো প্ৰকৃততে কিমান লোকৰ মৃত্যু হৈছে, সেই পৰিসংখ্যা এতিয়াও স্পষ্ট হোৱা নাই ।”

দেশবাসীক সম্বোধন কৰিব ৰাষ্ট্ৰপতিয়ে

ভেনিজুৱেলাৰ কাৰ্যবাহী ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগেজে জনসাধাৰণক নিয়ন্ত্ৰণ হেৰুৱাই শান্ত থাকিবলৈ আহ্বান জনাইছে । তেওঁ এক্স-ত কয়, “দেশত অহা এই শক্তিশালী ভূমিকম্পৰ পৰৱৰ্তী পৰিস্থিতিৰ সন্দৰ্ভত মই অলপ পিছতে দেশবাসীক উদ্দেশ্যে ভাষণ দিম আৰু উদ্ধাৰ কাৰ্যৰ বুজ ল’ম ।”

আমেৰিকান দূতাবাসৰ সতৰ্কবাণী

কাৰাকাছত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দূতাবাসে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে । ভেনিজুৱেলাত থকা আমেৰিকান নাগৰিকসকলক সুৰক্ষিত আশ্ৰয় বিচাৰিবলৈ আৰু ক্ষতিগ্ৰস্ত ভৱনসমূহৰ পৰা আঁতৰি থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

বিশ্বজুৰি প্ৰাৰ্থনা

এই কঠিন সময়ত ভেনিজুৱেলাৰ কাষত থিয় দিছে বিশ্বৰ বহু নেতা । বৰ্তমান সমগ্ৰ দেশখনতে যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান চলাই থকা হৈছে । ধ্বংসস্তূপৰ তলত বহু লোক আবদ্ধ হৈ থকাৰ আশংকা কৰা হৈছে ।

লগতে পঢ়ক : অৰুণাচলত প্ৰলয়ংকাৰী বান; অসম চৰকাৰৰ হাই এলাৰ্ট জাৰি

পুনৰ ভূমিকম্পই জোকাৰিলে ৰাজ্য

কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত

ৰাজ্যত পুনৰ ভূমিকম্পন জোকাৰণি । বৃহস্পতিবাৰে কিছু সময় পূৰ্বে ভূমিকম্পই জোকাৰি যায় ৰাজ্যৰ কইবাটাও প্ৰান্ত । জানিব পৰা মতে হোজাইৰ পৰা ২৮ কিলোমিটাৰ নিলগত এই ভূমিকম্পৰ অভিকেন্দ্ৰ । ৯.১০ বজাত অনুভূত হোৱা এই ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৪.২ ৰেকৰ্ড কৰা হৈছে ।

জানিব পৰা মতে নগাঁও, মৰিগাওঁ, শ্ৰীভূমি, ৰপহীহাট, ৰামকৃষ্ণনগৰ, জুৰীয়া, লংকা, হাইলাকান্দি, উমৰাংচু, খেৰণি, টংলা, কলিয়াবৰ আদিত এই ভূমিকম্পৰ কম্পন অনুভূত হয় । অৱশ্যে বাতৰি লিখাৰ পৰলৈকে কোনো ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই । অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক : স্কুল বেগৰ বোজাক লৈ ডাঙৰ সিদ্ধান্ত; ৫ কেজিৰ অধিক হ’ব নোৱাৰিব বেগৰ ওজন

ফিলিপাইনছৰ ভয়াৱহ ভূমিকম্পক লৈ প্ৰধানমন্ত্ৰী মোদীৰ শোক প্ৰকাশ

ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে

দক্ষিণ ফিলিপাইনছৰ মিন্দানাও উপকূলত সোমবাৰে পুৱা এক ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় । ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত সমগ্ৰ অঞ্চলটোত ব্যাপক ধ্বংসলীলা সংঘটিত হৈছে । শেষতীয়া খবৰ অনুসৰি, এই প্ৰাকৃতিক দুৰ্যোগত কমেও ৩২ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৩৪ জনতকৈও অধিক লোক আহত হৈছে ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি, বিগত ৫০ বছৰৰ ভিতৰত ফিলিপাইনছত আঘাত হনা এইটোৱেই আটাইতকৈ শক্তিশালী ভূমিকম্প । সোমবাৰে পুৱা প্ৰায় ৭:৩৭ বজাত (স্থানীয় সময়) এই জোকাৰণি অনুভূত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীৰ শোকবাৰ্তা-

এই দুৰ্ভাগ্যজনক ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে । সামাজিক মাধ্যম এক্স (পূৰ্বৰ টুইটাৰ) যোগে এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় :

“ফিলিপাইনছৰ মিন্দানাওত আজি সংঘটিত ভূমিকম্পৰ ফলত হোৱা প্ৰাণহানি আৰু ধ্বংসলীলাত মই মৰ্মাহত হৈছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ অন্তৰংগ সমবেদনা জ্ঞাপন কৰিছোঁ আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছোঁ । এই সংকটৰ সময়ত ভাৰত ফিলিপাইনছৰ জনসাধাৰণ আৰু চৰকাৰৰ সৈতে দৃঢ়তাৰে থিয় দিছে ।”

ক্ষয়-ক্ষতিৰ খতিয়ান

দেশখনৰ নাগৰিক সুৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা মতে, কেৱল সাৰাংগানী আৰু দক্ষিণ কটাবেটো প্ৰদেশতে ১৯ জন লোকৰ মৃত্যু হৈছে । আনহাতে, ভূমিকম্পৰ ফলত হোৱা তীব্ৰ ভূমিস্খলনৰ বাবে সাৰাংগানীৰ গ্লান নামৰ ঠাই টুকুৰাত আন ১৩ জন লোক মাটিৰ তলত পোত খাই মৃত্যুবৰণ কৰে ।

ৰাষ্ট্ৰীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়া ৰড্ৰিগো অ’ ছচমেনে সাংবাদিকৰ আগত জানিবলৈ দিয়ে যে ক্ষয়-ক্ষতিৰ প্ৰকৃত ছবিখন এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই । বহুতো ডাঙৰ অট্টালিকা আৰু পথত ডাঙৰ ফাঁট মেলিছে । বৰ্তমানলৈকে প্ৰায় ৭০,০০০ বাসিন্দা সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলগীয়া হৈছে আৰু বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ বাবে উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে ।

লগতে পঢ়ক : ৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি

৭.৮ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্প : মৃত্যুৰ সংখ্যা ১৫লৈ বৃদ্ধি, চুনামীৰ সতৰ্কবাণী জাৰি

ফিলিপাইনছত আঘাত হনা এক শক্তিশালী ভূমিকম্পৰ ফলত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি হৈছে

প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰ ফিলিপাইনছত আঘাত হনা এক শক্তিশালী ভূমিকম্পৰ ফলত ব্যাপক ক্ষয়ক্ষতিৰ সৃষ্টি হৈছে । ফিলিপাইনছৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ বিষয়াসকলৰ উদ্ধৃতি দি সংবাদ প্ৰতিষ্ঠান ৱামে (WAM) প্ৰকাশ কৰা অনুসৰি, ৰিখটাৰ স্কেলত ৭.৮ প্ৰাবল্যৰ এই ভূমিকম্পটোৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা বৰ্তমান ১৫ জনলৈ বৃদ্ধি পাইছে ।

স্থানীয় অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয়ৰ সঞ্চালকে জনোৱা মতে, মৃত ১৫ জনৰ ভিতৰত ১২ জনেই চিল্ডা অঞ্চলৰ বাসিন্দা । উল্লেখ্য যে দক্ষিণ ক’টাবাট’, চুলতান কুদাৰাট, সাৰাংগানী আৰু জেনেৰেল চেণ্টচ চিটিক সামৰি লোৱা এই অঞ্চলটোত অতি কমেও ১২৯ জন লোক গুৰুতৰভাৱে আহত হৈছে ।

যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ অভিযান :

ভূমিকম্পৰ পাছতেই ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছে দেশখনৰ অসামৰিক প্ৰতিৰক্ষা কাৰ্যালয় আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ আশংকা হ্ৰাস তথা ব্যৱস্থাপনা পৰিষদকে ধৰি সকলো জৰুৰীকালীন সংস্থাক সক্ৰিয় কৰি তুলিছে । ইফালে, ফিলিপাইনছ নেশ্যনেল পুলিচে এক সংবাদ মেলযোগে জানিবলৈ দিয়ে যে জৰুৰীকালীন পৰিস্থিতিৰ মুখামুখি হ’বলৈ আৰু উদ্ধাৰ কাৰ্য ক্ষিপ্ৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে সকলো সংশ্লিষ্ট বিভাগৰ সৈতে সম্পূৰ্ণ সমন্বয় ৰক্ষা কৰি কাম কৰি আছে ।

খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা :

ফিলিপাইনছ নিউজ এজেন্সীয়ে দেশখনৰ সমাজ কল্যাণ আৰু উন্নয়ন বিভাগৰ উদ্ধৃতি দি জনাইছে যে বিভাগৰ সচিব ৰেক্স গাচালিয়ানে স্থানীয় চৰকাৰী সংস্থাসমূহৰ সৈতে জৰুৰীভাৱে সাহায্য বিতৰণৰ নিৰ্দেশ দিছে । কেৱল মিন্দানাও অঞ্চলৰ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ বাবে ১১ লাখতকৈও অধিক পৰিয়ালৰ খাদ্য সামগ্ৰীৰ পেকেট মজুত ৰখা হৈছে । ইয়াৰ উপৰি সমগ্ৰ দেশজুৰি জৰুৰীকালীন ব্যৱহাৰৰ বাবে ৪৭ লাখ খাদ্যৰ পেকেট সাজু আছে ।

তিনিখন দেশত চুনামীৰ সতৰ্কবাণী :

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম আল জাজিৰাৰ প্ৰতিবেদন অনুসৰি, এই শক্তিশালী ভূমিকম্পৰ পাছতেই ফিলিপাইনছ, ইণ্ডোনেছিয়া আৰু জাপানত সাগৰীয় ঢৌ বা চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । উপকূলীয় অঞ্চলৰ বাসিন্দা কৰি তথা নাগৰিকসকলক নিৰাপদ আৰু ওখ স্থানলৈ যাবলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে ।

বৰ্তমান দুৰ্যোগগ্ৰস্ত অঞ্চলসমূহত সাহায্য আৰু উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে ।

লগতে পঢ়ক : ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি…

দেওবাৰে নিশা ১১.০৬ বজাত ৰাজ্যৰ ভিন্নপ্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

ৰাজ্যজুৰি ভূমিকম্পৰ জোকাৰণি। দেওবাৰে নিশা ১১.০৬ বজাত ৰাজ্যৰ ভিন্নপ্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি, ভূমিকম্পটোৰ অভিকেন্দ্ৰ ভূটান আৰু ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৪। ধুবুৰী, বিলাসীপাৰা, গৌৰীপুৰ, কোকৰাঝাৰকে ধৰি নামনি অসমত অনুভূত হয় জোকাৰণি।  

লগতে পঢ়ক: ইজৰাইলৰ প্ৰত্যুত্তৰ; হিজবুল্লাহৰ দুৰ্গ বেইৰুটত সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস