পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

মঙলবাৰে পুৱা গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয়

মঙলবাৰে পুৱাই ভূমিকম্পই কঁপালে ৰাজ্য । প্ৰতিকূল বতৰৰ মাজতে পুৱাই অনুভূত হোৱা কম্পনে আতংকৰ সৃষ্টি কৰে । মঙলবাৰে পুৱা গুৱাহাটী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । অৱশ্যে এই ভূমিকম্পত বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই যদিও কৰ্তৃপক্ষই সতৰ্কতা অৱলম্বন কৰিছে ।

নেচনেল চেণ্টাৰ ফৰ চিচম’লজী-ৰ প্ৰতিবেদন অনুসৰি, পুৱা ০৫:৫৯:৩৩ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰৰ কামজং জিলা । ৬২ কিলোমিটাৰ গভীৰতাত উৎপত্তি হোৱা এই ভূমিকম্পটো মধ্যমীয়া গভীৰতাৰ এক ভূ-তাত্ত্বিক পৰিঘটনা আছিল । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২ ।

অসমৰ লগতে মেঘালয় আৰু নাগালেণ্ডকো এই ভূমিকম্পই কঁপাই যায় ।

লগতে পঢ়ক : প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

৭.৫ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে দেশখনত চুনামীৰ সতৰ্কবাণী জাৰী কৰা হৈছে

সোমবাৰে উত্তৰ-পূব আৰু উত্তৰ জাপানত ৭.৫ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় আৰু ইয়াৰ পিছতে দেশখনত চুনামীৰ সতৰ্কবাণী জাৰী কৰা হৈছে । জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ইৱাটে প্ৰিফেকচাৰৰ কুজি বন্দৰত ৮০ চেন্টিমিটাৰ উচ্চতাৰ চুনামী পৰিলক্ষিত হৈছে । সংবাদ মাধ্যম কিয়োডোৱে জাপান বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতি দি জনাইছে যে বিয়লি ৪:৫৩ বজাত অহা এই ভূমিকম্পটোৰ গভীৰতা আছিল ১০ কিলোমিটাৰ আৰু জাপানৰ ভূমিকম্পৰ তীব্ৰতাৰ স্কেলত ইয়াৰ মাত্ৰা ‘আপাৰ ৫’ (upper 5) ৰেকৰ্ড কৰা হৈছে ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা-এ জনোৱা মতে, “এইটো এক উল্লেখনীয় ভূমিকম্প আছিল আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি জাপানৰ মিয়াকোৰ পৰা ১০০ কিলোমিটাৰ উত্তৰ-পূবত ইয়াৰ প্ৰাবল্য আছিল ৭.৪ ।” ভূমিকম্পৰ প্ৰাবল্য প্ৰথমতে ৭.৪ বুলি অনুমান কৰা হৈছিল যদিও পিছলৈ ইয়াক সংশোধন কৰি বৃদ্ধি কৰা হয় । জাপান বতৰ বিজ্ঞান সংস্থাই আগন্তুক এসপ্তাহৰ বাবে একে ধৰণৰ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা থকা বুলি সতৰ্ক কৰি দিছে ।

ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কে-এ জনোৱা মতে, এই ভূমিকম্পটো ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল । জাপানী বতৰ বিজ্ঞান সংস্থাই হোক্কাইডো, আওমোৰী আৰু ইৱাটে প্ৰিফেকচাৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰী কৰিছে আৰু ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ চুনামী ঢৌ তাৎক্ষণিকভাৱে অহাৰ আগজাননী দিছে ।

কিয়োডো সংবাদ সংস্থাৰ মতে, পৰিচালনকাৰী কৰ্তৃপক্ষই জনাইছে যে আওমোৰী আৰু মিয়ায়ী প্ৰিফেকচাৰৰ হিগাশ্বিডোৰি আৰু ওনাগাৱা পাৰমাণৱিক প্ৰকল্পৰ লগতে ফুকুছিমাৰ দাইচি আৰু দাইনি পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰত কোনো অস্বাভাৱিকতা দেখা পোৱা নাই । জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচিই তেওঁৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ লোকসকলক ওখ ঠাইলৈ আশ্ৰয় ল’বলৈ আহ্বান জনায় । জে আৰ ইষ্টে জনোৱা মতে, টকিঅ’ আৰু শ্বিন-আওমোৰী ষ্টেচনৰ মাজত চলি থকা টোহোকু শিনকানচেন বুলেট ট্ৰেইন সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক : ৭.৪ প্ৰাব্যলত কঁপি উঠিল জাপান: চুনামীৰ সতৰ্কবাণী

৭.৪ প্ৰাব্যলত কঁপি উঠিল জাপান: চুনামীৰ সতৰ্কবাণী

জাপানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। ইয়াৰ পিছতে ছুনামীৰ আশংকা বৃদ্ধি পাইছে।

সোমবাৰে (২০ এপ্ৰিল, ২০২৬) জাপানৰ উত্তৰ অংশত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।ৰাষ্ট্ৰীয় সম্প্ৰচাৰক NHKৰ তথ্য অনুসৰি,ভূমিকম্পৰ পিছতে উপকূলীয় অঞ্চলৰ বাবে তাৎক্ষণিকভাৱে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

বিষয়াসকলে জনোৱা মতে, ইৱাটে প্ৰিফেকচাৰ আৰু হোকাইডোৰ কিছু অংশত সাগৰৰ ঢৌ প্ৰায় ৩ মিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। কিছু কিছু অঞ্চলৰ স্থানীয় লোক সকলক তৎক্ষণাত নিৰাপদ আৰু ওখ ঠাইলৈ যাবলৈ কোৱা হৈছে।চৰকাৰ আৰু জৰুৰীকালীন সেৱা সম্পূৰ্ণ এলাৰ্ট মোডত আছে।

লগতে পঢ়ক: ভংগ হ’ল যুদ্ধ বিৰতি! ইৰাণৰ কাৰ্গো জাহাজত আমেৰিকাৰ মিছাইল নিক্ষেপ

৫.৯ প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গ’ল দিল্লী-এনচিআৰ…

দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি উত্তৰ ভাৰতৰ কেইবাটাও স্থানত ভূমিকম্পৰ কম্পন অনুভূত হয়।

শুকুৰবাৰে নিশা ৯:৪২ বজাত দিল্লী-এনচিআৰকে ধৰি সমগ্ৰ উত্তৰ ভাৰতত প্ৰবল কঁপনি অনুভূত হয়।ইয়াৰ ফলত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হয়।

দিল্লী-এনচিআৰ, চণ্ডীগড়কে ধৰি জম্মু-কাশ্মীৰ, হাৰিয়ানা, হিমাচল প্ৰদেশ, আৰু পঞ্জাৱতো ভূমিকম্প কম্পন অনুভূত হয়।জম্মু-কাশ্মীৰৰ কেইবাটাও স্থানতো ভূমিকম্পৰ লগে লগে স্থানীয় লোকৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

জানিব পৰা মতে,ভূমিকম্পটোৰ কেন্দ্ৰবিন্দু আফগানিস্তান-তাজিকিস্তান সীমান্ত অঞ্চল।ভূপৃষ্ঠৰ পৰা ১৭৫ কিলোমিটাৰ গভীৰতাত উৎপত্তিস্থল ।যাৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৯ ।

লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি ভাৰতীয় নৌসেনাত অন্তৰ্ভূক্ত হ’ল আই এন এচ তাৰাগিৰি

পুনৰ কঁপিল পৃথিৱী… ৫.৫ তীব্ৰতাৰ ভূমিকম্পৰ জোঁকাৰণি

ভূমিকম্পৰ কম্পন অনুভূত হোৱাৰ লগে লগে আতংকময় পৰিৱেশৰ সূচনা হয় ।

ভূমিকম্পই জোঁকাৰি গ’ল কলকাতা । ভূমিকম্পৰ কম্পন অনুভূত হোৱাৰ লগে লগে আতংকময় পৰিৱেশৰ সূচনা হয় । ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ তীব্ৰতা ৫.৫ বুলি জানিব পৰা গৈছে । কম্পন অনুভূত হোৱাৰ লগে লগে বাসিন্দাসকলৰ মাজত, আতংকৰ সৃষ্টি হয় আৰু ঘৰ, কাৰ্যালয়ৰ পৰা সকলো ওলাই অহা পৰিলক্ষিত হয় । এই পৰ্যন্ত কোনো লোক হতাহত বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা হোৱা নাই ।

প্ৰাৰম্ভিক খবৰ অনুসৰি ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল বাংলাদেশ । কেইবা ছেকেণ্ডো ধৰি কঁপনিৰ সৃষ্টি হয় । চহৰৰ বহু ঠাইত ভূমিকম্পৰ জোঁকাৰণি অনুভূত হোৱাৰ খবৰ লাভ কৰা গৈছে ।

ভূমিকম্পৰ তীব্ৰতা অনুভৱ কৰাৰ লগে লগে বহু কাৰ্যালয়ৰ কৰ্মচাৰীয়ে নিজৰ চৌহদ খালী কৰি মুকলি ঠাইত গোট খায় । ভূমিকম্পৰ পিছত মুকলি ঠাইত মানুহৰ সমাগম হোৱা দেখা যায় ।

জানিব পৰা মতে, কলকাতাৰ পৰা ১০০ কিলোমিটাৰ উত্তৰত ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।

লগতে পঢ়ক : ভাৰত-পাকিস্তান সীমান্তত ‘প্ৰচণ্ড’ হেলিকপ্টাৰত সহ-পাইলটৰ ৰূপত ৰাষ্ট্ৰপতি মুৰ্মু

কঁপাই গ’ল শক্তিশালী ভূমিকম্পই : ৰিখটাৰ স্কেলত প্ৰাবল্য ৫.৯

প্ৰাথমিক তথ্য অনুসৰি এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ম্যানমাৰত আছিল, য’ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ ।

মঙলবাৰে নিশা কলকাতাৰ কেবাটাও অঞ্চলত মৃদু কঁপনি অনুভূত হয় । এই কম্পনত আতংকিত পৰে জনসাধাৰণ । প্ৰাথমিক তথ্য অনুসৰি এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ম্যানমাৰত আছিল, য’ত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৯ । অৱশ্যে এই পৰ্যন্ত কোনো লোকৰ ক্ষতি বা আঘাতৰ খবৰ পোৱা হোৱা নাই । বিষয়াসকলে পৰিস্থিতিৰ মূল্যায়ন কৰি আছে আৰু বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি  চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰত হোৱা প্ৰবল ভূমিকম্পৰ পিছত মঙলবাৰে নিশা কলকাতা আৰু পূব ভাৰতৰ কিছু অংশত মৃদু কম্পন অনুভূত হয় । চহৰখনৰ বাসিন্দাসকলে নিশা প্ৰায় ৯:০৫ বজাত ১০-১৫ ছেকেণ্ডৰ ভূমিকম্পৰ খবৰ দিয়ে, যাৰ ফলত বহুতে ঘৰৰ পৰা আতংকিত হৈ ওলাই আহে । বৰ্তমানলৈকে কোনো লোক আহত বা ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই ।

লগতে পঢ়ক : মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব য়ুমনাম খেমচান্দ সিং; এবছৰৰ পাছত ৰাজ্যখনৰ পৰা আতঁৰিব ৰাষ্ট্ৰপতি শাসন

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপিল পৃথিৱী… হাহাকাৰ অৱস্থা

ভূমিকম্পৰ তীব্ৰ জোকাৰণিত কঁপি উঠিল ফিলিপাইনছ । চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূমিকম্পৰ অভিকেন্দ্ৰ ।

পুনৰ এক ভূমিকম্পই জোকাৰিলে ফিলিপাইনছ । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে (৭ জানুৱাৰী) ফিলিপাইনছৰ দক্ষিণ উপকূলত ৬.৪ প্ৰাবল্যৰ এক ভূমিকম্প সংঘটিত হয় । প্ৰথমে এই ভূঁইকপৰ ৬.৭ তীব্ৰতাৰ বুলি প্ৰকাশ পাইছিল যদিও পৰৱৰ্তী সময়ত ৬.৪ প্ৰাবল্যৰ বুলি জানিব পৰা যায় ।

মিন্দানাও দ্বীপৰ চেণ্টিয়াগো চহৰৰ পৰা প্ৰায় ২৭ কিলোমিটাৰ পূবে সাগৰত আছিল এই ভূঁইকপৰ কেন্দ্ৰ । প্ৰায় ৫৮.৫ কিলোমিটাৰ গভীৰতাত সংঘটিত হয় এই ভূঁইকপ । অৱশ্যে এতিয়ালৈকে কোনো ধৰণৰ চুনামীৰ সতৰ্কবাণী জাৰি কৰা হোৱা নাই ।

ইয়াৰ পূৰ্বে অক্টোবৰ মাহত পূব মিন্দানাওত ৭.৪ আৰু ৬.৭ প্ৰাবল্যৰ দুটা ভূঁইকপে জোকাৰিছিল আৰু কমেও ৮ জন লোকৰ মৃত্যু হৈছিল । ইয়াৰ কিছুদিন পূৰ্বে মধ্য ফিলিপাইনছৰ চেবু প্ৰদেশত ৬.৯ প্ৰাবল্যৰ ভূঁইকপত ৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭২ হাজাৰ ঘৰৰ ক্ষতিসাধন হৈছিল বুলি চৰকাৰী তথ্যই প্ৰকাশ কৰিছে ।

ফিলিপাইনছত ভূঁইকপ সাধাৰণতে দেখা যায়, কিয়নো দেশখন পেচিফিক ৰিং অৱ ফায়াৰৰ ভিতৰত অৱস্থিত । এই অঞ্চলটো জাপানৰ পৰা দক্ষিণ-পূব এছিয়ালৈকে আৰু সমগ্ৰ প্ৰশান্ত মহাসাগৰলৈকে বিস্তৃত, য’ত ভূঁইকপ সঘনাই হয় ।

লগতে পঢ়ক : ভেনিজুৱেলাৰ পৰা পোনে পোনে আমেৰিকালৈ যাব ৫০ মিলিয়ন বেৰেল তেল… ট্ৰাম্পৰ ডাঙৰ ঘোষণা

পুৱতি নিশা কঁপি উঠিল ৰাজ্য; কিয় অসমত সঘনাই হ’বলৈ ধৰিছে ভূমিকম্প

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল সমগ্ৰ অসম। পুৱতি নিশা অহা ভূমিকম্পৰ ফলত ৰাজ্যজুৰি হাহাকাৰ।

নতুন বছৰৰ পঞ্চমটো দিনতে বৰ ভূঁইকপত কঁপি উঠিল অসম। সোমবাৰে পুৱতি নিশা প্ৰায় ৪:১৭ বজাত অনুভূত হয় জোকাৰণি।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও।

৫০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.১। ৰাজ্যখনত সঘনাই হ’বলৈ ধৰা ভূমিকম্পৰ ফলত লৈ চিন্তিত হৈ পৰিছে সকলো। অৱশ্যে বৰ্তমানলৈকে কোনো ক্ষয়ক্ষতিৰ খবৰ অহা নাই।

লগতে পঢ়ক: ইৰাণ, বাংলাদেশৰ পৰা ভেনিজুৱেলালৈকে… নতুন বছৰৰ আৰম্ভণিতে যুদ্ধৰ বিভিষীকাত কঁপিছে বিশ্ব

পুনৰ ৬.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰিলে দেশ, ৪ ঘন্টাত দুবাৰকৈ কঁপিল পৃথিৱী

৬.৫ প্ৰাৱল্যৰ ভূমিকম্পই পুনৰ জোকাৰি যায় এই দেশ । সোমবাৰে নিশা ৭.৫ তীব্ৰতাৰ ভূমিকম্পই জোকাৰি যোৱাৰ মাত্ৰ ৪৮ ঘন্টাৰ পিছতে এই কম্পন সৃষ্টি হয় ।

বুধবাৰে উত্তৰ জাপানক আন এক ভূমিকম্পই জোকাৰি যায় । ইউৰোপীয় ভূমধ্যসাগৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৫৭ কিলোমিটাৰ গভীৰতাৰ ৬.৫ প্ৰাবল্যৰ ভূইকঁপে হকাইডোত আঘাত হানে । সোমবাৰে গভীৰ নিশা ৭.৫ প্ৰাবল্যৰ তীব্ৰ ভূমিকম্পৰ মাত্ৰ ৪৮ ঘণ্টাৰ পিছতে এই কঁপনি আহে । এতিয়ালৈকে কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও অবিৰত আফটাৰশ্বকে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে । অঞ্চলটোত কম্পন অব্যাহত থকাৰ বাবে জৰুৰীকালীন দলসমূহে পৰিস্থিতি নিৰীক্ষণ কৰি আছে ।

বুধবাৰৰ শেহতীয়া ভূইকঁপৰ ফলত কোনো বৃহৎ ক্ষতি বা হতাহতিৰ খবৰ পোৱা নাই যদিও সোমবাৰৰ কম্পনত আওমোৰীৰ হাচিনোহে চহৰত অট্টালিকাসমূহৰ ক্ষতিসাধন হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।

জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে নিশ্চিত কৰিছে যে ৭ জন লোক আহত হৈছে । অৱশ্যে সকলো সচেতন হৈ পৰিছিল । জে এম এৰ বিষয়াসকলে সকীয়াই দিছে যে এই বিপদ এতিয়াও শেষ হোৱা নাই, কিয়নো জাপান “ৰিং অৱ ফায়াৰ”ৰ ওপৰত আছে, য’ত বিশ্বৰ প্ৰায় ২০% ডাঙৰ ভূইকঁপ সংঘটিত হয় ।

ইয়াৰ উপৰিও সোমবাৰে নিশা ১১.১৫ বজাত আওমোৰি প্ৰিফেকচাৰৰ সমীপত ৫৪ কিলোমিটাৰ গভীৰতাত হোৱা সাগৰীয় ভূইকঁপৰ বাবে প্ৰথমে হোকাইডো, আওমোৰি আৰু ইৱাটেত চুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছিল । ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ ঢৌৱে উপকূলীয় অঞ্চলত আঘাত হানিব পাৰে বুলি সকীয়াই দিছিল বিষয়াসকলে ।

লগতে পঢ়ক : চুডানৰ তৈলক্ষেত্ৰত সেনাৰ ড্ৰোণ আক্ৰমণ; ২০ ত কৈ অধিক লোক নিহত