৭.৬ তীব্ৰতাৰ প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে দেশ, ছুনামিৰ এলাৰ্ট জাৰি

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰি যায় দেশ । ৭.৬ প্ৰাবল্যৰ এই ভূইকঁপৰ পিছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা ।

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে জাপানক । ৭.৬ প্ৰাবল্যৰ ভূইকঁপে সোমবাৰে জাপানক জোকাৰি যায় । এই ভয়ংকৰ ভূইকঁপৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । সতৰ্কবাণী অনুসৰণি ছুনামীৰ ঢৌ ১০ ফুট পৰ্যন্ত ওপৰলৈ উঠিব পাৰে । জাপানৰ বতৰ বিজ্ঞান সংস্থাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি জাপানৰ উত্তৰ উপকূলৰ সাগৰৰ পাৰত ৭.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয় । ভূইকঁপৰ লগে লগে উত্তৰ-পূব উপকূলৰ কেইবাটাও অঞ্চলৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় ।

জে এম এৰ তথ্য অনুসৰি ছুনামীৰ ঢৌ ৩ মিটাৰ (প্ৰায় ১০ ফুট) পৰ্যন্ত উঠিব পাৰে । ইছিকাৱা প্ৰিফেকচাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ আটাইতকৈ দুৰ্বল । ৰাইজক তৎকালীনভাৱে ওখ ঠাইলৈ গৈ উপকূলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সংস্থাটোৱে । প্ৰয়োজন হ’লে সহায় আগবঢ়াবলৈ জৰুৰীকালীন সেৱা সক্ৰিয় কৰা হৈছে । টিভি চেনেলত জৰুৰীকালীন তথ্য অবিৰতভাৱে সম্প্ৰচাৰ কৰা হৈছে ।

স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলক অনতিপলমে নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই । এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে হতাহত বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই যদিও উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ হৈছে ।

লগতে পঢ়ক : ৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ

৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ

প্ৰকৃতিৰ কোপদৃষ্টিত এইখন দেশ । বিগত ৩০ দিনত সংঘটিত হ’ল ১৪০০ টা ভূমিকম্প ।

ইণ্ডোনেছিয়াত বিগত ৩০ দিনত ১৪০০ৰো অধিক ভূমিকম্প সংঘটিত হৈছে । ২০২৫ চনৰ ২৭ নৱেম্বৰত সুমাত্ৰাৰ সমীপত ৬.৩ প্ৰাৱল্যৰ আন এক বৃহৎ ভূমিকম্পৰ সৃষ্টি হয় । মানুহৰ মাজত আতংকৰ সৃষ্টি হৈছিল যদিও এতিয়ালৈকে কোনো লোকৰ মৃত্যু বা বৃহৎ ক্ষতিৰ খবৰ পোৱা নাই । কিন্তু সমগ্ৰ দেশখনতে শংকা অব্যাহত আছে কিয়নো বান আৰু ভূমিস্খলনেও ভাবুকিৰ সৃষ্টি কৰিছে ।

ৰিং অৱ ফায়াৰত অৱস্থিত ইণ্ডোনেছিয়া-

ইণ্ডোনেছিয়া প্ৰশান্ত মহাসাগৰক আগুৰি থকা ৰিং অৱ ফায়াৰত অৱস্থিত । এইখনেই হৈছে বিশ্বৰ আটাইতকৈ ভয়ংকৰ বিপজ্জনক স্থান । ইয়াত পোন্ধৰখন ডাঙৰ টেকটনিক প্লেটৰ সংঘৰ্ষ হৈ থাকে । বিশ্বৰ ৯০% ভূইকঁপ ইয়াতেই সংঘটিত হয় । ইণ্ডোনেছিয়াত প্ৰতি বছৰে হাজাৰ হাজাৰ সৰু-বৰ ভূমিকম্প সংঘটিত হয় । এয়া এক সাধাৰণ কথা ।

কিয় আটাইতকৈ বেছি কঁপিছে সুমাত্ৰা ?

সুমাত্ৰা দ্বীপৰ তলত ইন্দো-অষ্ট্ৰেলিয়ান প্লেট ইউৰেছিয়ান প্লেটৰ তললৈ লাহে লাহে (বছৰত ৫-৭ চেণ্টিমিটাৰ) নামি আহিছে । ইয়াৰ ফলত অপৰিসীম চাপৰ সৃষ্টি হয় । এই চাপ হঠাৎ মুক্ত হ’লে ভূইকঁপৰ সৃষ্টি হয় । সুমাত্ৰাতো গ্ৰেট সুমাত্ৰা ফল্ট নামৰ এটা বৃহৎ ফল্ট আছে, যাৰ ফলত সঘনাই কম্পন হয় । এই কাৰণেই শেহতীয়াকৈ দেশখনত ৬.৬ প্ৰাবল্যৰ ভূইকঁপ আৰু বৰ্তমানৰ ৬.৩ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হৈছে ।

এতিয়াও সতেজ ২০০৪ চনৰ ভয়ানক স্মৃতি-

২০০৪ চনত সুমাত্ৰাৰ সমীপত ৯.১ প্ৰাবল্যৰ এক বৃহৎ ভূইকঁপ সংঘটিত হৈছিল । ইয়াৰ ফলত সৃষ্টি হোৱা ছুনামীৰ ফলত ২ লাখ ৩০ হাজাৰৰো অধিক লোকৰ মৃত্যু হয় । এইবাৰৰ ভূইকঁপটো মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত আছিল’, গতিকে মাটি প্ৰচণ্ডভাৱে কঁপিছিল যদিও ছুনামীৰ কোনো ভাবুকি নাছিল ।

বানপানী আৰু ভূমিকম্পৰো প্ৰহাৰ-

একে সময়তে স্যেন্যাৰ ঘূৰ্ণীবতাহৰ ফলত সুমাত্ৰাত ভয়াৱহ বান আৰু ভূমিস্খলনৰ সৃষ্টি হৈছে । এই ঘটনাত এতিয়ালৈকে ২৫ জনতকৈ অধিক লোকৰ মৃত্যু হৈছে আৰু ১০ জন নিৰুদ্দেশ হৈছে । ৮ হাজাৰৰো অধিক লোকক স্থানান্তৰ কৰা হৈছে । বাট-পথ বিধ্বস্ত হৈ পৰিছে, গাঁওবোৰ পানীত ডুব গৈছে । তাৰ ওপৰত ভূতৰ ওপৰত দাৱহ পৰাদি ভূমিকম্পই মানুহক আতংকিত কৰি তুলিছে ।

ইয়াৰ পিছত কি হ’ব ?

বিজ্ঞানীসকলে কয় যে আৰু অধিক কম্পনৰ সম্ভাৱনা আছে । আগন্তুক দিনত প্ৰবল বৰষুণ আৰু বানপানীৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান বিভাগে । চৰকাৰে হেলিকপ্টাৰেৰে খাদ্য-পানী যোগান ধৰিছে । ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে । ইণ্ডোনেছিয়াৰ দৰে দেশত বছৰি ভূমিকম্প আৰু বানপানী সংঘটিত হয় যদিও জলবায়ু পৰিৱৰ্তনে বৰষুণ অধিক তীব্ৰতৰ কৰি তুলিছে আৰু ভূমিকম্পৰ প্ৰভাৱ অধিক হৈছে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

ভাৰতৰ নতুন ভূমিকম্পৰ মানচিত্ৰত ভয়ংকৰ বিপদৰ ইংগিত !

ভাৰতৰ নতুন ভূমিকম্পৰ মানচিত্ৰ

ভাৰতে বহু দশকৰ অন্তত নিজৰ বৃহত্তম ভূমিকম্পৰ বিপদৰ মানচিত্ৰ (Seismic Zonation Map) সলনি কৰিছে । এতিয়া সমগ্ৰ হিমালয় অঞ্চলক সৰ্বোচ্চ বিপদজনক অঞ্চল VIত ৰখা হৈছে । পূৰ্বতে ইয়াক IV  আৰু V জ’নত ভাগ কৰা হৈছিল । এতিয়া সমগ্ৰ দেশৰ ৬১% অঞ্চল মধ্যমীয়াৰ পৰা অতি উচ্চ বিপদৰ সন্মুখীন হৈছে ।

আটাইতকৈ বিপজ্জনক জ’ন VIত হিমালয় কিয় ?

পৃথিৱীৰ দুখন দ্ৰুততম সংঘৰ্ষ হোৱা প্লেটৰ মাজত হিমালয় আছে–  প্ৰতি বছৰে ৫ চেণ্টিমিটাৰ উত্তৰ দিশলৈ যায় ভাৰতীয় প্লেট । যাৰ ফলত মাটিৰ ভিতৰত যথেষ্ট চাপৰ সৃষ্টি হৈছে । এই চাপ হঠাৎ মুক্ত হ’লে এক বিশাল ভূমিকম্পৰ সৃষ্টি হয় ।

হিমালয়ৰ তলত তিনিটা ডাঙৰ বিভাজন(ফল্ট)-

-মূল ফ্ৰন্টাল থ্ৰাষ্ট

-মূল বাউণ্ডেৰী থ্ৰাষ্ট

-মূল চেন্ট্ৰেল থ্ৰাষ্ট

এইবোৰ যিকোনো সময়তে ফাটি যাব পাৰে । বিশেষ কথাটো হ’ল যে যোৱা ২০০ বছৰত মধ্য হিমালয়ত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই- অৰ্থাৎ তাত বহুত চাপ জমা হৈছে ।

ভূমিকম্পৰ মানচিত্ৰ নতুন কি আছে ?

সমগ্ৰ হিমালয় এতিয়া সামূহিকভাৱে VI জ’নত আছে । ডেৰাডুনৰ দৰে চহৰবোৰ এতিয়া ভয়ংকৰ বিপদৰ নিচেই কাষত (মোহণ্ড ফল্টৰ ওচৰত)। প্ৰথম জ’নৰ সীমান্তত নিৰ্মিত চহৰসমূহ এতিয়া উচ্চ বিপদজনক অঞ্চল হিচাবে গণনা কৰা হ’ব । কোমল মাটি বা সক্ৰিয় ফল্টত নতুন বসতি নিৰ্মাণত নিষেধাজ্ঞা । পুৰণি অট্টালিকাবোৰ শক্তিশালী (ৰেট্ৰ’ফিট) কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ।

এতিয়া উত্তৰাখণ্ড, হিমাচল, জম্মু-কাশ্মীৰ, ছিকিম, অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো পাহাৰীয়া অঞ্চল আটাইতকৈ বিপদত পৰিছে । দিল্লী-এন চি আৰ, গুজৰাট (কচ্চ), বিহাৰ-নেপাল সীমান্তও অতি বিপদজনক অঞ্চলত পৰিছে । দক্ষিণ ভাৰতৰ কিছু অংশহে কম বিপদজনক অঞ্চলত পৰিছে ।

বিজ্ঞানীসকলৰ মতে- এই ভূমিকম্পৰ মানচিত্ৰই আমাক সকীয়াই দিছে যে যিকোনো সময়তে ডাঙৰ ডাঙৰ ভূমিকম্প হ’ব পাৰে । এতিয়াই প্ৰস্তুতি চলালে লাখ কোটি টকা ৰক্ষা কৰিব পৰা যাব । এতিয়া সময় হৈছে প্ৰতিখন চহৰ, প্ৰতিখন গাঁৱক ভূমিকম্পৰ পৰা সুৰক্ষিত কৰাৰ ।

লগতে পঢ়ক : অন্ধকাৰে গ্ৰাস কৰিলে এই অঞ্চল… ২২ জানুৱাৰীলৈ উদয় নহয় সূৰ্য

শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ; ৬ জনৰ মৃত্যু

শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ

২১ নৱেম্বৰ শুকুৰবাৰে পুৱা ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ বাংলাদেশ।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ ।ইয়াৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হয়।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢাকাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ নৰসিংদী জিলাৰ ঘোৰাশাল অঞ্চল বুলি জানিব পৰা গৈছে।বাংলাদেশতে নহয়, ভাৰতৰ বহু ঠাইতো এই কম্পন অনুভূত হৈছিল।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি পুৱা ১০:৩৮ বজাত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।ভূগৰ্ভৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত আছিল অভিকেন্দ্ৰ। মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত হোৱাৰ বাবেই ঢাকাত যথেষ্ট ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে।

জানিব পৰা মতে এটা অট্টালিকাৰ দেৱাল আৰু চালৰ এটা অংশ খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে দলঙৰ ৰেলিং ভাঙিও তিনিজন পথচাৰী মৃত্যুমুখত পৰে।ইফালে বিভিন্ন স্থানত বহু লোক আহত হয়।

কেইবা চেকেণ্ডৰ বাবে অনুভৱ কৰা কম্পনে সমগ্ৰ চহৰখনতে আতংকৰ সৃষ্টি কৰিছিল।দেশখনৰ লোকসকল ঘৰ, অফিচ, দোকানৰ পৰা ওলাই আহি ৰাজপথত গোট খাইছিল।

লগতে পঢ়ক: ‘ইউনুছে বাংলাদেশত মোৰ মাক স্পৰ্শও কৰিব নোৱাৰে’; শ্বেখ হাছিনাৰ পুত্ৰই প্ৰধানমন্ত্ৰী মোদীক দিলে ধন্যবাদ

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য; ৫.৯ প্ৰাবল্যৰ ভূমিকম্পত হাহাকাৰ পৰিস্থিতি

ভূমিকম্পৰ জোকাৰণিত কঁপি উঠিল ৰাজ্য

দেওবাৰে বিয়লি ৪ বাজি ৪১ মিনিটত ভূঁইকপৰ প্রৱল জোকাৰণিয়ে কঁপাই তুলিলে সমগ্ৰ ৰাজ্য। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্যৰ মতে ভূমিকম্পৰ প্ৰাবল্য ৫.৯ ৰিখটাৰ স্কেল। ভূমিকম্পৰ অভিকেন্দ্ৰ ওদালগুৰি বুলি প্ৰকাশ কৰিছে।

এই ভূমিকম্পৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিস্তৰ ক্ষতি সাধন হয়। অসমৰ লগতে মেঘালয়, নাগালেণ্ড, মণিপুৰৰ দৰে উত্তৰ-পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ কিছু অংশতো এই কঁপনি অনুভূত হয়।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প

প্ৰকৃতিৰ ৰোষত আফগানিস্তান… পুনৰ জোঁকাৰিলে ভূমিকম্পই

প্ৰকৃতিৰ ৰোষত আফগানিস্তান

আফগানিস্তানত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোঁকাৰণি । ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৩ বুলি ৰেকৰ্ড কৰা হৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৯ বজাত এই কম্পন অনুভূত হয় । আফগানিস্তানত ৩৪.৫৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭০.৬৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত, পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।

প্ৰাথমিক তথ্য অনুসৰি আজিৰ ভূমিকম্পৰ বাবে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । বিশেষজ্ঞসকলে কয় যে ভূ-কেন্দ্ৰটো অধিক গভীৰতাত থকাৰ বাবে এই কম্পন তুলনামূলকভাৱে কম আছিল ।

দুদিন পূৰ্বে সংঘটিত হোৱা ভূমিকম্পত এতিয়ালৈকে ১৪০০ লোকৰ মৃত্যু-

ইয়াৰ পূৰ্বে দেওবাৰে নিশা দেশখনত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৪০০ অতিক্ৰম কৰাৰ লগতে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে । ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এতিয়াও সাহায্য দলে চেষ্টা অব্যাহত ৰাখিছে । এই ভূমিকম্পটো পাহাৰীয়া অঞ্চলত সংঘটিত হৈছিল, যাৰ বাবে বহু গাঁৱৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি মানুহবোৰ ধ্বংসাৱশেষৰ তলত পোত খাই আছিল ।

লগতে পঢ়ক : ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত

দেওবাৰে গভীৰ নিশা পূব আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে । শেহতীয়া তথ্য অনুসৰি এই পৰ্যন্ত এহেজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ বিপৰীতে তিনি হাজাৰৰো অধিক লোক আহত হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহত যুদ্ধকালীন গতিত সাহায্য আৰু উদ্ধাৰৰ কাম চলি আছে যদিও পৰিস্থিতি অতি ভয়াৱহ হৈয়ে আছে । আফগানিস্তানত এই শোকাৱহ পৰিস্থিতিৰ মাজতে ভাৰতে তাৎক্ষণিক সহায়ৰ কথা ঘোষণা কৰিছে । সোমবাৰে আফগান বৈদেশিক মন্ত্ৰী মৌলৱী আমিৰ খান মুত্তাকীৰ সৈতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাৰ্তালাপ কৰি আশ্বাস দিয়ে যে এই কঠিন সময়ত ভাৰত আফগান জনসাধাৰণৰ সৈতে থিয় দিছে ।

জয়শংকৰে ছ’চিয়েল মিডিয়াত লিখিছে, আফগানিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে কথা পাতিলো । ভূমিকম্পত প্ৰাণ হেৰুওৱা সকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰো । ভাৰতে আজি কাবুললৈ ১০০০টা পৰিয়ালৰ বাবে তম্বু ডেলিভাৰী কৰিছে । ভাৰতীয় মিছনে কাবুলৰ পৰা কুনাৰলৈ ১৫ টন খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছে । কাইলৈৰ পৰা ভাৰতৰ পৰা অধিক সাহায্য সামগ্ৰী যাত্ৰা কৰিব । আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ ।  প্ৰতিটো পৰিস্থিতিত ভাৰত আফগানিস্তানৰ লগত আছে ।

প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমিকম্পত নিহতসকলৰ প্ৰতি শোক প্ৰকাশ কৰে । তেওঁ এক্সত লিখিছে, আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত জীৱন আৰু সম্পত্তিৰ ক্ষতিক লৈ গভীৰ দুখ প্ৰকাশ কৰিছোঁ । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । ভাৰতবৰ্ষই সকলো ধৰণৰ মানৱীয় সাহায্য প্ৰদান কৰিবলৈ সাজু ।

উল্লেখ্য যে, ভূমিকম্পৰ ফলত আফগানিস্তানৰ পূব প্ৰদেশত সৰ্বাধিক ক্ষতিসাধন হৈছে । বহু গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছে । বৃহৎ সংখ্যক ঘৰ ধ্বংসাৱশেষলৈ পৰিণত হোৱাৰ লগতে সাহায্য দলসমূহে অহৰহ ধ্বংসাৱশেষ আঁতৰোৱাৰ কামত নিয়োজিত হৈ আছে । চিকিৎসালয়সমূহত আহত লোকৰ ভিৰ হোৱাৰ লগতে তাত ঔষধ আৰু চিকিৎসা সঁজুলিৰ বিপুল নাটনি হৈছে ।

লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও

আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৪০০ৰ ঘৰ… উদ্ধাৰ অভিযান জাৰি

আফগানিস্তানত ভূমিকম্পত নিহতৰ সংখ্যাই অতিক্ৰম কৰিলে ১৪০০ৰ ঘৰ

পূব আফগানিস্তানত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা ১৪০০ অতিক্ৰম কৰিছে । তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে মঙলবাৰে এই তথ্য প্ৰকাশ কৰে । তেওঁ কয় যে এই দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে আৰু সাহায্য দলসমূহে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উলিয়াই অনাৰ কামত নিয়োজিত হৈ আছে ।

দেওবাৰে গভীৰ নিশা সংঘটিত হোৱা এই ভয়াৱহ ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.০ । পাহাৰীয়া অঞ্চলত সংঘটিত হোৱা ভূমিকম্পৰ ফলত কেইবাখনো গাঁৱৰ বাসগৃহ ভাঙি পৰে । ঘণ্টাৰ পিছত ঘণ্টা ধৰি ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকে মৃতদেহকে ধৰি আহতসকল । আফগানিস্তানৰ নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ মুখপাত্ৰ ইউছুফ হাম্মাদে জনোৱা মতে উদ্ধাৰৰ কৰাৰ কাম অব্যাহত ৰখা হৈছে, গতিকে এই পৰিসংখ্যা আৰু সলনি হ’ব পাৰে ।

তেওঁ কয় যে কিছুমান অঞ্চলত ভূমিকম্পৰ বাবে ভূমিস্খলন সংঘটিত হৈছে, যাৰ বাবে পথসমূহ বন্ধ হৈ আছে । কিন্তু এতিয়া বহু পথ খুলি দিয়া হৈছে আৰু বাকী থকা পথসমূহ শীঘ্ৰে মুকলি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে, যাতে সেই অঞ্চলসমূহ য’ত এতিয়াও যাবলৈ অসুবিধা হৈ আছে তাত উপনীত হ’ব পৰা যায় ।

আফগানিস্তানত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত নংগাৰহৰ প্ৰদেশৰ সমীপৰ কুনাৰ প্ৰদেশ আৰু চুবুৰীয়া নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ চহৰবোৰত বিস্তৰ ক্ষতিসাধন হয় । ইয়াৰ পিছতো বহু কঁপনিয়ে অঞ্চলটোত আঘাত হানে । ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ষ্ট্ৰেচাৰত কঢ়িয়াই ভাঙি পৰা অট্টালিকাৰ পৰা হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহু লোকে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছিল । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।

লগতে পঢ়ক : চুডানত ভয়ংকৰ ভূমিস্খলন… মাটিৰ তলত সম্পূৰ্ণৰূপে পোত গ’ল এখন গাঁও

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান… ৮০০ লোকৰ মৃত্যু, ২৫০০ আহত

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান

ভয়ংকৰ ভূমিকম্পই জোঁকাৰিলে আফগানিস্তান । পূব আফগানিস্তানত সংঘটিত হোৱা এক প্ৰবল ভূমিকম্পত প্ৰায় ৮০০ লোকৰ মৃত্যু হৈছে । এতিয়ালৈকে ২৫০০ৰো অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে । দেওবাৰে গভীৰ নিশা নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ সমীপৱৰ্তী কুনাৰ প্ৰদেশৰ কেইবাখনো চহৰত ৬.০ ৰিখটাৰ স্কেলৰ ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে । আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ তথ্য অনুসৰি নিশা ১১:৪৭ বজাত সংঘটিত হোৱা এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু হৈছে নংগাৰহৰ প্ৰদেশৰ জালালাবাদ চহৰৰ পৰা ২৭ কিলোমিটাৰ পূব-উত্তৰ-পূবে । ইয়াৰ গভীৰতা আছিল মাত্ৰ ৮ কিলোমিটাৰ । এই ভূমিকম্পই যথেষ্ঠ ক্ষতিসাধন কৰে । ইয়াৰ পিছত অঞ্চলটোত বহুকেইটা কম্পন অনুভূত হয় ।

ছ’চিয়েল মিডিয়া আৰু নিউজ চেনেলত সম্প্ৰচাৰিত ভিডিঅ’ ফুটেজত দেখা গৈছে যে উদ্ধাৰ কৰ্মীয়ে আহত লোকক ভাঙি যোৱা অট্টালিকাৰ পৰা ষ্ট্ৰেচাৰত কঢ়িয়াই হেলিকপ্টাৰলৈ লৈ গৈছে, আনহাতে বহুতে হাতেৰে ধ্বংসাৱশেষ আঁতৰাবলৈ চেষ্টা কৰিছে । সোমবাৰে সংবাদমেলত তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে মৃত্যুৰ সংখ্যা ৮০০ লৈ বৃদ্ধি পাইছে । ২৫০০ লোক আহত হৈছে । ইয়াৰে অধিকাংশ লোকৰ মৃত্যু হৈছে কুনাৰ প্ৰদেশত ।

কুনাৰৰ অন্যতম ভয়াৱহ ক্ষতিগ্ৰস্ত অঞ্চল নুৰগাল জিলাৰ প্ৰায় গোটেই গাঁওখন ধ্বংস হৈছে । ধ্বংসাৱশেষৰ তলত শিশুসকে ধৰি বহু লোক আৱদ্ধ হৈ পৰে ।

হতাহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা-

স্বাস্থ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ শৰাফত জামানে উদ্ধাৰ অভিযান চলি থকা বুলি জানিবলৈ দিয়ে । কুনাৰ, নংগাৰহৰ আৰু ৰাজধানী কাবুলৰ পৰা চিকিৎসা দল উপস্থিত হৈছে অঞ্চলটোত । জামানে কয় যে বহু অঞ্চলৰ পৰা হতাহতৰ খবৰ পোৱা নাই । মৃত্যু আৰু আঘাতৰ অধিক তথ্য লাভ কৰিলে এই সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । তালিবান চৰকাৰৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে, “প্ৰাণ ৰক্ষাৰ বাবে উপলব্ধ সকলো সম্পদ ব্যৱহাৰ কৰা হ’ব ।”

লগতে পঢ়ক : য়েমেনত ইজৰাইলৰ বিমান আক্ৰমণ… হুথী বিদ্ৰোহী চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ মৃত্যু