প্ৰকৃতিৰ ৰোষত আফগানিস্তান

প্ৰকৃতিৰ ৰোষত আফগানিস্তান… পুনৰ জোঁকাৰিলে ভূমিকম্পই

প্ৰকৃতিৰ ৰোষত আফগানিস্তান আফগানিস্তানত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোঁকাৰণি । ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৩ বুলি ৰেকৰ্ড কৰা হৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৯ বজাত এই কম্পন অনুভূত হয় । আফগানিস্তানত ৩৪.৫৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭০.৬৮ ডিগ্ৰী

প্ৰকৃতিৰ ৰোষত আফগানিস্তান

আফগানিস্তানত পুনৰ অনুভূত হৈছে ভূমিকম্পৰ জোঁকাৰণি । ইয়াৰ তীব্ৰতা ৰিখটাৰ স্কেলত ৫.৩ বুলি ৰেকৰ্ড কৰা হৈছে । ভাৰতৰ ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি স্থানীয় সময় অনুসৰি সন্ধিয়া ৫:৫৯ বজাত এই কম্পন অনুভূত হয় । আফগানিস্তানত ৩৪.৫৫ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৭০.৬৮ ডিগ্ৰী পূব দ্ৰাঘিমাংশত, পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ১৩০ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু ।

প্ৰাথমিক তথ্য অনুসৰি আজিৰ ভূমিকম্পৰ বাবে কোনো ধৰণৰ প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ খবৰ পোৱা নাই । বিশেষজ্ঞসকলে কয় যে ভূ-কেন্দ্ৰটো অধিক গভীৰতাত থকাৰ বাবে এই কম্পন তুলনামূলকভাৱে কম আছিল ।

দুদিন পূৰ্বে সংঘটিত হোৱা ভূমিকম্পত এতিয়ালৈকে ১৪০০ লোকৰ মৃত্যু-

ইয়াৰ পূৰ্বে দেওবাৰে নিশা দেশখনত সংঘটিত হোৱা ৬.০ প্ৰাবল্যৰ ভূমিকম্পত মৃত্যুৰ সংখ্যা ১৪০০ অতিক্ৰম কৰাৰ লগতে প্ৰায় ৩ হাজাৰ লোক আহত হৈছে । ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰৰ বাবে এতিয়াও সাহায্য দলে চেষ্টা অব্যাহত ৰাখিছে । এই ভূমিকম্পটো পাহাৰীয়া অঞ্চলত সংঘটিত হৈছিল, যাৰ বাবে বহু গাঁৱৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি গৈছিল আৰু ঘণ্টাৰ পিছত ঘণ্টা ধৰি মানুহবোৰ ধ্বংসাৱশেষৰ তলত পোত খাই আছিল ।

লগতে পঢ়ক : ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে আগবঢ়ালে সহায়ৰ হাত…

শেহতীয়া প্ৰৱন্ধসমূহ