শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ; ৬ জনৰ মৃত্যু

শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ; ৬ জনৰ মৃত্যু

শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ ২১ নৱেম্বৰ শুকুৰবাৰে পুৱা ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ বাংলাদেশ।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ ।ইয়াৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হয়। ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢাকাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ নৰসিংদী জিলাৰ ঘোৰাশাল অঞ্চল বুলি জানিব

শক্তিশালী ভূমিকম্পত কঁপি উঠিল বাংলাদেশ

২১ নৱেম্বৰ শুকুৰবাৰে পুৱা ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ বাংলাদেশ।ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৭ ।ইয়াৰ ফলত কমেও ৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহুলোক আহত হয়।

ভূমিকম্পটোৰ অভিকেন্দ্ৰ ঢাকাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ নিলগৰ নৰসিংদী জিলাৰ ঘোৰাশাল অঞ্চল বুলি জানিব পৰা গৈছে।বাংলাদেশতে নহয়, ভাৰতৰ বহু ঠাইতো এই কম্পন অনুভূত হৈছিল।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি পুৱা ১০:৩৮ বজাত ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।ভূগৰ্ভৰ পৰা মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত আছিল অভিকেন্দ্ৰ। মাত্ৰ ১০ কিলোমিটাৰ গভীৰতাত হোৱাৰ বাবেই ঢাকাত যথেষ্ট ক্ষতি সাধন হোৱা দেখিবলৈ পোৱা গৈছে।

জানিব পৰা মতে এটা অট্টালিকাৰ দেৱাল আৰু চালৰ এটা অংশ খহি পৰাৰ ফলত ৩জন লোকৰ মৃত্যু হোৱাৰ লগতে দলঙৰ ৰেলিং ভাঙিও তিনিজন পথচাৰী মৃত্যুমুখত পৰে।ইফালে বিভিন্ন স্থানত বহু লোক আহত হয়।

কেইবা চেকেণ্ডৰ বাবে অনুভৱ কৰা কম্পনে সমগ্ৰ চহৰখনতে আতংকৰ সৃষ্টি কৰিছিল।দেশখনৰ লোকসকল ঘৰ, অফিচ, দোকানৰ পৰা ওলাই আহি ৰাজপথত গোট খাইছিল।

লগতে পঢ়ক: ‘ইউনুছে বাংলাদেশত মোৰ মাক স্পৰ্শও কৰিব নোৱাৰে’; শ্বেখ হাছিনাৰ পুত্ৰই প্ৰধানমন্ত্ৰী মোদীক দিলে ধন্যবাদ