৭.৬ তীব্ৰতাৰ প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে দেশ, ছুনামিৰ এলাৰ্ট জাৰি

৭.৬ তীব্ৰতাৰ প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে দেশ, ছুনামিৰ এলাৰ্ট জাৰি

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰি যায় দেশ । ৭.৬ প্ৰাবল্যৰ এই ভূইকঁপৰ পিছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা । এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে জাপানক । ৭.৬ প্ৰাবল্যৰ ভূইকঁপে সোমবাৰে জাপানক জোকাৰি যায় । এই ভয়ংকৰ ভূইকঁপৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । সতৰ্কবাণী অনুসৰণি

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰি যায় দেশ । ৭.৬ প্ৰাবল্যৰ এই ভূইকঁপৰ পিছতে এতিয়া জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কতা ।

এক প্ৰলয়ংকৰী ভূমিকম্পই জোকাৰিলে জাপানক । ৭.৬ প্ৰাবল্যৰ ভূইকঁপে সোমবাৰে জাপানক জোকাৰি যায় । এই ভয়ংকৰ ভূইকঁপৰ পিছতে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হৈছে । সতৰ্কবাণী অনুসৰণি ছুনামীৰ ঢৌ ১০ ফুট পৰ্যন্ত ওপৰলৈ উঠিব পাৰে । জাপানৰ বতৰ বিজ্ঞান সংস্থাই সোমবাৰে প্ৰকাশ কৰা অনুসৰি জাপানৰ উত্তৰ উপকূলৰ সাগৰৰ পাৰত ৭.৬ প্ৰাবল্যৰ প্ৰবল ভূমিকম্পৰ সৃষ্টি হয় । ভূইকঁপৰ লগে লগে উত্তৰ-পূব উপকূলৰ কেইবাটাও অঞ্চলৰ বাবে ছুনামীৰ সতৰ্কবাণী জাৰি কৰা হয় ।

জে এম এৰ তথ্য অনুসৰি ছুনামীৰ ঢৌ ৩ মিটাৰ (প্ৰায় ১০ ফুট) পৰ্যন্ত উঠিব পাৰে । ইছিকাৱা প্ৰিফেকচাৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ আটাইতকৈ দুৰ্বল । ৰাইজক তৎকালীনভাৱে ওখ ঠাইলৈ গৈ উপকূলৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে সংস্থাটোৱে । প্ৰয়োজন হ’লে সহায় আগবঢ়াবলৈ জৰুৰীকালীন সেৱা সক্ৰিয় কৰা হৈছে । টিভি চেনেলত জৰুৰীকালীন তথ্য অবিৰতভাৱে সম্প্ৰচাৰ কৰা হৈছে ।

স্থানীয় বাসিন্দা আৰু পৰ্যটকসকলক অনতিপলমে নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে কৰ্তৃপক্ষই । এতিয়ালৈকে কোনো ধৰণৰ আনুষ্ঠানিকভাৱে হতাহত বা সা-সম্পত্তিৰ ক্ষতিৰ খবৰ পোৱা নাই যদিও উদ্ধাৰ আৰু সাহায্য অভিযান আৰম্ভ হৈছে ।

লগতে পঢ়ক : ৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ