জাপানৰ প্ৰধানমন্ত্ৰীক ভাৰতলৈ আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ

তিনিদিনীয়া ভ্ৰমণ সূচীৰে নতুন দিল্লীত উপস্থিত হয় জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক আদৰণি জনায়। দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, প্ৰযুক্তি, ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিক ভাৰতলৈ আদৰণি জনাই কয় যে, দেশলৈ তেওঁৰ এই প্ৰথম ভ্ৰমণত তেওঁক আতিথ্য প্ৰদান কৰিবলৈ পাই “নথৈ আনন্দিত” হৈছো। ইয়াৰ লগতে তেওঁ ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে আলোচনাৰ বাবে অপেক্ষা কৰি থকা বুলিও প্ৰকাশ কৰে।

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হোৱা ছানায়ে টাকাইচিৰ আগমনৰ পিছতেই এক্সত কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দুই নেতাৰ মাজত দ্বিপাক্ষিক আৰু আঞ্চলিক বিষয়সমূহ সামৰি এক ব্যাপক আলোচনা অনুষ্ঠিত হ’ব।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ পোষ্টত কয়, “প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি, ভাৰতলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো। আপোনাৰ প্ৰথম ভাৰত ভ্ৰমণত আপোনাক আতিথ্য দিবলৈ পাই আমি আনন্দিত হৈছোঁ আৰু কাইলৈ আমাৰ মাজত হ’বলগীয়া এক ব্যাপক আলোচনাৰ বাবে মই অপেক্ষা কৰি আছোঁ, যিয়ে ভাৰত-জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্বক অধিক গভীৰ কৰি তুলিব।” তেওঁ লগতে কয়, “আমাৰ যৌথ প্ৰচেষ্টাৰ জৰিয়তে আমি ইণ্ডো-পেচিফিক (ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল) আৰু তাৰ বাহিৰতো শান্তি, স্থিৰতা আৰু সমৃদ্ধি আগুৱাই লৈ যোৱা কাৰ্য অব্যাহত ৰাখিম।”

প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণ ক্ৰমে ১ জুলাইৰ পৰা ৩ জুলাইলৈকে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি দিনৰ ভাগত নতুন দিল্লীত উপস্থিত হয়।

অৱতৰণ কৰাৰ কিছু সময় পিছতেই ছানায়ে টাকাইচিয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হ’বলগীয়া আলোচনাত অৰ্থনৈতিক নিৰাপত্তা আৰু শক্তি নিৰাপত্তা অন্যতম মূল বিষয় হ’ব। এক্সত কৰা এটা পোষ্টত তেওঁ কয়, “মই ভাৰতৰ ৰাজধানী দিল্লীত উপস্থিত হৈছোঁ। জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰায় তিনি বছৰৰ ভিতৰত এয়া মোৰ প্ৰথম ভাৰত ভ্ৰমণ হ’ব আৰু ব্যক্তিগতভাৱে এইখন দেশলৈ মোৰ এইয়া একেবাৰে প্ৰথম ভ্ৰমণ। অৰ্থনৈতিক নিৰাপত্তা আৰু শক্তি নিৰাপত্তাকে ধৰি জৰুৰী বিষয়সমূহক কেন্দ্ৰ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হ’বলগীয়া আলোচনাত, বৰ্তমানৰ আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জাপান আৰু ভাৰতৰ মাজৰ কৌশলগত সহযোগিতামূলক সম্পৰ্কক গভীৰ কৰা, পাৰস্পৰিক পৰিপূৰক সহযোগিতা বৃদ্ধি কৰা আৰু জাপান-ভাৰত ‘বিশেষ কৌশলগত গোলকীয় অংশীদাৰিত্ব’ক অধিক শক্তিশালী কৰাৰ লক্ষ্য লৈছোঁ।”

এই ভ্ৰমণকালত ছানায়ে টাকাইচিয়ে ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত দুই নেতাই দ্বিপাক্ষিক সহযোগিতাৰ সকলো দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰত মত বিনিময় কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: তিনিদিনিয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

তিনিদিনিয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি

তিনিদিনীয়া ভ্ৰমণৰ বাবে ভাৰতত উপস্থিত হৈছে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীক বিমানবন্দৰত আদৰণি জনায়।

বুধবাৰে সন্ধিয়া জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণকালত তেওঁ ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিব, য’ত দুয়োখন দেশে অৰ্থনৈতিক নিৰাপত্তা, নমনীয় যোগান শৃংখল, উদীয়মান প্ৰযুক্তি, প্ৰতিৰক্ষা, সামুদ্ৰিক নিৰাপত্তা আৰু বিনিয়োগৰ ক্ষেত্ৰত সহযোগিতা অধিক গভীৰ কৰাৰ সম্ভাৱনা আছে।দিল্লীত উপস্থিত হোৱাৰ পিছত তেওঁক কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে আদৰণি জনায়।

এক্সৰ এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক তেওঁৰ চৰকাৰী ভাৰত ভ্ৰমণৰ আৰম্ভণিতে আদৰণি জনায় আৰু উল্লেখ কৰে যে এই ভ্ৰমণ ভাৰত আৰু জাপানৰ মাজৰ ‘বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব’ আগুৱাই নিয়াৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ১ জুলাইৰ পৰা ৩ জুলাইলৈ অনুষ্ঠিত হোৱা এই ভ্ৰমণে টাকাইচিয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ভাৰত ভ্ৰমণৰ প্ৰথমটো আনুষ্ঠানিক ভ্ৰমণ।

ভ্ৰমণকালত তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সন্মিলন পৰ্যায়ৰ বাৰ্তালাপত মিলিত হ’ব, ভাৰত-জাপান ব্যৱসায়িক মঞ্চত অংশগ্ৰহণ কৰিব আৰু দুয়োপক্ষই তেওঁলোকৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ লক্ষ্যৰে ব্যৱসায়িক নেতাসকলৰ সৈতে মতবিনিময় কৰিব।

প্ৰধানমন্ত্ৰী টাকাইচিয়ে অংশগ্ৰহণ কৰিবলগীয়া ভাৰত-জাপান ব্যৱসায়িক মঞ্চই দুয়োখন দেশৰ উদ্যোগ জগতৰ নেতাসকলক নতুন বিনিয়োগৰ সুযোগ অন্বেষণ কৰাৰ বাবে এক অতিৰিক্ত প্লেটফৰ্ম প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

কূটনৈতিক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, আলোচনাত থকা প্ৰস্তাৱসমূহৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তা (Artificial Intelligence), ওড়িশাত এটা বৃহৎ পৰিসৰৰ সেউজ এমোনিয়া প্ৰকল্প, বায়’গেছৰ ক্ষেত্ৰত সম্প্ৰসাৰিত সহযোগিতা আৰু ‘পাৱাৰ এছিয়া’ (POWERR Asia)ৰ জৰিয়তে আঞ্চলিক নমনীয়তা শক্তিশালী কৰাৰ পদক্ষেপ অন্তৰ্ভুক্ত আছে।

লগতে পঢ়ক: ‘ৰাজনীতিবিদসকলে ৰাজনৈতিক ধেমালি সহ্য কৰিব জানিব লাগিব’; ৰাঘৱ চাড্ডাৰ আবেদনক লৈ আদালতৰ প্ৰতিক্ৰিয়া

অসমত হ’ব বৃহৎ বিনিয়োগ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয় জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’নো । কি কথা পাতিলে দুয়োজনে ?

ৰাজ্যৰ উদ্যোগ আৰু অৰ্থনৈতিক ক্ষেত্ৰৰ বাবে এক ডাঙৰ খবৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ জাপানৰ ৰাষ্ট্ৰদূতৰ ফোন । জাপানৰ ৰাষ্ট্ৰদূত কেইচি অ’নোৰ সৈতে এক টেলিফোনিক বাৰ্তালাপ মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৃহস্পতিবাৰে জনোৱা অনুসৰি, এই বাৰ্তালাপত ৰাষ্ট্ৰদূতগৰাকীয়ে ভাৰতৰ ‘এক্ট ইষ্ট পলিচি’ৰ অধীনত অসমৰ সৈতে অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতি জাপানে পুনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ।

সামাজিক মাধ্যমৰ এটা পোষ্টযোগে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে তেওঁ বৃহস্পতিবাৰৰ সন্ধিয়া ৰাষ্ট্ৰদূতগৰাকীৰ পৰা এটা ফোন কল লাভ কৰে আৰু সেই সময়ত দুয়োপক্ষই কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডত সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দুয়োপক্ষই ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, নিৰ্মাণ আৰু উদ্যোগীতাৰ ক্ষেত্ৰত সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হৈছে । লগতে ৰাজ্যখনত বিনিয়োগ বৃদ্ধি আৰু অধিক অৰ্থনৈতিক সুযোগ সৃষ্টিৰ বাবে অসম আগন্তুক দিনবোৰত জাপানী প্ৰতিষ্ঠান আৰু সংস্থাৰ সৈতে জড়িত হ’বলৈ আগ্ৰহী বুলিও উল্লেখ কৰে তেওঁ ।

ফেচবুকত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে, “জাপানৰ মাননীয় ৰাষ্ট্ৰদূত কেইচি অ’নো ডাঙৰীয়াৰ সৈতে কালি ফোনযোগে এক আন্তৰিক আৰু ফলপ্ৰসূ বাৰ্তালাপ কৰোঁ । এই আলোচনা কালত তেখেতে ভাৰতৰ এক্ট ইষ্ট পলিচীৰ অধীনত অসমৰ সৈতে জাপান চৰকাৰৰ চলি থকা অংশীদাৰিত্ব আৰু সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে ।

ইলেক্ট্ৰনিক্স, ছেমিকণ্ডাক্টৰ, আন্তঃগাঁথনি, উৎপাদন উদ্যোগ আৰু উদ্যমিতা আদি গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতা অধিক বিস্তৃত, গতিশীল আৰু ফলপ্ৰসূ কৰাৰ ক্ষেত্ৰত আমি উমৈহতীয়াভাৱে সহমত প্ৰকাশ কৰোঁ । অনাগত দিনসমূহত অসমৰ জনসাধাৰণৰ বাবে অধিক বিনিয়োগ, উদ্যোগ আৰু অৰ্থনৈতিক সুযোগ সৃষ্টি কৰাৰ লক্ষ্যৰে জাপানৰ উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহৰ সৈতে অধিক নিবিড় সংযোগ আৰু সহযোগিতা বৃদ্ধি কৰিবলৈ অসম সদায়েই আশাবাদী ।”

উল্লেখ্য যে, জাপানৰ প্ৰধানমন্ত্ৰীৰ অসমলৈ হ’বলগীয়া প্ৰস্তাৱিত ভ্ৰমণ বাতিল হোৱাৰ কেইদিনমান পিছতেই এই দেশখনৰ ৰাষ্ট্ৰদূতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ফোনযোগে বাৰ্তালাপত মিলিত হয় ।

লগতে পঢ়ক : আতিথ্য খণ্ডৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ২০০ লাখপতি বাইদেউৱে : প্ৰশংসা মুখ্যমন্ত্ৰীৰ

ফিফা বিশ্বকাপৰ মঞ্চত বিশ্ববাসীৰ হৃদয় জিনিলে জাপানৰ অনুৰাগীয়ে

এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে

২০২৬ চনৰ ফিফা বিশ্বকাপৰ মজিয়াত কেৱল খেলুৱৈয়েই নহয়, বৰঞ্চ নিজৰ মহানুভৱতাৰে বিশ্ববাসীৰ হৃদয় জয় কৰিছে জাপানৰ সমৰ্থকসকলে । নেদাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা এক তীব্ৰ উত্তেজনাপূৰ্ণ খেলৰ পিছত ডালাছ ষ্টেডিয়ামৰ গেলাৰী পৰিষ্কাৰ কৰি জাপানৰ অনুৰাগীসকলে পুনৰবাৰ বিশ্বজুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । আৱৰ্জনা সংগ্ৰহ কৰি থকা ‘চামুৰাই ব্লু’ৰ সমৰ্থকসকলৰ এই ছবি আৰু ভিডিঅ’সমূহ বৰ্তমান ছচিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে ।

খেলপথাৰত ৰোমাঞ্চকৰ ড্ৰ’

গ্ৰুপ-এফৰ এই উদ্বোধনী মেচখনত জাপানে নেদাৰলেণ্ডৰ বিৰুদ্ধে ২-২ গ’লত এক ৰোমাঞ্চকৰ ড্ৰ’ খেলে । খেলৰ আৰম্ভণিতে ভাৰ্জিল ভান ডাইক আৰু ক্ৰাইচেনচিঅ’ চামৰভিলৰ গ’লেৰে ডাচ দলটোৱে দুবাৰকৈ অগ্ৰগতি লাভ কৰিছিল । কিন্তু জাপানী দলটোৱেও হাৰ নমনা মনোভাব প্ৰদৰ্শন কৰি দুয়োবাৰেই প্ৰত্যুত্তৰ দিয়ে । খেলৰ শেষৰ মুহূৰ্তত, অৰ্থাৎ ৮৮ মিনিটত দাইচি কামাদাই এটা সুন্দৰ হেডাৰেৰে গ’ল পৰিশোধ কৰি খেলখন ড্ৰ’ কৰিবলৈ সক্ষম হয় ।

খেলৰ শেষত অনুৰাগীৰ চমক

মেচখনে ফুটবল প্ৰেমীক পৰিপূৰ্ণ মনোৰঞ্জন দিয়াৰ বিপৰীতে, খেলৰ শেষৰ হুইছেল বজোৱাৰ পিছত ষ্টেডিয়ামত যি দৃশ্য দেখা গ’ল, তাক লৈহে সমগ্ৰ বিশ্বৰ অনুৰাগীসকল অধিক আপ্লুত হৈ পৰিছে । জাপানৰ জাৰ্চি পিন্ধা সমৰ্থকসকলে খেল শেষ হোৱাৰ পিছতো ষ্টেডিয়াম এৰি নগৈ গেলাৰীত পৰি থকা বটল, প্লাষ্টিক, খাদ্যৰ পেকেট আৰু অন্যান্য আৱৰ্জনাসমূহ নিজ হাতেৰে বুটলি বেগৰ ভিতৰত ভৰাবলৈ আৰম্ভ কৰে ।

সাংস্কৃতিক পৰম্পৰা আৰু সামূহিক দায়িত্ব-

বহু দেশৰ বাবে এয়া আচৰিত যেন লাগিলেও, জাপানী সমৰ্থকসকলৰ বাবে এয়া আছিল ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাবোৰত তেওঁলোকে বছৰ বছৰ ধৰি মানি অহা এক স্বাভাৱিক নিয়ম । জাপানৰ এই অভ্যাসে তেওঁলোকৰ উন্নত সংস্কৃতি, পৰিষ্কাৰ-পৰিচ্ছন্নতা, অংশীদাৰী স্থানৰ প্ৰতি সন্মান আৰু সামূহিক দায়িত্ববোধকে প্ৰতিফলিত কৰে ।

পূৰ্বৰ বিশ্বকাপতো দেখুৱাইছিল এই আদৰ্শ

উল্লেখ্য যে, ২০২২ চনৰ কাটাৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই কাৰ্যই বিশ্বজুৰি তোলপাৰ লগাইছিল । সেইবাৰ জাপানে শক্তিশালী জাৰ্মানীক ২-১ গ’লত পৰাস্ত কৰি এক ঐতিহাসিক বিজয় সাব্যস্ত কৰাৰ পিছতো উল্লাস কৰাৰ পৰিৱৰ্তে ষ্টেডিয়ামৰ নিজৰ অংশটো পৰিষ্কাৰ কৰিহে খেলপথাৰ এৰিছিল । আনকি নিজৰ দলৰ খেল নথকা মেচ যেনে— কাটাৰ আৰু ইকুৱেডৰৰ মাজৰ উদ্বোধনী খেলখনৰ পিছতো জাপানী সমৰ্থকক ষ্টেডিয়াম পৰিষ্কাৰ কৰা দেখা গৈছিল ।

২০২৬ চনৰ বিশ্বকাপতো জাপানী অনুৰাগীৰ এই অনন্য কাৰ্যই পুনৰ প্ৰমাণ কৰিলে যে খেল কেৱল জয়-পৰাজয়ৰে নহয়, বৰঞ্চ এক সুন্দৰ মানসিকতাৰো পৰিচায়ক ।

লগতে পঢ়ক : কুৰাকাওক ৭-১ গ’লত পৰাস্ত কৰি ইতিহাস ৰচনা জাৰ্মানীৰ; ব্ৰাজিলৰ অভিলেখ ভংগ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি

দুদিনীয়া ভ্ৰমণসূচীয়ে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি। এই ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব।

অসমবাসীৰ বাবে এটা ভালখবৰ আহিছে। অহা মাহত দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ আহিব জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচি। ভাৰত ভ্ৰমণৰ প্ৰথমটো চৰকাৰী কাৰ্যসূচী হিচাপে জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইছি অসমলৈ অহাৰ সম্ভাৱনা আছে।জুলাই মাহৰ আৰম্ভণিতে এই ভ্ৰমণ হ’ব পাৰে।   

দৰাচলতে গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰত-জাপান সন্মিলন।এই সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত দুয়োখন দেশৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ হ’ব পাৰে। জাপানৰ প্ৰধানমন্ত্ৰী গৰাকীৰ অসম ভ্ৰমণক লৈ শনিবাৰে দিছপুৰত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত অসম মন্ত্ৰীসভাৰ সকলো মন্ত্ৰী উপস্থিত থাকে।

ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী তাকাইচিয়ে ভাৰতীয় নেতাসকলৰ সৈতে অৰ্থনৈতিক সহযোগিতা, বিনিয়োগ, আন্তঃগাঁথনি উন্নয়ন, প্ৰযুক্তি অংশীদাৰিত্ব আৰু অৰ্থনৈতিক নিৰাপত্তাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ সম্ভাৱনা আছে।

যদিহে ভাৰত-জাপান সন্মিলনে চূড়ান্ত ৰূপ পায়, তেন্তে এই ভ্ৰমণে অসমৰ বাবে এক ডাঙৰ কূটনৈতিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ’ব আৰু ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ (Act East Policy) তথা জাপানৰ দৰে গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় অংশীদাৰৰ সৈতে হোৱা সংযোগত উত্তৰ-পূৰ্বাঞ্চলৰ কৌশলগত গুৰুত্বক অধিক শক্তিশালী কৰিব।

৩ জুলাইত জাপানলৈ উভতি যাব ছানাই তাকাইচি। উল্লেখযোগ্য যে ‘কা’ আন্দোলনৰ সময়তে অসমলৈ অহাৰ কথা আছিল জাপানৰ প্রধানমন্ত্ৰীৰ। এতিয়া ছবছৰ পাছত অসমত হ’ব ভাৰত-জাপানৰ দ্বিপাক্ষিক বৈঠক।

লগতে পঢ়ক: অসম ভ্ৰমণলৈ ইউৰোপীয় ইউনিয়নৰ উচ্চস্তৰীয় প্ৰতিনিধি দল “টিম ইউৰোপ”

প্ৰলয়ংকৰী ভূমিকম্পৰ পিছতেই চুনামীৰ এলাৰ্ট জাৰি

৭.৫ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যোৱাৰ পিছতে দেশখনত চুনামীৰ সতৰ্কবাণী জাৰী কৰা হৈছে

সোমবাৰে উত্তৰ-পূব আৰু উত্তৰ জাপানত ৭.৫ প্ৰাবল্যৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় আৰু ইয়াৰ পিছতে দেশখনত চুনামীৰ সতৰ্কবাণী জাৰী কৰা হৈছে । জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা মতে, ইৱাটে প্ৰিফেকচাৰৰ কুজি বন্দৰত ৮০ চেন্টিমিটাৰ উচ্চতাৰ চুনামী পৰিলক্ষিত হৈছে । সংবাদ মাধ্যম কিয়োডোৱে জাপান বতৰ বিজ্ঞান সংস্থাৰ উদ্ধৃতি দি জনাইছে যে বিয়লি ৪:৫৩ বজাত অহা এই ভূমিকম্পটোৰ গভীৰতা আছিল ১০ কিলোমিটাৰ আৰু জাপানৰ ভূমিকম্পৰ তীব্ৰতাৰ স্কেলত ইয়াৰ মাত্ৰা ‘আপাৰ ৫’ (upper 5) ৰেকৰ্ড কৰা হৈছে ।

আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ সংস্থা-এ জনোৱা মতে, “এইটো এক উল্লেখনীয় ভূমিকম্প আছিল আৰু প্ৰাৰম্ভিক তথ্য অনুসৰি জাপানৰ মিয়াকোৰ পৰা ১০০ কিলোমিটাৰ উত্তৰ-পূবত ইয়াৰ প্ৰাবল্য আছিল ৭.৪ ।” ভূমিকম্পৰ প্ৰাবল্য প্ৰথমতে ৭.৪ বুলি অনুমান কৰা হৈছিল যদিও পিছলৈ ইয়াক সংশোধন কৰি বৃদ্ধি কৰা হয় । জাপান বতৰ বিজ্ঞান সংস্থাই আগন্তুক এসপ্তাহৰ বাবে একে ধৰণৰ প্ৰাবল্যৰ ভূমিকম্প হোৱাৰ সম্ভাৱনা থকা বুলি সতৰ্ক কৰি দিছে ।

ৰাজহুৱা সম্প্ৰচাৰক এন এইচ কে-এ জনোৱা মতে, এই ভূমিকম্পটো ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল । জাপানী বতৰ বিজ্ঞান সংস্থাই হোক্কাইডো, আওমোৰী আৰু ইৱাটে প্ৰিফেকচাৰৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় অঞ্চলৰ বাবে চুনামীৰ সতৰ্কবাণী জাৰী কৰিছে আৰু ৩ মিটাৰ পৰ্যন্ত উচ্চতাৰ চুনামী ঢৌ তাৎক্ষণিকভাৱে অহাৰ আগজাননী দিছে ।

কিয়োডো সংবাদ সংস্থাৰ মতে, পৰিচালনকাৰী কৰ্তৃপক্ষই জনাইছে যে আওমোৰী আৰু মিয়ায়ী প্ৰিফেকচাৰৰ হিগাশ্বিডোৰি আৰু ওনাগাৱা পাৰমাণৱিক প্ৰকল্পৰ লগতে ফুকুছিমাৰ দাইচি আৰু দাইনি পাৰমাণৱিক বিদ্যুৎ কেন্দ্ৰত কোনো অস্বাভাৱিকতা দেখা পোৱা নাই । জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাচিই তেওঁৰ কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি ভূমিকম্প প্ৰভাৱিত অঞ্চলৰ লোকসকলক ওখ ঠাইলৈ আশ্ৰয় ল’বলৈ আহ্বান জনায় । জে আৰ ইষ্টে জনোৱা মতে, টকিঅ’ আৰু শ্বিন-আওমোৰী ষ্টেচনৰ মাজত চলি থকা টোহোকু শিনকানচেন বুলেট ট্ৰেইন সেৱা সাময়িকভাৱে স্থগিত ৰখা হৈছে ।

লগতে পঢ়ক : ৭.৪ প্ৰাব্যলত কঁপি উঠিল জাপান: চুনামীৰ সতৰ্কবাণী

৭.৪ প্ৰাব্যলত কঁপি উঠিল জাপান: চুনামীৰ সতৰ্কবাণী

জাপানত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হৈছে। ইয়াৰ পিছতে ছুনামীৰ আশংকা বৃদ্ধি পাইছে।

সোমবাৰে (২০ এপ্ৰিল, ২০২৬) জাপানৰ উত্তৰ অংশত ৭.৪ প্ৰাবল্যৰ ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়।ৰাষ্ট্ৰীয় সম্প্ৰচাৰক NHKৰ তথ্য অনুসৰি,ভূমিকম্পৰ পিছতে উপকূলীয় অঞ্চলৰ বাবে তাৎক্ষণিকভাৱে চুনামীৰ সতৰ্কবাণী জাৰি কৰা হয়।

বিষয়াসকলে জনোৱা মতে, ইৱাটে প্ৰিফেকচাৰ আৰু হোকাইডোৰ কিছু অংশত সাগৰৰ ঢৌ প্ৰায় ৩ মিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। কিছু কিছু অঞ্চলৰ স্থানীয় লোক সকলক তৎক্ষণাত নিৰাপদ আৰু ওখ ঠাইলৈ যাবলৈ কোৱা হৈছে।চৰকাৰ আৰু জৰুৰীকালীন সেৱা সম্পূৰ্ণ এলাৰ্ট মোডত আছে।

লগতে পঢ়ক: ভংগ হ’ল যুদ্ধ বিৰতি! ইৰাণৰ কাৰ্গো জাহাজত আমেৰিকাৰ মিছাইল নিক্ষেপ

১৯ দিনত চাৰিটাকৈ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ উত্তৰ কোৰিয়াৰ, কম্পিত জাপান-দক্ষিণ কোৰিয়া

দেওবাৰে পুৱা কিম জং উনৰ সেনা বাহিনীয়ে আন এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰে

উত্তৰ কোৰিয়াই পুনৰবাৰ বিশ্বব্যাপী উদ্বেগ বৃদ্ধি কৰিছে । দেওবাৰে পুৱা কিম জং উনৰ সেনা বাহিনীয়ে আন এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি কৰে । এয়া চলিত বছৰৰ সপ্তমটো আৰু এপ্ৰিল মাহৰ চতুৰ্থটো ক্ষেপণাস্ত্ৰ পৰীক্ষা । এই পৰীক্ষণৰ জৰিয়তে উত্তৰ কোৰিয়াৰ ক্ৰমবৰ্ধমান আগ্ৰাসন স্পষ্টভাৱে প্ৰমাণিত হৈছে ।

উত্তৰ কোৰিয়াৰ শেহতীয়া এই কাণ্ডৰ পিছতে জাপান আৰু দক্ষিণ কোৰিয়াই নিজৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ লগতে দুয়োখন দেশক হাই এলাৰ্টত ৰখা হৈছে । জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে স্পষ্টভাৱে কয় যে তেওঁৰ চৰকাৰে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু আৰু শত্ৰুৰ সকলো কাৰ্যকলাপ নিৰীক্ষণ কৰি আছে ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জাপান চৰকাৰে উত্তৰ কোৰিয়াৰ পূব উপকূলীয় চহৰ চিনপোৰ পৰা এই ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে । প্ৰধানমন্ত্ৰী তাকাইচিয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই তথ্য শ্বেয়াৰ কৰি কয় যে এই ক্ষেপণাস্ত্ৰসমূহ পুৱা প্ৰায় ৬ বজাত নিক্ষেপ কৰা হৈছিল আৰু জাপানৰ একচেটিয়া অৰ্থনৈতিক মণ্ডলৰ বাহিৰত পৰিছিল । যদিও এই ক্ষেপণাস্ত্ৰসমূহ জাপানৰ সীমান্তৰ বাহিৰত পৰিছিল, তথাপিও এই উৎক্ষেপণে নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিছে ।

ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰাৰ খবৰ পোৱাৰ লগে লগে জাপান চৰকাৰে লগে লগে উচ্চ পৰ্যায়ৰ নিৰাপত্তা প্ৰট’কল কাৰ্যকৰী কৰে । প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত এখন জৰুৰী বৈঠক আহ্বান কৰা হয়, য’ত সকলো বিভাগকে মুহূৰ্তৰ তথ্য সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়া হয় । সময়োপযোগী আৰু সঠিক তথ্য জনসাধাৰণৰ মাজলৈ যোৱাটো নিশ্চিত কৰা আৰু উৰাবাতৰি প্ৰচাৰ ৰোধ কৰাটোৱেই চৰকাৰৰ প্ৰধান গুৰুত্ব । সাগৰত জাহাজ আৰু আকাশত বিমানৰ সুৰক্ষা সন্দৰ্ভতো কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে ।

লগতে পঢ়ক : হৰমুজ বন্ধ, উভতি যাওক… ভাৰতীয় জাহাজক ইৰাণ সেনাৰ নিৰ্দেশ

জাপানত পুনৰ ছানাই তাকাইচিৰ চৰকাৰ; নিৰ্বাচনত অভিলেখ ভংগকাৰী জয়

দেওবাৰে অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত জাপানৰ শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে।

জাপানত প্ৰধানমন্ত্ৰী ছানাই তাকাইচিৰ নেতৃত্বত লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিয়ে পুনৰ অভিলেখ ভংগকাৰী জয়ৰে ক্ষমতালৈ ঘূৰি আহিছে।দেওবাৰে (৮ ফেব্ৰুৱাৰী) অনুষ্ঠিত হোৱা সংসদীয় নিৰ্বাচনত শাসকীয় দলটোৱে দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে।

সংসদীয় নিৰ্বাচনত বিজয়ৰ পিছত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই তাকাইচিয়ে এটা সাক্ষাৎকাৰত কয় যে,তেওঁৰ গুৰুত্ব সেই নীতিসমূহ আগুৱাই নিয়াত থাকিব,যাৰ বাবে জাপান অধিক উন্নত আৰু শক্তিশালী হ’ব।

জয়ৰ পিছত তাকাইচি এলডিপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ বিজয়ৰ উদযাপন কৰে। তাকাইচিয়ে আশা কৰিছিল যে এই নিৰ্বাচনত তেওঁৰ এলডিপি দলৰ লগতে নতুন মিত্ৰ জাপান ইনোভেচন পাৰ্টিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিব।

একে সময়তে বিৰোধী দলৰ নতুন মিত্ৰতাই শাসকীয় লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিৰ বাবে কোনো প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নোৱাৰিলে।

তাকাইচিয়ে কয় যে,তেওঁ নিজৰ নীতি আৰু পৰিকল্পনা আগবঢ়াই নিবলৈ চেষ্টা কৰিব, লগতে বিৰোধী দলৰ সমৰ্থন লাভ কৰিবলৈ চেষ্টা কৰিব।

তাকাইচিৰ জনপ্ৰিয়তা অক্ষত আছে যদিও সাত দশক ধৰি জাপানক শাসন কৰা বৰ্তমানৰ শাসকীয় দল এল ডি পিয়ে যোৱা কিছু বছৰত পুঁজি আৰু ধৰ্মীয় কেলেংকাৰীৰ সৈতে যুঁজিব লগা হৈছে।

তাকাইচিয়ে ক্ষমতালৈ অহাৰ মাত্ৰ তিনিমাহৰ পিছতেই সময়মতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।যাতে তেওঁ নিজৰ জনপ্ৰিয়তাৰ শিখৰত থাকি পৰিস্থিতিৰ উন্নতি সাধন কৰিব পাৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। এক্সত প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখিছে যে, ‘প্ৰতিনিধি সদনৰ নিৰ্বাচনত আপোনাৰ ঐতিহাসিক জয়ৰ বাবে ছানাই তাকাইচিলৈ অভিনন্দন!’

‘ আমাৰ বিশেষ কৌশলগত আৰু বিশ্ব অংশীদাৰিত্বই বিশ্ব শান্তি, স্থিতিশীলতা আৰু সমৃদ্ধিৰ প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।মোৰ বিশ্বাস যে আপোনালোকৰ সক্ষম নেতৃত্বত ভাৰত-জাপানৰ বন্ধুত্বক আমি অধিক উচ্চতালৈ লৈ যাম।’

৪৬৫ জনীয়া নিম্ন সদনত ৩১০খন আসনৰ দুই তৃতীয়াংশ সংখ্যাগৰিষ্ঠতা লাভ কৰি লিবাৰেল ডেম’ক্ৰেটিক পাৰ্টিক সংবিধানত সংশোধন কৰা আৰু আইন প্ৰণয়নৰ অনুমতি লাভ কৰিছে।

লগতে পঢ়ক: এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া