এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

এপষ্টেইন ফাইলছত নাম সাঙোৰ খোৱাৰ পিছতে দালাই লামাৰ কাৰ্যালয়ে প্ৰথথবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এপষ্টেইন ফাইলছৰ দাবী মিছা আৰু বিভ্ৰান্তিকৰ উৰাবাতৰিৰ আখ্যা আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এপষ্টেইন ফাইলছত এতিয়া তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ নাম সাঙোৰ খাইছে। আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এপষ্টেইন

এপষ্টেইন ফাইলছত নাম সাঙোৰ খোৱাৰ পিছতে দালাই লামাৰ কাৰ্যালয়ে প্ৰথথবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এপষ্টেইন ফাইলছৰ দাবী মিছা আৰু বিভ্ৰান্তিকৰ উৰাবাতৰিৰ আখ্যা

আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এপষ্টেইন ফাইলছত এতিয়া তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ নাম সাঙোৰ খাইছে।

আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এপষ্টেইন ফাইলৰ নথি-পত্ৰত ১৬৯ বাৰ দালাই লামাৰ উল্লেখ আছে।ছ’চিয়েল মিডিয়াতো দালাই লামাৰ নামক লৈ হুলস্থুলৰ সৃষ্টি হৈছে।ইফালে তেওঁৰ কাৰ্যালয়ে প্ৰেছ বিবৃতি জাৰি কৰি স্পষ্টীকৰণ দাখিল কৰিছে।

এপষ্টেইন ফাইলত তেওঁৰ নাম ওলোৱাৰ পাছতে দালাই লামাৰ কাৰ্যালয়ে এখন প্ৰেছ নোট জাৰি কৰি কয় যে, “শেহতীয়া মিডিয়া ৰিপৰ্ট আৰু ছ’চিয়েল মিডিয়া পোষ্ট “এপষ্টেইন ফাইল” সন্দৰ্ভত আধ্যাত্মিক নেতা দালাই লামাক জেফ্ৰি এপষ্টেইনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছে।”

” আমি স্পষ্টভাৱে নিশ্চিত কৰিছো যে আধ্যাত্মিক নেতা গৰাকীয়ে কেতিয়াও জেফ্ৰি এপষ্টেইনক লগ পোৱা নাই নতুবা তেওঁৰ হৈ কাকো লগ বা যোগাযোগ কৰিবলৈও অনুমতি দিয়া নাই।”

উল্লেখ্য যে, আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা নথি-পত্ৰত ১৬৯ বাৰ দালাই লামাৰ নাম উল্লেখ আছে, যাৰ চৰ্চা এতিয়া তীব্ৰতৰ হৈ পৰিছে।

কিছুমান ইমেইলত ২০১২ চনৰ এটা অনুষ্ঠানৰ কথা উল্লেখ কৰা হৈছে য’ত দুয়োজনেই উপস্থিত আছিল বুলি কোৱা হয়। তাৰ পিছতেই ততাতৈয়াকৈ দালাই লামাৰ কাৰ্যালয়ে এক স্পষ্টীকৰণমূলক প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

ইয়াত এপষ্টেইন ফাইলত থকা অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰা হৈছে। দালাই লামাৰ ফালৰ পৰা কোৱা হৈছে যে, “আমি স্পষ্টভাৱে নিশ্চিত কৰিছো যে তেওঁ কেতিয়াও জেফ্ৰি এপষ্টেইনক লগ পোৱা নাছিল নতুবা তেওঁৰ হৈ কাকো লগ বা যোগাযোগ কৰিবলৈ দিয়া নাই।”

দালাই লামাৰ এক্স একাউণ্টত জাৰি কৰা প্ৰেছ নোটত তেওঁৰ কাৰ্যালয়ে এপষ্টেইন ফাইলছৰ দাবী মিছা আৰু বিভ্ৰান্তিকৰ উৰাবাতৰি বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব নেকি ভাৰতে ? ট্ৰাম্পৰ দাবীক লৈ বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

শেহতীয়া প্ৰৱন্ধসমূহ