বৌদ্ধ আধ্যাত্মিক নেতা দালাই লামাৰ জন্মদিনত শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ সংখ্যক দালাই লামালৈ তেওঁৰ ৯১ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰে। শান্তি, সম্প্ৰীতি, মানৱতাৰ ক্ষেত্ৰত দালাই লামাৰ অৱদানৰ শলাগ লয় প্ৰধানমন্ত্ৰী গৰাকীয়ে ।

সোমবাৰে (৬ জুলাই, ২০২৬) চতুৰ্দশ দালাই লামাৰ ৯১ সংখ্যক জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয় যে দালাই লামাৰ শান্তি, সম্প্ৰীতি আৰু মানৱতাৰ বাৰ্তাই সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে প্ৰেৰণাৰ উৎস হিচাপে কাম কৰে। প্ৰধানমন্ত্ৰীয়ে তেখেতৰ দীৰ্ঘ, সুস্থ, সুখী জীৱনৰ কামনাও কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখি প্ৰধানমন্ত্ৰী মোদীয়ে পবিত্ৰ দালাই লামাক জন্মদিনৰ আন্তৰিক শুভেচ্ছা জনায়। তেওঁ উল্লেখ কৰে যে দালাই লামাৰ শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তাই বিশ্বজুৰি মানুহক পথ প্ৰদৰ্শন কৰি আহিছে আৰু লগতে কয় যে তেওঁৰ নৈতিক আৰু আধ্যাত্মিক শক্তিৰ লগতে মানৱ কল্যাণৰ প্ৰতি তেওঁৰ সমৰ্পিততাও সঁচাকৈয়ে প্ৰশংসনীয়। তেওঁ দালাই লামাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। 

দালাই লামাৰ জন্মদিন উপলক্ষে তিব্বতী বৌদ্ধ সন্ন্যাসী আৰু তিব্বতী সম্প্ৰদায়ৰ লোকসকলে হিমাচল প্ৰদেশৰ শিমলাৰ দোৰ্জে ড্ৰক মঠত বিশেষ প্ৰাৰ্থনা সমাৱেশৰ আয়োজন কৰে। তেওঁৰ দীৰ্ঘায়ু, সুস্বাস্থ্য আৰু বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ ধৰ্মীয় আচাৰ-ব্যৱহাৰ কৰা হৈছিল। উক্ত অনুষ্ঠানত বৃহৎ সংখ্যক ভক্তই অংশগ্ৰহণ কৰে।

১৯৩৫ চনৰ ৬ জুলাইত তিব্বতৰ টকছেৰ গাঁৱৰ এটা নম্ৰ কৃষক পৰিয়ালত দালাই লামাই জন্মগ্ৰহণ কৰিছিল। তেওঁৰ শৈশৱৰ নাম আছিল লামো থণ্ডুপ, যাৰ অৰ্থ আছিল “ইচ্ছা পূৰণ কৰা দেৱী।” দুবছৰ বয়সত তেওঁ ত্ৰয়োদশ দালাই লামাৰ পুনৰ্জন্ম হিচাপে স্বীকৃতি লাভ কৰে। ইয়াৰ পিছত ১৯৩৯ চনত তেওঁক লাছালৈ অনা হয় আৰু ১৯৪০ চনৰ ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে তিব্বতৰ আধ্যাত্মিক নেতা হিচাপে নিযুক্তি দিয়া হয়।পিছলৈ তেওঁক টেনজিন গ্যাটছো নাম দিয়া হয়। ১৯৫০ চনৰ ১৭ নৱেম্বৰত নৰ্বুলিংকা প্ৰাসাদত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত তেওঁ তিব্বতৰ সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰে।

লগতে পঢ়ক: ৬দিনীয়া ভ্ৰমণেৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

এপষ্টেইন ফাইলছত নাম সাঙোৰ খাইছে দালাই লামাৰ; প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া

এপষ্টেইন ফাইলছত নাম সাঙোৰ খোৱাৰ পিছতে দালাই লামাৰ কাৰ্যালয়ে প্ৰথথবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এপষ্টেইন ফাইলছৰ দাবী মিছা আৰু বিভ্ৰান্তিকৰ উৰাবাতৰিৰ আখ্যা

আমেৰিকাকে ধৰি সমগ্ৰ বিশ্বতে আলোড়নৰ সৃষ্টি কৰা এপষ্টেইন ফাইলছত এতিয়া তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ নাম সাঙোৰ খাইছে।

আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা এপষ্টেইন ফাইলৰ নথি-পত্ৰত ১৬৯ বাৰ দালাই লামাৰ উল্লেখ আছে।ছ’চিয়েল মিডিয়াতো দালাই লামাৰ নামক লৈ হুলস্থুলৰ সৃষ্টি হৈছে।ইফালে তেওঁৰ কাৰ্যালয়ে প্ৰেছ বিবৃতি জাৰি কৰি স্পষ্টীকৰণ দাখিল কৰিছে।

এপষ্টেইন ফাইলত তেওঁৰ নাম ওলোৱাৰ পাছতে দালাই লামাৰ কাৰ্যালয়ে এখন প্ৰেছ নোট জাৰি কৰি কয় যে, “শেহতীয়া মিডিয়া ৰিপৰ্ট আৰু ছ’চিয়েল মিডিয়া পোষ্ট “এপষ্টেইন ফাইল” সন্দৰ্ভত আধ্যাত্মিক নেতা দালাই লামাক জেফ্ৰি এপষ্টেইনৰ সৈতে সংযোগ কৰাৰ চেষ্টা কৰিছে।”

” আমি স্পষ্টভাৱে নিশ্চিত কৰিছো যে আধ্যাত্মিক নেতা গৰাকীয়ে কেতিয়াও জেফ্ৰি এপষ্টেইনক লগ পোৱা নাই নতুবা তেওঁৰ হৈ কাকো লগ বা যোগাযোগ কৰিবলৈও অনুমতি দিয়া নাই।”

উল্লেখ্য যে, আমেৰিকাৰ ন্যায় বিভাগে প্ৰকাশ কৰা নথি-পত্ৰত ১৬৯ বাৰ দালাই লামাৰ নাম উল্লেখ আছে, যাৰ চৰ্চা এতিয়া তীব্ৰতৰ হৈ পৰিছে।

কিছুমান ইমেইলত ২০১২ চনৰ এটা অনুষ্ঠানৰ কথা উল্লেখ কৰা হৈছে য’ত দুয়োজনেই উপস্থিত আছিল বুলি কোৱা হয়। তাৰ পিছতেই ততাতৈয়াকৈ দালাই লামাৰ কাৰ্যালয়ে এক স্পষ্টীকৰণমূলক প্ৰেছ বিবৃতি প্ৰকাশ কৰে।

ইয়াত এপষ্টেইন ফাইলত থকা অভিযোগ সম্পূৰ্ণৰূপে নাকচ কৰা হৈছে। দালাই লামাৰ ফালৰ পৰা কোৱা হৈছে যে, “আমি স্পষ্টভাৱে নিশ্চিত কৰিছো যে তেওঁ কেতিয়াও জেফ্ৰি এপষ্টেইনক লগ পোৱা নাছিল নতুবা তেওঁৰ হৈ কাকো লগ বা যোগাযোগ কৰিবলৈ দিয়া নাই।”

দালাই লামাৰ এক্স একাউণ্টত জাৰি কৰা প্ৰেছ নোটত তেওঁৰ কাৰ্যালয়ে এপষ্টেইন ফাইলছৰ দাবী মিছা আৰু বিভ্ৰান্তিকৰ উৰাবাতৰি বুলি উল্লেখ কৰিছে।

লগতে পঢ়ক: ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব নেকি ভাৰতে ? ট্ৰাম্পৰ দাবীক লৈ বৈদেশিক মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

দালাই লামালৈ গ্ৰেমী বঁটা: সহ্য কৰিব পৰা নাই চীনে, প্ৰকাশ কৰিলে ক্ষোভ

দালাই লামাক গ্ৰেমী বঁটা প্ৰদানক লৈ ক্ষোভিত চীন । দেশখনে দালাই লামাক গ্ৰেমী বঁটা প্ৰদান কৰাক গৰিহণা দিছে ।

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাক গ্ৰেমী বঁটা প্ৰদানক লৈ ক্ষোভ প্ৰকাশ কৰিছে চীনে । সোমবাৰে চীনে দালাই লামাক গ্ৰেমী বঁটা প্ৰদান কৰাক গৰিহণা দি কয় যে তেওঁলোকে গ্ৰেমী বঁটাক “চীন বিৰোধী কাৰ্য্যকলাপ”ৰ বাবে ব্যৱহাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰে ।

দেওবাৰে লছ এঞ্জেলছত অনুষ্ঠিত হোৱা ৬৮ সংখ্যক গ্ৰেমী বঁটা প্ৰদান অনুষ্ঠানত দালাই লামৰ এলবাম “মেডিটেচনছ: দ্য ৰিফ্লেকচনছ অৱ হিজ হলিনেছ দ্য দালাই লামা”ৰ বাবে শ্ৰেষ্ঠ অডিঅ’বুক, নেৰেচন এণ্ড ষ্ট’ৰীটেলিং ৰেকৰ্ডিং শাখাত প্ৰথম গ্ৰেমী লাভ কৰে ।

দালাই লামাই এই বঁটা লাভ কৰা সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ পৰা মন্তব্য বিচৰাত মুখপাত্ৰ লিন জিয়ানে কয় যে ৯০ বছৰীয়া আধ্যাত্মিক নেতাগৰাকীয়ে ধৰ্মৰ নামত বিচ্ছিন্নতাবাদী কাৰ্যকলাপ চলাই আছে ।

প্ৰেছ ব্রিফিঙত লিন জিয়ানে কয় যে দালাই লামা কেৱল এজন ধৰ্মীয় ব্যক্তি নহয় । তেওঁ কয় যে, দালাই লামা ধৰ্মৰ আৱৰণত চীন বিৰোধী বিচ্ছিন্নতাবাদী কাৰ্যকলাপত নিয়োজিত ৰাজনৈতিক নিৰ্বাসিত । চীন বিৰোধী কাৰ্যকলাপৰ বাবে গ্ৰেমী বঁটা ব্যৱহাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছো ।

ইফালে বঁটা লাভ কৰাৰ পিছতে দালাই লামাই কয় যে গ্ৰেমী বঁটা লাভ কৰাটো ব্যক্তিগত কৃতিত্ব নহয়, বৰঞ্চ আমাৰ ভাগ-বতৰা কৰা বিশ্বব্যাপী দায়িত্বৰ স্বীকৃতিহে । এই সন্মানীয় আন্তঃৰাষ্ট্ৰীয় সন্মানৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দালাই লামাই কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে, “মই এই সন্মান কৃতজ্ঞতা আৰু নম্ৰতাৰে গ্ৰহণ কৰোঁ । মই ইয়াক ব্যক্তিগত বুলি নাভাবো, বৰঞ্চ আমাৰ ভাগ-বতৰা কৰা বিশ্বব্যাপী দায়িত্বৰ স্বীকৃতি বুলি গণ্য কৰোঁ ।”

লগতে পঢ়ক : এটা সৰু ভুল আৰু জ্বলি উঠিব আমেৰিকাঃ ট্ৰাম্পক চৰম সকীয়নি ইৰাণৰ

দালাই লামাই ৰচিলে ইতিহাস; অডিঅ’বুকৰ বাবে লাভ কৰিলে প্ৰথম গ্ৰেমী বঁটা

লছ এঞ্জেলছত ৬৮ সংখ্যক গ্ৰেমী বঁটা ২০২৬ৰ আৰম্ভণি হয়। প্ৰথমবাৰৰ বাবে এই অনুষ্ঠানত দালাই লামাই গ্ৰেমী বঁটা লাভ কৰিছে ।

দেওবাৰে অনুষ্ঠিত হোৱা ৬৮ সংখ্যক বাৰ্ষিক গ্ৰেমী বঁটাৰ পৰিৱেশ আৰম্ভণিৰে পৰাই উত্তেজনা আৰু উৎসাহেৰে ভৰি পৰিছিল।সংগীতৰ এই বৃহৎ নিশাটোত উদ্যোগটোৰ বহু কিংবদন্তি উপস্থিত আছিল।

লেডী গাগা, জাষ্টিন বিবাৰৰ পৰা আৰম্ভ কৰি ফেৰেল উইলিয়ামছলৈকে সকলোৱে গ্ৰেমী বঁটাত অনুষ্ঠান পৰিৱেশন কৰিছিল।

গ্ৰেমী বঁটা মূলত এক সন্মানীয় সংগীত বঁটা,কিন্তু এইবাৰৰ অনুষ্ঠানটো বহু কাৰণত অতি বিশেষ আৰু এক বিশ্বব্যাপী অনুষ্ঠান হৈ পৰিছে।

এইবাৰ তিব্বতী বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা দালাই লামাই অডিঅ’বুক, নেৰেচন আৰু ষ্ট’ৰীটেলিং ৰেকৰ্ডিং শাখাত তেওঁৰ প্ৰথমটো গ্ৰেমী বঁটা লাভ কৰি ইতিহাস ৰচনা কৰে।

এই শিতানত তেওঁ আনকি আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কেতঞ্জী ব্ৰাউন জেকচনকো পিছ পেলাই।তেওঁৰ এলবাম ‘মেডিটেচন: দ্য ৰিফ্লেকচনছ অৱ হিজ হলিনেছ দ্য দালাই লামা’ৰ বাবে তেওঁ এই সন্মান লাভ কৰে।

গ্ৰেমী বঁটা লাভ কৰাৰ পিছত দালাই লামাই ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে।দালাই লামাক তিব্বতী বৌদ্ধ ধৰ্মৰ সৰ্বোচ্চ আধ্যাত্মিক নেতা হিচাপে গণ্য কৰা হয়।

সামাজিক মাধ্যমত তেওঁ লিখিছে যে, এই সন্মান মই কৃতজ্ঞতা আৰু নম্ৰতাৰে গ্ৰহণ কৰিছো।এই বঁটাটোক মই ব্যক্তিগত বুলি নাভাবো, বৰঞ্চ আমাৰ সকলোৰে ফালৰ পৰা সাৰ্বজনীন দায়বদ্ধতাৰ স্বীকৃতিহে বুলি গণ্য কৰোঁ।

মই বিশ্বাস কৰো যে শান্তি, মমতা, পৰিৱেশ সুৰক্ষা, আৰু মানৱতাৰ ঐক্য আমাৰ সকলো ৮ বিলিয়ন লোকৰ মংগলৰ বাবে অতি প্ৰয়োজনীয়। মই আশাকৰোঁ এই গ্ৰেমী সন্মানে আমাৰ বাৰ্তা অধিক লোকৰ মাজলৈ বিয়পোৱাত সহায় কৰিব।

লগতে পঢ়ক: পৰিচালক ৰোহিত শ্বেট্টীৰ বাসগৃহলৈ দুৰ্বৃত্তৰ গুলীচালনা…

দালাই লামাক ভাৰত ৰত্ন দিবলৈ দাবী; সাংসদসকলে কেন্দ্ৰলৈ লিখিলে চিঠি

দালাই লামাক ভাৰত ৰত্ন দিবলৈ দাবী

তিব্বতৰ আধ্যাত্মিক নেতা তথা গুৰু দালাই লামাৰ বাবে ভাৰত ৰত্নৰ দাবী উত্থাপন কৰিছে এটা সাংসদ মঞ্চই।এই সৰ্বদলীয় মঞ্চত বিজেপি, বিজেডি, জেডিইউৰ দৰে দলৰ সাংসদসকলো অন্তৰ্ভুক্ত।সাংসদ সকলে কেন্দ্ৰীয় চৰকাৰক দলাই লামাক ভাৰতৰত্নৰে সন্মান জনোৱাৰ বাবে দাবী জনাইছে।

প্ৰকৃত কথাটো কি?

তিব্বতৰ বাবে সৰ্বদলীয় ভাৰতীয় সংসদীয় মঞ্চই শেহতীয়াকৈ তেওঁলোকৰ দ্বিতীয়খন বৈঠকত এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে সমৰ্থন কৰে আৰু চৰকাৰলৈ এখন চিঠি প্ৰেৰণ কৰিছে।

এই পত্ৰখনত লামাক সংসদৰ যৌথ অধিৱেশনত ভাষণ দিবলৈ অনুমতি প্ৰদান কৰিবলৈও অনুৰোধ কৰা হৈছে,যিটোৱে সম্ভৱতঃ চীনৰ অসন্তুষ্টিৰ সৃষ্টি কৰিব পাৰে।

এই মঞ্চখনে দালাই লামাক ভাৰত ৰত্নৰে মনোনয়ন কৰিবলৈ স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে, য’ত এতিয়ালৈকে প্ৰায় ৮০ জন সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰা হৈছে।

এই মঞ্চৰ লক্ষ্য হৈছে ১০০ জন সাংসদৰ স্বাক্ষৰ সংগ্ৰহ কৰি প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিৰ ওচৰত এই স্মাৰক পত্ৰখন দাখিল কৰা।

ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰৰ বক্তব্য

ৰাজ্যসভাৰ সাংসদ সুজিত কুমাৰে কয় যে, ‘আমাৰ গোটে দালাই লামাৰ বাবে ভাৰত ৰত্নৰ দাবী জনাইছে।এই অভিযানত বিৰোধী দলৰ সাংসদসকলেও সমৰ্থন আগবঢ়াইছে’।

“আমি লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষলৈ এখন পত্ৰ লিখি দলাই লামাক যৌথ অধিৱেশনত ভাষণ দিয়াৰ সুযোগ দিবলৈ অনুৰোধ কৰিম।”

লগতে পঢ়ক: ‘পহলগাম কাণ্ড আছিল সমগ্ৰ মানৱতাৰ ওপৰত আক্ৰমণ…’;BRICS ত প্ৰধানমন্ত্ৰী মোদীৰ ডাঙৰ মন্তব্য

‘পৰৱৰ্তী দালাই লামা নিৰ্বাচন কৰাৰ অধিকাৰ আন কাৰোৰে নাই’;চীনক প্ৰত্যুত্তৰ ভাৰতৰ

চীনক প্ৰত্যুত্তৰ ভাৰতৰ

পৰৱৰ্তী দালাই লামা কোন হ’ব? এই সন্দৰ্ভত তিব্বতীসকলৰ মাজত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।ভাৰত আৰু চীনতো এই বিষয়ক লৈ তীব্ৰ বিতৰ্ক চলি আছে।

চীনে দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনাক এইটো কৈ নাকচ কৰি কয় যে ভৱিষ্যতৰ উত্তৰাধিকাৰীয়ে ইয়াৰ অনুমোদন ল’ব লাগিব।ইফালে ভাৰতেও স্পষ্ট কৰি দিলে যে পৰৱৰ্তী দালাই লামা নিৰ্বাচন কৰাৰ অধিকাৰ কাৰো নাই।

উত্তৰাধিকাৰক লৈ চলি থকা বিতৰ্কৰ মাজতে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে বৃহস্পতিবাৰে স্পষ্ট ভাষাৰে কয় যে, পৰৱৰ্তী দালাই লামাৰ সিদ্ধান্ত কেৱল প্ৰতিষ্ঠিত প্ৰতিষ্ঠান আৰু দালাই লামাইহে গ্ৰহণ কৰিব।লগতে এই সিদ্ধান্তত আন কোনো লোক জড়িত নহ’ব বুলিও কয়।

চীনৰ সৈতে পুনৰ বৃদ্ধি পাব সংঘাত

ইয়াৰ পূৰ্বে বুধবাৰে তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাই কৈছিল যে দালাই লামা অনুষ্ঠান চলি থাকিব আৰু প্ৰতিষ্ঠানটোৰ ভৱিষ্যত উত্তৰাধিকাৰীক স্বীকৃতি দিয়াৰ অধিকাৰ কেৱল গাডেন ফোদ্ৰাং ট্ৰাষ্টেহে পাব।

২০১৫ চনত দালাই লামাই গাডেন ফড্ৰাং ট্ৰাষ্ট স্থাপন কৰিছিল।অৱশ্যে দেওবাৰে দালাই লামাৰ ৯০ সংখ্যক জন্মদিনৰ পূৰ্বে তিব্বতী গুৰুজনে কৰা এই ঘোষণাই বেইজিঙৰ সৈতে উত্তেজনা বৃদ্ধি কৰিবলৈ গৈ আছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰিজিজুৱে আজি দিল্লীত সাংবাদিকৰ আগত কয় যে দালাই লামা বৌদ্ধসকলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সংজ্ঞায়িত প্ৰতিষ্ঠান।

তেওঁ কয় যে, দলাই লামাৰ সকলো অনুগামীৰ মতামত যে উত্তৰাধিকাৰীৰ সিদ্ধান্ত প্ৰতিষ্ঠিত পৰম্পৰা আৰু দালাই লামাৰ ইচ্ছা অনুযায়ী হব লাগে। তেওঁলোকৰ আৰু বিদ্যমান পৰম্পৰাৰ বাহিৰে আন কাৰোৰে এই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই”।

ইয়াৰ পূৰ্বে ৰঙাচীনে নোবেল বঁটা বিজয়ী দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনা নাকচ কৰিছিল। লগতে দেশখনে জোৰ দি এই কথাও কয় যে ভৱিষ্যতে যিকোনো উত্তৰাধিকাৰীয়ে ইয়াৰ অনুমোদন ল’ব লাগিব, ইয়াৰ পিছতহে ৰিজিজুয়ে এই মন্তব্য কৰিছে।

বৌদ্ধ ধৰ্ম অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু আৰু তেওঁৰ সহযোগী কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে অহা ৬ জুলাইত ধৰ্মশালাত দালাই লামাৰ ৯০ সংখ্যক জন্মদিন উপলক্ষে ভাৰত চৰকাৰৰ প্ৰতিনিধিত্ব কৰি তাত উপস্থিত থাকিব। তিব্বতীসকলৰ লগতে বৌদ্ধ ধৰ্মৰ নালন্দা পৰম্পৰা অনুসৰণ কৰা সকলোৰে বাবে ১৪ তম দালাই লামাৰ গুৰুত্ব সৰ্বোচ্চ।

দালাই লামাৰ উত্তৰাধিকাৰ পৰিকল্পনাক লৈ ক্ষুব্ধ হৈ আছে চীন।চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে তেওঁৰ ঘোষণা সন্দৰ্ভত কয়, “দালাই লামাৰ পুনৰজনম ধৰ্মীয় পৰম্পৰা আৰু আইন অনুসৰি ঘৰুৱা স্বীকৃতি, ‘স্বৰ্ণ কলাছ’ প্ৰক্ৰিয়া আৰু চৰকাৰৰ অনুমোদনৰ নীতি মানি চলিব লাগিব।”

কেতিয়া আহিছিল ভাৰতলৈ

১৯৫৯ চনত কমিউনিষ্ট পাৰ্টিৰ প্ৰতিষ্ঠাপক মাও জেতুঙৰ চীনা সেনাই তিব্বত দখল কৰাৰ সময়ত তেওঁলোকৰ ধৰ্মীয় নেতা দালাই লামাৰ সৈতে তিব্বতী জনসাধাৰণ ভাৰতলৈ আহিছিল।

এই দখলৰ পিছত বৃহৎ সংখ্যক তিব্বতী ভাৰতত আশ্ৰয় ল’বলৈ বাধ্য হয়।তেতিয়াৰ পৰাই দালাই লামাই ধৰ্মশালাত বসবাস কৰি আহিছে। অৱশ্যে তেওঁৰ উপস্থিতি চীন আৰু ভাৰতৰ মাজত বিতৰ্কৰ বিষয় হৈয়েই আছে।

লগতে পঢ়ক: ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ

কোন হ’ব পৰৱৰ্তী দালাই লামা, কেনেকৈ লোৱা হয় সিদ্ধান্ত ?  জানক কোনে কৰে বাছনি…

তিব্বতৰ আধ্যাত্মিক নেতা দালাই লামাৰ পৰৱৰ্তী উত্তৰাধিকাৰী কোন হ’ব সেই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে । এতিয়া দালাই লামায়ো তেওঁৰ উত্তৰাধিকাৰী বাছনি কৰিবলৈ সন্মত হৈছে । এতিয়ালৈকে তিব্বতত জন্মগ্ৰহণ কৰা সন্তান বিচাৰি উলিয়াই দলাই লামা নিযুক্ত কৰা হৈছিল, কিন্তু এতিয়া এনে নহয় । এইবাৰ বিষয়টো অলপ জটিল হৈ পৰিছে । শেহতীয়াকৈ চতুৰ্দশ দালাই লামাই ইংগিত দিছে যে এইবাৰ তেওঁৰ উত্তৰাধিকাৰীক চীনত নহয়, আন কোনোবা স্বাধীন দেশত বাছনি কৰা হ’ব । এই ঘোষণা জুলাইত কৰা হ’ব পাৰে । এই বিতৰ্কৰ মাজত, দালাই লামা কেনেদৰে নিৰ্বাচিত হয় জানি লওক ।

কেনেকৈ নিৰ্বাচিত হ’ব পৰৱৰ্তী দালাই লামা ?

দালাই লামাই তেওঁৰ নতুন কিতাপ “ভইচ ফৰ দ্য ভইচলেছ”ত নিশ্চিত কৰিছে যে পৰৱৰ্তী দালাই লামাৰ নিৰ্বাচন এখন মুক্ত দেশত অনুষ্ঠিত হ’ব । ই নিশ্চিত কৰে যে প্ৰতিষ্ঠানটো চীনা নিয়ন্ত্ৰণৰ পৰা পৃথক হ’ব আৰু তিব্বতীয় অধিকাৰ আৰু আধ্যাত্মিক নেতৃত্বৰ বাবে ওকালতি কৰাৰ পৰম্পৰাগত ভূমিকা অব্যাহত ৰাখিব । যিহেতু দালাই লামাৰ কাম হৈছে তেওঁৰ পূৰ্বসূৰীৰ কাম আগবঢ়াই নিয়া, সেয়েহে নতুন দালাই লামা এখন মুক্ত পৃথিৱীত জন্ম গ্ৰহণ কৰিব, যাতে দালাই লামাৰ পৰম্পৰাগত অভিযান সমগ্ৰ বিশ্বৰ বাবে সহানুভূতিৰ কণ্ঠস্বৰ হ’বলৈ, তিব্বতীয় বৌদ্ধ ধৰ্মৰ আধ্যাত্মিক নেতা আৰু তিব্বতৰ প্ৰতীক হৈ থাকিব ।

দালাই লামাক কেনেকৈ বাছনি কৰা হয়-

এতিয়াও প্ৰশ্ন উত্থাপন হৈ আছে যে দালাই লামাক কেনেদৰে বাছনি কৰা হয়, বাছনি কৰাৰ পৰম্পৰা কি । দৰাচলতে, দালাই লামাক এক তুলকু বুলি গণ্য কৰা হয়, যি হৈছে বোধিসত্ত্ব আভালোকিতেশ্বৰৰ পুনৰ্জন্ম বংশ, যাক সহানুভূতিৰ বোধিসত্ত্ব বুলি জনা যায় । তেওঁলোকৰ উত্তৰাধিকাৰী বাছনি কৰাৰ পৰম্পৰা বহু শতাব্দী ধৰি এক গভীৰ আধ্যাত্মিক প্ৰক্ৰিয়া হৈ আহিছে । নতুন দালাই লামাৰ সন্ধানত তিব্বতীয় বৌদ্ধ ভিক্ষুসকলে দৰ্শন, চিহ্ন আৰু সপোনৰ ব্যাখ্যা কৰে ।

কোনে সিদ্ধান্ত লয় ?

প্ৰক্ৰিয়াটো ঐতিহাসিকভাৱে জ্যেষ্ঠ ভিক্ষুসকলৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয় । যেতিয়া এজন দালাই লামাৰ মৃত্যু হয়, এই উদ্দেশ্যৰ বাবে তেওঁলোকৰ শৰীৰৰ পৰা চিহ্ন বিচৰা হয় । উদাহৰণ স্বৰূপে, যেতিয়া ত্ৰৈয়োদশ দলাই লামাৰ মৃত্যু হৈছিল, তেতিয়া তেওঁৰ শৰীৰ প্ৰথমতে দক্ষিণফালে মুখ কৰি আছিল, কিন্তু পিছত ই পূৱলৈ ঘূৰি গৈছিল । ইয়াৰ ফলত বিশ্বাস হৈছিল যে পৰৱৰ্তী দালাই লামাৰ পূবত পুনৰ জন্ম হ’ব । এই সন্ন্যাসীসকলে তিব্বতৰ পৱিত্ৰ হ্ৰদ লামো লাটচোত পৰৱৰ্তী পুনৰ্জন্ম আৰু উত্তৰাধিকাৰীৰ বিষয়ে সংকেত বিচাৰিবলৈ চেষ্টা কৰে ।

দালাই লামাক বাছনি কৰাৰ পৰম্পৰা-

এবাৰ সম্ভাৱ্য উত্তৰাধিকাৰী চিনাক্ত হ’লে তেওঁক কেইবাটাও ধৰণে পৰীক্ষা কৰা হয় । য’ত তেওঁলোকে পূৰ্বৰ দালাই লামাৰ সৈতে জড়িত বস্তু চিনাক্ত কৰে । উদাহৰণস্বৰূপে, বৰ্তমানৰ দালাই লামাৰ জন্ম হৈছিল ১৯৩৫ চনত লামো ধোণ্ডুপ নামেৰে । দুবছৰ বয়সতে তেওঁক চিনাক্ত কৰা হয় ।