ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী

ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী; গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ দুয়ো দেশৰ

ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পশ্চিম আফ্ৰিকাৰ দেশখনলৈ তেওঁৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ । আক্ৰাৰ কোটোকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক আদৰণি জনোৱা হয় । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ দ্বিতীয় ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান

ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদী

বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ঘানাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । পশ্চিম আফ্ৰিকাৰ দেশখনলৈ তেওঁৰ এয়া প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ । আক্ৰাৰ কোটোকা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত তেওঁক আদৰণি জনোৱা হয় । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক ঘানাৰ দ্বিতীয় ৰাষ্ট্ৰীয় সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হয় । ঘানাৰ ৰাষ্ট্ৰপতি জন মহামাই প্ৰধানমন্ত্ৰী মোদীক ‘অফিচাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য ষ্টাৰ অৱ ঘানা’ সন্মানেৰে সন্মানিত কৰে ।

ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “ঘানাৰ ৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হোৱাটো মোৰ বাবে অতি গৌৰৱ আৰু সন্মানৰ বিষয় । ৰাষ্ট্ৰপতি মহামা, ঘানা চৰকাৰ আৰু ঘানা জনসাধাৰণৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো । মই এই সন্মান ১.৪ বিলিয়ন ভাৰতীয়ৰ হৈ বিনম্ৰভাৱে গ্ৰহণ কৰিছো । মই এই সন্মান আমাৰ যুৱক-যুৱতীসকলৰ আকাংক্ষা, তেওঁলোকৰ উজ্জ্বলতা, ভৱিষ্যত, আমাৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য আৰু পৰম্পৰা আৰু ভাৰত আৰু ঘানাৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ প্ৰতি উৎসৰ্গা কৰিছো ।”

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ঘানাৰ মাটিত তেওঁক উষ্ম আদৰণি জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে নিজেই বিমানবন্দৰলৈ অহাটো তেওঁৰ বাবে এক বৃহৎ সন্মান । যৌথ বিবৃতি জাৰি কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত-ঘানা বন্ধুত্বৰ মূলতে আছে আমাৰ ভাগ-বতৰা মূল্যবোধ, সংগ্ৰাম আৰু সৰ্বাংগীন ভৱিষ্যতৰ বাবে ভাগ কৰা সপোন, যিয়ে আন দেশকো অনুপ্ৰাণিত কৰিছে ।

ঘানাৰ ৰাষ্ট্ৰপতিক ভাৰত ভ্ৰমণৰ আমন্ত্ৰণ-

ঘানাৰ ৰাষ্ট্ৰপতিক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “… কাইলৈ ​​ভাৰতীয় সম্প্ৰদায়ৰ সৈতে মোৰ সাক্ষাৎক লৈ মই অতিশয় উৎসাহিত হৈছো । ৰাষ্ট্ৰপতি মহোদয়, আপুনি ভাৰতৰ ঘনিষ্ঠ বন্ধু । আপুনি ভাৰতক ভালদৰে চিনি পায় । মই আপোনাক ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো । মোৰ বিশ্বাস আপুনি আপোনাক ভাৰতলৈ আদৰণি জনোৱাৰ সুযোগ দিব । পুনৰবাৰ ঘানা চৰকাৰ আৰু ঘানাৰ সকলো জনসাধাৰণক তেওঁলোকৰ আদৰণিৰ বাবে ধন্যবাদ জনাইছো ।”

গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি :

-সাংস্কৃতিক বিনিময় কাৰ্যসূচীৰ বুজাবুজি : শিল্প, সংগীত, নৃত্য, সাহিত্য আৰু ঐতিহ্যৰ ক্ষেত্ৰত পাৰস্পৰিক বুজাবুজিৰ প্ৰসাৰ কৰা ।

-ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বি আই এছ) আৰু ঘানা ষ্টেণ্ডাৰ্ডছ অথৰিটি (জি এছ এ)ৰ মাজত বুজাবুজিৰ চুক্তি : প্ৰমাণীকৰণৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ।

-আই টি এ এম (ঘানা) আৰু আই টি আৰ এ (ভাৰত)ৰ মাজত বুজাবুজি চুক্তি : পৰম্পৰাগত চিকিৎসা শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণাৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ।

-যৌথ আয়োগৰ বৈঠকৰ ওপৰত বুজাবুজি চুক্তি : উচ্চ পৰ্যায়ৰ আলোচনাক প্ৰতিষ্ঠানিকৰণ কৰা আৰু দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰা ।

লগতে পঢ়ক : বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নতুন বিপদ; আদালতে বিহিলে ছমাহৰ কাৰাদণ্ড

শেহতীয়া প্ৰৱন্ধসমূহ