৬দিনীয়া ভ্ৰমণেৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

৬দিনীয়া ভ্ৰমণেৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ ৰাওনা প্ৰধানমন্ত্ৰী মোদী

সোমবাৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি প্ৰবোৱো চুবিয়ান্টোৰ আমন্ত্ৰণত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছে মোদীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৬দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড যাত্ৰালৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা প্ৰস্থান বক্তব্যত তেওঁ উল্লেখ কৰে যে এই ভ্ৰমণে

সোমবাৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি প্ৰবোৱো চুবিয়ান্টোৰ আমন্ত্ৰণত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছে মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৬দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড যাত্ৰালৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা প্ৰস্থান বক্তব্যত তেওঁ উল্লেখ কৰে যে এই ভ্ৰমণে ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ (Act East Policy), ‘মহাসাগৰ ভিজন’ (MAHASAGAR Vision)ৰ লগতে এটা মুক্ত আৰু উন্মুক্ত ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰিব। প্ৰস্থান বক্তব্যটোত কোৱা হৈছে, “মই ৬ ৰ পৰা ১১ জুলাইলৈ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ এক তিনিদিনীয়া দেশীয় ভ্ৰমণসূচী হাতত লৈছোঁ। ইণ্ডোনেছিয়া প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত প্ৰবোৱো চুবিয়ান্টোৰ আমন্ত্ৰণ ক্ৰমে মই ৬-৮ জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণ কৰিম। ২০১৮ চনত মোৰ প্ৰথম ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াই দ্বিপাক্ষিক সম্পৰ্কক এক ‘বিস্তৃত কৌশলগত অংশীদাৰিত্ব’লৈ (Comprehensive Strategic Partnership) উন্নীত কৰিছিল। আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এই উন্নীতকৰণৰ পিছত এয়া মোৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব, যিটো ২০২৫ চনৰ ২৬ জানুৱাৰীত আমাৰ গণতন্ত্ৰ দিৱসৰ উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি প্ৰবোৱোৰ ৰাজ্যিক ভাৰত ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়।”

বক্তব্যটোত আৰু কোৱা হৈছে, “ভাৰত আৰু ইণ্ডোনেছিয়াই শক্তিশালী সভ্যতা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক ভাগ-বতৰা কৰে। মোৰ এই ভ্ৰমণে আমাৰ বহুমুখী অংশীদাৰিত্বৰ সকলো দিশকে অধিক গভীৰ কৰি তুলিব। এই ভ্ৰমণৰ সময়ত মই ইণ্ডোনেছিয়াত থকা প্ৰৱাসী ভাৰতীয় সকলৰ লগতো বাৰ্তালাপ কৰিম আৰু ৰাষ্ট্ৰপতি প্ৰবোৱোৰ সৈতে যোগ্যাকৰ্তাৰ ‘প্ৰাম্বানান মন্দিৰ কমপ্লেক্স’  দৰ্শন কৰিম, যিটো আমাৰ ঘনিষ্ঠ সাংস্কৃতিক সম্পৰ্কৰ আন এক উল্লেখনীয় প্ৰমাণ।”

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ আমন্ত্ৰণত অষ্ট্ৰেলিয়ালৈ যাব। বক্তব্যত তেওঁ কয়, “ইণ্ডোনেছিয়াৰ পৰা, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় এন্থনী এলবানিজৰ আমন্ত্ৰণ ক্ৰমে মই মেলবৰ্ণলৈ যাত্ৰা কৰিম। মোৰ এই ভ্ৰমণে আমাৰ ‘বিস্তৃত কৌশলগত অংশীদাৰিত্ব’ক শক্তিশালী কৰিব আৰু প্ৰধানমন্ত্ৰী এলবানিজৰ সৈতে মোৰ আলোচনাত আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা আৰু গতিশীলতা তথা জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আদি ক্ষেত্ৰত আমাৰ সম্পৰ্কক আগুৱাই লৈ যাম। মেলবৰ্ণত মই প্ৰৱাসী ভাৰতীয় সকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাম, যিসকল আমাৰ কৌশলগত অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তদুপৰি, এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে উদীয়মান আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, ক্ৰীড়া আৰু ক্ৰীড়া বিজ্ঞানৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ এক সুযোগ প্ৰদান কৰিব।”

প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ পিছত প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ আমন্ত্ৰণত নিউজিলেণ্ড ভ্ৰমণ কৰিব। তেওঁ কয়, “মেলবৰ্ণৰ পৰা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰটি অনাবল ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণত মই নিউজিলেণ্ডৰ অকলেণ্ড ভ্ৰমণ কৰিম।২০২৫ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণৰ পিছত আমাৰ দ্বিপাক্ষিক সম্পৰ্কই যি শক্তিশালী গতি লাভ কৰিছিল, মোৰ এই ভ্ৰমণে তাক অৰ্থপূৰ্ণভাৱে আগুৱাই লৈ যাব। মোৰ ভ্ৰমণৰ সময়ত মই প্ৰধানমন্ত্ৰী লাক্সনৰ সৈতে অৰ্থনৈতিক, বাণিজ্যিক আৰু ব্যৱসায়িক ক্ষেত্ৰসমূহ কেনেকৈ অধিক বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement) স্বাক্ষৰ কৰাৰ সৈতে ভাৰত আৰু নিউজিলেণ্ডে দ্বিপাক্ষিক বাণিজ্য আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আমাৰ দ্বিপাক্ষিক সম্পৰ্কত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু এই ভ্ৰমণৰ সময়ত জীৱনৰ সকলো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শন কৰা ভাৰতীয় সম্প্ৰদায়ৰ এক বিশাল সমাৱেশক সম্বোধন কৰিবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁ।”

লগতে পঢ়ক: বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

শেহতীয়া প্ৰৱন্ধসমূহ