ইণ্ডোনেছিয়াৰ পৰা নিজীলেণ্ডলৈ…৬দিনীয়া ভ্ৰমণসূচীৰে ৰাওনা প্ৰধানমন্ত্ৰী মোদী

সোমবাৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড ভ্ৰমণৰ বাবে ৰাওনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰাষ্ট্ৰপতি প্ৰবোৱো চুবিয়ান্টোৰ আমন্ত্ৰণত ইণ্ডোনেছিয়া ভ্ৰমণ কৰিছে মোদীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ৬দিনীয়া ভ্ৰমণসূচীৰে ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড যাত্ৰালৈ ৰাওনা হয়। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা প্ৰস্থান বক্তব্যত তেওঁ উল্লেখ কৰে যে এই ভ্ৰমণে ভাৰতৰ ‘এক্ট ইষ্ট পলিচী’ (Act East Policy), ‘মহাসাগৰ ভিজন’ (MAHASAGAR Vision)ৰ লগতে এটা মুক্ত আৰু উন্মুক্ত ইণ্ডো-পেচিফিক অঞ্চলৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীক অধিক শক্তিশালী কৰিব। প্ৰস্থান বক্তব্যটোত কোৱা হৈছে, “মই ৬ ৰ পৰা ১১ জুলাইলৈ ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডলৈ এক তিনিদিনীয়া দেশীয় ভ্ৰমণসূচী হাতত লৈছোঁ। ইণ্ডোনেছিয়া প্ৰজাতন্ত্ৰৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীযুত প্ৰবোৱো চুবিয়ান্টোৰ আমন্ত্ৰণ ক্ৰমে মই ৬-৮ জুলাইলৈ ইণ্ডোনেছিয়া ভ্ৰমণ কৰিম। ২০১৮ চনত মোৰ প্ৰথম ইণ্ডোনেছিয়া ভ্ৰমণৰ সময়ত ভাৰত আৰু ইণ্ডোনেছিয়াই দ্বিপাক্ষিক সম্পৰ্কক এক ‘বিস্তৃত কৌশলগত অংশীদাৰিত্ব’লৈ (Comprehensive Strategic Partnership) উন্নীত কৰিছিল। আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এই উন্নীতকৰণৰ পিছত এয়া মোৰ প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ হ’ব, যিটো ২০২৫ চনৰ ২৬ জানুৱাৰীত আমাৰ গণতন্ত্ৰ দিৱসৰ উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা ৰাষ্ট্ৰপতি প্ৰবোৱোৰ ৰাজ্যিক ভাৰত ভ্ৰমণৰ পৰৱৰ্তী পৰ্যায়।”

বক্তব্যটোত আৰু কোৱা হৈছে, “ভাৰত আৰু ইণ্ডোনেছিয়াই শক্তিশালী সভ্যতা আৰু জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক ভাগ-বতৰা কৰে। মোৰ এই ভ্ৰমণে আমাৰ বহুমুখী অংশীদাৰিত্বৰ সকলো দিশকে অধিক গভীৰ কৰি তুলিব। এই ভ্ৰমণৰ সময়ত মই ইণ্ডোনেছিয়াত থকা প্ৰৱাসী ভাৰতীয় সকলৰ লগতো বাৰ্তালাপ কৰিম আৰু ৰাষ্ট্ৰপতি প্ৰবোৱোৰ সৈতে যোগ্যাকৰ্তাৰ ‘প্ৰাম্বানান মন্দিৰ কমপ্লেক্স’  দৰ্শন কৰিম, যিটো আমাৰ ঘনিষ্ঠ সাংস্কৃতিক সম্পৰ্কৰ আন এক উল্লেখনীয় প্ৰমাণ।”

ইয়াৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজৰ আমন্ত্ৰণত অষ্ট্ৰেলিয়ালৈ যাব। বক্তব্যত তেওঁ কয়, “ইণ্ডোনেছিয়াৰ পৰা, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় এন্থনী এলবানিজৰ আমন্ত্ৰণ ক্ৰমে মই মেলবৰ্ণলৈ যাত্ৰা কৰিম। মোৰ এই ভ্ৰমণে আমাৰ ‘বিস্তৃত কৌশলগত অংশীদাৰিত্ব’ক শক্তিশালী কৰিব আৰু প্ৰধানমন্ত্ৰী এলবানিজৰ সৈতে মোৰ আলোচনাত আমি প্ৰতিৰক্ষা আৰু নিৰাপত্তা, বাণিজ্য আৰু বিনিয়োগ, শিক্ষা আৰু গতিশীলতা তথা জনসাধাৰণৰ মাজৰ পাৰস্পৰিক সম্পৰ্ক আদি ক্ষেত্ৰত আমাৰ সম্পৰ্কক আগুৱাই লৈ যাম। মেলবৰ্ণত মই প্ৰৱাসী ভাৰতীয় সকলৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পাম, যিসকল আমাৰ কৌশলগত অংশীদাৰিত্বৰ এটা গুৰুত্বপূৰ্ণ স্তম্ভ। তদুপৰি, এই ভ্ৰমণে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে উদীয়মান আৰু গুৰুত্বপূৰ্ণ প্ৰযুক্তি, ক্ৰীড়া আৰু ক্ৰীড়া বিজ্ঞানৰ ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক গভীৰ কৰাৰ এক সুযোগ প্ৰদান কৰিব।”

প্ৰধানমন্ত্ৰী মোদীয়ে তাৰ পিছত প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাক্সনৰ আমন্ত্ৰণত নিউজিলেণ্ড ভ্ৰমণ কৰিব। তেওঁ কয়, “মেলবৰ্ণৰ পৰা নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী আৰটি অনাবল ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণত মই নিউজিলেণ্ডৰ অকলেণ্ড ভ্ৰমণ কৰিম।২০২৫ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী লাক্সনৰ ভাৰত ভ্ৰমণৰ পিছত আমাৰ দ্বিপাক্ষিক সম্পৰ্কই যি শক্তিশালী গতি লাভ কৰিছিল, মোৰ এই ভ্ৰমণে তাক অৰ্থপূৰ্ণভাৱে আগুৱাই লৈ যাব। মোৰ ভ্ৰমণৰ সময়ত মই প্ৰধানমন্ত্ৰী লাক্সনৰ সৈতে অৰ্থনৈতিক, বাণিজ্যিক আৰু ব্যৱসায়িক ক্ষেত্ৰসমূহ কেনেকৈ অধিক বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। মুক্ত বাণিজ্য চুক্তি (Free Trade Agreement) স্বাক্ষৰ কৰাৰ সৈতে ভাৰত আৰু নিউজিলেণ্ডে দ্বিপাক্ষিক বাণিজ্য আৰু বাণিজ্যিক সম্পৰ্ক শক্তিশালী কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে। আমাৰ দ্বিপাক্ষিক সম্পৰ্কত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে আৰু এই ভ্ৰমণৰ সময়ত জীৱনৰ সকলো ক্ষেত্ৰতে উৎকৃষ্ট প্ৰদৰ্শন কৰা ভাৰতীয় সম্প্ৰদায়ৰ এক বিশাল সমাৱেশক সম্বোধন কৰিবলৈ মই আগ্ৰহেৰে বাট চাই আছোঁ।”

লগতে পঢ়ক: বেয়া বতৰৰ বাবে ব্যাহত দিল্লী-মুম্বাইৰ বিমান সেৱা

সাগৰৰ মাজতেই দাউ দাউ জ্বলি উঠিল যাত্ৰীবাহী জাহাজ; ৩০০ ৰো অধিক যাত্ৰী আৱদ্ধ

দাউ দাউ জ্বলি উঠিল যাত্ৰীবাহী জাহাজ

ইণ্ডোনেছিয়াত এখন জাহাজত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ৩০০ৰো অধিক যাত্ৰীৰ জীৱন বিপদত পৰিল।

কেইমিনিট মানৰ ভিতৰতে জুইয়ে দ্ৰুতগতিত সমগ্ৰ জাহাজখনকে আগুৰি ধৰে, যাৰ ফলত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

জ্বলি থকা ফেৰীখনৰ পৰা ২৮০ জন লোকক উদ্ধাৰ কৰা হৈছে।আনহাতে শিশুসহ ১৮ জন লোক আহত হোৱাৰ লগতে বৃহৎ সংখ্যক লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা গৈছে।

ফেৰীখনত জুয়ে আগুৰি ধৰাৰ ফলত আৱদ্ধ যাত্ৰীসকলে আতংকত সাগৰত জপিয়াবলৈ ধৰে। ইণ্ডোনেছিয়াৰ উপকূলৰ এখন ফেৰীত সংঘটিত হয় এই অগ্নিকাণ্ড।

ফেৰীখনত থকা ২৮০ৰো অধিক লোকক বচাবলৈ সক্ষম হৈছে। নিৰুদ্দেশ হোৱা লোকসকলৰ সন্ধান বৰ্তমান চলি আছে।

অনুমান কৰা হৈছে যে ফেৰীখনত ৩০০ৰ পৰা ৫০০জন যাত্ৰী আছিল। অৱশ্যে এতিয়ালৈকে কোনো লোকৰ মৃত্যু হৈছে নেকি সেই কথা জানিব পৰা নাই।

কৰ্তৃপক্ষ আৰু উদ্ধাৰকাৰী দলে অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰি নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান অব্যাহত ৰাখিছে। দুৰ্ঘটনাটোৰ কাৰণ সন্দৰ্ভতো তদন্ত আৰম্ভ কৰা হৈছে।

লগতে পঢ়ক: জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ; শীঘ্ৰেই সাগৰৰ বুকুত ডুব যাব এইখন দেশ !

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া; বেলাৰুছ, মালয়েছিয়াকে ধৰি দহখন দেশ হ’ল সহযোগী

ব্ৰিকছৰ নতুন সদস্য হ’ল ইণ্ডোনেছিয়া

ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ নতুন সদস্য দেশ হিচাপে পৰিগণিত হৈছে । একে সময়তে দহখন দেশ বেলাৰুছ, বলিভিয়া, কাজাখাস্তান, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, কিউবা, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তান অংশীদাৰ দেশ হিচাপে ব্ৰিকছত অন্তৰ্ভুক্ত হৈছে । ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হৈ থকা ১৭ সংখ্যক ব্ৰিকছ সন্মিলনৰ যৌথ বিবৃতিত কোৱা হৈছে যে ‘আমি ইণ্ডোনেছিয়া গণৰাজ্যক ব্ৰিকছৰ সদস্য হিচাপে আদৰণি জনাইছো । আমি বেলাৰুছ ৰিপাব্লিক, বলিভিয়া, কাজাখাস্তান, কিউবা ৰিপাব্লিক, নাইজেৰিয়া, মালয়েছিয়া, থাইলেণ্ড, ভিয়েটনাম, উগাণ্ডা আৰু উজবেকিস্তানকো ব্ৰিকছৰ অংশীদাৰ দেশ হিচাপে আদৰণি জনাইছো ।’

পুৰণি টাইপৰাইটাৰৰ পৰা নতুন চফটৱেৰ চলাব নোৱাৰিবঃ প্ৰধানমন্ত্ৰী মোদী

উমৈহতীয়া বিবৃতিটোত জলবায়ু বিত্ত সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ কাঠামো ঘোষণা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ বিশ্বব্যাপী শাসন সন্দৰ্ভত ব্ৰিকছৰ নেতাসকলৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে । লগতে সামাজিকভাৱে নিৰ্ধাৰিত ৰোগ নিৰ্মূলৰ বাবে ব্ৰিকছ দেশসমূহৰ অংশীদাৰিত্ব । দেওবাৰে ব্ৰিকছৰ অধিৱেশন ‘শান্তি আৰু নিৰাপত্তা আৰু বিশ্ব শাসন সংস্কাৰ’ৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰৰ অন্তৰ্ভুক্তিয়ে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা প্ৰদৰ্শন কৰিছে আৰু ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা (WTO)ৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু বহুপক্ষীয় উন্নয়নৰ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ব্ৰিকছৰ সম্প্ৰসাৰণ আৰু নতুন অংশীদাৰ সংযোজনে সময়ৰ লগে লগে ইয়াৰ বিকাশৰ ক্ষমতা দেখুৱাইছে । এতিয়া আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ, বিশ্ব বাণিজ্য সংস্থা আৰু বহুপক্ষীয় উন্নয়ন বেংকৰ দৰে প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ বাবে একে দৃঢ়তা প্ৰদৰ্শন কৰিব লাগিব । প্ৰতি সপ্তাহত প্ৰযুক্তিৰ বিকাশ ঘটি থকা এ আইৰ যুগত ৮০ বছৰ ধৰি বিশ্বৰ প্ৰতিষ্ঠানসমূহ অপৰিৱৰ্তিত হৈ থকাটো গ্ৰহণযোগ্য নহয় । ২০ শতিকাৰ টাইপৰাইটাৰত একবিংশ শতিকাৰ চফট্ৱেৰ চলাব নোৱাৰিব ।’

লগতে পঢ়ক : ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি; ব্ৰিকছ শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

লাকি-লাকি আগ্নেয়গিৰিৰ বিস্ফোৰণ; ১১ কিলোমিটাৰ উচ্চতালৈ উঠিল ছাই-ধোঁৱা

লাকি-লাকি আগ্নেয়গিৰিৰ বিস্ফোৰণ

২০২৫ চনৰ ১৭ জুনত ইণ্ডোনেছিয়াৰ লেৱ’টবি লাকি-লাকি আগ্নেয়গিৰিৰ বিস্ফোৰণ ঘটে । এই বিস্ফোৰণত ১১ কিলোমিটাৰ উচ্চতালৈ ধোঁৱা আৰু ছাই বিয়পি পৰে । দেশখনৰ ইষ্ট নুছা টেংগাৰা প্ৰদেশৰ ফ্ল’ৰেছ দ্বীপত অৱস্থিত এই আগ্নেয়গিৰি ।

ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি বিজ্ঞান সংস্থাই ইয়াক সতৰ্কতাৰ আটাইতকৈ বিপজ্জনক স্তৰ বুলি ঘোষণা কৰে । ইয়াত প্ৰচণ্ড বৰষুণ হ’লে লাভাৰ প্ৰবাহৰ সতৰ্কবাণী দিয়া হৈছে । এই আগ্নেয়গিৰিৰ বিস্ফোৰণ ইমানেই ডাঙৰ আছিল যে ছাইৰ ডাৱৰ ৯০ৰ পৰা ১৫০ কিলোমিটাৰ দূৰলৈকে দেখা গৈছিল ।

লেৱ’টবি লাকি-লাকি আগ্নেয়গিৰিৰ শক্তি

লেৱ’টবি লাকি-লাকি হৈছে ফ্ল’ৰেছ দ্বীপৰ ফ্ল’ৰেছ টাইমুৰ জিলাত অৱস্থিত ১৫৮৪ মিটাৰ উচ্চতাৰ এটা আগ্নেয়গিৰি । ইয়াৰ নামৰ অৰ্থ ইণ্ডোনেছিয়ান ভাষাত “লাকি-লাকি” (পুৰুষ) । ইয়াৰ সাধাৰণতে শান্ত কিন্তু ওখ সংগী আগ্নেয়গিৰি Lewotobi Perempuan (মহিলা, ১৭০৩ মিটাৰ)ৰ সৈতে ই এটা যোৰা গঠন কৰে ।

এই আগ্নেয়গিৰিটো পেচিফিক ৰিং অৱ ফায়াৰত অৱস্থিত, যিটো অঞ্চলত টেকটনিক প্লেটৰ সংঘৰ্ষৰ ফলত ভূমিকম্প আৰু আগ্নেয়গিৰিৰ বিস্ফোৰণ সাধাৰণতে দেখা যায় । ইণ্ডোনেছিয়াত ১২০টা সক্ৰিয় আগ্নেয়গিৰি আছে । লেৱট’বিও তাৰ ভিতৰত অন্যতম ।

এই আগ্নেয়গিৰি বিস্ফোৰণত ১০,০০০ মিটাৰ (প্ৰায় ৩২,৮০০ ফুট) উচ্চতাত এটা ছাইৰ ডাৱৰ উলাই । ইণ্ডোনেছিয়াৰ ভূতত্ত্ব সংস্থাই জনোৱা মতে, এই আগ্নেয়গিৰিটোৱে সাধাৰণতে দিনটোত ৮-১০ বাৰ বিস্ফোৰণ ঘটায় যদিও এইবাৰ দুঘণ্টাত ৫০টা বিস্ফোৰণৰ তথ্য পোৱা গৈছে । ছাইৰ ডাৱৰটো আছিল কাঠফুলাৰ আকৃতিৰ ।

বিপদৰ মাত্ৰা আৰু সতৰ্কবাণী-

বিস্ফোৰণৰ পিছত ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰি আৰু ভূতাত্ত্বিক দুৰ্যোগ প্ৰশমন কেন্দ্ৰই সতৰ্কতাৰ মাত্ৰা আটাইতকৈ বিপজ্জনক (চতুৰ্থ স্তৰ)লৈ বৃদ্ধি কৰে । ইয়াৰ পূৰ্বে ২০২৫ চনৰ মে’ মাহত আটাইতকৈ ভয়াৱহ মাত্ৰাত আছিল, যেতিয়া আগ্নেয়গিৰিটোৱে আঠবাৰ বিস্ফোৰণ ঘটাইছিল ।

বিস্ফোৰণৰ ফলত বিমান যাত্ৰাত প্ৰভাৱ পৰে । বুধবাৰৰ পৰা বৃহস্পতিবাৰলৈ মাউমেৰৰ ফ্ৰান্সিস্কাছ জেভিয়াৰ চেডা বিমানবন্দৰ বন্ধ হৈ পৰে । বালিলৈ যোৱা বহু আন্তঃৰাষ্ট্ৰীয় বিমান, যেনে এয়াৰ ইণ্ডিয়া, ছিংগাপুৰ এয়াৰলাইন্স, ভাৰ্জিন অষ্ট্ৰেলিয়া, জেটষ্টাৰ আৰু জুনিয়াও এয়াৰলাইন্স বাতিল কৰা হৈছিল । বালিৰ আই গুষ্টি নুগ্ৰাহা ৰাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ৩৭খনতকৈও অধিক বিমান বাতিল কৰা হয় । বহু ঘৰুৱা এয়াৰ এছিয়াৰ বিমান সেৱাও বাধাগ্ৰস্ত হয় ।

লগতে পঢ়ক : বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ ! ৰে’লৱে ট্ৰেকত ভয়ংকৰ বিস্ফোৰণ

চাইবাৰ, সামুদ্ৰিক সুৰক্ষাৰ লগতে পৰ্যটন আৰু ডিজিটেল খণ্ডৰ অংশীদাৰ হ’ব ইণ্ডোনেছিয়াঃ প্ৰধানমন্ত্ৰী মোদী

শনিবাৰে ৰাজধানীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটোৱে দ্বিপাক্ষিক আলোচনাত মিলিত হয় । বৈঠকৰ সময়ত স্বাস্থ্য সহযোগিতা, ডিজিটেল আন্তঃগাঁথনি আৰু প্ৰতিৰক্ষা সহযোগিতাৰ দৰে ক্ষেত্ৰকে ধৰি কেইবাখনো বুজাবুজি চুক্তিৰ আদান-প্ৰদান হয় । আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ইণ্ডোনেছিয়াৰ অংশীদাৰ হিচাপে ইণ্ডোনেছিয়াৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে । তেওঁ ‘এক্ট ইষ্ট’ নীতিৰ অধীনত আছিয়ানৰ কেন্দ্ৰীয়তা আৰু ঐক্যৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ দোহাৰে ।

ভাৰতৰ বাবে ইণ্ডোনেছিয়া গুৰুত্বপূৰ্ণ-

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “২০২৫ বৰ্ষ ভাৰত-আছিয়ান পৰ্যটন বৰ্ষ হিচাপে পালন কৰা হ’ব । ইয়াৰ দ্বাৰা ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি পাব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব । ইণ্ডোনেছিয়া আমাৰ বাবে আছিয়ান আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত এক গুৰুত্বপূৰ্ণ অংশীদাৰ । আমি দুয়োখন দেশেই অঞ্চলটোত শান্তি, নিৰাপত্তা, সমৃদ্ধি আৰু আইনৰ শাসন বজাই ৰখাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ।” প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আমাৰ ‘এক্ট ইষ্ট’ নীতিয়ে আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তাক গুৰুত্ব দিয়ে ।

ইণ্ডোনেছিয়া আমাৰ প্ৰথম অতিথি আছিল-

দুয়োখন দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, “ভাৰতৰ প্ৰথম গণৰাজ্য দিৱসত ইণ্ডোনেছিয়া মুখ্য অতিথি আছিল । যেতিয়া আমি গণৰাজ্যৰ ৭৫ বছৰ উদযাপন কৰি আছো, তেতিয়া ইণ্ডোনেছিয়া মুখ্য অতিথি হোৱাটো অতি গৌৰৱৰ বিষয় । ই এটা ঐতিহাসিক অনুষ্ঠান ।”

চাইবাৰ নিৰাপত্তা অতি প্ৰয়োজনীয়-

যোৱা বছৰ ৩০ বিলিয়ন ডলাৰ অতিক্ৰম কৰা দ্বিপাক্ষিক বাণিজ্য বৃদ্ধিৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে । তেওঁলোকে ফিনটেক, কৃত্ৰিম বুদ্ধিমত্তা, ইণ্টাৰনেট অৱ থিংছ আৰু ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ কথা ঘোষণা কৰে ।

গুৰুত্বপূৰ্ণ চুক্তিসমূহৰ ভিতৰত আছে সামুদ্ৰিক সুৰক্ষা আৰু নিৰাপত্তা, যাৰ লক্ষ্য হৈছে অপৰাধ প্ৰতিৰোধ, অনুসন্ধান, উদ্ধাৰ, আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰ । ইয়াৰ উপৰিও শক্তি, জটিল খনিজ পদাৰ্থ, বিজ্ঞান, প্ৰযুক্তি আৰু মহাকাশৰ ক্ষেত্ৰত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰা হৈছে ।

প্ৰধানমন্ত্ৰীয়ে ব্ৰিকছত ইণ্ডোনেছিয়াৰ সদস্য পদক আদৰণি জনোৱাৰ লগতে গ্ল’বেল চাউথৰ দেশসমূহৰ স্বাৰ্থত সহযোগিতাৰ ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ৰামায়ণ, মহাভাৰত আৰু বালি ভ্ৰমণৰ কথা উল্লেখ কৰি সাংস্কৃতিক আৰু ঐতিহাসিক সম্পৰ্কৰ ওপৰতো আলোকপাত কৰে আৰু ইণ্ডোনেছিয়াৰ প্ৰম্বানন হিন্দু মন্দিৰ সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে ।

ব্ৰিকছৰ সদস্য হ’ল বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশখন! ব্ৰাজিলৰ ঘোষণাত ছিন্নভিন্ন পাকিস্তানৰ সপোন

বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশখন ব্ৰিকছৰ পূৰ্ণ সদস্য হৈ পৰিছে । ব্ৰাজিলে সোমবাৰে (৬ জানুৱাৰী, ২০২৫) আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে । ব্ৰাজিলৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে, “দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ জনবহুল দেশ ইণ্ডোনেছিয়াই এতিয়া অন্যান্য সদস্যসকলৰ সৈতে মিলি বিশ্ব শাসন প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ আৰু গ্ল’বেল চাউথৰ ভিতৰত সহযোগিতাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব ।”

উল্লেখযোগ্য যে এইবাৰ ২০২৫ চনত ব্ৰাজিলে ব্ৰিকছৰ বৈঠকৰ অধ্যক্ষতা কৰিব । একে সময়তে ২০২৩ চনত জোহান্সবাৰ্গ সন্মিলনত ইণ্ডোনেছিয়াই ব্ৰিকছ সংগঠনত যোগদানৰ অনুমোদন লাভ কৰিছিল ।

ব্ৰাজিলৰ এই ঘোষণাত শ্বাহবাজ শ্বৰীফে পালে আঘাত-

ব্ৰাজিলে ইণ্ডোনেছিয়াই ব্ৰিকছত যোগদান কৰাৰ কথা ঘোষণা কৰে । এই ঘোষণাই পাকিস্তানক ডাঙৰ আঘাত দিছে । প্ৰকৃততে পাকিস্তানে কেতিয়াও বিচৰা নাছিল যে বিশ্বৰ সৰ্ববৃহৎ মুছলমান দেশ ইণ্ডোনেছিয়া ব্ৰিকছ সংগঠনৰ অংশ হওক । কিন্তু পাকিস্তানে নিজেই ব্ৰিকছত যোগদানৰ বাবে অহৰহ চেষ্টা চলাই আছে । ইয়াৰ বাবে ভাৰতৰ আন এখন চুবুৰীয়া দেশ চীনে পাকিস্তানক সমৰ্থন কৰিছে । কিন্তু তথাপিও পাকিস্তানে এতিয়ালৈকে ইয়াত যোগদান কৰিব পৰা নাই ।

ব্ৰাজিলৰ লক্ষ্য হৈছে গ্ল’বেল চাউথৰ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰা-

জুলাই মাহত ৰিঅ’ ডি জেনেৰিঅ’ত অনুষ্ঠিত হ’বলগীয়া এইবাৰৰ ব্ৰিকছৰ শীৰ্ষ সন্মিলনৰ অধ্যক্ষতা কৰিব ব্ৰাজিলে । ব্ৰাজিলে এই অধ্যক্ষতাৰ সময়ছোৱাত গ্ল’বেল চাউথ দেশসমূহৰ মাজত সহযোগিতা বৃদ্ধি আৰু বহুপক্ষীয় প্ৰতিষ্ঠানসমূহত নীতি সংস্কাৰক প্ৰসাৰিত কৰাৰ লক্ষ্য ৰাখিছে । ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাই কয় যে তেওঁলোকৰ লক্ষ্য হৈছে ব্ৰিকছৰ সদস্য দেশসমূহৰ মাজত বাণিজ্যৰ সুবিধাৰ বাবে ধন পৰিশোধৰ উপায় বিকশিত কৰা ।

নন-ডলাৰ লেনদেনৰ প্ৰচাৰৰ ওপৰত আলোচনা হৈছিল-

উল্লেখযোগ্য যে ২০২৪ চনৰ নৱেম্বৰ মাহত ৰাছিয়াত অনুষ্ঠিত হোৱা ব্ৰিকছ সন্মিলনত নন-ডলাৰ লেনদেনক প্ৰসাৰ কৰা আৰু স্থানীয় মুদ্ৰা শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰা হৈছিল । ব্ৰিকছত অন্তৰ্ভুক্ত দেশসমূহে লেনদেনত ডলাৰ ব্যৱহাৰ কৰি নিজৰ স্থানীয় মুদ্ৰা শক্তিশালী কৰাৰ চেষ্টা চলাইছে । কিন্তু আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প এই কথাত অতিশয় ক্ষোভিত । আনকি তেওঁ আমেৰিকান ডলাৰ দুৰ্বল কৰাৰ বাবে ১০০ শতাংশ শুল্ক আৰোপ কৰাৰ ভাবুকিও দিছিল ।

ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ নৌসেনাৰ মুৰব্বীৰ, প্ৰতিৰক্ষা খণ্ডত সম্পৰ্ক শক্তিশালী কৰাৰ সন্দৰ্ভত আলোচনা

ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে. ত্ৰিপাঠী তিনিদিনীয়া ইণ্ডোনেছিয়া ভ্ৰমণত আছে । মঙলবাৰে তেওঁ ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী শ্বাফ্ৰি শ্বামছ’ইদ্দিনৰ সৈতে প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত দ্বিপাক্ষিক বৈঠকত মিলিত হয় । এই বৈঠকত প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ সৈতে সহযোগিতা কৰাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰীজনে । তেওঁ ইণ্ডোনেছিয়াৰ শীৰ্ষ সামৰিক বিষয়াসকলক সাক্ষাৎ কৰে । ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে দুয়োপক্ষৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বিষয়টো আলোচনা কৰা হৈছে ।

মন্ত্ৰালয়ে কয় যে, “এডমিৰেল দীনেশ ত্ৰিপাঠীয়ে লক্ষ্য কৰে যে ভাৰতে নিজৰ নৌসেনাৰ উন্নতিত সহায়ক হোৱাকৈ থলুৱা প্ৰযুক্তি বিকশিত কৰি আছে । প্ৰতিৰক্ষা মন্ত্ৰী শ্বাফ্ৰি শ্বামছ’ইদ্দিনে ইয়াৰ শলাগ লয় । তেওঁ ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা উন্নতিৰ দিশত একেলগে কাম কৰাৰ আশাও প্ৰকাশ কৰে ।” মন্ত্ৰালয়ে আৰু কয় যে, “ভাৰত-ইণ্ডোনেছিয়াৰ প্ৰতিৰক্ষা সম্পৰ্ক সম্প্ৰসাৰণ আৰু সামুদ্ৰিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় ।”

এডমিৰেল দিনেশ ত্ৰিপাঠীয়ে দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতাৰ সম্ভাৱ্য পথসমূহৰ ওপৰত আলোকপাত কৰে । ভাৰতীয় নৌসেনাই যোৱা সপ্তাহত কয় যে এডমিৰেল ত্ৰিপাঠীৰ এই ভ্ৰমণে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি দুয়োখন দেশৰ মাজত শক্তিশালী সামুদ্ৰিক সম্পৰ্কক আলোকপাত কৰিছে ।