বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ ! ৰে’লৱে ট্ৰেকত ভয়ংকৰ বিস্ফোৰণ

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ এটাৰ পিছত আন এটা দুৰ্যোগে লগ এৰা নাই পাকিস্তানক । বেলুচিস্তানৰ পিছত এইবাৰ পাকিস্তানৰ সিন্ধ প্ৰদেশত লক্ষ্য কৰি লোৱা হ’ল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে জেকোৱাবাদৰ মৱেশী বজাৰৰ সমীপত ৰে’লপথত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত জাফৰ এক্সপ্ৰেছৰ

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ

এটাৰ পিছত আন এটা দুৰ্যোগে লগ এৰা নাই পাকিস্তানক । বেলুচিস্তানৰ পিছত এইবাৰ পাকিস্তানৰ সিন্ধ প্ৰদেশত লক্ষ্য কৰি লোৱা হ’ল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে জেকোৱাবাদৰ মৱেশী বজাৰৰ সমীপত ৰে’লপথত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত জাফৰ এক্সপ্ৰেছৰ ছটা বগী ৰেলপথৰ পৰা লাইনচ্যুত হয় । বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । অৱশ্যে এই ঘটনাত কোনো প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা হোৱা নাই । বিস্ফোৰণৰ লগে লগে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । স্থানীয় প্ৰশাসনে ইয়াক সন্ত্ৰাস সম্পৰ্কীয় ষড়যন্ত্ৰ বুলি গণ্য কৰিছে, কাৰণ দুমাহ পূৰ্বে এই ৰে’লখনতে এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল ।

চলিত বৰ্ষৰ ১১ মাৰ্চত বেলুচিস্তান লিবাৰেচন আৰ্মীৰ বিদ্ৰোহীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল । সেই সময়ত ৰে’লত থকা ৪৪০ জন লোকৰ ভিতৰত ২১ জন সাধাৰণ নাগৰিক আৰু ৪ জন পাকিস্তানী সৈন্যই প্ৰাণ হেৰুৱাইছিল । সন্ত্ৰাসবাদীয়ে প্ৰথমে ইঞ্জিনৰ তলত বিস্ফোৰক স্থাপন কৰি ৰে’লখন ৰখাই দিয়ে, তাৰ পিছত অস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ চলাই যাত্ৰীসকলক পণবন্দী কৰি লৈ যায় ।

যদিও মঙলবাৰৰ বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই, তথাপিও ইয়াক পূৰ্বৰ পৰিঘটনাৰ সৈতে জড়িত কৰা হৈছে । বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ মাৰ্চ মাহৰ কাণ্ডৰ ‘প্ৰতিধ্বনি’ হ’ব পাৰে আৰু বি এল এই পুনৰ ৰে’ল নেটৱৰ্কক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা শক্তিশালী হৈছে । কিন্তু এই ঘটনা বেলুচিস্তানৰ বাহিৰত সংঘটিত হৈছে, গতিকে আন কোনো সংগঠনে হয়তো ইয়াক লক্ষ্য কৰি লোৱাটো সম্ভৱ হ’ব পাৰে ।

লগতে পঢ়ক : মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ