দমন, নিষ্ঠুৰতাৰ ইতিহাস জগত বিখ্যাত : বেলুচিস্তানক লৈ পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

বেলুচিস্তানক লৈ পাকিস্তানে উত্থাপন কৰা অভিযোগৰ চোকা প্ৰত্যুত্তৰ দিছে ভাৰতে । এয়া পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল বুলি অভিহিত কৰিছে ভাৰতে ।

বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আছে বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভাৰতে দেওবাৰে কঠোৰভাৱে নাকচ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰি কয় যে এয়া হৈছে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল ।

পাকিস্তানৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে, “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আমি সম্পূৰ্ণৰূপে নাকচ কৰিছো । এইবোৰ পাকিস্তানে নিজৰ আভ্যন্তৰীণ সমস্যাৰ পৰা মনোযোগ আঁতৰোৱাৰ বহু বৰ্ষ ধৰি ব্যৱহাৰ কৰি অহা কৌশলৰ বাহিৰে আন একো নহয় ।”

ৰণধীৰ জয়ছোৱালে কয় যে প্ৰতিবাৰে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত এনে ভিত্তিহীন অভিযোগৰ পুনৰাবৃত্তি কৰাৰ পৰিৱৰ্তে পাকিস্তানে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । পাকিস্তানৰ অভিলেখৰ উদ্ধৃতি দি জয়ছোৱালে কয় যে দেশখনৰ দমন, নৃশংসতা, মানৱ অধিকাৰ উলংঘাৰ ইতিহাস সকলোৰে পৰিচিত ।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ এই প্ৰতিক্ৰিয়া পাকিস্তান সেনাবাহিনীৰ দাবীৰ পিছত প্ৰকাশ পাইছে, য’ত কোৱা হৈছিল যে ভাৰতে বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ প্ৰচেষ্টাত জড়িত সন্ত্ৰাসবাদী উপাদানক সমৰ্থন কৰিছে ।

লগতে পঢ়ক : ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ ! ৰে’লৱে ট্ৰেকত ভয়ংকৰ বিস্ফোৰণ

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ

এটাৰ পিছত আন এটা দুৰ্যোগে লগ এৰা নাই পাকিস্তানক । বেলুচিস্তানৰ পিছত এইবাৰ পাকিস্তানৰ সিন্ধ প্ৰদেশত লক্ষ্য কৰি লোৱা হ’ল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে জেকোৱাবাদৰ মৱেশী বজাৰৰ সমীপত ৰে’লপথত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত জাফৰ এক্সপ্ৰেছৰ ছটা বগী ৰেলপথৰ পৰা লাইনচ্যুত হয় । বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । অৱশ্যে এই ঘটনাত কোনো প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা হোৱা নাই । বিস্ফোৰণৰ লগে লগে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । স্থানীয় প্ৰশাসনে ইয়াক সন্ত্ৰাস সম্পৰ্কীয় ষড়যন্ত্ৰ বুলি গণ্য কৰিছে, কাৰণ দুমাহ পূৰ্বে এই ৰে’লখনতে এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল ।

চলিত বৰ্ষৰ ১১ মাৰ্চত বেলুচিস্তান লিবাৰেচন আৰ্মীৰ বিদ্ৰোহীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল । সেই সময়ত ৰে’লত থকা ৪৪০ জন লোকৰ ভিতৰত ২১ জন সাধাৰণ নাগৰিক আৰু ৪ জন পাকিস্তানী সৈন্যই প্ৰাণ হেৰুৱাইছিল । সন্ত্ৰাসবাদীয়ে প্ৰথমে ইঞ্জিনৰ তলত বিস্ফোৰক স্থাপন কৰি ৰে’লখন ৰখাই দিয়ে, তাৰ পিছত অস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ চলাই যাত্ৰীসকলক পণবন্দী কৰি লৈ যায় ।

যদিও মঙলবাৰৰ বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই, তথাপিও ইয়াক পূৰ্বৰ পৰিঘটনাৰ সৈতে জড়িত কৰা হৈছে । বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ মাৰ্চ মাহৰ কাণ্ডৰ ‘প্ৰতিধ্বনি’ হ’ব পাৰে আৰু বি এল এই পুনৰ ৰে’ল নেটৱৰ্কক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা শক্তিশালী হৈছে । কিন্তু এই ঘটনা বেলুচিস্তানৰ বাহিৰত সংঘটিত হৈছে, গতিকে আন কোনো সংগঠনে হয়তো ইয়াক লক্ষ্য কৰি লোৱাটো সম্ভৱ হ’ব পাৰে ।

লগতে পঢ়ক : মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ

পাকিস্তানৰ বেলুচিস্তানত ভয়ংকৰ বোমা বিস্ফোৰণ; ৪ জনৰ মৃত্যু

পাকিস্তানৰ অশান্ত বেলুচিস্তান প্ৰদেশৰ এখন বজাৰৰ সমীপত এক ভংয়কৰ বোমা বিস্ফোৰণ সংঘটিত হৈছে। এই বোমা বিস্ফোৰণত চাৰিজন লোক নিহত হোৱাৰ লগতে ২০ জন আহত হয়।

জানিব পৰা মতে দেওবাৰে বেলুচিস্তানৰ কিল্লা আব্দুল্লাহ জিলাৰ জব্বাৰ মাৰ্কেটৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণ, যাৰ বাবে বহু অট্টালিকাৰ যথেষ্ট ক্ষতিসাধন হয়।

বিস্ফোৰণটোৰ পিছত অঞ্চলজুৰি আতংক বিয়পি পৰে। বিস্ফোৰণৰ পিছত কেইবাখনো দোকান ভাঙি পৰাৰ লগতে বহু প্ৰতিষ্ঠানত জুইত জাঁহ যায়।  

এই বজাৰখন ফ্ৰন্টিয়াৰ কৰ্পছ (এফ চি) দুৰ্গৰ পিছফালৰ বেৰৰ ওচৰত আছিল। বিস্ফোৰণৰ পিছতে অচিনাক্ত আক্ৰমণকাৰী আৰু এফ চিৰ জোৱানৰ মাজত গুলীচালনাও সংঘটিত হয়। বিস্ফোৰণৰ পিছত কৰ্তৃপক্ষই অঞ্চলটো ছীল কৰি অনুসন্ধান আৰম্ভ কৰিছে।

‘বেলুচিস্তান এতিয়া PAKৰ অংশ নহয়, আমি এতিয়া স্বাধীন…’; বেলুচ নেতাই ঘোষণা কৰিলে স্বাধীনতা

বেলুচ নেতা মিৰ য়াৰ বালোচে বুধবাৰে আনুষ্ঠানিকভাৱে পাকিস্তানৰ পৰা বেলুচিস্তানৰ স্বাধীনতা ঘোষণা কৰে। তেওঁ দশক দশক ধৰি চলি অহা হিংসাৰ বৰ্ণনা কৰিছে, ইয়াৰ কাৰণ হিচাপে হঠাৎ নিৰুদ্দেশ হোৱা আৰু মানৱ অধিকাৰ উলংঘাৰ কথা উল্লেখ কৰা হৈছে।

এক্সত এটা পোষ্টত তেওঁ লিছিছে যে বেলুচিস্তানৰ জনসাধাৰণে নিজৰ জাতীয় সিদ্ধান্ত লৈছে আৰু বিশ্বই এতিয়া মৌন হৈ থকা উচিত নহয়।সেয়ে ভাৰতকে ধৰি আন্তৰাষ্ট্ৰীয় সমাজৰ পৰা তেওঁ সমৰ্থনৰ বাবে আবেদন জনাইছে।

মিৰ ইয়াৰ বালোচে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক আবেগিক আবেদনত লিখিছে তোমাক হত্যা কৰা হ’ব, কিন্তু আমি ওলাই যাম, কাৰণ আমি বংশবৃদ্ধি বচাবলৈ ওলাই আহিছো, আহক আমাক সহায় কৰক।

তেওঁ আৰু কয় যে পাকিস্তান অধিগ্ৰহণ কৰা বেলুচিস্তানত বেলুচ লোক ৰাজপথত আছে আৰু এইটোৱেই তেওঁলোকৰ সিদ্ধান্ত যে বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয় আৰু পৃথিৱীখন আৰু বোবা দৰ্শক হৈ থাকিব নোৱাৰে।

মিৰ য়াৰ বালোচে ভাৰতীয় সংবাদ মাধ্যম, ইউটিউবাৰ আৰু বুদ্ধিজীৱীসকলক বেলুচক ‘পাকিস্তানৰ নিজৰ মানুহ’ বুলি কোৱা বন্ধ কৰিবলৈ আহ্বান জনায়।

তেওঁ ক’লে যে আমি বেলুচি, পাকিস্তানী নহয়।বেলুচ নেতাই কয় ‘পাকিস্তানৰ নিজৰ মানুহ পাঞ্জাবী হয়, যিয়ে কেতিয়াও আকাশী বোমাবৰ্ষণ, বলপূৰ্বক নিৰুদ্দেশ আৰু গণহত্যাৰ সন্মুখীন হোৱা নাছিল।’

২৪ ঘণ্টাত পাকিস্তানী সেনাৰ ওপৰত বেলুচ বিদ্ৰোহীৰ দ্বিতীয়টো আক্ৰমণ… ৭ জোৱানক হত্যাৰ দাবী

ভূতৰ ওপৰত দানহ পৰাদি পাকিস্তানী সেনাৰ ওপৰত পুনৰ আক্ৰমণ কৰিছে বেলুচ বিদ্ৰোহীয়ে । বিগত ২৪ ঘন্টাত পাকিস্তান সেনাবাহিনীৰ ওপৰত বেলুচৰ দ্বাৰা এয়া দ্বিতীয়টো বৃহৎ আক্ৰমণ, য’ত ৭ জন জোৱান নিহত হোৱাৰ দাবী কৰা হৈছে ।

এই আক্ৰমণ বোলানৰ মাচকুণ্ডত সংঘটিত হয় । বেলুচ লিবাৰেচন আৰ্মীৰ বিশেষ কৌশলগত অভিযান স্কোৱাডে পাকিস্তানী সেনাৰ এখন বাহনক লক্ষ্য কৰি আক্ৰমণ কৰে । ৰিম’ট ব্যৱহাৰ কৰি উৰুৱাই দিয়া হয় পাকিস্তানী সেনাৰ বাহনখন ।

পাকিস্তানী সেনাই সামৰিক অভিযানৰ বাবে সাজু হৈ থকাৰ সময়তে এই আক্ৰমণ সংঘটিত হয় । এই আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যু হোৱা বুলি দাবী কৰা হৈছে ।

ইয়াৰ পূৰ্বেও বি এল এয়ে পাকিস্তানী সেনাক আক্ৰমণ কৰিছিল, য’ত বহু পাকিস্তানী সৈনিক নিহত হৈছিল । এই আক্ৰমণত কেচ জিলাৰ কিলাগ অঞ্চলত পাকিস্তানী সেনাৰ এটা দলক লক্ষ্য কৰি লোৱা হয় ।

বেলুচিস্তান সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বাহিদ খাকান আব্বাছীয়ে কয় যে বেলুচিস্তান বনৰীয়া ঘোঁৰাৰ দৰে, যাৰ ওপৰত পাকিস্তানৰ কোনো নিয়ন্ত্ৰণ নাই আৰু ৰাতি ই আৰু অধিক বন্য হৈ পৰে ।

বেলুচিস্তানত বিএলএৰ বৃহৎ আক্ৰমণ;  আই ই ডি বিস্ফোৰণত ১০ জন পাকিস্তানী জোৱান নিহত

বেলুচিস্তানত পাকিস্তানী সেনাবাহিনীৰ ওপৰত বৃহৎ আক্ৰমণ কৰিছে। বেলুচ লিবাৰেচন আৰ্মীয়ে দাবী কৰিছে যে কুৱেটাৰ সমীপৰ মাৰ্গাট অঞ্চলত পাকিস্তানী সেনাক আক্ৰমণ কৰাত ১০ জন জোৱানক নিহত হৈছে।

বিএলএৰ মতে, ৰিম’ট কণ্ট্ৰ’লড ইম্প্ৰভাইজড এক্সপ্ল’ছিভ ডিভাইচ (আইইডি)ৰ জৰিয়তে এই আক্ৰমণ সংঘটিত কৰা হৈছে, য’ত সেনাবাহিনীৰ বাহনখন সম্পূৰ্ণৰূপে ধ্বংস হয়।এই আক্ৰমণটোৰ দায়িত্ব স্বীকাৰ কৰিছে বেলুচ লিবাৰেচন আৰ্মীয়ে।  

এই অঞ্চলটো দীৰ্ঘদিন ধৰি বেলুচ বিদ্ৰোহীৰ কাৰ্যকলাপৰ কেন্দ্ৰবিন্দু হৈ আহিছে।বৰ্তমান এই আক্ৰমণ সন্দৰ্ভত পাকিস্তানী সেনাই কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।

বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বিগত কেইবাবছৰ ধৰি বেলুচ লিবাৰেচন আৰ্মীয়ে সশস্ত্ৰ সংগ্ৰাম চলাই আহিছে।

পাকিস্তানত কিছুদিনৰ পৰা অবিৰতভাৱে সন্ত্ৰাসবাদী আক্ৰমণ চলি আছে।যোৱা মাহত কুৱেটাৰ পৰা টাফটানলৈ যোৱা সেনাৰ কনভয়ত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছিল, য’ত ৭ জন জোৱান নিহত আৰু ২১ জন আহত হয়।

এই আক্ৰমণৰ দায়িত্ব লৈ বেলুচ লিবাৰেচন আৰ্মীয়ে (BLA) ৯০ জন পাকিস্তানী সৈনিকৰ মৃত্যুৰ দাবী কৰে।

ইয়াৰ পূৰ্বে ১১ মাৰ্চত কুৱেটাৰ পৰা পেছাৱৰলৈ যোৱা জাফৰ এক্সপ্ৰেছ বিএলএ বিদ্ৰোহীয়ে অপহৰণ কৰিছিল।