দমন, নিষ্ঠুৰতাৰ ইতিহাস জগত বিখ্যাত : বেলুচিস্তানক লৈ পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

দমন, নিষ্ঠুৰতাৰ ইতিহাস জগত বিখ্যাত : বেলুচিস্তানক লৈ পাকিস্তানক কঠোৰ সমালোচনা ভাৰতৰ

বেলুচিস্তানক লৈ পাকিস্তানে উত্থাপন কৰা অভিযোগৰ চোকা প্ৰত্যুত্তৰ দিছে ভাৰতে । এয়া পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল বুলি অভিহিত কৰিছে ভাৰতে । বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আছে বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভাৰতে দেওবাৰে কঠোৰভাৱে নাকচ কৰে । বৈদেশিক

বেলুচিস্তানক লৈ পাকিস্তানে উত্থাপন কৰা অভিযোগৰ চোকা প্ৰত্যুত্তৰ দিছে ভাৰতে । এয়া পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল বুলি অভিহিত কৰিছে ভাৰতে ।

বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকা আছে বুলি পাকিস্তানে উত্থাপন কৰা অভিযোগ ভাৰতে দেওবাৰে কঠোৰভাৱে নাকচ কৰে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগসমূহক ভিত্তিহীন বুলি অভিহিত কৰি কয় যে এয়া হৈছে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতাৰ পৰা মনোযোগ আঁতৰোৱাৰ পুৰণি কৌশল ।

পাকিস্তানৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছোৱালে কয় যে, “পাকিস্তানে কৰা ভিত্তিহীন অভিযোগ আমি সম্পূৰ্ণৰূপে নাকচ কৰিছো । এইবোৰ পাকিস্তানে নিজৰ আভ্যন্তৰীণ সমস্যাৰ পৰা মনোযোগ আঁতৰোৱাৰ বহু বৰ্ষ ধৰি ব্যৱহাৰ কৰি অহা কৌশলৰ বাহিৰে আন একো নহয় ।”

ৰণধীৰ জয়ছোৱালে কয় যে প্ৰতিবাৰে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ সময়ত এনে ভিত্তিহীন অভিযোগৰ পুনৰাবৃত্তি কৰাৰ পৰিৱৰ্তে পাকিস্তানে অঞ্চলটোৰ জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবীসমূহৰ প্ৰতি লক্ষ্য ৰাখিব লাগে । পাকিস্তানৰ অভিলেখৰ উদ্ধৃতি দি জয়ছোৱালে কয় যে দেশখনৰ দমন, নৃশংসতা, মানৱ অধিকাৰ উলংঘাৰ ইতিহাস সকলোৰে পৰিচিত ।

ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ এই প্ৰতিক্ৰিয়া পাকিস্তান সেনাবাহিনীৰ দাবীৰ পিছত প্ৰকাশ পাইছে, য’ত কোৱা হৈছিল যে ভাৰতে বেলুচিস্তানৰ শান্তি বিঘ্নিত কৰাৰ প্ৰচেষ্টাত জড়িত সন্ত্ৰাসবাদী উপাদানক সমৰ্থন কৰিছে ।

লগতে পঢ়ক : ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!