ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

ইৰাণৰ পৰা নহয়, ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ভাৰতেঃ ড’নাল্ড ট্ৰাম্পৰ দাবী!

ভাৰতে এতিয়া ইৰাণৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । ট্ৰাম্পে কয় যে চীনেও আমেৰিকাৰ সৈতে তেলৰ বাবে চুক্তি কৰিব পাৰে । আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খাৰুৱা তেলক লৈ বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াই আহিছে । শেহতীয়াকৈ ট্ৰাম্পে দাবী

ভাৰতে এতিয়া ইৰাণৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব বুলি দাবী কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে । ট্ৰাম্পে কয় যে চীনেও আমেৰিকাৰ সৈতে তেলৰ বাবে চুক্তি কৰিব পাৰে ।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে খাৰুৱা তেলক লৈ বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়াই আহিছে । শেহতীয়াকৈ ট্ৰাম্পে দাবী কৰিছে যে ভাৰতে এতিয়া ইৰাণৰ পৰিৱৰ্তে ভেনিজুৱেলাৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব । ট্ৰাম্পে কয় যে আমেৰিকাই ইতিমধ্যে এই সন্দৰ্ভত চুক্তিৰ ধাৰণা তৈয়াৰ কৰিছে ।

ইতিমধ্যে আমেৰিকাই ইৰাণৰ ওপৰত অসংখ্য নিষেধাজ্ঞা আৰোপ কৰিছে । এই নিষেধাজ্ঞা সমূহৰ বাবেই ভাৰতে দীৰ্ঘদিন ধৰি ইৰাণৰ পৰা বৃহৎ পৰিমাণত তেল ক্ৰয় কৰিব পৰা নাই । তদুপৰি এই নিষেধাজ্ঞা জাৰি কৰাৰ পূৰ্বে ইৰাণ ভাৰতৰ অন্যতম বৃহৎ খাৰুৱা তেলৰ যোগানকাৰী দেশ আছিল ।

এতিয়ালৈকে ভাৰতে তেলৰ প্ৰয়োজনীয়তাৰ মূল অংশ ইৰাণৰ পৰা ক্ৰয় কৰি আহিছিল । ইয়াৰ কেইবাটাও কাৰণ আছে : ইৰাণৰ তেল সস্তা আছিল আৰু ভাৰতৰ শোধনাগাৰ ব্যৱস্থাৰ সৈতে সামঞ্জস্যপূৰ্ণ আছিল ।

তেল ক্ৰয়ক লৈ কি ক’লে ট্ৰাম্পে ?

ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি ড’নাল্ড ট্ৰাম্পে শনিবাৰে তেল ক্ৰয় সন্দৰ্ভত এই মন্তব্য কৰে । ৱাশ্বিংটন ডি চিৰ পৰা ফ্ল’ৰিডালৈ যোৱাৰ সময়ত তেওঁ এয়াৰ ফৰ্চ ৱানত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে । ট্ৰাম্পে কয় যে চীনে আমেৰিকাৰ সৈতেও তেলৰ বাবে চুক্তি কৰিব পাৰে । ভাৰতেও এতিয়া ইৰাণৰ সলনি ভেনিজুৱেলাৰ পৰা তেল ক্ৰয় কৰিব ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত ট্ৰাম্পে দাবী কৰিছিল যে আমেৰিকাই এতিয়া ভেনিজুৱেলাত ক্ষমতা দখল কৰিছে । গ্ৰেপ্তাৰ হোৱা ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ ঠাইত ডেলচি ৰড্ৰিগোজক অন্তৱৰ্তীকালীন নেতা হিচাপে থাকিবলৈ দিয়া হৈছে বুলিও তেওঁ কয় । ৰড্ৰিগোজে আমেৰিকাৰ সকলো চৰ্ত মানি চলিব বাবে তেওঁক এই পদ দিয়া হৈছে বুলিও কয় ট্ৰাম্পে ।

লগতে পঢ়ক : ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি ইৰাণৰ; পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটী