ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি ইৰাণৰ; পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটী

ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি ইৰাণৰ; পুনৰ নিৰ্মাণ কৰিলে পাৰমাণৱিক ঘাটী

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সকীয়নিৰ পিছতো পিছুৱাই যোৱা নাই ইৰাণ । ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি দেখুৱাই ইৰানে পুনৰ নিৰ্মাণ কৰিছে পাৰমাণৱিক ঘাটী । ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী বিমান আক্ৰমণৰ পিছত ইৰাণৰ পাৰমাণৱিক স্থানসমূহত গতিবিধি পুনৰ স্পষ্ট হৈ পৰিছে । শেহতীয়া উপগ্ৰহযোগে লোৱা ছবিসমূহে দেখুৱাইছে যে ইৰাণে

মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সকীয়নিৰ পিছতো পিছুৱাই যোৱা নাই ইৰাণ । ট্ৰাম্পৰ সকীয়নিক বুঢ়া আঙুলি দেখুৱাই ইৰানে পুনৰ নিৰ্মাণ কৰিছে পাৰমাণৱিক ঘাটী ।

ইজৰাইল আৰু আমেৰিকাৰ বিধ্বংসী বিমান আক্ৰমণৰ পিছত ইৰাণৰ পাৰমাণৱিক স্থানসমূহত গতিবিধি পুনৰ স্পষ্ট হৈ পৰিছে । শেহতীয়া উপগ্ৰহযোগে লোৱা ছবিসমূহে দেখুৱাইছে যে ইৰাণে নিজৰ দুটা প্ৰধান পাৰমাণৱিক কেন্দ্ৰ ইছফাহান আৰু নাটাঞ্জত নতুন নিৰ্মাণ কৰিছে আৰু ক্ষতিগ্ৰস্ত গঠনসমূহৰ ওপৰত আৱৰণ ৰাখিছে ।

শেহতীয়াকৈ প্ৰকাশ কৰা উপগ্ৰহ ছবিয়ে তেহৰানে আক্ৰমণৰ পিছত ৰক্ষা পৰা স্পৰ্শকাতৰ পাৰমাণৱিক সম্পদ লুকুৱাবলৈ বা উদ্ধাৰৰ চেষ্টা কৰিব পাৰে বুলি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ উদ্বেগ বৃদ্ধি কৰিছে । যোৱা বছৰৰ জুন মাহত ইজৰাইল আৰু ইৰাণৰ মাজত ১২ দিনীয়া যুদ্ধৰ পিছত যিকোনো বোমা আক্ৰমণ কৰা পাৰমাণৱিক স্থানত দেখা পোৱা এইটোৱেই হৈছে প্ৰথমটো বৃহৎ নিৰ্মাণ কাৰ্য ।

উপগ্ৰহৰ নিৰীক্ষণক ঢাকি ৰখাৰ প্ৰয়াস!

নতুন নিৰ্মাণৰ বাবে উপগ্ৰহসমূৰ স্থলভাগৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাত অসুবিধাৰ সৃষ্টি কৰিছে । বিশেষকৈ ইৰাণে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ পৰিদৰ্শকক দেশখনত প্ৰৱেশৰ অনুমতি দিয়া নাই । দূৰৱৰ্তী নিৰীক্ষণেই হৈছে এই ক্ষেত্ৰত নিৰীক্ষণৰ একমাত্ৰ উপায় ।

বিশেষজ্ঞসকলৰ মতে শেহতীয়া এই গঠনৰ উদ্দেশ্য নতুন পাৰমাণৱিক নিৰ্মানৰ সুবিধাতকৈ ধ্বংসাৱশেষৰ তলত পোত খাই থকা স্পৰ্শকাতৰ সঁজুলি আৰু ইউৰেনিয়ামৰ মজুত উদ্ধাৰ কৰাৰ বাবে হ’ব পাৰে । ফাউণ্ডেশ্যন ফৰ ডিফেন্স অৱ ডেম’ক্ৰেচিছৰ আন্দ্ৰেয়া ষ্ট্ৰিকাৰৰ মতে ইৰানে নিশ্চিত কৰিব বিচাৰে যে ইজৰাইল আৰু আমেৰিকাই তেওঁলোকৰ আক্ৰমণৰ পৰা কি কি ৰক্ষা পৰিল সেয়া যাতে চাব নোৱাৰে তাৰ বাবে এই নিৰ্মাণ কৰা হৈছে ।

দ্ৰুতগতিত চলিছে মিছাইল কাৰ্যসূচীৰ কাম-

উপগ্ৰহৰ ছবিয়ে দেখুৱাইছে যে ইৰানে নিজৰ বেলিষ্টিক মিছাইল কাৰ্যসূচীৰ সৈতে জড়িত স্থানসমূহত পুনৰ কাম আৰম্ভ কৰিছে । তেহৰাণৰ ওচৰৰ পাৰ্চিন সামৰিক কমপ্লেক্সত থকা “তালেঘান-২” নামৰ এই স্থানটো পুনৰ নিৰ্মাণ কৰা হৈছে, যিটো পূৰ্বতে পাৰমাণৱিক অস্ত্ৰৰ বিস্ফোৰক পৰীক্ষাৰ সৈতে জড়িত আছিল । বিশ্লেষকসকলে কয় যে ছাইটটোক অধিক শক্তিশালী আৰু আক্ৰমণৰ প্ৰতিৰোধী কৰি তোলা হৈছে ।

ইফালে দেশজুৰি প্ৰতিবাদৰ বিৰুদ্ধে তেহৰানে কৰা হিংসাত্মক দমনৰ উদ্ধৃতি দি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ সামৰিক আক্ৰমণৰ পৰা হাত সাৰিবলৈ ইৰাণক নিজৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ চুক্তিবদ্ধ হ’বলৈ বাৰে বাৰে আহ্বান জনাইছে । আমেৰিকাই মধ্যপ্ৰাচ্যলৈ প্ৰেৰণ কৰিছে বিমানবাহী জাহাজ ইউ এছ এছ আব্ৰাহাম লিংকন আৰু কেইবাখনো গাইডেড-মিছাইল যুদ্ধ জাহাজ ।

ইৰাণে ধাৰাবাহিকভাৱে কৈ আহিছে যে তেওঁলোকৰ পাৰমাণৱিক কাৰ্যসূচী সম্পূৰ্ণ শান্তিপূৰ্ণ । কিন্তু পশ্চিমীয়া দেশ আৰু আই এ ই এয়ে কয় যে ইৰাণৰ ২০০৩ চনলৈকে পদ্ধতিগত পাৰমাণৱিক অস্ত্ৰৰ কাৰ্যসূচী আছিল আৰু এতিয়াও ইৰাণৰ হাতত বোমা নিৰ্মাণৰ কাৰিকৰী ক্ষমতা আছে ।

লগতে পঢ়ক : শান্তি আৰু নিৰাপত্তা দিয়াত ব্যৰ্থ ৰাষ্ট্ৰসংঘ; বিশ্ব সংস্থাক লৈ ভাৰতৰ বিস্ফোৰক মন্তব্য