পুনৰ জাফৰ এক্সপ্ৰেছত আক্ৰমণ বেলুচ বিদ্ৰোহীৰ; পাকিস্তানী সৈনিক নিহত

জাফৰ এক্সপ্ৰেছত আক্ৰমণ বেলুচ বিদ্ৰোহীৰ

পাকিস্তানৰ বেলুচ বিদ্ৰোহীয়ে পুনৰবাৰ জাফৰ এক্সপ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । মঙলবাৰে বেলুচিস্তান ৰিপাব্লিকান গাৰ্ডে দাবী কৰে যে তেওঁলোকে জাফৰ এক্সপ্ৰেছক লক্ষ্য কৰি ৰেলখনৰ কেইবাটাও ডবাক আই ই ডি বিস্ফোৰণৰ সহায়ত লাইনচ্যুত কৰে । পাকিস্তানৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শিকাৰপুৰ আৰু জেকবাবাদৰ মাজত অৱস্থিত চুলতান কোট অঞ্চলত এই আক্ৰমণ সংঘটিত হয় । বেলুচিস্তানে স্বাধীনতা নোপোৱালৈকে এনেধৰণৰ আক্ৰমণ অব্যাহত থাকিব বুলি ঘোষণা কৰিছে বি আৰ জিয়ে ।

ৰিম’ট নিয়ন্ত্ৰিত আই ই ডি বিস্ফোৰণেৰে এই আক্ৰমণ সংঘটিত কৰে বিদ্ৰোহীয়ে । এই বিস্ফোৰণ ইমানেই শক্তিশালী আছিল যে কেইবাটাও ৰে’লৰ ডবা লাইনচ্যুত হয় । বিদ্ৰোহীসকলে দাবী কৰিছে যে কেইবাজনো পাকিস্তানী জোৱানে জাফৰ এক্সপ্ৰেছত যাত্ৰা কৰি আছিল আৰু তেওঁলোকক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰা হয় । এই আক্ৰমণত কেইবাজনো পাকিস্তানী জোৱান নিহত হোৱাৰ লগতে বহু লোক আহত হয় । বেলুচ বিদ্ৰোহীয়ে দাবী কৰিছে যে এই আক্ৰমণত ছটা ৰে’লৰ ডবা লাইনচ্যুত হয় ।

লগতে পঢ়ক : কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; লৰেন্স বিষ্ণোই গেঙে ললে দায়িত্ব

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ ! ৰে’লৱে ট্ৰেকত ভয়ংকৰ বিস্ফোৰণ

বেলুচিস্তানৰ পিছত এইবাৰ সিন্ধত জাফৰ এক্সপ্ৰেছত আক্ৰমণ

এটাৰ পিছত আন এটা দুৰ্যোগে লগ এৰা নাই পাকিস্তানক । বেলুচিস্তানৰ পিছত এইবাৰ পাকিস্তানৰ সিন্ধ প্ৰদেশত লক্ষ্য কৰি লোৱা হ’ল জাফৰ এক্সপ্ৰেছ । মঙলবাৰে জেকোৱাবাদৰ মৱেশী বজাৰৰ সমীপত ৰে’লপথত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়, যাৰ ফলত জাফৰ এক্সপ্ৰেছৰ ছটা বগী ৰেলপথৰ পৰা লাইনচ্যুত হয় । বিস্ফোৰণ সংঘটিত হোৱাৰ লগে লগে যাত্ৰীসকলৰ মাজত হাহাকাৰ লাগে । অৱশ্যে এই ঘটনাত কোনো প্ৰাণ বা সা-সম্পত্তিৰ ক্ষতি হোৱাৰ তথ্য লাভ কৰা হোৱা নাই । বিস্ফোৰণৰ লগে লগে আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰে । স্থানীয় প্ৰশাসনে ইয়াক সন্ত্ৰাস সম্পৰ্কীয় ষড়যন্ত্ৰ বুলি গণ্য কৰিছে, কাৰণ দুমাহ পূৰ্বে এই ৰে’লখনতে এক ভয়ংকৰ আক্ৰমণ সংঘটিত হৈছিল ।

চলিত বৰ্ষৰ ১১ মাৰ্চত বেলুচিস্তান লিবাৰেচন আৰ্মীৰ বিদ্ৰোহীয়ে জাফৰ এক্সপ্ৰেছ অপহৰণ কৰিছিল । সেই সময়ত ৰে’লত থকা ৪৪০ জন লোকৰ ভিতৰত ২১ জন সাধাৰণ নাগৰিক আৰু ৪ জন পাকিস্তানী সৈন্যই প্ৰাণ হেৰুৱাইছিল । সন্ত্ৰাসবাদীয়ে প্ৰথমে ইঞ্জিনৰ তলত বিস্ফোৰক স্থাপন কৰি ৰে’লখন ৰখাই দিয়ে, তাৰ পিছত অস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণ চলাই যাত্ৰীসকলক পণবন্দী কৰি লৈ যায় ।

যদিও মঙলবাৰৰ বিস্ফোৰণৰ দায়িত্ব কোনেও স্বীকাৰ কৰা নাই, তথাপিও ইয়াক পূৰ্বৰ পৰিঘটনাৰ সৈতে জড়িত কৰা হৈছে । বিশেষজ্ঞসকলৰ মতে এই আক্ৰমণ মাৰ্চ মাহৰ কাণ্ডৰ ‘প্ৰতিধ্বনি’ হ’ব পাৰে আৰু বি এল এই পুনৰ ৰে’ল নেটৱৰ্কক লক্ষ্য কৰি লোৱাৰ সম্ভাৱনা শক্তিশালী হৈছে । কিন্তু এই ঘটনা বেলুচিস্তানৰ বাহিৰত সংঘটিত হৈছে, গতিকে আন কোনো সংগঠনে হয়তো ইয়াক লক্ষ্য কৰি লোৱাটো সম্ভৱ হ’ব পাৰে ।

লগতে পঢ়ক : মোছাদৰ মুখ্য কাৰ্যালয়ত আক্ৰমণৰ দাবী ইৰাণৰ