কানাডা

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; লৰেন্স বিষ্ণোই গেঙে ললে দায়িত্ব

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নেটৱৰ্কে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিলে। দেওবাৰে গভীৰ নিশা কানাডাৰ তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা গুলীচালনাৰ দায়িত্ব ছ’চিয়েল মিডিয়াত স্বীকাৰ কৰিছে বিষ্ণোই চক্ৰটোৱে। গেংটোৱে কৰা পোষ্টটোত লিখা আছে যে “দ্বিতীয় ৰেটৰ ব্যৱসায়” অৰ্থাৎ অবৈধ ব্যৱসায়ৰ

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা

কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নেটৱৰ্কে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিলে। দেওবাৰে গভীৰ নিশা কানাডাৰ তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা গুলীচালনাৰ দায়িত্ব ছ’চিয়েল মিডিয়াত স্বীকাৰ কৰিছে বিষ্ণোই চক্ৰটোৱে।

গেংটোৱে কৰা পোষ্টটোত লিখা আছে যে “দ্বিতীয় ৰেটৰ ব্যৱসায়” অৰ্থাৎ অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলৰ পৰা ধন দাবী কৰা হয়, কঠোৰ পৰিশ্ৰম কৰাসকলৰ পৰা নহয়।

বিষ্ণোই গেঙৰ হৈ পৰ্তুগালত বাস কৰা ফাতেহ পৰ্তুগালে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে।তেওঁ ছ’চিয়েল মিডিয়াত এই গুলীচালনাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত এজন শ্বুটাৰে অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰা দেখিবলৈ পোৱা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।অৱশ্যে গুলীচালনাত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।

লগতে পঢ়ক: ‘ভাৰত শান্তিৰ সৈতে আছে’;ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

শেহতীয়া প্ৰৱন্ধসমূহ