‘১০ কোটি দিয়ক নহ’লে সমাধিস্থ কৰা হ’ব…’; কণ্ঠশিল্পী বি প্ৰাকক লৰেন্স গেঙৰ ভাবুকি

জনপ্ৰিয় কণ্ঠশিল্পী বি প্ৰাক আৰু দিলনূৰে মৃত্যুৰ ভাবুকি লাভ কৰিছে।লৰেন্স বিষ্ণোই গেঙে ১০ কোটি টকাৰ দাবী জনাইছে।

কণ্ঠশিল্পী বি প্ৰাকক লৈ এটা ডাঙৰ খবৰ পোহৰলৈ আহিছে।লৰেন্স বিষ্ণোই গেঙে কণ্ঠশিল্পী বি প্ৰাকক ভাবুকি দি দহ কোটি টকা দাবী জনাইছে।৬ জানুৱাৰীৰ বিয়লি পাঞ্জাবী গায়ক দিলনূৰলৈ প্ৰেৰণ কৰা হয় এটা অডিঅ’ ৰেকৰ্ডিং।

ইয়াৰ পূৰ্বে ৫ জানুৱাৰীত দিলনূৰক দুবাৰকৈ ফোন কৰা হৈছিল।কিন্তু দিলনূৰে ফোনটো লোৱা নাছিল, ৬ জানুৱাৰীতো বিদেশী নম্বৰৰ পৰা ফোন কৰা হৈছিল।

বি প্ৰাকক ভাবুকি দি ফোন কৰাজনে নিজকে অৰ্জু বিষ্ণোই বুলি পৰিচয় দিয়ে।লৰেন্স বিষ্ণোই গেঙৰ অন্তৰ্গত অৰ্জু বিষ্ণোই বিদেশত আত্মগোপন কৰি আছে। ফোনত ভাবুকি দি কৈছিল,মই অৰ্জু বিষ্ণোৱে কৈছো।

তেওঁ বি প্ৰাকক মেছেজ কৰক যে তেওঁলোকক ১০ কোটি টকা লাগে।তোৰ হাতত এসপ্তাহৰ সময় আছে।যি দেশলৈকে গুচি নাযায় কিয়,বি প্ৰাকৰ ওচৰত থকা সকলকো ক্ষতি কৰিম।আৰু এইটোক ভুৱা ফোন বুলি ভুল নকৰিব। যদি কাম হয়, ঠিকেই আছে, নহ’লে মাটিত মিলাই দিম।

ভাবুকি লাভ কৰাৰ পিছতে বি প্ৰাকে আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে।ঘটনাটোক লৈ তদন্ত কৰি থকা হৈছে।  

লগতে পঢ়ক:কাৰ্তিক আৰ্য়নে দিলে ‘তু মেৰী, মই তেৰা’ৰ ব্যৰ্থতাৰ ক্ষতিপূৰণ; উভতালে ১৫ কোটি টকা

১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক; ৩৫টাতকৈও অধিক হত্যাকাণ্ডৰ সৈতে আছে সংযোগ

১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক

আমেৰিকাৰ পৰা ভাৰতলৈ অনা হ’ল কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণোইক।ভাৰতত অৱতৰণ কৰাৰ লগে লগে NIA আৰু দিল্লী আৰক্ষীৰ বিশেষ দলে আনমোল বিষ্ণোইক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।য’ৰ পৰা তেওঁক ১১ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰাহুল ত্যাগীয়ে কয় যে এন আই এয়ে আদালতত কয় যে আনমোল সন্ত্ৰাসবাদী আৰু অপৰাধীৰ নেক্সছৰ গুৰুত্বপূৰ্ণ সদস্য।

গেংষ্টাৰ ছিণ্ডিকেটৰ সৈতে জড়িত মূল্যৱান তথ্য তেওঁৰ হাতত আছে। সেয়ে এতিয়া এন আই এয়ে অনমোল বিষ্ণোইক জেৰা কৰি গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব।

এনআইএই আদালতৰ সন্মুখত যুক্তি দিছিল যে আনমোলৰ জিম্মাত লৈ জেৰা চলোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ,কিয়নো তেওঁৰ বিৰুদ্ধে ৩৫টাতকৈও অধিক হত্যাকাণ্ড, ২০টাতকৈও অধিক অপহৰণৰ গোচৰ, ধন দাবীৰ গোচৰ, ভাবুকি আৰু হিংসাৰ গোচৰত প্ৰত্যক্ষভাৱে জড়িত থকাৰ শক্তিশালী প্ৰমাণ পোৱা গৈছে।

এন আই এয়ে আদালতত কয় যে আনমোল বিষ্ণোয় এটা অপৰাধী-সন্ত্ৰাসবাদী ছিণ্ডিকেটৰ অংশ আছিল যিয়ে আগতে দেশৰ ভিতৰৰ পৰা, বিদেশৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰিছিল,যুৱক-যুৱতীক নিযুক্তি দিছিল, বিশিষ্ট লোকক লক্ষ্য কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি সন্ত্ৰাস বিয়পাইছিল।

লগতে পঢ়ক: এনকাউন্টাৰত ধৰাশায়ী মষ্ট ৱান্টেড মাওবাদী… সংঘটিত কৰিছিল ২৬টাতকৈ ভয়ংকৰ কূটাঘাত

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; লৰেন্স বিষ্ণোই গেঙে ললে দায়িত্ব

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা

কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নেটৱৰ্কে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিলে। দেওবাৰে গভীৰ নিশা কানাডাৰ তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা গুলীচালনাৰ দায়িত্ব ছ’চিয়েল মিডিয়াত স্বীকাৰ কৰিছে বিষ্ণোই চক্ৰটোৱে।

গেংটোৱে কৰা পোষ্টটোত লিখা আছে যে “দ্বিতীয় ৰেটৰ ব্যৱসায়” অৰ্থাৎ অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলৰ পৰা ধন দাবী কৰা হয়, কঠোৰ পৰিশ্ৰম কৰাসকলৰ পৰা নহয়।

বিষ্ণোই গেঙৰ হৈ পৰ্তুগালত বাস কৰা ফাতেহ পৰ্তুগালে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে।তেওঁ ছ’চিয়েল মিডিয়াত এই গুলীচালনাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত এজন শ্বুটাৰে অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰা দেখিবলৈ পোৱা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।অৱশ্যে গুলীচালনাত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।

লগতে পঢ়ক: ‘ভাৰত শান্তিৰ সৈতে আছে’;ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

‘লৰেন্স বিষ্ণোই গেঙক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰক’; ডেনিয়েল স্মিথৰ দাবী

ডেনিয়েল স্মিথৰ দাবী

কানাডাৰ আলবাৰ্টা প্ৰদেশৰ প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰীৰ দৰে) ডেনিয়েল স্মিথে তাত থকা কেন্দ্ৰীয় চৰকাৰক কুখ্যাত লৰেন্স বিষ্ণোই গেংটোক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ লগে লগে ডেনিয়েল স্মিথে লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে এনে দাবী উত্থাপন কৰা কানাডাৰ নেতাৰ তালিকাত যোগদান কৰিছে।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ডেনিয়েলে কয় যে লৰেন্স বিষ্ণোই গেঙৰ প্ৰসাৰ “গোলকীয়, আৰু ইয়াৰ উদ্দেশ্য হৈছে অপৰাধমূলক আৰু হিংসাত্মক” আৰু ইয়াৰ কাৰ্য্যকলাপে “কোনো সীমা নাজানে আৰু কোনো সীমাক সন্মান নকৰে।”

ডেনিয়েল স্মিথে আৰু কয়, “লৰেন্স বিষ্ণোই গেংটো এটা আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক নেটৱৰ্ক হয় যি হিংসা, ধন দাবী, ড্ৰাগছ সৰবৰাহ আৰু লক্ষ্য কৰি হত্যাৰ বাবে দায়ী, আনকি ইয়াত কানাডাতো।ইয়াৰ প্ৰসাৰ বিশ্বব্যাপী, আৰু ইয়াৰ উদ্দেশ্য অপৰাধমূলক আৰু হিংসাত্মক।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিষ্ণোই গেংটোক আনুষ্ঠানিকভাৱে সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিলে ইয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ক্ষমতাসমূহ মুকলি কৰা হ’ব।

তেওঁ কয় যে প্ৰাদেশিক আৰু পৌৰসভা পৰ্যায়ৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহক (গেং) কাৰ্য্যকলাপত ফলপ্ৰসূভাৱে ব্যাঘাত জন্মাবলৈ আৰু আমাৰ জনসাধাৰণক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় সঁজুলি আৰু সম্পদসমূহ লাভ কৰিবলৈ অনুমতি দিয়া হ’ব”।

লগতে পঢ়ক: “ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ”; ভাৰত, চীন আৰু ব্ৰাজিলক সতৰ্কবাণী নাটোৰ

‘কপালত যিমান বয়স লিখা আছে সিমানেই থাকিম’ ; লৰেন্স বিষ্ণোইৰ পৰা পোৱা ভাবুকিক লৈ প্ৰথমবাৰলৈ মুখ খুলিলে ছলমান খানে

অৱশেষত লৰেন্স বিষ্ণোইৰ গেঙৰ পৰা পোৱা ভাবুকিৰ প্ৰতি মৌনতা ভংগ কৰিলে বলীউডৰ অভিনেতা ছলমান খানে।তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰৰ সময়ত নিজৰ হৃদয়ৰ কথা ক’লে অভিনেতা গৰাকীয়ে।

বিগত কিছু বছৰ অভিনেতা ছলমান খানৰ বাবে অতি কঠিন হৈ পৰিছে। ধাৰাবাহিকভাৱে তেওঁৰ জীৱনৰ বাবে লৰেন্স বিষ্ণোই গেঙৰ ভাবুকি আহিছে।

উল্লেখ্য যে যোৱা বছৰৰ ১৪ এপ্ৰিলত ছলমান খানৰ ঘৰৰ বাহিৰত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল।

তাৰ কেইমাহমানৰ পিছতে ছলমানৰ ঘনিষ্ঠ বন্ধু তথা এন চি পি নেতা বাবা ছিদ্দিকীকো হত্যা কৰা হয়। এই সকলোবোৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ছলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।

এতিয়া ছলমান খানে ধাৰাবাহিকভাৱে লাভ কৰা ভাবুকিৰ ওপৰত নিজৰ মৌনতা ভংগ কৰিছে। তেওঁৰ আগন্তুক ছবি চিকন্দৰৰ প্ৰচাৰ অনুষ্ঠানৰ সময়ত সাংবাদিকৰ সৈতে কথা পাতি তেওঁ মৃত্যুৰ ভাবুকিৰ বিষয়ে কয়।

ছলমান খানে কয় যে ভগৱান, আল্লাহ সকলো সমান, যি বয়স লিখা হৈছে সেয়া ইমানেই। অৰ্থাৎ ঈশ্বৰ, আল্লাহ, সকলো তেওঁৰ ওপৰতে নিৰ্ভৰশীল, যি বয়স লিখা হৈছে সেয়াই হ’ব।

নিৰাপত্তা বৃদ্ধিৰ প্ৰয়োজনীয়তাই সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ স্বীকাৰ কৰি তেওঁ কয় যে কেতিয়াবা ইমানবোৰ মানুহৰ সৈতে ঘূৰি ফুৰাটোৱেই সমস্যা হৈ পৰে।

উল্লেখ্য যে কিছুদিন পূৰ্বে অভিনেতা ছলমান খানৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ বান্দ্ৰা ঘৰ গেলাক্সি এপাৰ্টমেণ্টত কিছু কাম কৰা হৈছিল।সূত্ৰ অনুসৰি ঘৰৰ খিৰিকীতো বুলেট প্ৰুফ গ্লাছ লগোৱা হৈছে।

ইয়াৰ উপৰিও গেলাক্সিৰ চাৰিওফালে আৰু তেওঁৰ ঘৰৰ ওচৰত হাই টেক ছিকিউৰিটি চিষ্টেম স্থাপন কৰাৰ লগতে হাই ৰিজ’লিউচন চিচিটিভি কেমেৰাও স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও সমগ্ৰ এপাৰ্টমেণ্টটোৰ কাষে কাষে উচ্চ নিৰাপত্তাৰক্ষীৰ ট্ৰেচ স্থাপন কৰা হৈছে।

“বাবা ছিদ্দিকিৰ পূৰ্বে ছলমান খানক হত্যা কৰাৰ পৰিকল্পনা আছিল” , হত্যাকাৰীৰ বিস্ফোৰক মন্তব্য

বলীউডৰ অভিনেতা চলমান খানৰ বিষয়ে এক ভয়ংকৰ খবৰ পোহৰলৈ আহিছে।অভিনেতাজনৰ সমস্যাবোৰ দিনে দিনে বৃদ্ধি পাবলৈ ধৰিছে।

কেইমাহমান পূৰ্বে, এনচিপি নেতা আৰু চলমানৰ ঘনিষ্ঠ বন্ধু বাবা চিদ্দিকীক হত্যা কৰা হৈছিল।এতিয়া বাবা চিদ্দিকী হত্যাকাণ্ডৰ গোচৰত, এইটো প্ৰকাশ পাইছে যে চলমান খানক বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ পৰিকল্পনা আছিল। 

আৰক্ষীৰ জেৰাত অভিযুক্তজনে কৈছিল যে চলমান খানৰ নাম গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ হিটলিষ্টত আছিল।অভিযুক্তসকলেও এই কথাও প্ৰকাশ কৰিছে যে , বাবা ছিদ্দিকিৰ পূৰ্বে হত্যা কৰাৰ কথা আছিল চলমান খানক।

কিন্তু চলমানৰ কঠোৰ নিৰাপত্তাৰ বাবে, শ্বুটাৰসকল চলমানৰ ওচৰ লৈ যাব নোৱাৰিলে।দৰাচলতে চলমানে লাভ কৰা নিৰন্তৰ ভাবুকিৰ বাবে, তেওঁক উচ্চ নিৰাপত্তা প্ৰদান কৰা হৈছে।অভিনেতাসকল সদায় নিৰাপত্তাৰক্ষীৰ লগত হে যিকোনো ঠাইলৈ অহা যোৱা কৰিছিল।

কিছুদিন পূৰ্বে খবৰ পোৱা গৈছিল যে এজন অজ্ঞাত ব্যক্তিয়ে অবৈধভাৱে চলমানৰ শ্বুটিঙৰ স্থলীত  প্ৰৱেশ কৰিছিল। সন্দেহজনক ব্যক্তি গৰাকীক পিছত আৰক্ষীয়ে প্ৰশ্ন কৰাত তেওঁ কয় যে “মই মাত্ৰ চলমান খনক লগ পাবৰ বাবেহে বিষ্ণোই গ্ৰুপৰ নাম লৈছিলো।  

উল্লেখ্য যে বাবা চিদ্দিকীক ১২ অক্টোবৰত হত্যা কৰা হৈছিল। চলমান খানৰ সৈতে বন্ধুত্বই ইয়াৰ কাৰণ বুলি কোৱা হৈছিল।হত্যাৰ ঘটনাটোত, আৰক্ষীয়ে দুজন শ্বুটাৰ ধৰ্মৰাজ কাশ্যপ আৰু গুৰাম সিঙক অপৰাধস্থলীৰ পৰাই গ্ৰেপ্তাৰ কৰিছিল।

পিছত মুখ্য শ্বুটাৰ শিৱ কুমাৰ গৌতমক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। আৰু সেই শিৱই আৰক্ষীৰ জিম্মাত এতিয়া বহুটো গোপন তথ্য পোহৰলৈ আনিছে।