১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক; ৩৫টাতকৈও অধিক হত্যাকাণ্ডৰ সৈতে আছে সংযোগ

১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক; ৩৫টাতকৈও অধিক হত্যাকাণ্ডৰ সৈতে আছে সংযোগ

১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক আমেৰিকাৰ পৰা ভাৰতলৈ অনা হ’ল কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণোইক।ভাৰতত অৱতৰণ কৰাৰ লগে লগে NIA আৰু দিল্লী আৰক্ষীৰ বিশেষ দলে আনমোল বিষ্ণোইক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।য’ৰ পৰা তেওঁক ১১ দিনৰ বাবে

১১ দিনৰ NIAৰ জিম্মালৈ প্ৰেৰণ আনমোল বিষ্ণোইক

আমেৰিকাৰ পৰা ভাৰতলৈ অনা হ’ল কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ কনিষ্ঠ ভাতৃ আনমোল বিষ্ণোইক।ভাৰতত অৱতৰণ কৰাৰ লগে লগে NIA আৰু দিল্লী আৰক্ষীৰ বিশেষ দলে আনমোল বিষ্ণোইক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰৰ পিছত আদালতত হাজিৰ কৰোৱা হয়।য’ৰ পৰা তেওঁক ১১ দিনৰ বাবে NIAৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰাহুল ত্যাগীয়ে কয় যে এন আই এয়ে আদালতত কয় যে আনমোল সন্ত্ৰাসবাদী আৰু অপৰাধীৰ নেক্সছৰ গুৰুত্বপূৰ্ণ সদস্য।

গেংষ্টাৰ ছিণ্ডিকেটৰ সৈতে জড়িত মূল্যৱান তথ্য তেওঁৰ হাতত আছে। সেয়ে এতিয়া এন আই এয়ে অনমোল বিষ্ণোইক জেৰা কৰি গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰিব।

এনআইএই আদালতৰ সন্মুখত যুক্তি দিছিল যে আনমোলৰ জিম্মাত লৈ জেৰা চলোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ,কিয়নো তেওঁৰ বিৰুদ্ধে ৩৫টাতকৈও অধিক হত্যাকাণ্ড, ২০টাতকৈও অধিক অপহৰণৰ গোচৰ, ধন দাবীৰ গোচৰ, ভাবুকি আৰু হিংসাৰ গোচৰত প্ৰত্যক্ষভাৱে জড়িত থকাৰ শক্তিশালী প্ৰমাণ পোৱা গৈছে।

এন আই এয়ে আদালতত কয় যে আনমোল বিষ্ণোয় এটা অপৰাধী-সন্ত্ৰাসবাদী ছিণ্ডিকেটৰ অংশ আছিল যিয়ে আগতে দেশৰ ভিতৰৰ পৰা, বিদেশৰ পৰা সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ধন সংগ্ৰহ কৰিছিল,যুৱক-যুৱতীক নিযুক্তি দিছিল, বিশিষ্ট লোকক লক্ষ্য কৰি হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছিল আৰু এইবোৰ ঘটনা ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰি সন্ত্ৰাস বিয়পাইছিল।

লগতে পঢ়ক: এনকাউন্টাৰত ধৰাশায়ী মষ্ট ৱান্টেড মাওবাদী… সংঘটিত কৰিছিল ২৬টাতকৈ ভয়ংকৰ কূটাঘাত

শেহতীয়া প্ৰৱন্ধসমূহ