মোদী

‘ভাৰত শান্তিৰ সৈতে আছে’;ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনা ঘোষণাৰ পিছত গাজাত শান্তিৰ প্ৰচেষ্টাত বৃহৎ অগ্ৰগতিৰ লক্ষণ দেখা গৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ইংগিত দিয়াটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে, ‘আমি

ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

ড’নাল্ড ট্ৰাম্পৰ শান্তি পৰিকল্পনা ঘোষণাৰ পিছত গাজাত শান্তিৰ প্ৰচেষ্টাত বৃহৎ অগ্ৰগতিৰ লক্ষণ দেখা গৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰি কয় যে পণবন্দীসকলক মুকলি কৰি দিয়াৰ ইংগিত দিয়াটো এটা গুৰুত্বপূৰ্ণ পদক্ষেপ।

প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত লিখিছে, ‘আমি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নেতৃত্বক আদৰণি জনাইছো কাৰণ গাজাত শান্তিৰ প্ৰচেষ্টাই নিৰ্ণায়ক অগ্ৰগতি লাভ কৰিছে।’

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত শ্বেয়াৰ কৰা এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘পণবন্দীক মুকলি কৰি দিয়াৰ ইংগিত এক ডাঙৰ পদক্ষেপ।ভাৰতে স্থায়ী আৰু ন্যায্য শান্তিৰ বাবে সকলো প্ৰচেষ্টাক তীব্ৰ সমৰ্থন আগবঢ়াই যাব।’

বিশ্বৰ আন বহু নেতাইও ট্ৰাম্পৰ এই পদক্ষেপক প্ৰশংসা কৰিছে।অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছেও ট্ৰাম্পৰ এই পৰিকল্পনাক সমৰ্থন কৰিছে।তেওঁ কৈছে যে, ‘ৰাষ্ট্ৰপতি ট্ৰাম্পৰ পৰিকল্পনাৰ অগ্ৰগতিক অষ্ট্ৰেলিয়াই আদৰণি জনাইছে।’

‘হামাছে তৎক্ষণাত নিজৰ অস্ত্ৰ-শস্ত্ৰ আত্মসমৰ্পণ কৰি সকলো পণবন্দীক মুকলি কৰি দিব লাগে।অষ্ট্ৰেলিয়াই আমাৰ অংশীদাৰসকলৰ সৈতে সংঘাতৰ অন্ত পেলাই ন্যায্য আৰু স্থায়ী সমাধান বিচাৰি উলিওৱাৰ প্ৰচেষ্টাক সমৰ্থন কৰি যাব।’

লগতে পঢ়ক: ‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ