ডেনিয়েল স্মিথ

‘লৰেন্স বিষ্ণোই গেঙক সন্ত্ৰাসবাদী সংগঠন ঘোষণা কৰক’; ডেনিয়েল স্মিথৰ দাবী

ডেনিয়েল স্মিথৰ দাবী কানাডাৰ আলবাৰ্টা প্ৰদেশৰ প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰীৰ দৰে) ডেনিয়েল স্মিথে তাত থকা কেন্দ্ৰীয় চৰকাৰক কুখ্যাত লৰেন্স বিষ্ণোই গেংটোক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিবলৈ আহ্বান জনাইছে। ইয়াৰ লগে লগে ডেনিয়েল স্মিথে লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে এনে দাবী উত্থাপন কৰা কানাডাৰ নেতাৰ তালিকাত যোগদান কৰিছে। সোমবাৰে ছ’চিয়েল

ডেনিয়েল স্মিথৰ দাবী

কানাডাৰ আলবাৰ্টা প্ৰদেশৰ প্ৰধানমন্ত্ৰী (মুখ্যমন্ত্ৰীৰ দৰে) ডেনিয়েল স্মিথে তাত থকা কেন্দ্ৰীয় চৰকাৰক কুখ্যাত লৰেন্স বিষ্ণোই গেংটোক সন্ত্ৰাসবাদী সংগঠন বুলি ঘোষণা কৰিবলৈ আহ্বান জনাইছে।

ইয়াৰ লগে লগে ডেনিয়েল স্মিথে লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে এনে দাবী উত্থাপন কৰা কানাডাৰ নেতাৰ তালিকাত যোগদান কৰিছে।

সোমবাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত ডেনিয়েলে কয় যে লৰেন্স বিষ্ণোই গেঙৰ প্ৰসাৰ “গোলকীয়, আৰু ইয়াৰ উদ্দেশ্য হৈছে অপৰাধমূলক আৰু হিংসাত্মক” আৰু ইয়াৰ কাৰ্য্যকলাপে “কোনো সীমা নাজানে আৰু কোনো সীমাক সন্মান নকৰে।”

ডেনিয়েল স্মিথে আৰু কয়, “লৰেন্স বিষ্ণোই গেংটো এটা আন্তঃৰাষ্ট্ৰীয় অপৰাধমূলক নেটৱৰ্ক হয় যি হিংসা, ধন দাবী, ড্ৰাগছ সৰবৰাহ আৰু লক্ষ্য কৰি হত্যাৰ বাবে দায়ী, আনকি ইয়াত কানাডাতো।ইয়াৰ প্ৰসাৰ বিশ্বব্যাপী, আৰু ইয়াৰ উদ্দেশ্য অপৰাধমূলক আৰু হিংসাত্মক।”

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিষ্ণোই গেংটোক আনুষ্ঠানিকভাৱে সন্ত্ৰাসবাদী সংগঠন হিচাপে চিহ্নিত কৰিলে ইয়াৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ ক্ষমতাসমূহ মুকলি কৰা হ’ব।

তেওঁ কয় যে প্ৰাদেশিক আৰু পৌৰসভা পৰ্যায়ৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহক (গেং) কাৰ্য্যকলাপত ফলপ্ৰসূভাৱে ব্যাঘাত জন্মাবলৈ আৰু আমাৰ জনসাধাৰণক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় সঁজুলি আৰু সম্পদসমূহ লাভ কৰিবলৈ অনুমতি দিয়া হ’ব”।

লগতে পঢ়ক: “ৰাছিয়াৰ সৈতে ব্যৱসায় কৰাৰ ক্ষেত্ৰত কঠোৰ নিষেধাজ্ঞা আৰোপ”; ভাৰত, চীন আৰু ব্ৰাজিলক সতৰ্কবাণী নাটোৰ

শেহতীয়া প্ৰৱন্ধসমূহ