ফুটবল বিশ্বকাপৰ ইতিহাসত কানাডাৰ সোণালী অধ্যায়; প্ৰি-কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

ফিফা বিশ্বকাপ২০২৬ ৰ প্ৰথম ৰাউণ্ড অৱ ৩২ মেচত সহ-আয়োজক কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰে।এই জয়ৰ জৰিয়তে কানাডাই প্ৰি-কোৱাৰ্টাৰ ফাইনেল (১৬ ৰাউণ্ড)ত নিজৰ স্থান নিশ্চিত কৰিছে।

ফিফা বিশ্বকাপ ২০২৬-ৰ নকআউট পৰ্যায়ৰ প্ৰথমখন খেলতেই সহ-আয়োজক কানাডাই নিজৰ ফুটবল ইতিহাসৰ আটাইতকৈ সোণালী অধ্যায়টো লিখিলে। লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত ‘ৰাউণ্ড অৱ ৩২’ৰ এই কঠিন মেচখনত কানাডাই দক্ষিণ আফ্ৰিকাক ১-০ গ’লত পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ পৰা বিদায় দিছে। এই ৰোমাঞ্চকৰ জয়ৰ সৈতে কানাডাৰ দলটোৱে প্ৰথমবাৰৰ বাবে ফিফা বিশ্বকাপৰ ‘ৰাউণ্ড অৱ ১৬’ত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। দুয়োখন দেশৰ বাবে এই মেচখন ঐতিহাসিক আছিল, কাৰণ ইয়াৰ পূৰ্বে কানাডা বা দক্ষিণ আফ্ৰিকা কোনেও বিশ্বকাপৰ কোনো নকআউট মেচ খেলা নাছিল।

মেচখনৰ আৰম্ভণিৰ পৰাই খেলপথাৰত নকআউটৰ প্ৰবল হেঁচা স্পষ্ট হৈ পৰিছিল। দুয়োটা দলেই যথেষ্ট ডিফেঞ্চিভ খেল প্ৰদৰ্শন কৰে আৰু গ’ল কৰাৰ সুযোগ অতি কম আছিল। মেচখনৰ প্ৰথম বিপদজনক মুভটো দক্ষিণ আফ্ৰিকাই কৰিছিল যদিও কানাডাৰ গ’লকীপাৰ মেক্সিম ক্ৰেপিউৱে সুন্দৰভাৱে ৰক্ষা কৰি তেওঁলোকৰ আশা ধূলিসাৎ কৰে। ইয়াৰ পিছত কানাডিয়ান দলে উইংছৰ জৰিয়তে দ্ৰুত আক্ৰমণ চলায়। প্ৰথমাৰ্ধৰ ৪৩ মিনিটত কানাডাৰ হাতত অগ্ৰগতি লোৱাৰ সোণালী সুযোগ আছিল, যেতিয়া মইছে বম্বিটৰ শ্বটৰ পাছত ৰিবাউণ্ডত তাজোন বুকাননে আক্ৰমণ কৰিছিল যদিও দক্ষিণ আফ্ৰিকাৰ গ’লকীপাৰ ৰনৱেন উইলিয়ামছে এক জাদুকৰী ছেভ কৰি স্কোৰ ০-০ অৱস্থাত ৰাখে।

দ্বিতীয়াৰ্ধতো প্ৰতিযোগিতাখন সমানেই চলি আছিল। দক্ষিণ আফ্ৰিকাৰ অছৱিন অপলিছে কিছু ভাল প্ৰয়াস কৰিছিল যদিও তেওঁলোকে কানাডাৰ ডিফেঞ্চক ভেদ কৰিব নোৱাৰিলে। তাৰ পিছত মেচখনৰ ৭৪ মিনিটত কানাডাৰ তাৰকা খেলুৱৈ আলফনছো ডেভিছে আঘাতৰ পৰা সুস্থ হৈ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে খেলপথাৰত নামিছিল। ডেভিছৰ গতিয়ে কানাডাৰ ফৰৱাৰ্ড লাইনত নতুন প্ৰাণ সঞ্চাৰ কৰিছিল আৰু দক্ষিণ আফ্ৰিকাৰ ডিফেঞ্চৰ ওপৰত হেঁচা বহুগুণে বৃদ্ধি পাইছিল।

যেতিয়া এনে লাগিছিল যে মেচখন অতিৰিক্ত সময়লৈ যাব, ঠিক সেই মুহূৰ্ততে কানাডাৰ মিডফিল্ডাৰ ষ্টিফেন ইষ্টাকিঅ’ৱে ইতিহাস সৃষ্টি কৰে। ৯২ মিনিটত ইষ্টাকিঅ’ৱে অত্যন্ত সুন্দৰভাৱে কোনো ভুল নকৰাকৈ এটা শক্তিশালী সঠিক শ্বট পোনে পোনে নেটৰ ভিতৰলৈ প্ৰেৰণ কৰে। দক্ষিণ আফ্ৰিকাৰ গ’লকীপাৰ উইলিয়ামছৰ হাতত এই শ্বটটো ৰোধ কৰাৰ কোনো সুযোগ নাছিল। এই গ’লটোৰ লগে লগে সমগ্ৰ ষ্টেডিয়াম আৰু কানাডাৰ অনুৰাগীসকল আনন্দত আত্মহাৰা হৈ পৰে। ইয়াৰ সৈতেই কানাডা ২০১৪ চনত ব্ৰাজিলৰ পিছত ৰেগুলাচন টাইমত নকআউট মেচ জয় কৰা প্ৰথমখন আয়োজক দেশ হৈ পৰিছে। এই ঐতিহাসিক জয়ৰ পিছত এতিয়া ‘ৰাউণ্ড অৱ ১৬’ত কানাডাই ৪ জুলাইত হিউষ্টনত নেডাৰলেণ্ডছ অথবা মৰক্কোৰ বিৰুদ্ধে মুখামুখি হ’ব।

লগতে পঢ়ক: আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ…

আইচিচিৰ ডাঙৰ সিদ্ধান্তঃ এইখন দেশৰ ক্ৰিকেট বৰ্ডক কৰিলে নিলম্বন

এই বৈঠকত কেৱল নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয়

আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কানাডা ক্ৰিকেট বৰ্ডক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে । বৰ্ডৰ বিৰুদ্ধে আইচিচিৰ সদস্য পদৰ নিয়ম আৰু দায়িত্বসমূহ উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৩১ মে’ত আহমেদাবাদত অনুষ্ঠিত আইচিচিৰ এক গুৰুত্বপূৰ্ণ ব’ৰ্ড বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।

আইচিচিয়ে জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে কেইবাটাও প্ৰশাসনিক ত্ৰুটিৰ বাবেই কানাডিয়ান ব’ৰ্ডক নিলম্বন কৰা হৈছে । অৱশ্যে এই সিদ্ধান্তই খেলুৱৈসকলৰ কেৰিয়াৰত কোনো প্ৰভাৱ নেপেলায় । কানাডাৰ খেলুৱৈসকলে পূৰ্বৰ দৰেই আইচিচিৰ টুৰ্ণামেণ্টসমূহত অংশগ্ৰহণ কৰিব পাৰিব । যিহেতু এই নিলম্বন কেৱল প্ৰশাসনিক পৰ্যায়তে সীমাবদ্ধ, সেয়েহে খেলুৱৈসকল যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে এক নিয়ন্ত্ৰিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুঁজি বা ধন যোগান ধৰা হ’ব ।

কানাডা ক্ৰিকেট ব’ৰ্ডৰ সদস্যপদ পুনৰ বাহাল কৰাৰ বাবে আইচিচিয়ে কেইটামান চৰ্ত বান্ধি দিছে । ব’ৰ্ডৰ প্ৰশাসনিক ত্ৰুটিসমূহ দূৰ কৰাই এই চৰ্তসমূহৰ মূল উদ্দেশ্য। এই চৰ্তসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই, তাৰ ওপৰত চকু ৰাখিবলৈ আইচিচিয়ে এটা বিশেষ নিৰীক্ষণ কমিটিও গঠন কৰিব ।

টেষ্ট ক্ৰিকেটত গুলপীয়া বলৰ ব্যৱহাৰ আৰু গ্লবেল কোৱালিফায়াৰ-

আহমেদাবাদৰ এই বৈঠকত কেৱল কানাডা বৰ্ডৰ নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয় :

কম পোহৰত গুলপীয়া বল : প্ৰায়ে টেষ্ট মেচসমূহত পৰ্যাপ্ত পোহৰৰ অভাৱৰ বাবে দিনটোৰ খেল সোনকালে সমাপ্ত কৰিবলগীয়া হয় । এতিয়াৰে পৰা যদি খেলপথাৰত পোহৰ কম হয় আৰু দুয়োটা দলৰে সন্মতি থাকে, তেন্তে মেচৰ মাজতে গুলপীয়া বল ব্যৱহাৰ কৰাৰ এক নতুন পৰামৰ্শই আইচিচিৰ অনুমোদন লাভ কৰিছে ।

গ্লবেল কোৱালিফায়াৰ : আহিবলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে এটা গোলকীয় কোৱালিফায়াৰ (Global Qualifier) টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো বৈঠকত ইতিবাচক আলোচনা কৰা হয় ।

ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ সম্প্ৰসাৰণক লৈ চিন্তিত আইচিচি-

বিশ্বজুৰি ক্ৰমান্বয়ে বৃদ্ধি পোৱা ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ (যেনে IPL, BBL আদি) জনপ্ৰিয়তা আৰু সম্প্ৰসাৰণক লৈ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে চিন্তা প্ৰকট কৰিছে । ফ্ৰেঞ্চাইজি লীগসমূহৰ বাবে যাতে আন্তৰ্জাতিক ক্ৰিকেটৰ সময়সূচী ব্যাহত নহয়, তাৰ বাবে দুয়োটাৰে মাজত এক সঠিক সমন্বয়ৰ মূল্যায়ন কৰিবলৈ আইচিচিয়ে এখন বিশেষ কমিটি গঠন কৰাৰো সিদ্ধান্ত লৈছে ।

লগতে পঢ়ক : আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

‘বিশ্বৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনীতি’; প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে কৰিলে প্ৰশংসা

প্ৰথমবাৰলৈ ভাৰত ভ্ৰমণলৈ অহা কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী ২ মাৰ্চ পৰ্যন্ত ভাৰতত থাকিব। এই সময়ছোৱাত তেওঁ মুম্বাই আৰু দিল্লীৰ বহু অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

৪ দিনীয়া ভাৰত ভ্ৰমণৰ বাবে মুম্বাইত উপস্থিত হৈছে কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত তেওঁ প্ৰথমবাৰৰ বাবে ভাৰতলৈ আহিছে।

২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ এই ভ্ৰমণৰ সময়ত তেওঁ বহু কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। বিশেষ বিমানেৰে পত্নীৰ সৈতে মুম্বাইত উপস্থিত হয় কাৰ্নী।

মাৰ্ক কাৰ্নীয়ে ভাৰত আৰু কানাডাৰ চিইঅ’, উদ্যোগ প্ৰতিনিধি, বিত্তীয় বিশেষজ্ঞ, বিনিয়োগকাৰী আৰু শিক্ষাবিদৰ লগতে ভাৰতত সক্ৰিয় কানাডাৰ পেঞ্চন ফাণ্ডৰ প্ৰতিনিধিকো সাক্ষাৎ কৰিব।

শনিবাৰে (২৮ ফেব্ৰুৱাৰী) তেওঁ মুম্বাইত আয়োজিত বিনিয়োগ সম্পৰ্কীয় কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ উপৰিও ভাৰত-কানাডাই অৰ্থনৈতিক সহযোগিতা, বিনিয়োগৰ সুযোগ আৰু প্ৰযুক্তিগত অংশীদাৰিত্বৰ বিষয়েও আলোচনা কৰিব।

কাৰ্নী দেওবাৰে মুম্বাইৰ পৰা নতুন দিল্লীলৈ ৰাওনা হ’ব আৰু সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

কোৱা হৈছে যে ২০২৩ চনৰ কূটনৈতিক বিবাদৰ পিছত দুয়োখন দেশৰ মাজত কৌশলগত সম্পৰ্কক পুনৰ শুদ্ধ পথলৈ অনাটোৱেই কাৰ্নীৰ এই ভ্ৰমণৰ উদ্দেশ্য।

ভাৰতত উপস্থিত হোৱাৰ পিছত মাৰ্ক কাৰ্নীয়ে এক্সত পোষ্ট কৰি কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থ ব্যৱস্থা। মই মুম্বাইত উপস্থিত হৈছো, য’ত ব্যৱসায়িক নেতাসকলক লগ পাম,আৰু এনে অংশীদাৰিত্ব মুকলি কৰিম । যিয়ে কানাডাৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব।

লগতে পঢ়ক: ‘আদালতে মোৰ বিৰুদ্ধে থকা গোচৰটো সম্পূৰ্ণ ভুৱা বুলি ঘোষণা কৰিছে’; অৰবিন্দ কেজৰিৱাল

আজি ভাৰতত উপস্থিত হ’ব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি, ২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে সাক্ষাৎ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব ।

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নি প্ৰথম আনুষ্ঠানিক ভ্ৰমণসূচীৰে শুকুৰবাৰে ভাৰতত উপস্থিত হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ২৭ ফেব্ৰুৱাৰীৰ পৰা ২ মাৰ্চলৈ কাৰ্নি ভাৰতত থাকিব । এই ভ্ৰমণৰ লক্ষ্য হৈছে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰা আৰু নতুন অংশীদাৰিত্বৰ সন্ধান কৰা ।

২ মাৰ্চত প্ৰধানমন্ত্ৰী মোদী আৰু কাৰ্নিৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ’ব । বিদেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি ২৭ ফেব্ৰুৱাৰীত কাৰ্নি মুম্বাইত উপস্থিত হ’ব । আগন্তুক দুদিন তেওঁ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰিব । তেওঁ চিইঅ’, উদ্যোগ আৰু বিত্তীয় বিশেষজ্ঞ, উদ্ভাৱক আৰু শিক্ষাবিদৰ সৈতে মত বিনিময় কৰিব । ইয়াৰ পিছত ১ মাৰ্চত তেওঁ নতুন দিল্লীলৈ যাব ।

উল্লেখ্য যে ২০২৩ চনৰ জুন মাহত ব্ৰিটিছ কলম্বিয়াৰ এটা গুৰদ্বাৰাৰ বাহিৰত হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ পিছত ভাৰত-কানাডাৰ সম্পৰ্ক তীব্ৰ অৱনতি ঘটিছিল । সেই সময়ত জাষ্টিন ট্ৰুডো আছিল কানাডাৰ প্ৰধানমন্ত্ৰী ।

লগতে পঢ়ক : আফগানিস্তানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা পাকিস্তানৰ, দুয়োপক্ষৰ তুমুল সংঘৰ্ষ

ভাৰত ভ্ৰমণলৈ আহিব কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নী, প্ৰতিৰক্ষা-প্ৰযুক্তিকে ধৰি বহু বিষয়ত হ’ব আলোচনা

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৬ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপান ভ্ৰমণ কৰিব ।

কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে ২৬ ফেব্ৰুৱাৰীৰ পৰা ৭ মাৰ্চলৈ ভাৰত, অষ্ট্ৰেলিয়া আৰু জাপান ভ্ৰমণ কৰিব বুলি বাতৰিত প্ৰকাশ পাইছে । এই ভ্ৰমণৰ লক্ষ্য হৈছে কানাডাৰ শ্ৰমিক আৰু ব্যৱসায়ীসকলৰ বাবে বাণিজ্য, শক্তি, প্ৰযুক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন সুযোগ মুকলি কৰা । ভাৰত ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব আৰু দুয়োখন দেশৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ বিষয়ে আলোচনা কৰিব বুলি কানাডাৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে প্ৰকাশ কৰিছে ।

ভাৰত ভ্ৰমণৰ সময়ত কাৰ্নীয়ে প্ৰথমে মুম্বাই ভ্ৰমণ কৰিব বুলি খবৰ প্ৰকাশ পাইছে । ইয়াৰ পিছতে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব তেওঁ । এই বৈঠকৰ সময়ছোৱাত দুয়োগৰাকী নেতাই কানাডা-ভাৰতৰ সম্পৰ্ক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিব ।

সামগ্ৰিকভাৱে এই ভ্ৰমণ কানাডা আৰু ভাৰতৰ মাজত বাণিজ্য, প্ৰযুক্তি, শক্তি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত নতুন অংশীদাৰিত্বৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে চিহ্নিত হৈছে ।

লগতে পঢ়ক : মহাকাশত ভাৰতৰ প্ৰথমটো ডাটা চেণ্টাৰ, চলিত বছৰতে হ’ব কাৰ্যক্ষম

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা; লৰেন্স বিষ্ণোই গেঙে ললে দায়িত্ব

কানাডাৰ তিনিটাকৈ স্থানত গুলীচানলা

কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ নেটৱৰ্কে পুনৰবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ উপস্থিতি দৃঢ় কৰিলে। দেওবাৰে গভীৰ নিশা কানাডাৰ তিনিটা ভিন্ন স্থানত সংঘটিত হোৱা গুলীচালনাৰ দায়িত্ব ছ’চিয়েল মিডিয়াত স্বীকাৰ কৰিছে বিষ্ণোই চক্ৰটোৱে।

গেংটোৱে কৰা পোষ্টটোত লিখা আছে যে “দ্বিতীয় ৰেটৰ ব্যৱসায়” অৰ্থাৎ অবৈধ ব্যৱসায়ৰ লগত জড়িতসকলৰ পৰা ধন দাবী কৰা হয়, কঠোৰ পৰিশ্ৰম কৰাসকলৰ পৰা নহয়।

বিষ্ণোই গেঙৰ হৈ পৰ্তুগালত বাস কৰা ফাতেহ পৰ্তুগালে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰে।তেওঁ ছ’চিয়েল মিডিয়াত এই গুলীচালনাৰ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছে, য’ত এজন শ্বুটাৰে অত্যাধুনিক অস্ত্ৰৰে গুলীচালনা কৰা দেখিবলৈ পোৱা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।অৱশ্যে গুলীচালনাত কোনো লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা নাই।

লগতে পঢ়ক: ‘ভাৰত শান্তিৰ সৈতে আছে’;ইজৰাইল-হামাছৰ চুক্তিক লৈ ট্ৰাম্পক প্ৰশংসা প্ৰধানমন্ত্ৰী মোদীৰ

৮০% ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ভিছা নিদিলে কানাডাই…আমেৰিকা, অষ্ট্ৰেলিয়াইও কৰিছে নাকচ!

৮০% ভাৰতীয় ছাত্ৰ-ছাত্ৰীক ভিছা নিদিলে কানাডাই

যোৱা কেইবছৰমানৰ পৰা অধ্যয়নৰ বাবে আন্তঃৰাষ্ট্ৰীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ হৈ পৰিছে কানাডা।কিন্তু, শেহতীয়াকৈ তাত থকা চৰকাৰে ছাত্ৰ ভিছা লাভৰ প্ৰক্ৰিয়াত বহু বাধা সংযোজন কৰিছে,যাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰী বেছিকৈ প্ৰভাৱিত হৈছে।

ইয়াক দশকটোৰ আটাইতকৈ ভিছা নিষিদ্ধ ব্যৱস্থা বুলি গণ্য কৰা হৈছে।ইমিগ্ৰেচন, শৰণাৰ্থী আৰু নাগৰিকত্ব কানাডা (আই আৰ চি চি)ৰ তথ্য অনুসৰি ২০২৫ চনত প্ৰায় ৮০ শতাংশ ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ আবেদন নাকচ কৰা হৈছে।এছিয়া আৰু আফ্ৰিকাৰ আবেদনকাৰীসকলেও ক্ষতিগ্ৰস্ত হৈছে।

কানাডাৰ সুৰক্ষা, চাকৰিৰ সুযোগ আৰু উচ্চমানৰ শিক্ষণ সম্পদৰ ক্ষেত্ৰত ইয়াক ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ বুলি গণ্য কৰা হয়।কিন্তু নতুন তথ্যই এক পৰিৱৰ্তনৰ দিশলৈ আঙুলিয়াই দিয়ে।

কানাডা চৰকাৰৰ তথ্য অনুসৰি ২০২৪ চনত মাত্ৰ ১ লাখ ৮৮ হাজাৰ ভাৰতীয়ই তাত নামভৰ্তি কৰিছিল, যিটো সংখ্যা দুবছৰৰ পূৰ্বে দুগুণ আছিল।

এতিয়া জাৰ্মানী ৩১ শতাংশ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰথম পছন্দ হিচাপে আত্মপ্ৰকাশ কৰিছে।একে সময়তে কানাডাৰ সংখ্যা ২০২২ চনত ১৮ শতাংশৰ পৰা ২০২৪ চনত মাত্ৰ ৯ শতাংশলৈ হ্ৰাস পাইছে।

লগতে পঢ়ক: আই আই টি দিল্লী আবুধাবি কেম্পাছ ভ্ৰমণ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ…

কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা; এইজন গেংষ্টাৰে ল’লে দায়িত্ব

কানাডাস্থিত কপিল শৰ্মাৰ কেফেত পুনৰ গুলীচালনা

কানাডাৰ ছাৰে চহৰত অৱস্থিত বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ কেফেত পুনবাৰ গুলিচানলাৰ ঘটনা সংঘটিত হৈছে।দ্বিতীয়বাৰৰ বাবে তেওঁৰ কেফেক লক্ষ্য কৰি লোৱা হৈছে।

এই গুলিচানলাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে, য’ত গাড়ীত বহি থকা একাংশ লোকে কেফেখনলৈ লক্ষ্য কৰি গুলীচালনা কৰা দেখা গৈছে।

ইফালে এই গুলীচালনাৰ দায়িত্ব লৈছে গোল্ডি ধিলন নামৰ এজন গেংষ্টাৰে।ছ’চিয়েল মিডিয়া পোষ্টৰ জৰিয়তে তেওঁ দাবী কৰে যে তেওঁৰ দলটোৱে এই আক্ৰমণ সংঘটিত কৰিছে।

অৱশ্যে এই গুলীচালনাৰ ফলত কোনো লোক হতাহত হোৱা নাই। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, গোল্ডি ধিলনে নিজকে লৰেন্স বিষ্ণই গেঙৰ সৈতে জড়িত বুলি দাবী কৰে।

গোল্ডিয়ে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে যে, ‘সকলো ভাতৃকে ৰাম ৰাম…আজি কপিল শৰ্মাৰ কেফেত যি গুলীচালনাৰ ঘটনা সংঘটিত হ’ল গোল্ডি ডিলন আৰু লৰেন্স বিষ্ণয় গেঙে ইয়াৰ দায়িত্ব লৈছে।’

ইয়াৰ পূৰ্বেও যোৱা মাহৰ ১০ জুলাইত কপিল শৰ্মাৰ কাপ’ছ কেফেত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। এখন গাড়ীত আহি আক্ৰমণকাৰীয়ে ১০ৰ পৰা ১২ ৰাউণ্ড গুলী চলায়।

অৱশ্যে এই গুলিচালনাৰ সন্দৰ্ভত কমেডিয়ান গৰাকীয়ে বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

লগতে পঢ়ক: উত্তৰকাশীত ধ্বংসলীলা; উৰ্বশী ৰাউটেলা আৰু চাৰা আলী খানে কৰিলে প্ৰাৰ্থনা

কানাডাত স্থাপন কৰা হ’ল উত্তৰ আমেৰিকাৰ সৰ্বোচ্চ ভগৱান ৰামৰ প্ৰতিমূৰ্তি

কানাডাত স্থাপন কৰা হ’ল ভগৱান ৰামৰ প্ৰতিমূৰ্তি

কানাডাৰ মিচিছাগা চহৰত ৫১ ফুট উচ্চতাৰ ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। এইটো উত্তৰ আমেৰিকাৰ আটাইতকৈ ওখ ভগৱান ৰামৰ মূৰ্তি।

ইয়াৰ ফলত হিন্দু ভক্তসকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হয়। মিচিছাগা চহৰত হাজাৰ হাজাৰ ভক্তৰ উপস্থিতিত প্ৰভু ৰামৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰা হয়।এই প্ৰতিমূৰ্তিটো স্থাপনৰ লগে লগে কানাডাত জয় শ্ৰীৰামৰ ধ্বনিৰে মুখৰিত হয়।

এই মূৰ্তিটো অন্টাৰিঅ’ৰ হিন্দু ঐতিহ্য কেন্দ্ৰত স্থাপন কৰা হৈছে।এই প্ৰতিমূৰ্তিটো উত্তৰ আমেৰিকাত হিন্দুসকলৰ ধৰ্মীয় আৰু সাংস্কৃতিক পৰিচয়ৰ এক নতুন প্ৰতীকত পৰিণত হৈছে।

শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপন তাত থকা ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে এক ঐতিহাসিক মুহূৰ্ত আছিল।অন্টাৰিঅ’ৰ মিচিছাগাৰ হিন্দু হেৰিটেজ চেণ্টাৰত এই প্ৰতিমূৰ্তিটো স্থাপন কৰা হয়।

এই মূৰ্তিটো ফাইবাৰগ্লাছৰ দ্বাৰা নিৰ্মিত।এতিয়া এই মূৰ্তিটো গ্ৰেটাৰ টৰন্টো এৰিয়াত আধ্যাত্মিক আৰু সাংস্কৃতিক আইকন হিচাপে পৰিগণিত হৈছে।

উদ্বোধনী অনুষ্ঠানত সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰাৰ লগতে বহু বিশিষ্ট ৰাজনীতিবিদো উপস্থিত আছিল।ইয়াৰ ভিতৰত মন্ত্ৰী ৰিচি ভালডেজ,ট্ৰেজাৰী ব’ৰ্ডৰ অধ্যক্ষ ছফকাত আলী, আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিদ্ধু উপস্থিত থাকে।

ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তি স্থাপনৰ পিছত তাত থকা লোক সকলে ৰাইজে মেক কানাডা গ্ৰেট এগেইন শ্লোগান দিয়ে।

লগতে পঢ়ক: কৰ্তব্য ভৱন-৩ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; নতুন ঠিকনা লাভ কৰিলে চৰকাৰী মন্ত্ৰালয় আৰু বিভাগে