এই বৈঠকত কেৱল নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয়
আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (ICC) এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কানাডা ক্ৰিকেট বৰ্ডক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰিছে । বৰ্ডৰ বিৰুদ্ধে আইচিচিৰ সদস্য পদৰ নিয়ম আৰু দায়িত্বসমূহ উলংঘা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে । ৩১ মে’ত আহমেদাবাদত অনুষ্ঠিত আইচিচিৰ এক গুৰুত্বপূৰ্ণ ব’ৰ্ড বৈঠকত এই সিদ্ধান্ত লোৱা হয় ।
আইচিচিয়ে জাৰি কৰা এক চৰকাৰী বিবৃতিত কোৱা হৈছে যে কেইবাটাও প্ৰশাসনিক ত্ৰুটিৰ বাবেই কানাডিয়ান ব’ৰ্ডক নিলম্বন কৰা হৈছে । অৱশ্যে এই সিদ্ধান্তই খেলুৱৈসকলৰ কেৰিয়াৰত কোনো প্ৰভাৱ নেপেলায় । কানাডাৰ খেলুৱৈসকলে পূৰ্বৰ দৰেই আইচিচিৰ টুৰ্ণামেণ্টসমূহত অংশগ্ৰহণ কৰিব পাৰিব । যিহেতু এই নিলম্বন কেৱল প্ৰশাসনিক পৰ্যায়তে সীমাবদ্ধ, সেয়েহে খেলুৱৈসকল যাতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত নহয়, তাৰ বাবে এক নিয়ন্ত্ৰিত ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক পুঁজি বা ধন যোগান ধৰা হ’ব ।
কানাডা ক্ৰিকেট ব’ৰ্ডৰ সদস্যপদ পুনৰ বাহাল কৰাৰ বাবে আইচিচিয়ে কেইটামান চৰ্ত বান্ধি দিছে । ব’ৰ্ডৰ প্ৰশাসনিক ত্ৰুটিসমূহ দূৰ কৰাই এই চৰ্তসমূহৰ মূল উদ্দেশ্য। এই চৰ্তসমূহ সঠিকভাৱে পালন কৰা হৈছে নে নাই, তাৰ ওপৰত চকু ৰাখিবলৈ আইচিচিয়ে এটা বিশেষ নিৰীক্ষণ কমিটিও গঠন কৰিব ।
টেষ্ট ক্ৰিকেটত গুলপীয়া বলৰ ব্যৱহাৰ আৰু গ্লবেল কোৱালিফায়াৰ-
আহমেদাবাদৰ এই বৈঠকত কেৱল কানাডা বৰ্ডৰ নিলম্বনেই নহয়, ক্ৰিকেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ নিয়মৰ ওপৰতো আলোচনা কৰা হয় :
কম পোহৰত গুলপীয়া বল : প্ৰায়ে টেষ্ট মেচসমূহত পৰ্যাপ্ত পোহৰৰ অভাৱৰ বাবে দিনটোৰ খেল সোনকালে সমাপ্ত কৰিবলগীয়া হয় । এতিয়াৰে পৰা যদি খেলপথাৰত পোহৰ কম হয় আৰু দুয়োটা দলৰে সন্মতি থাকে, তেন্তে মেচৰ মাজতে গুলপীয়া বল ব্যৱহাৰ কৰাৰ এক নতুন পৰামৰ্শই আইচিচিৰ অনুমোদন লাভ কৰিছে ।
গ্লবেল কোৱালিফায়াৰ : আহিবলগীয়া পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে এটা গোলকীয় কোৱালিফায়াৰ (Global Qualifier) টুৰ্ণামেণ্ট অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো বৈঠকত ইতিবাচক আলোচনা কৰা হয় ।
ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ সম্প্ৰসাৰণক লৈ চিন্তিত আইচিচি-
বিশ্বজুৰি ক্ৰমান্বয়ে বৃদ্ধি পোৱা ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ (যেনে IPL, BBL আদি) জনপ্ৰিয়তা আৰু সম্প্ৰসাৰণক লৈ আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে চিন্তা প্ৰকট কৰিছে । ফ্ৰেঞ্চাইজি লীগসমূহৰ বাবে যাতে আন্তৰ্জাতিক ক্ৰিকেটৰ সময়সূচী ব্যাহত নহয়, তাৰ বাবে দুয়োটাৰে মাজত এক সঠিক সমন্বয়ৰ মূল্যায়ন কৰিবলৈ আইচিচিয়ে এখন বিশেষ কমিটি গঠন কৰাৰো সিদ্ধান্ত লৈছে ।
লগতে পঢ়ক : আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন









