আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

আই পি এল ২০২৬ : ৰেকৰ্ড ভংগকাৰী ৰানৰ পাহাৰ, বেটিঙৰ নতুন অভিলেখৰ ঐতিহাসিক ছিজন

আই পি এল ২০২৬ এটা অভিলেখ ভংগকাৰী ছিজন হিচাপে পৰিগণিত হয়, য’ত সমগ্ৰ টুৰ্নামেণ্টখনত বেটিঙৰ একাধিক অভিলেখ গঢ়ি উঠে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ সংস্কৰণটো লীগখনৰ ইতিহাসত আটাইতকৈ বেছি ৰান হোৱা টুৰ্নামেণ্ট হিচাপে প্ৰমাণিত হ’ল । দেওবাৰে এই অভিযানৰ সামৰণি পৰে, য’ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত

আই পি এল ২০২৬ এটা অভিলেখ ভংগকাৰী ছিজন হিচাপে পৰিগণিত হয়, য’ত সমগ্ৰ টুৰ্নামেণ্টখনত বেটিঙৰ একাধিক অভিলেখ গঢ়ি উঠে

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ সংস্কৰণটো লীগখনৰ ইতিহাসত আটাইতকৈ বেছি ৰান হোৱা টুৰ্নামেণ্ট হিচাপে প্ৰমাণিত হ’ল । দেওবাৰে এই অভিযানৰ সামৰণি পৰে, য’ত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ফাইনেলত গুজৰাট টাইটানছক পাঁচ উইকেটত পৰাস্ত কৰে । ইয়াৰ লগে লগে এই টুৰ্নামেণ্টখন বহুতো “সৰ্বাধিক” আৰু “সৰ্বোচ্চ” অভিলেখৰে সমাপ্ত হয় ।

আই পি এল ২০২৬ এটা অভিলেখ ভংগকাৰী ছিজন হিচাপে পৰিগণিত হয়, য’ত সমগ্ৰ টুৰ্নামেণ্টখনত বেটিঙৰ একাধিক অভিলেখ গঢ়ি উঠে । এই একক সংস্কৰণটোত সৰ্বাধিক মুঠ ২৭,৪৫০ ৰান সংগ্ৰহ হোৱাৰ লগতে প্ৰতিটো উইকেটৰ বিপৰীতে সৰ্বশ্ৰেষ্ঠ ৩১.২৬ ৰানৰ অনুপাত ৰেকৰ্ড কৰা হয় ।

এই ছিজনত প্ৰতি অভাৰত সৰ্বোচ্চ ৯.৮৮ ৰানৰ গতি (Run Rate) দেখা গৈছিল । ইয়াৰ উপৰিও, এইবাৰ এটা আই পি এল ছিজনত এতিয়ালৈকে আটাইতকৈ বেছি বাউণ্ডীৰ অভিলেখ গঢ়ি উঠে, যাৰ ভিতৰত আছিল ২,৩৩২ টা চাৰি আৰু ১,৪২৬ টা ছয়- যিয়ে বেটিঙৰ আধিপত্যক স্পষ্টকৈ প্ৰমাণ কৰে ।

ব্যক্তিগত পাৰদৰ্শিতাও সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল, য’ত অভিলেখসংখ্যক ১৫ টা শতক অৰ্জন কৰা হয় । চেন্নাই ছুপাৰ কিংছৰ বেটাৰ সঞ্জু ছেমছন দুটা শতক অৰ্জন কৰা একমাত্ৰ খেলুৱৈ হিচাপে পৰিগণিত হয় । ইয়াৰ উপৰিও, দলসমূহে নিয়মীয়াকৈ বিশাল স্ক’ৰ থিয় কৰাইছিল, য’ত ৬৫ বাৰ স্ক’ৰে ২০০ ৰানৰ সীমা পাৰ কৰিছিল আৰু ১৭ বাৰ ২০০ তকৈ অধিক ৰানৰ লক্ষ্য সফলতাৰে খেদি জয়লাভ কৰা হৈছিল ।

চমুকৈ আই পি এল ২০২৬ :

-এটা সংস্কৰণত সৰ্বাধিক ৰান : ২৭,৪৫০

-এটা সংস্কৰণত সৰ্বোচ্চ ৰান/উইকেটৰ অনুপাত : ৩১.২৬

-এটা সংস্কৰণত সৰ্বোচ্চ ৰান ৰেট (RPO) : ৯.৮৮

-এটা সংস্কৰণত সৰ্বাধিক চাৰি : ২,৩৩২

-এটা সংস্কৰণত সৰ্বাধিক ছয় : ১,৪২৬

-সৰ্বাধিক ব্যক্তিগত শতক : ১৫

-সৰ্বাধিক ২০০-প্লাছ টোটেল : ৬৫

-সৰ্বাধিক সফল ২০০-প্লাছ ৰান চেজ : ১৭

ফাইনেল খেলখনৰ কথালৈ আহিলে, RCB-ৰ আমন্ত্ৰণ ক্ৰমে প্ৰথমে বেটিং কৰিবলৈ নামি GT-য়ে ২০ অভাৰত মাত্ৰ ১৫৫/৮ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ৱাশ্বিংটন সুন্দৰ (৩৭ বলত ৫০* ৰান, ৫টা চাৰি) আৰু নিশান্ত সিন্ধু (১৮ বলত ২০ ৰান, ৩টা চাৰি) ২০ ৰানৰ সীমা পাৰ কৰা একমাত্ৰ বেটাৰ আছিল । ৰাছিক দৰ ছালাম (৩/২৭), ভুৱনেশ্বৰ কুমাৰ (২/২৯) আৰু জছ হেজলউডে (২/৩৭) নিয়মীয়াকৈ উইকেট দখল কৰে ।

RCB-য়ে ভেংকটেশ আয়াৰ (১৬ বলত ৩২ ৰান, ৪টা চাৰি আৰু ২টা ছয়) আৰু বিৰাট কোহলীৰ মাজত ৬২ ৰানৰ যুটিৰে সুন্দৰ আৰম্ভণি কৰে ।

GT-য়ে কিছু যুঁজ দি এক সময়ত RCB-ক ১৩২/৫ লৈ হ্ৰাস কৰিছিল, কিন্তু বিৰাটে (৪২ বলত ৭৫* ৰান, ৯টা চাৰি আৰু ৩টা ছয়) দুটা অভাৰ বাকী থকা অৱস্থাত RCB-ক জয়ৰ দিশে লৈ যায় । এইয়া RCB-ৰ দ্বিতীয়টো IPL খিতাপ জয় আৰু সামগ্ৰিকভাৱে তেওঁলোকৰ চতুৰ্থটো ভাৰতীয় ফ্ৰেঞ্চাইজি ক্ৰিকেট ট্ৰফী, যাৰ ভিতৰত দুটা ৱিমেনছ প্ৰিমিয়াৰ লীগ (WPL) খিতাপো অন্তৰ্ভুক্ত আছে ।

লগতে পঢ়ক : দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ