ভাৰতৰ মহাকাশ কোম্পানী অগ্নিকুল কচমছ আৰু এআই ক্লাউড কোম্পানী নীভক্লাউডে একেলগে ভাৰতৰ প্ৰথমটো এআই ডাটা চেণ্টাৰ মহাকাশলৈ উৎক্ষেপণৰ বাবে কাম কৰি আছে ।
ভাৰত এতিয়া মহাকাশ আৰু এআইৰ ক্ষেত্ৰত এক নতুন যাত্ৰাত নামিছে । ভাৰতৰ মহাকাশ কোম্পানী অগ্নিকুল কচমছ আৰু এআই ক্লাউড কোম্পানী নীভক্লাউডে একেলগে ভাৰতৰ প্ৰথমটো এআই ডাটা চেণ্টাৰ মহাকাশলৈ উৎক্ষেপণৰ বাবে কাম কৰি আছে ।
এই ডাটা চেণ্টাৰ পৃথিৱীৰ ওচৰৰ কক্ষপথত স্থাপন কৰা হ’ব । কোম্পানীসমূহে উল্লেখ কৰিছে যে ২০২৬ চনৰ শেষৰ ফালে ইয়াৰ প্ৰথমটো পৰীক্ষা হ’ব পাৰে । যদি এই পৰীক্ষা সফল হয় তেন্তে ভৱিষ্যতে এই প্ৰযুক্তি বৃহৎ পৰিসৰত ব্যৱহাৰ কৰিব পৰা যাব ।
এআই ইমপেক্ট ছামিট ২০২৬ত দুয়োটা কোম্পানীয়ে মহাকাশত কেনেদৰে ডাটা চেণ্টাৰ স্থাপনৰ বাবে প্ৰস্তুতি চলাইছে তাক প্ৰদৰ্শন কৰা এটা মডেল উপস্থাপন কৰে ।
উল্লেখ্য যে ইলন মাস্কেও স্পেচএক্সৰ জৰিয়তে মহাকাশত এটা ডাটা চেণ্টাৰ স্থাপনৰ প্ৰস্তুতি চলাইছে । অৱশ্যে এই প্ৰকল্প এতিয়াও পাইলট আৰু ডেমো পৰ্যায়ত আছে, চলিত বৰ্ষৰ শেষৰ ফালে এটা প্ৰ’ট’টাইপ মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে ।
লগতে পঢ়ক : চন্দ্ৰযান-৪ৰ বাবে সুখবৰ : চন্দ্ৰত বিচাৰি পোৱা গ’ল অৱতৰণৰ আটাইতকৈ নিৰাপদ স্থান !









