আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ

আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ…

বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত দ্বিতীয়খন টি-২০ মেচত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হয়। য’ত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অতি লজ্জাজনক আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত সকলোৰে আশা আছিল যে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত টিম ইণ্ডিয়াই নিজৰ আধিপত্য বজাই ৰাখিবলৈ

বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত দ্বিতীয়খন টি-২০ মেচত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হয়। য’ত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অতি লজ্জাজনক আৰম্ভণিৰ সাক্ষী হৈ পৰিছে।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত সকলোৰে আশা আছিল যে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত টিম ইণ্ডিয়াই নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হ’ব, কিন্তু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দলটোৰ আৰম্ভণি যথেষ্ট লজ্জাজনক আছিল। বেলফাষ্টৰ ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত টিম ইণ্ডিয়াই মাত্ৰ এটা ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

ইয়াৰ লগতে আয়াৰলেণ্ডে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ বিৰুদ্ধে কেৱল টি-২০ শৃংখলা জয় কৰাই নহয়, বৰঞ্চ ক্লীন ছুইপো কৰিবলৈ সক্ষম হয়। ২০২৩ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো টি-২০ শৃংখলাত পৰাজয়ৰ মুখ দেখিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আগষ্ট মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ৫খনীয়া টি-২০ শৃংখলাত টিম ইণ্ডিয়াই ৩-২ ব্যৱধানত পৰাস্ত হৈছিল।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত যেতিয়া ভাৰতীয় দলে ২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰিছিল, তেতিয়া সকলোৰে আশা আছিল যে তেওঁক আৰু কিছু শৃংখলাত এই দায়িত্ব পালন কৰাৰ সুযোগ দিয়া হ’ব। কিন্তু বিচিচিআইয়ে শ্ৰেয়াছ আয়াৰক নতুন অধিনায়ক হিচাপে ঘোষণা কৰে।

আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত টিম ইণ্ডিয়াই ৩৪ ৰানত পৰাজয় বৰণ কৰে, যিটো যিকোনো ফৰ্মেটত আইৰিছ দলৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম পৰাজয় আছিল। আনহাতে, দ্বিতীয়খন টি-২০ মেচত তেওঁলোকে ১ ৰানত পৰাস্ত হয়। ২০২৩ চনৰ পিছত টিম ইণ্ডিয়াই টি-২০ আন্তৰ্জাতিকত শৃংখলাত পৰাজয়ৰ মুখ দেখাৰ লগতে ২০১৯ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ক্লীন ছুইপৰ সন্মুখীন হ’ল।

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত পৰাজয়ৰ লগে লগে ভাৰতীয় দলৰ ধাৰাবাহিক ১২টা শৃংখলা আৰু টুৰ্ণামেণ্ট জয়ৰ অভিলেখত যতি পৰিল। ইয়াৰ পূৰ্বে ভাৰতীয় দলে ১০টা দ্বিপাক্ষিক টি-২০ শৃংখলা নিজৰ নামত কৰাৰ লগতে এই সময়ছোৱাত ২০২৪ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপো জয় কৰিবলৈ সক্ষম হৈছিল। এতিয়া শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই শৃংখলাত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ যাত্ৰাৰ অন্ত ভাৰতীয় মহিলা দলৰ; ৬ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ

শেহতীয়া প্ৰৱন্ধসমূহ