ইংলেণ্ডৰ হাতত ধূলিস্যাৎ ভাৰত, ৪-০ ত শৃংখলা দখল কৰি টি-২০ ৰেংকিঙৰ শীৰ্ষত ইংৰাজ বাহিনী

এই ঐতিহাসিক জয়েৰে ইংলেণ্ডে ৫ খনীয়া শৃংখলাটো ৪-০ ব্যৱধানত নিজৰ নামত কৰিবলৈ সক্ষম হয়

ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ অন্তিমখন খেলত ভাৰতীয় দলে এক লজ্জাজনক পৰাজয়ৰ মুখ দেখিবলগীয়া হৈছে । শনিবাৰে ছাউথম্পটনৰ ‘দ্য ৰোজ বাউল’ ষ্টেডিয়ামত অনুষ্ঠিত অন্তিমখন টি-২০ খেলত ইংলেণ্ডে ভাৰতক ৫৬ ৰানৰ এক বৃহৎ ব্যৱধানত পৰাস্ত কৰে । এই ঐতিহাসিক জয়েৰে ইংলেণ্ডে ৫ খনীয়া শৃংখলাটো ৪-০ ব্যৱধানত নিজৰ নামত কৰিবলৈ সক্ষম হয় । ক্ৰিকেট ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো এটা দ্বিপাক্ষিক টি-২০ শৃংখলাত চাৰিখনকৈ খেলত পৰাজয়বৰণ কৰিছে ।

আইচিচি টি-২০ ৰেংকিঙত ভাৰতৰ স্থান হেৰাল-

এই শৃংখলাত মুখ ঠকেচা খোৱাৰ পিছত ভাৰতীয় দলে কেৱল ট্ৰফীয়েই হেৰুওৱা নাই, বৰঞ্চ আইচিচি টি-২০ ৰেংকিঙৰ নম্বৰ-১ স্থানৰ পৰাও অপসাৰিত হৈছে । ভাৰতক অভিলেখ ব্যৱধানত হৰুৱাই এতিয়া ইংলেণ্ড টি-২০ আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙৰ বিশ্বৰ শীৰ্ষ স্থানত উপনীত হৈছে ।

উল্লেখ্য যে, এই শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল । ইয়াৰ পিছত মানচেষ্টাৰ টি-২০ত ইংলেণ্ডে ৪ উইকেটত, নটিংহামত ১২৫ ৰানত আৰু ব্ৰিষ্টল টি-২০ত ৯ উইকেটত জয়লাভ কৰি ভাৰতক দিশহাৰা কৰি পেলাইছিল । অন্তিমখন খেলতো ইংলিছ বাহিনী শ্ৰেয়াছ আয়াৰৰ ব্ৰিগেডৰ ওপৰত সম্পূৰ্ণ গধুৰ হৈ পৰে ।

জছ বাটলাৰ আৰু হেৰী ব্ৰুকৰ বেটিং ধুমুহা-

খেলখনত টছ হাৰি প্ৰথমে বেটিং কৰিবলৈ নমা ইংলেণ্ডৰ আৰম্ভণি ভাল নাছিল । ফিল ছল্ট মাত্ৰ ৬ ৰান কৰি প্ৰসিদ্ধ কৃষ্ণৰ চিকাৰ হয় । কিন্তু ইয়াৰ পিছতে ক্ৰীজত ধুমুহা তোলে জছ বাটলাৰ আৰু অধিনায়ক হেৰী ব্ৰুকে । দুয়োৰে মাজত দ্বিতীয় উইকেটৰ বাবে মাত্ৰ ১০২ টা বলত ২৩৩ ৰানৰ এক বিশাল আৰু অভিলেখকাৰী অংশীদাৰিত্ব গঢ়ি উঠে ।

বাটলাৰে মাত্ৰ ৫১ টা বলত শতক অৰ্জন কৰাৰ লগতে মুঠ ৬৪ টা বলত ১৩১ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলে, য’ত আছিল ১২ টা চাৰি আৰু ৮ টা দৰ্শনীয় ছয় । ব্ৰুকেও নিজৰ ধুমুহা অব্যাহত ৰাখি ৪ টা চাৰি আৰু ৮ টা ছয়ৰ সহায়ত ৯৫ ৰান কৰি অপৰাজিত হৈ থাকে । ইংলেণ্ডে নিৰ্ধাৰিত ২০ অভাৰত ভাৰতক ২৫৮ ৰানৰ এক বৃহৎ লক্ষ্য বান্ধি দিয়ে । ভাৰতৰ হৈ শিৱম ডুবেই ক্ৰমাগত দুটা বলত বাটলাৰ আৰু জেকব বেথেলক (০) আউট কৰে ।

অথলে গ’ল তিলক বৰ্মা আৰু ঈশান কিষাণৰ যুঁজ-

২৫৮ ৰানৰ বিশাল লক্ষ্য খেদিবলৈ নামি ভাৰতীয় দলৰ আৰম্ভণি অতি হতাশাজনক আছিল । অপেনাৰ অভিষেক শৰ্মা মাত্ৰ ৩ ৰান কৰি জোফ্ৰা আৰ্চাৰৰ বলত আউট হয় । সঞ্জু চেমছনে কিছু ভাল শ্বট খেলি ২৭ ৰান কৰে যদিও ছেম কাৰনৰ প্ৰথমটো বলতে উইকেট হেৰুৱায় ।

ইয়াৰ পিছত অধিনায়ক শ্ৰেয়াছ আয়াৰ (২৮) আৰু ঈশান কিষাণে তৃতীয় উইকেটৰ বাবে ৫৫ ৰান যোগ কৰে । ঈশানে ৩৫ টা বলত ৫৬ ৰান (৭ টা চাৰি, ২ টা ছয়) কৰি আদিল ৰছিদৰ চিকাৰ হয় । শেষৰ ফালে যুৱ তাৰকা তিলক বৰ্মাই মাত্ৰ ২৫ টা বলত ৩ টা চাৰি আৰু ৪ টা ছয়ৰ সহায়ত ৫৩ ৰানৰ এক আক্ৰমণাত্মক ইনিংছ খেলে যদিও আন কোনো বেটছমেনে সংগ দিয়াত ব্যৰ্থ হয় । শিৱম ডুবে (১৪), সূৰ্যাংশ শ্বেদগে (৭) আৰু অক্ষৰ পেটেলে (৩) বেটেৰে হতাশ কৰে। ফলত ভাৰতে ৮ উইকেট হেৰুৱাই ২০১ ৰানহে কৰিবলৈ সক্ষম হয় । ইংলেণ্ডৰ হৈ ছেম কাৰনে ৩ টা আৰু আদিল ৰছিদে ২ টা উইকেট লাভ কৰে ।

ভাৰতীয় দলৰ প্লেয়িং-১১ ত সালসলনি-

এই খেলখনত ভাৰতীয় দলে তেওঁলোকৰ প্লেয়িং-১১ ত দুটা ডাঙৰ সালসলনি কৰিছিল । যুৱ বেটছমেন বৈভৱ সূৰ্যবংশী আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰৰ স্থানত ক্ৰমে উইকেটৰক্ষক সঞ্জু চেমছন আৰু অলৰাউণ্ডাৰ সূৰ্যাংশ শ্বেদগেই সুযোগ লাভ কৰিছিল । আনহাতে, ইংলেণ্ডে ৰেয়ান আহমেদৰ স্থানত পুনৰ লিয়াম ডছনক অন্তৰ্ভুক্ত কৰিছিল ।

লগতে পঢ়ক : শচীন-বিৰাটেও কৰিব নোৱাৰা কৃতিত্ব অৰ্জন কৰিলে হৰমনপ্ৰীত কৌৰে!

অন্তিম টি-২০ মেচৰ পূৰ্বে হাহাকাৰ! ট্ৰেফিক জামত আৱদ্ধ টিম ইণ্ডিয়া

পঞ্চম তথা অন্তিমখন টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দলৰ বাছখন তীব্ৰ ট্ৰেফিক জামত আৱদ্ধ হৈ পৰে

ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় ক্ৰিকেট দলটোৱে শনিবাৰে এক আচৰিত আৰু অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় । ছাউথহেম্পটনৰ ৰোজ বাউল ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া পঞ্চম তথা অন্তিমখন টি-২০ মেচৰ পূৰ্বে ভাৰতীয় দলৰ বাছখন তীব্ৰ ট্ৰেফিক জামত আৱদ্ধ হৈ পৰে ।

ইয়াৰ ফলত খেলুৱৈসকল সময়মতে ষ্টেডিয়ামত উপস্থিত হ’ব নোৱাৰিলে আৰু নিৰ্ধাৰিত সময়তকৈ ৪৫ মিনিট পলমকৈ টছ কৰিবলগীয়া হয় । ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:৩০ বজাত হ’বলগীয়া টছ অৱশেষত সন্ধিয়া ৭:১৫ বজাতহে সম্ভৱ হয় । অৱশ্যে পৰৱৰ্তী সময়ত টীম ইণ্ডিয়া ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে লগে খেলখন আৰম্ভ কৰাৰ প্ৰস্তুতি দ্ৰুতগতিত আগবাঢ়ে ।

ইয়াৰ পূৰ্বে ঘৰুৱা দল ইংলেণ্ডৰ ক্ৰিকেটাৰ সকল অহা বাহনখনো ট্ৰেফিক জামত আৱদ্ধ হৈ পৰাত তেওঁলোক চাইকেলেৰে ষ্টেডিয়ামলৈ অহা পৰিলক্ষিত হয় ।

হাতৰ পৰা গ’ল শৃংখলা, ম্লান হ’ল টীম ইণ্ডিয়াৰ ৰেকৰ্ড

পাঁচখনীয়া এই টি-২০ শৃংখলাৰ ফলাফল ইতিমধ্যে নিৰ্ধাৰণ হৈ গৈছে, গতিকে এই মেচখনে শৃংখলাৰ ফলাফল সলনি কৰিব নোৱাৰে । প্ৰথমখন টি-২০ মেচ বৰষুণৰ বাবে বাতিল হোৱাৰ পিছত, পৰৱৰ্তী তিনিওখন মেচতে ইংলেণ্ডে ভাৰতক পৰাস্ত কৰে । ইয়াৰ ফলত ঘৰুৱা দলটোৱে শৃংখলাত ৩-০ ব্যৱধানত এক অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে ।

এই পৰাজয়ে ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত কেতবোৰ বেয়া ৰেকৰ্ডৰো সৃষ্টি কৰিছে । ভাৰতীয় দলটোৱে ইতিহাসত প্ৰথমবাৰৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে দুখন বা তাতকৈ অধিক মেচৰ টি-২০ শৃংখলাত পৰাজয়ৰ সোৱাদ লৈছে । লগতে ২০১৯ চনৰ পিছত ইংলেণ্ডৰ বিৰুদ্ধে এয়া ভাৰতৰ প্ৰথমটো দ্বিদেশীয় টি-২০ শৃংখলা পৰাজয় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু প্ৰশিক্ষক গৌতম গম্ভীৰৰ বাবে অগ্নিপৰীক্ষা

শৃংখলা হেৰুওৱাৰ পিছত এই অন্তিমখন খেল ভাৰতৰ বাবে কেৱল সন্মান ৰক্ষাৰ যুঁজ হৈ পৰিছে । এই মেচখন বিশেষকৈ নৱনিযুক্ত অধিনায়ক শ্ৰেয়াছ আয়াৰ আৰু হেড কোচ গৌতম গম্ভীৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ । সূৰ্যকুমাৰ যাদৱৰ অনুপস্থিতিত দলৰ ক দায়িত্ব লোৱা শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বৰ ট্ৰেক ৰেকৰ্ড এতিয়ালৈকে অতি হতাশাজনক হৈছে ।

আয়াৰৰ নেতৃত্বত খেলা প্ৰাৰম্ভিক ৬ খন মেচৰ ভিতৰত ৫ খনতে ভাৰত পৰাজিত হৈছে আৰু এখন খেল ড্ৰ’ হৈছে । দলৰ এনে ধাৰাবাহিক বেয়া প্ৰদৰ্শনক লৈ এতিয়া ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড মুঠেই সন্তুষ্ট নহয় । জানিব পৰা মতে, বিচিচিআইয়ে অতি শীঘ্ৰেই দলৰ এই প্ৰদৰ্শনৰ এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা কৰাৰ প্ৰস্তুতি চলাইছে ।

লগতে পঢ়ক : উইম্বলডনত ভাৰতীয় ক্ৰিকেটৰ তিনি প্ৰজন্ম: চিনাৰৰ প্ৰশংসাত পঞ্চমুখ মাষ্টাৰ ব্লাষ্টাৰ

তৃতীয় টি-২০তো নিৰ্লজ্জ আত্মসমৰ্পণ ভাৰতীয় দলৰ, শৃংখলা দখল ইংৰাজ বাহিনীৰ

ভাৰতীয় টি-২০ দলটোৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে

শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত বৰ্তমান ইংলেণ্ড ভ্ৰমণত থকা ভাৰতীয় টি-২০ দলটোৰ শোচনীয় প্ৰদৰ্শন অব্যাহত আছে । ব্ৰিষ্টলত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ চতুৰ্থখন মেচত টীম ইণ্ডিয়াই আকৌ এবাৰ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে । শৃংখলাত বৰ্তি থাকিবলৈ ভাৰতৰ বাবে এই মেচখন জিকাটো অতি জৰুৰী আছিল, কিন্তু তাৰকা বেটৰসকলৰ ব্যৰ্থতা আৰু বলাৰসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবে ভাৰতে মেচখন হেৰুৱাব লগা হয় । এই বিজয়েৰে ঘৰুৱা দল ইংলেণ্ডে ৫খনীয়া মেচৰ শৃংখলাটোত ৩-০ ৰ এক অপৰাজেয় অগ্ৰগতি লাভ কৰিছে ।

টছ জিকিও ব্যৰ্থ ভাৰতীয় বেটিং লাইন-আপ

মেচখনত ভাৰতীয় দলৰ অধিনায়ক শ্ৰেয়াছ আয়াৰে টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । কিন্তু দলৰ আৰম্ভণি একেবাৰেই আশাপ্ৰদ নাছিল । যুৱ অপেনাৰ বৈভৱ সূৰ্যৱংশীয়ে কিছুমান ভাল শ্বট খেলি ১৫ ৰান কৰাৰ পাছতে জোফ্ৰা আৰ্চাৰৰ চিকাৰ হয় । ইয়াৰ পিছত ক্ৰীজলৈ অহা উইকেটকীপাৰ ঈশান কিষাণো মাত্ৰ ৪ ৰান কৰি বিদায় লয় । ভাল ফৰ্মত থকা যেন লগা অভিষেক শৰ্মায়ো (১৪ ৰান) আদিল ৰছিদৰ বলত নিজৰ কেচ দি আউট হোৱাত ভাৰতে ৪৮ ৰানতে ৩টা গুৰুত্বপূৰ্ণ উইকেট হেৰুৱায় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰৰ সংগ্ৰাম

এফালে ইটোৰ পিছত সিটো উইকেট পতন ঘটি থকাৰ সময়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে এক আকৰ্ষণীয় অধিনায়কসুলভ ইনিংছ খেলে । আয়াৰে ৪৯ বলত সংগ্ৰামী অপৰাজিত ৮০ ৰান সংগ্ৰহ কৰে । মধ্যক্ৰমত তেওঁক কিছু পৰিমাণে সংগ দিয়ে শিৱম ডুবেই (২২ ৰান)। দুয়োৰে মাজত ৫৩ ৰানৰ এক মূল্যবান পাৰ্টনাৰশ্বিপ গঢ়ি উঠে ।

অৱশ্যে শেষৰ ফালে তিলক বাৰ্মা, ৱাশ্বিংটন সুন্দৰ (৫ ৰান) আৰু অক্ষৰ পেটেল (১ ৰান) ব্যৰ্থ হয় । নিৰ্ধাৰিত ২০ অভাৰত ভাৰতে ৭টা উইকেট হেৰুৱাই ১৫৮ ৰান হে কৰিবলৈ সক্ষম হয় । ইংলেণ্ডৰ হৈ জোছ টাং আৰু জোফ্ৰা আৰ্চাৰে ২টি কৈ উইকেট লাভ কৰে ।

হেৰী ব্ৰুক আৰু ফিল ছল্টৰ ধুমুহা

১৫৯ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ নামি ইংলেণ্ডৰ বেটৰসকলে ভাৰতীয় বলাৰসকলক তিলমাত্ৰও সুযোগ নিদিলে । যদিও ইনিংছৰ তৃতীয় অভাৰতে অধিনায়ক জোছ বাটলাৰক (৮ ৰান) অৰ্শদীপ সিঙে আউট কৰি ভাৰতক প্ৰথমটো সফলতা দিছিল, কিন্তু তাৰ পিছত ভাৰতীয় বলাৰসকল সম্পূৰ্ণ অসহায় হৈ পৰে ।

হেৰী ব্ৰুকে ৩৫ বলত অপৰাজিত ৭৯ ৰান ইনিংছ খেলে । ইফালে ফিল ছল্টে ৪২ বলত ৫৯ ৰান (অপৰাজিত) সংগ্ৰহ কৰে । দুয়োৰে আক্ৰমণাত্মক বেটিঙৰ বলত ইংলেণ্ডে ৪৩ বল বাকী থকা অৱস্থাতে মাত্ৰ ১টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয় ।

টীম ইণ্ডিয়াত দুটা পৰিৱৰ্তন, আয়াৰৰ নেতৃত্বক লৈ প্ৰশ্ন

এই গুৰুত্বপূৰ্ণ মেচখনৰ বাবে ভাৰতীয় দলত দুটা ডাঙৰ পৰিৱৰ্তন কৰা হৈছিল । আঘাতৰ বাবে দলৰ বাহিৰত থকা হৰ্ষিত ৰাণা আৰু বৰুণ চক্ৰৱৰ্তীৰ স্থানত প্ৰসিদ্ধ কৃষ্ণ আৰু ৱাশ্বিংটন সুন্দৰক অন্তৰ্ভূক্ত কৰা হৈছিল । এই মেচখনতো সঞ্জু ছেমছনক সুযোগ দিয়া নহ’ল ।

উল্লেখ্য যে, শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টীম ইণ্ডিয়াই এতিয়ালৈকে এখনো টি-২০ মেচত জয়লাভ কৰিব পৰা নাই । শৃংখলাৰ প্ৰথমখন মেচ বৰষুণৰ বাবে বাতিল হৈছিল আৰু বাকী তিনিখন মেচত ইংলেণ্ডে জয়লাভ কৰি ট্ৰফী নিজৰ নামত কৰে । শৃংখলাৰ অন্তিমখন মেচ এতিয়া চাউথহ্যাম্পটনত অনুষ্ঠিত হ’ব, য’ত ভাৰতে সন্মান ৰক্ষাৰ বাবে খেলিব ।

লগতে পঢ়ক : ক্ৰিকেট ইতিহাসৰ লজ্জাজনক পৰাজয়! ইংলেণ্ডৰ বিৰুদ্ধে ১২৫ ৰানত ধৰাশায়ী টীম ইণ্ডিয়া

দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত ধৰাশায়ী বিশ্ব চেম্পিয়ন ভাৰত

১৯০ ৰাণ কৰিও ৰক্ষা নপৰিল বিশ্ব চেম্পিয়ন ভাৰত! দ্বিতীয় টি-২০ত ইংৰাজ বাহিনীৰ হাতত শোচনীয় পৰাজয় ।

মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ডত অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ইংলেণ্ডে ভাৰতীয় দলক ৪ উইকেটত পৰাস্ত কৰে । ১৯১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ইংলেণ্ডে ৬ টা বল বাকী থকা অৱস্থাতে জয়লাভ কৰে । এই জয়েৰে ইংলিছ দলটোৱে শৃংখলাত ১-০ ব্যৱধানত অগ্ৰগতি লাভ কৰিছে । ইফালে শৃংখলাৰ প্ৰথমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হৈছিল ।

জেকব বেথেলৰ বেটিং ধুমুহা-

ইংলেণ্ডৰ এই আকৰ্ষণীয় জয়ৰ মুখ্য নায়ক আছিল জেকব বেথেল । তেওঁ মাত্ৰ ৪৬ টা বলত ৫ টা চাৰি আৰু ৫ টা ছয়ৰ সহায়ত ৭৬ ৰাণ কৰি অপৰাজিত হৈ ৰয় ।

ৰাণ খেদিবলৈ নামি ইংলেণ্ডৰ আৰম্ভণি দুৰ্বল আছিল । প্ৰথম অভাৰতে অৰ্শদীপ সিঙে ফিল ছল্ট (০) আৰু জচ বাটলাৰক (০) আউট কৰি ভাৰতক এক শক্তিশালী আৰম্ভণি দিছিল । ইয়াৰ পিছত হেৰী ব্ৰুকে ১৫ টা বলত ৩৯ ৰাণৰ এক দ্ৰুত ইনিংছ খেলে । টম বেণ্টন (৩৯ ৰাণ) আৰু জেকব বেথেলে চতুৰ্থ উইকেটৰ বাবে ৬৭ ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তোলে । ১৭ নম্বৰ অভাৰত ভাৰতীয় স্পীনাৰ ৰবি বিষ্ণোইয়ে ২৯ ৰাণ ব্যয় কৰে, যিটো খেলখনৰ আটাইতকৈ ডাঙৰ টাৰ্নিং পইণ্ট হিচাপে বিবেচিত হয় ।

ভাৰতৰ বেটিং প্ৰদৰ্শন-

টছত জিকি প্ৰথমে বেটিং কৰা ভাৰতীয় দলে নিৰ্ধাৰিত ২০ অভাৰত ৭ উইকেট হেৰুৱাই ১৯০ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ অপেনাৰ অভিষেক শৰ্মাই ২৪ টা বলত ৪৩ ৰাণৰ এক বিস্ফোৰক ইনিংছ খেলে । আনহাতে, ঈশান কিষাণে ৪০ টা বলত সৰ্বাধিক ৪৯ ৰাণৰ অৱদান আগবঢ়ায় ।

অধিনায়ক শ্ৰেয়াছ আয়াৰে ৩৭ ৰাণ আৰু শেষৰফালে তিলক বাৰ্মাই মাত্ৰ ১১ টা বলত ২৪ ৰাণ কৰি ভাৰতৰ স্ক’ৰ ১৯০ লৈ লৈ যায় । ইংলেণ্ডৰ হৈ পেচাৰ ছেম কাৰণে উৎকৃষ্ট বলিং কৰি ৩ টা উইকেট লাভ কৰে ।

১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ ঐতিহাসিক অভিষেক

এই খেলখন ভাৰতীয় ক্ৰিকেটৰ বাবে ঐতিহাসিক আছিল, কিয়নো মাত্ৰ ১৫ বছৰ বয়সতে বৈভৱ সূৰ্যবংশীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায় । সঞ্জু চেমছনৰ স্থানত দলত সুযোগ পোৱা বৈভৱক সহ-অধিনায়ক তিলক বাৰ্মাই অভিষেক কেপ প্ৰদান কৰে ।

নিজৰ প্ৰথম মেচতে বৈভৱে জোফ্ৰা আৰ্চাৰৰ দৰে তাৰকা বলাৰক ছয় কোবাই নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে । তেওঁ ১০ টা বলত ১৪ ৰাণ সংগ্ৰহ কৰে । আনহাতে, ইংলেণ্ডৰ হৈ জচ টাঙেও এই মেচখনৰ জৰিয়তে টি-২০ ক্ৰিকেটত পদাৰ্পণ কৰে ।

লগতে পঢ়ক : বৈভৱ সূৰ্যবংশীয়ে ৰচিলে ইতিহাস, ভংগ হ’ল মাষ্টাৰ-ব্লাষ্টাৰৰ অভিলেখ

আয়াৰলেণ্ডৰ বিৰুদ্ধে পুনৰ পতন বিশ্ব চেম্পিয়ন টিম ইণ্ডিয়াৰ…

বেলফাষ্টৰ চিভিল চাৰ্ভিচ ক্ৰিকেট ক্লাবত দ্বিতীয়খন টি-২০ মেচত ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত অনুষ্ঠিত হয়। য’ত শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত অতি লজ্জাজনক আৰম্ভণিৰ সাক্ষী হৈ পৰিছে।

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত সকলোৰে আশা আছিল যে টি-২০ আন্তৰ্জাতিক ক্ৰিকেটত টিম ইণ্ডিয়াই নিজৰ আধিপত্য বজাই ৰাখিবলৈ সক্ষম হ’ব, কিন্তু শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত দলটোৰ আৰম্ভণি যথেষ্ট লজ্জাজনক আছিল। বেলফাষ্টৰ ষ্টেডিয়ামত আয়াৰলেণ্ডৰ বিৰুদ্ধে খেলা দ্বিতীয়খন টি-২০ মেচত টিম ইণ্ডিয়াই মাত্ৰ এটা ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

ইয়াৰ লগতে আয়াৰলেণ্ডে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ বিৰুদ্ধে কেৱল টি-২০ শৃংখলা জয় কৰাই নহয়, বৰঞ্চ ক্লীন ছুইপো কৰিবলৈ সক্ষম হয়। ২০২৩ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ভাৰতীয় দলে কোনো টি-২০ শৃংখলাত পৰাজয়ৰ মুখ দেখিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ আগষ্ট মাহত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে খেলা ৫খনীয়া টি-২০ শৃংখলাত টিম ইণ্ডিয়াই ৩-২ ব্যৱধানত পৰাস্ত হৈছিল।

সূৰ্যকুমাৰ যাদৱৰ অধিনায়কত্বত যেতিয়া ভাৰতীয় দলে ২০২৬ চনৰ টি-২০ বিশ্বকাপ জয় কৰিছিল, তেতিয়া সকলোৰে আশা আছিল যে তেওঁক আৰু কিছু শৃংখলাত এই দায়িত্ব পালন কৰাৰ সুযোগ দিয়া হ’ব। কিন্তু বিচিচিআইয়ে শ্ৰেয়াছ আয়াৰক নতুন অধিনায়ক হিচাপে ঘোষণা কৰে।

আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন মেচত টিম ইণ্ডিয়াই ৩৪ ৰানত পৰাজয় বৰণ কৰে, যিটো যিকোনো ফৰ্মেটত আইৰিছ দলৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম পৰাজয় আছিল। আনহাতে, দ্বিতীয়খন টি-২০ মেচত তেওঁলোকে ১ ৰানত পৰাস্ত হয়। ২০২৩ চনৰ পিছত টিম ইণ্ডিয়াই টি-২০ আন্তৰ্জাতিকত শৃংখলাত পৰাজয়ৰ মুখ দেখাৰ লগতে ২০১৯ চনৰ পিছত এই প্ৰথমবাৰৰ বাবে ক্লীন ছুইপৰ সন্মুখীন হ’ল।

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই শৃংখলাত পৰাজয়ৰ লগে লগে ভাৰতীয় দলৰ ধাৰাবাহিক ১২টা শৃংখলা আৰু টুৰ্ণামেণ্ট জয়ৰ অভিলেখত যতি পৰিল। ইয়াৰ পূৰ্বে ভাৰতীয় দলে ১০টা দ্বিপাক্ষিক টি-২০ শৃংখলা নিজৰ নামত কৰাৰ লগতে এই সময়ছোৱাত ২০২৪ আৰু ২০২৬ চনৰ টি-২০ বিশ্বকাপো জয় কৰিবলৈ সক্ষম হৈছিল। এতিয়া শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত টিম ইণ্ডিয়াই শৃংখলাত পৰাজয়ৰ মুখ দেখিবলগীয়া হ’ল।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ যাত্ৰাৰ অন্ত ভাৰতীয় মহিলা দলৰ; ৬ উইকেটত অষ্ট্ৰেলিয়াৰ জয়লাভ

আয়াৰলেণ্ডক সহজে লৈ মুখ ঠেকেছা ভাৰতীয় দলৰ! ক্ষোভিত অধিনায়ক শ্ৰেয়াছ আয়াৰ

শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত আয়াৰলেণ্ডৰ বিৰুদ্ধে দুখন খেলৰ টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ৩৪ ৰানৰ অপমানজনক পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় টিম ইণ্ডিয়া। এই ক্ষতিৰ সন্দৰ্ভত অধিনায়ক শ্ৰেয়াছ আয়াৰেও এক উল্লেখযোগ্য বক্তব্য আগবঢ়ায়।

ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দলটো আয়াৰলেণ্ড ভ্ৰমণৰ বাবে গৈছে। কিন্তু এই ভ্ৰমণৰ আৰম্ভণি বৰ হতাশাজনক আছিল। বেলফাষ্টত অনুষ্ঠিত হোৱা দুখনীয়া টি-২০ শৃংখলাৰ প্ৰথমখন খেলত ভাৰতীয় দলটোৱে আয়োজক আয়াৰলেণ্ডৰ হাতত ৩৪ ৰানত পৰাজয় বৰণ কৰিবলগীয়া হয়।

উল্লেখ্য যে, যিকোনো ফৰ্মেটত আয়াৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ এইটো প্ৰথম পৰাজয়। খেলখনৰ অন্তত বেটিংত বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰা অধিনায়ক শ্ৰেয়াছ আয়াৰে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে, আমি কোনো দলকে সহজভাৱে ল’ব নালাগে আৰু কেৱল খেলপথাৰত নামিলেই মেচত জয়ী হ’ব নোৱাৰি।

প্ৰেজেণ্টেচন চেৰিমণিত শ্ৰেয়াছ আয়াৰে কয়, “আমাৰ বলাৰসকলে আৰম্ভণি ভাল কৰিছিল, নতুন বলেৰে আমি কিছু উইকেটো দখল কৰিছিলো। কিন্তু তাৰ পাছত মিডল অভাৰবোৰত আমি আমাৰ পৰিকল্পনা সঠিকভাৱে কাৰ্যকৰী কৰিব নোৱাৰিলোঁ। আমি তেওঁলোকক পোনপটীয়াকৈ গ্ৰাউণ্ডৰ ফালে শ্বট খেলিবলৈ সুযোগ দিলোঁ, য’ত বাউণ্ডেৰীৰ দৈৰ্ঘ্য কিছু চুটি আছিল। আমি যি ধৰণে আৰম্ভণি কৰিছিলোঁ, তাৰ পিছত তেওঁলোকক ১৪০ ৰানত সীমাবদ্ধ ৰখা উচিত আছিল, যিটো পাৰ কৰিবলৈ সহজ হ’লহেঁতেন। অধিনায়ক হিচাপে এইটো এটা শিক্ষা লোৱাৰ দৰে আৰম্ভণি। এই মেচখনৰ পৰা আমি বহু কিবা শিকিবলৈ পালোঁ আৰু পৰৱৰ্তী মেচত আমি সম্পূৰ্ণ শক্তিৰে খেলপথাৰত নামিম।”

আয়াৰলেণ্ডৰ বিৰুদ্ধে এই পৰাজয়ৰ পিছত দলক কিবা বাৰ্তা দিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত শ্ৰেয়াছ আয়াৰে কয়, “মই ভাবো কোনো কথাকে সহজভাৱে ল’ব নালাগে। কেৱল খেলপথাৰত সোমালেই জয়ী হ’ব নোৱাৰি; তাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সেই মুহূৰ্তত সম্পূৰ্ণ মনোনিৱেশ কৰিব লাগিব। মই আগতেও কৈছোঁ যে, আপুনি বৰ্তমানত জীয়াই থাকিব লাগিব আৰু যদি বিৰোধী দলৰ ওপৰত চাপ সৃষ্টি কৰাৰ সুযোগ পায়, তেন্তে তাৰ সম্পূৰ্ণ সুবিধা ল’ব লাগিব।”

লগতে পঢ়ক: প্ৰথমবাৰলৈ আয়াৰলেণ্ডৰ হাতত পৰাস্ত টীম ইণ্ডিয়া; ১৭ বছৰীয়া আধিপত্যৰ অন্ত

টিম ইণ্ডিয়াৰ প্লেয়িং একাদশত স্থান নাপালে বৈভৱ সূৰ্যবংশীয়ে; অধিনায়ক শ্ৰেয়াছ আয়াৰে জনালে কাৰণ

বিগত কিছুদিনৰ জল্পনা-কল্পনা আৰু আশাৰ বিপৰীতে ভাৰতীয় ছুপাৰ কিড বৈভৱ সূৰ্যবংশীয়ে আয়াৰলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত প্লেয়িং একাদশত স্থান নাপালে।

কোটি কোটি ভাৰতীয় অনুৰাগীয়ে আশা কৰিছিল যে ১৫ বছৰীয়া যুৱ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে শুক্ৰবাৰে (২৬ জুন) আয়াৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচখনৰ জৰিয়তে নিজৰ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পাতনি মেলিব। কিন্তু ভাৰতীয় দলৰ প্লেয়িং একাদশত তেওঁৰ নাম অন্তৰ্ভুক্ত নহ’ল। ইয়াৰ অৰ্থ হ’ল, বৈভৱৰ অভিষেকৰ বাবে অনুৰাগীসকলে আৰু কিছু সময় অপেক্ষা কৰিব লাগিব।

টছৰ সময়ত অধিনায়ক শ্ৰেয়াছ আয়াৰে এই সিদ্ধান্তৰ আঁৰৰ কাৰণ স্পষ্ট কৰি দিয়ে। বৈভৱক সুযোগ নিদিয়াৰ সন্দৰ্ভত অধিনায়কগৰাকীয়ে কয়, “তেওঁ আজি খেলা নাই। এয়া দুৰ্ভাগ্যজনক। তেওঁ এজন দক্ষ খেলুৱৈ, কিন্তু আমাৰ দলত অতি অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ আছে। এনে বহু খেলুৱৈ আছে যিয়ে পূৰ্বৰ ছিৰিজসমূহত ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিছে। সেয়েহে, আমি এই ছিজনত উন্নত প্ৰদৰ্শন কৰা খেলুৱৈসকলৰ সৈতে যোৱাৰ সিদ্ধান্ত লৈছোঁ। সময় আহিলে বৈভৱে নিশ্চিতভাৱে সুযোগ পাব।”

শ্ৰেয়াছ আয়াৰৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈ পৰিছে যে দল পৰিচালনা সমিতিয়ে বৰ্তমান অভিজ্ঞতাৰ ওপৰত গুৰুত্ব দিছে, আনহাতে বৈভৱ সূৰ্যবংশীক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰা হৈছে। শ্ৰেয়াছে লগতে জনায় যে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে খেলুৱৈসকলক নিজৰ খেলৰ ওপৰত আস্থা ৰাখিবলৈ আৰু নিৰ্ভীকভাৱে খেলিবলৈ নিৰ্দেশ দিছে।

তেওঁ কয়, “গৌতম গম্ভীৰে খেলুৱৈসকলক কৈছে যে তেওঁলোকে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে, মুকলিকৈ খেলিব লাগে আৰু খেলপথাৰত সম্পূৰ্ণ নিৰ্ভীক হৈ থাকিব লাগে। আমি পৰিস্থিতিৰ সৈতে খাপ খুৱাই ল’বলৈ সাজু থাকিব লাগিব আৰু ইয়াৰ বাবে আমি ভালদৰে অনুশীলন কৰিছোঁ।”

টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতে এই ছিৰিজটোৰ জৰিয়তে নিজৰ নতুন যাত্ৰা আৰম্ভ কৰিছে। অৱশ্যে শ্ৰেয়াছ আয়াৰে কয় যে দলে বৰ্তমান ভৱিষ্যতৰ কথা চিন্তা কৰা নাই। তেওঁ কয়, “আমি এটা সময়ত এখন মেচৰ ওপৰতহে গুৰুত্ব দি আছোঁ। চূড়ান্ত লক্ষ্যটো ডাঙৰ হ’ব পাৰে, কিন্তু এতিয়া আমাৰ সম্পূৰ্ণ লক্ষ্য হ’ল আয়াৰলেণ্ডৰ বিৰুদ্ধে এই ছিৰিজটোত ভাল প্ৰদৰ্শন কৰা।”

প্ৰথম মেচখনত বৈভৱ সূৰ্যবংশীয়ে সুযোগ নাপালেও, অধিনায়কৰ মন্তব্যই ইংগিত দিছে যে দল পৰিচালনা সমিতিয়ে তেওঁক ভৱিষ্যতৰ এজন ডাঙৰ খেলুৱৈ হিচাপে গণ্য কৰে। এতিয়া সকলোৰে দৃষ্টি ছিৰিজৰ পৰৱৰ্তী মেচখনৰ ওপৰত, য’ত হয়তো এই ১৫ বছৰীয়া যুৱ বেটাৰগৰাকীয়ে অৱশেষত ভাৰতীয় দলৰ জাৰ্চি পৰিধন কৰি খেলপথাৰত নামিব পাৰিব।

লগতে পঢ়ক: আজি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটিব ‘বেবী বছ’ৰ !

“মোৰ নিজকে সলনি কৰাৰ প্ৰয়োজন নাই”; অধিনায়কৰ দায়িত্ব লৈয়ে শ্ৰেয়াছ আয়াৰৰ মন্তব্য

ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়কৰ দায়িত্ব শ্ৰেয়াছ আয়াৰক দিয়া হৈছে আৰু এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই খেলুৱৈ গৰাকীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ষ্টাৰ বেটছমেন শ্রেয়াছ আয়াৰক বিচিচিআই (BCCI)-য়ে টীম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিছে। সূর্যকুমাৰ যাদৱৰ ঠাইত আয়াৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে। অধিনায়ক হোৱাৰ পিছত এতিয়া শ্রেয়াছ আয়াৰৰ প্ৰথম প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে। আয়াৰে কয় যে তেওঁ সৰুৰে পৰাই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাল পাই আহিছে আৰু ৰাষ্ট্ৰীয় দলৰ অধিনায়কত্ব পোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ ব্যক্তিত্ব সলনি কৰিব লাগিব। আয়াৰে কয় যে তেওঁ সেই একেজন ব্যক্তিয়েই হৈ থাকিব বিচাৰে, যিয়ে মুম্বাইৰ অত্যন্ত প্ৰতিযোগিতামূলক ক্ৰিকেট পৰিৱেশত খেলি নিজৰ পৰিচয় গঢ়ি তুলিছিল।

শ্ৰেয়াছ আয়াৰে মুম্বাইৰ এটা অনুষ্ঠানত কয়, “মই নিজৰ ব্যক্তিত্ব সলনি কৰাৰ প্ৰয়োজন নাই। মই আগতে যি আছিলোঁ, সেই একেজন মানুহ হৈয়ে থাকিব লাগিব। মই আন কাৰোবাৰ দৰে হ’বলৈ বা কাৰোবাৰ ছাঁত থকাৰ চেষ্টা নকৰো।”

তেওঁ কয় যে মুম্বাইৰ দৰে ক্ৰিকেটপ্ৰেমী চহৰত ডাঙৰ-দীঘল হোৱাৰ বাবে প্ৰত্যাহ্বানসমূহ তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিছে। ভাৰতৰ নতুন অধিনায়ক গৰাকীয়ে লগতে কয়, “মই সদায় প্ৰত্যাহ্বান পছন্দ কৰি আহিছোঁ। মুম্বাইত ক্ৰিকেটৰ স্তৰ বহুত ওপৰত আৰু প্ৰতিযোগিতাও অতি তীব্ৰ। তাত প্ৰতিজন লৰাই মুম্বাইক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখে।”

শ্রেয়াছ আয়াৰে কয়, “মোৰ চিন্তা সদায় এইটোৱেই থাকে যে সন্মুখত যিয়েই কঠিন পৰিস্থিতি নাহক কিয়, মই তাৰ সৈতে যুঁজ দিম আৰু জিকিম। নতুনকৈ শিকা আৰু মেচ জিকাটো নিজৰ ঠাইত গুৰুত্বপূৰ্ণ, কিন্তু খেলখন উপভোগ কৰা আৰু মনত প্ৰতিদ্বন্দিতা কৰাৰ উচাহ ৰখাটোৱে আপোনাক বহুত আগুৱাই লৈ যায়।” তেওঁ উল্লেখ কৰে যে যেতিয়া আপুনি অধিনায়কত্বৰ দৰে এটা ডাঙৰ দায়িত্ব পায়, তেতিয়া আপুনি তাক আনন্দৰে গ্ৰহণ কৰে। বৰ্তমান অধিনায়ক হিচাপে মই যি দায়িত্ব পাইছোঁ, সেয়া মোৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান।

আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া দুখন মেচৰ টি-২০ শৃংখলাত শ্রেয়াছ আয়াৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্ব চম্ভালিব।তেওঁ নিজৰ শেষ টি-২০ মেচ ২০২৩ চনৰ ডিচেম্বৰ মাহত খেলিছিল আৰু তাৰ পিছৰে পৰা তেওঁ দলৰ পৰা বাহিৰত আছিল।

লগতে পঢ়ক: ‘২০২৭ ৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক…’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা  

এছিয়ান গেমছ ২০২৬: শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা; টি-২০ দলত যশপ্ৰীত বুমৰাহ

জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI)-এ অহা ছেপ্টেম্বৰ-অক্টোবৰ মাহত জাপানত অনুষ্ঠিত হ’বলগীয়া ২০২৬ চনৰ এছিয়ান গেমছৰ পুৰুষৰ টি-২০ প্ৰতিযোগিতাৰ বাবে ১৫ জনীয়া শক্তিশালী ভাৰতীয় দলটো ঘোষণা কৰিছে । নতুনকৈ নিযুক্ত হোৱা টি-২০ অধিনায়ক শ্ৰেয়াছ আয়াৰে এই গুৰুত্বপূৰ্ণ মহাদেশীয় প্ৰতিযোগিতাখনত দলটোক নেতৃত্ব প্ৰদান কৰিব । আনহাতে যুৱ বেটাৰ তিলক বাৰ্মাক দলৰ সহ-অধিনায়ক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে ।

এই দলটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ’ল তাৰকা পেচাৰ যশপ্ৰীত বুমৰাহৰ প্ৰত্যাৱৰ্তন । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰস্তুতিৰ বাবে বুমৰাহৰ কৰ্মভাৰ পৰিচালনা কৰাৰ উদ্দেশ্যে বাছনিকৰ্তাসকলে তেওঁক জুন-জুলাই মাহৰ আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ পৰা জিৰণি দিছিল । কিন্তু এছিয়ান গেমছৰ দৰে ডাঙৰ মঞ্চত স্বৰ্ণ পদক অৰ্জনৰ লক্ষ্যৰে ভাৰতে তেওঁক এই পূৰ্ণাংগ দলটোত অন্তৰ্ভুক্ত কৰিছে ।

ভাৰতৰ বেটিং লাইন-আপত যুৱ আৰু অভিজ্ঞ খেলুৱৈৰ এক সুন্দৰ মিশ্ৰণ দেখা গৈছে । কিশোৰ বয়সতে ক্ৰিকেট মহলত চমক সৃষ্টি কৰা বৈভৱ সূৰ্যবংশীক দলত স্থান দিয়া হৈছে । তেওঁ অভিজ্ঞ বেটাৰ সঞ্জু ছেমছন, অভিষেক শৰ্মা আৰু ইশান কিষাণৰ সৈতে বেটিং ক্ৰমৰ শীৰ্ষস্থানৰ বাবে প্ৰত্যাহ্বান জনাব । ইয়াৰ উপৰিও দলৰ মধ্যম ক্ৰম শক্তিশালী কৰিবলৈ নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ আৰু বিধ্বংসী হাৰ্ড-হিটাৰ শিৱম ডুবেক বাছনি কৰা হৈছে ।

বলিং বিভাগৰ কথা ক’বলৈ গ’লে, স্পীন আক্ৰমণৰ বাবে ৱাশ্বিংটন সুন্দৰৰ উপৰিও আন তিনিজন খেলুৱৈ ক্ৰমে অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী আৰু ৰবি বিষ্ণৈক দলত অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে, পেচ ইউনিটৰ দায়িত্বত থাকিব জশপ্ৰীত বুমৰাহ, অৰ্শদীপ সিং আৰু হৰ্ষিত ৰাণা । উইকেটকীপা হিচাপে দলত সঞ্জু ছেমছন আৰু ইশান কিষাণ দুয়োজনেই উপলব্ধ থাকিব ।

জাপানত অনুষ্ঠিত হ’বলগীয়া এই পুৰুষ ক্ৰিকেট প্ৰতিযোগিতাখন সম্পূৰ্ণৰূপে টি-২০ ফৰ্মেটত খেলা হ’ব, যাৰ সময়সূচী ২৪ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ ধাৰ্য কৰা হৈছে । এইবাৰ খিতাপ অৰ্জনৰ বাবে মুঠ ১০টা শক্তিশালী দলে প্ৰতিদ্বন্দিতা আগবঢ়াব । এই দলসমূহৰ ভিতৰত ভাৰত, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা, আফগানিস্তান, নেপাল, মালয়েছিয়া, হংকং, ওমান আৰু আয়োজক দেশ জাপান অন্যতম ।

প্ৰতিযোগিতাৰ আৰম্ভণি ২৪ৰ পৰা ২৬ ছেপ্টেম্বৰলৈ প্ৰাথমিক অৰ্হতা পৰ্যায়ৰ মেচেৰে হ’ব । ইয়াৰ পিছত ২৮ আৰু ২৯ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেল মেচসমূহ অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ ছেমি ফাইনেল ১ অক্টোবৰত খেলোৱা হ’ব আৰু অন্তিম দিনা অৰ্থাৎ ৩ অক্টোবৰত ব্ৰঞ্জৰ পদকৰ খেলৰ লগতে বহু প্ৰত্যাশিত স্বৰ্ণ পদকৰ ফাইনেল যুঁজখন অনুষ্ঠিত হ’ব । শ্ৰেয়াছ আয়াৰৰ নেতৃত্বত এই তাৰকাখচিত ভাৰতীয় দলটোৱে দেশলৈ স্বৰ্ণ পদক কঢ়িয়াই আনিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ।

এছিয়ান গেমছৰ বাবে ভাৰতৰ পুৰুষৰ টি-২০ দলঃ শ্ৰেয়াছ আয়াৰ (অধিনায়ক), সঞ্জু চেমছন, অভিষেক শৰ্মা, ঈশান কিষাণ, শিৱম ডুবে, তিলক বৰ্মা, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, নীতিশ কুমাৰ ৰেড্ডী, বৰুণ চক্ৰৱৰ্তী, ৰবি বিষ্ণোই, হৰ্ষিত ৰানা, অৰ্শদ্বীপ সিং, বৈভৱ সূৰ্যবংশী, যশপ্ৰীত বুমৰাহ ।

লগতে পঢ়ক : শ্ৰেয়াছ আয়াৰৰ কান্ধত অধিনায়কত্বৰ গুৰু দায়িত্ব,আন্তঃৰাষ্ট্ৰীয় অভিষেকৰ বাবে সাজু বৈভৱ সূৰ্যবংশী