“মোৰ নিজকে সলনি কৰাৰ প্ৰয়োজন নাই”; অধিনায়কৰ দায়িত্ব লৈয়ে শ্ৰেয়াছ আয়াৰৰ মন্তব্য

“মোৰ নিজকে সলনি কৰাৰ প্ৰয়োজন নাই”; অধিনায়কৰ দায়িত্ব লৈয়ে শ্ৰেয়াছ আয়াৰৰ মন্তব্য

ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়কৰ দায়িত্ব শ্ৰেয়াছ আয়াৰক দিয়া হৈছে আৰু এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই খেলুৱৈ গৰাকীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ষ্টাৰ বেটছমেন শ্রেয়াছ আয়াৰক বিচিচিআই (BCCI)-য়ে টীম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিছে। সূর্যকুমাৰ যাদৱৰ ঠাইত আয়াৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে।

ভাৰতীয় ক্ৰিকেট দলৰ নতুন অধিনায়কৰ দায়িত্ব শ্ৰেয়াছ আয়াৰক দিয়া হৈছে আৰু এই দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই খেলুৱৈ গৰাকীয়ে প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ষ্টাৰ বেটছমেন শ্রেয়াছ আয়াৰক বিচিচিআই (BCCI)-য়ে টীম ইণ্ডিয়াৰ নতুন টি-২০ অধিনায়ক হিচাপে নিযুক্তি দিছে। সূর্যকুমাৰ যাদৱৰ ঠাইত আয়াৰক এই দায়িত্ব অৰ্পণ কৰা হৈছে। অধিনায়ক হোৱাৰ পিছত এতিয়া শ্রেয়াছ আয়াৰৰ প্ৰথম প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে। আয়াৰে কয় যে তেওঁ সৰুৰে পৰাই প্ৰত্যাহ্বানৰ মুখামুখি হ’বলৈ ভাল পাই আহিছে আৰু ৰাষ্ট্ৰীয় দলৰ অধিনায়কত্ব পোৱাৰ অৰ্থ এইটো নহয় যে তেওঁ নিজৰ ব্যক্তিত্ব সলনি কৰিব লাগিব। আয়াৰে কয় যে তেওঁ সেই একেজন ব্যক্তিয়েই হৈ থাকিব বিচাৰে, যিয়ে মুম্বাইৰ অত্যন্ত প্ৰতিযোগিতামূলক ক্ৰিকেট পৰিৱেশত খেলি নিজৰ পৰিচয় গঢ়ি তুলিছিল।

শ্ৰেয়াছ আয়াৰে মুম্বাইৰ এটা অনুষ্ঠানত কয়, “মই নিজৰ ব্যক্তিত্ব সলনি কৰাৰ প্ৰয়োজন নাই। মই আগতে যি আছিলোঁ, সেই একেজন মানুহ হৈয়ে থাকিব লাগিব। মই আন কাৰোবাৰ দৰে হ’বলৈ বা কাৰোবাৰ ছাঁত থকাৰ চেষ্টা নকৰো।”

তেওঁ কয় যে মুম্বাইৰ দৰে ক্ৰিকেটপ্ৰেমী চহৰত ডাঙৰ-দীঘল হোৱাৰ বাবে প্ৰত্যাহ্বানসমূহ তেওঁৰ জীৱনৰ এটা অংশ হৈ পৰিছে। ভাৰতৰ নতুন অধিনায়ক গৰাকীয়ে লগতে কয়, “মই সদায় প্ৰত্যাহ্বান পছন্দ কৰি আহিছোঁ। মুম্বাইত ক্ৰিকেটৰ স্তৰ বহুত ওপৰত আৰু প্ৰতিযোগিতাও অতি তীব্ৰ। তাত প্ৰতিজন লৰাই মুম্বাইক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখে।”

শ্রেয়াছ আয়াৰে কয়, “মোৰ চিন্তা সদায় এইটোৱেই থাকে যে সন্মুখত যিয়েই কঠিন পৰিস্থিতি নাহক কিয়, মই তাৰ সৈতে যুঁজ দিম আৰু জিকিম। নতুনকৈ শিকা আৰু মেচ জিকাটো নিজৰ ঠাইত গুৰুত্বপূৰ্ণ, কিন্তু খেলখন উপভোগ কৰা আৰু মনত প্ৰতিদ্বন্দিতা কৰাৰ উচাহ ৰখাটোৱে আপোনাক বহুত আগুৱাই লৈ যায়।” তেওঁ উল্লেখ কৰে যে যেতিয়া আপুনি অধিনায়কত্বৰ দৰে এটা ডাঙৰ দায়িত্ব পায়, তেতিয়া আপুনি তাক আনন্দৰে গ্ৰহণ কৰে। বৰ্তমান অধিনায়ক হিচাপে মই যি দায়িত্ব পাইছোঁ, সেয়া মোৰ বাবে এটা বহুত ডাঙৰ প্ৰত্যাহ্বান।

আয়াৰলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া দুখন মেচৰ টি-২০ শৃংখলাত শ্রেয়াছ আয়াৰে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলৰ অধিনায়কত্ব চম্ভালিব।তেওঁ নিজৰ শেষ টি-২০ মেচ ২০২৩ চনৰ ডিচেম্বৰ মাহত খেলিছিল আৰু তাৰ পিছৰে পৰা তেওঁ দলৰ পৰা বাহিৰত আছিল।

লগতে পঢ়ক: ‘২০২৭ ৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক…’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা