'২০২৭ চনৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক...’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা

‘২০২৭ ৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক…’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা  

শুভমান গিল ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি বিবেচিত হৈছে।সেইবাবেই তেওঁক টি-২০ দলৰ পৰা আঁতৰাই ৰখা হৈছে আৰু ডব্লিউ টি চি আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি কৰোৱা হৈছে। আই পি এল ২০২৬ ত বেটেৰে ধুমুহা সৃষ্টি কৰা শুভমান গিলে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয়

শুভমান গিল ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি বিবেচিত হৈছে।সেইবাবেই তেওঁক টি-২০ দলৰ পৰা আঁতৰাই ৰখা হৈছে আৰু ডব্লিউ টি চি আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি কৰোৱা হৈছে।

আই পি এল ২০২৬ ত বেটেৰে ধুমুহা সৃষ্টি কৰা শুভমান গিলে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলত স্থান লাভ নকৰিলে। গুজৰাট টাইটান্সৰ অধিনায়কগৰাকীয়ে শেহতীয়া আইপিএল ছিজনত ৭৩২ ৰান সংগ্ৰহ কৰি নিজক প্ৰতিযোগিতাখনৰ অন্যতম সফল বেটছমেন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেনে পৰিপ্ৰেক্ষিতত টি-২০ দললৈ তেওঁৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি ভবা হৈছিল, কিন্তু নিৰ্বাচকসকলে এক সুকীয়া পথ বাছি ল’লে।

এতিয়া এই সিদ্ধান্তৰ আঁৰৰ এক ডাঙৰ কাৰণ পোহৰলৈ আহিছে।জানিব পৰা মতে,  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু নিৰ্বাচন সমিতিয়ে শুভমন গিলৰ বাবে এক দীৰ্ঘম্যাদী ৰণনীতি প্ৰস্তুত কৰিছে, যাৰ অধীনত তেওঁক বৰ্তমান টি-২০ ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখি টেষ্ট আৰু এদিনীয়া (ODI) ক্ৰিকেটত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ কোৱা হৈছে।

শুভমান গিল বৰ্তমান ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক।অহা ডেৰ বছৰত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ অধীনত ৯খন গুৰুত্বপূৰ্ণ মেচ খেলিব লাগিব, আনহাতে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে দলটোৱে প্ৰায় ৩৫খন এদিনীয়া মেচো খেলিব। তেনে ক্ষেত্ৰত নিৰ্বাচকসকলে নিবিচাৰে গিলে তিনিওটা ফৰ্মেট একেলগে খেলি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ চিকাৰ হওক।দল পৰিচালনা সমিতিৰ মতে, ভাৰতৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে গিল ফিট আৰু ফ্ৰেছ হৈ থকাটো অত্যন্ত জৰুৰী।

জানিব পৰা মতে, “নিৰ্বাচকসকলে নিবিচাৰে শুভমান গিলৰ ওপৰত প্ৰয়োজনতকৈ অধিক ক্ৰিকেটৰ বোজা পৰক। তেওঁ টেষ্ট আৰু এদিনীয়া দলৰ নেতৃত্ব দিব লাগিব। অহা দুবছৰত ভাৰতৰ সন্মুখত দুটা ডাঙৰ লক্ষ্য আছে— ডব্লিউটিচি (WTC) ফাইনেল আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ। গতিকে গিলৰ ফিটনেছ আৰু ফৰ্মক অগ্ৰাধিকাৰ দিয়া হৈছে।”

ভাৰতীয় দলৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) 2025-27 ৰ চক্ৰটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ফাইনেলৰ দৌৰত টিকি থাকিবলৈ ভাৰতে বাকী থকা ৯খন টেষ্ট মেচৰ ভিতৰত অন্ততঃ ৭খন মেচত জয়লাভ কৰিব লাগিব। অৰ্থাৎ, অনাগত মাহবোৰত শুভমান গিলৰ ওপৰত কেৱল এজন বেটছমেন হিচাপেই নহয়, এজন অধিনায়ক হিচাপেও ডাঙৰ দায়িত্ব থাকিব। এই কাৰণেই নিৰ্বাচকসকলে বিচাৰে তেওঁৰ সম্পূৰ্ণ মনোযোগ বৰ্তমান ৰেড বল (Red-ball) ক্ৰিকেটতে থাকক।

লগতে পঢ়ক: আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

শেহতীয়া প্ৰৱন্ধসমূহ