ODI ত শুভমান গিলৰ বেটেৰে ধুমুহা; ১৫৪ ৰান সংগ্ৰহ কৰি ইতিহাস সৃষ্টি

আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া খেলত দুৰ্দান্ত শতকেৰে ক্ৰিকেট জগতখনক স্তম্ভিত কৰি তুলিছিল শুভমান গিলে। গিলে এদিনীয়াত নিজৰ নৱমটো শতক অৰ্জন কৰে।

আফগানিস্তানৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়া (ODI) মেচত শুভমান গিলে তেওঁৰ নৱমটো এদিনীয়া শতক অৰ্জন কৰে। এই শতকীয় ইনিংছৰ জৰিয়তে গিলে অধিনায়ক হিচাপে ৰাহুল দ্ৰাবিড়ৰ এক ডাঙৰ অভিলেখ ভংগ কৰে। ভাৰতৰ হৈ অধিনায়ক হিচাপে আটাইতকৈ বেছি শতক অৰ্জন কৰাৰ ক্ষেত্ৰত শুভমান গিল এতিয়া দ্ৰাবিড়তকৈ আগবাঢ়ি গৈছে। দ্ৰাবিড়ে অধিনায়ক হিচাপে ৬ টা শতক অৰ্জন কৰিছিল।

ইয়াৰ লগতে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ বেছি শতক অৰ্জন কৰা ভাৰতীয় বেটছমেনৰ তালিকাত শুভমান গিলে গৌতম গম্ভীৰকো পিছ পেলাইছে। গম্ভীৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত মুঠ ২০ টা শতক অৰ্জন কৰিছিল, আনহাতে শুভমান গিলৰ নামত এতিয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২১ টা শতক পঞ্জীয়ন হ’ল।

ক্ৰিকেটাৰ গৰাকীয়ে ভাৰতৰ মাটিত খেলি এদিনীয়াত ১,০০০ ৰান সম্পূৰ্ণ কৰিছে। ভাৰতত আটাইতকৈ কম ইনিংছত ১,০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা বেটছমেনৰ তালিকাত শুভমান গিল এতিয়া শীৰ্ষস্থানত উপনীত হৈছে। তেওঁ মাত্ৰ ১৯ টা ইনিংছত ভাৰতৰ মাটিত এই কীৰ্তিচিহ্ন স্পৰ্শ কৰে। এই ক্ষেত্ৰত খেলুৱৈ গৰৈাকীয়ে বিৰাট কোহলীক পিছ পেলাইছে। কোহলীয়ে ভাৰতত ১,০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰিবলৈ ২৪ টা ইনিংছ লৈছিল। আনহাতে, শিখৰ ধৱনেও ২৪ টা ইনিংছতে ভাৰতৰ মাটিত ১,০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰাত সফল হৈছিল।

ইয়াৰ উপৰিও, শুভমান গিল ভাৰতৰ হৈ এদিনীয়াত আটাইতকৈ দ্ৰুতগতিত ৩,০০০ ৰান সম্পূৰ্ণ কৰা বেটছমেন হৈ পৰিছে। তেওঁ এদিনীয়াত মাত্ৰ ৬২ টা ইনিংছত ৩,০০০ ৰানৰ গণ্ডী পাৰ কৰে। উল্লেখ্য যে বিৰাট কোহলীয়ে ৭৫ টা ইনিংছত ৩,০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰিছিল।

সামগ্ৰিকভাৱে বিশ্ব ক্ৰিকেটত আটাইতকৈ দ্ৰুতগতিত ৩,০০০ এদিনীয়া ৰান সংগ্ৰহ কৰা দ্বিতীয়গৰাকী বেটছমেন হৈ পৰিছে শুভমান গিল। এদিনীয়া ক্ৰিকেটত আটাইতকৈ দ্ৰুতগতিত ৩,০০০ ৰান সম্পূৰ্ণ কৰাৰ বিশ্ব অভিলেখ হাশ্বিম আমলাৰ নামত আছে। আমলে ৫৭ টা ইনিংছত ৩,০০০ এদিনীয়া ৰান সম্পূৰ্ণ কৰিছিল।

কেৱল এয়াই নহয়, ভাৰতীয় অধিনায়কসকলৰ ভিতৰত আটাইতকৈ দ্ৰুত এদিনীয়া শতক অৰ্জন কৰা চতুৰ্থগৰাকী ভাৰতীয় বেটছমেন হিচাপে পৰিগণিত হৈছে শুভমান গিল। গিলে মাত্ৰ ৭৭ টা বলত নিজৰ শতক সম্পূৰ্ণ কৰে। উল্লেখ্য যে, ভাৰতৰ হৈ অধিনায়ক হিচাপে এদিনীয়াত আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ ৰোহিত শৰ্মাৰ নামত আছে। ৰোহিতে ২০২৩ চনত আফগানিস্তানৰ বিৰুদ্ধে মাত্ৰ ৬৩ টা বলত শতক কোবাইছিল।

লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬: সুদীৰ্ঘ ৬৮ বছৰৰ পাছত ঘটিল এই অঘটন!

‘২০২৭ ৰ বিশ্বকাপ আৰু ডব্লিউ টি চিৰ ওপৰত গুৰুত্ব দিয়ক…’; শুভমান গিলৰ বাবে বিচিচিআইৰ বিশেষ পৰিকল্পনা  

শুভমান গিল ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যত বুলি বিবেচিত হৈছে।সেইবাবেই তেওঁক টি-২০ দলৰ পৰা আঁতৰাই ৰখা হৈছে আৰু ডব্লিউ টি চি আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ বাবে প্ৰস্তুতি কৰোৱা হৈছে।

আই পি এল ২০২৬ ত বেটেৰে ধুমুহা সৃষ্টি কৰা শুভমান গিলে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় টি-২০ দলত স্থান লাভ নকৰিলে। গুজৰাট টাইটান্সৰ অধিনায়কগৰাকীয়ে শেহতীয়া আইপিএল ছিজনত ৭৩২ ৰান সংগ্ৰহ কৰি নিজক প্ৰতিযোগিতাখনৰ অন্যতম সফল বেটছমেন হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেনে পৰিপ্ৰেক্ষিতত টি-২০ দললৈ তেওঁৰ প্ৰত্যাৱৰ্তন নিশ্চিত বুলি ভবা হৈছিল, কিন্তু নিৰ্বাচকসকলে এক সুকীয়া পথ বাছি ল’লে।

এতিয়া এই সিদ্ধান্তৰ আঁৰৰ এক ডাঙৰ কাৰণ পোহৰলৈ আহিছে।জানিব পৰা মতে,  ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (BCCI) আৰু নিৰ্বাচন সমিতিয়ে শুভমন গিলৰ বাবে এক দীৰ্ঘম্যাদী ৰণনীতি প্ৰস্তুত কৰিছে, যাৰ অধীনত তেওঁক বৰ্তমান টি-২০ ক্ৰিকেটৰ পৰা আঁতৰাই ৰাখি টেষ্ট আৰু এদিনীয়া (ODI) ক্ৰিকেটত সম্পূৰ্ণ মনোনিৱেশ কৰিবলৈ কোৱা হৈছে।

শুভমান গিল বৰ্তমান ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক।অহা ডেৰ বছৰত ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC)ৰ অধীনত ৯খন গুৰুত্বপূৰ্ণ মেচ খেলিব লাগিব, আনহাতে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে দলটোৱে প্ৰায় ৩৫খন এদিনীয়া মেচো খেলিব। তেনে ক্ষেত্ৰত নিৰ্বাচকসকলে নিবিচাৰে গিলে তিনিওটা ফৰ্মেট একেলগে খেলি শাৰীৰিক আৰু মানসিক ক্লান্তিৰ চিকাৰ হওক।দল পৰিচালনা সমিতিৰ মতে, ভাৰতৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে গিল ফিট আৰু ফ্ৰেছ হৈ থকাটো অত্যন্ত জৰুৰী।

জানিব পৰা মতে, “নিৰ্বাচকসকলে নিবিচাৰে শুভমান গিলৰ ওপৰত প্ৰয়োজনতকৈ অধিক ক্ৰিকেটৰ বোজা পৰক। তেওঁ টেষ্ট আৰু এদিনীয়া দলৰ নেতৃত্ব দিব লাগিব। অহা দুবছৰত ভাৰতৰ সন্মুখত দুটা ডাঙৰ লক্ষ্য আছে— ডব্লিউটিচি (WTC) ফাইনেল আৰু ২০২৭ চনৰ এদিনীয়া বিশ্বকাপ। গতিকে গিলৰ ফিটনেছ আৰু ফৰ্মক অগ্ৰাধিকাৰ দিয়া হৈছে।”

ভাৰতীয় দলৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (WTC) 2025-27 ৰ চক্ৰটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। ফাইনেলৰ দৌৰত টিকি থাকিবলৈ ভাৰতে বাকী থকা ৯খন টেষ্ট মেচৰ ভিতৰত অন্ততঃ ৭খন মেচত জয়লাভ কৰিব লাগিব। অৰ্থাৎ, অনাগত মাহবোৰত শুভমান গিলৰ ওপৰত কেৱল এজন বেটছমেন হিচাপেই নহয়, এজন অধিনায়ক হিচাপেও ডাঙৰ দায়িত্ব থাকিব। এই কাৰণেই নিৰ্বাচকসকলে বিচাৰে তেওঁৰ সম্পূৰ্ণ মনোযোগ বৰ্তমান ৰেড বল (Red-ball) ক্ৰিকেটতে থাকক।

লগতে পঢ়ক: আফগানিস্তান শৃংখলাৰ পৰা বাহিৰ বিৰাট! ৰোহিত-হাৰ্দিকক লৈও ওলমিছে প্ৰশ্নবোধক

পৰাজয়ৰ পিছতেই বিপদ; চলন্ত অৱস্থাতে জ্বলি উঠিল গুজৰাট টাইটানছৰ বাছ

আই পি এল ২০২৬ চনৰ ফাইনেলত পৰাজয়ৰ পিছত গুজৰাট টাইটানছৰ দলটোৱে এক বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। খেলুৱৈ সকল উভতি অহাৰ সময়তে জ্বলি উঠিল বাছখন।

৩১ মে’ৰ তাৰিখটো শুভমন গিলৰ নেতৃত্বাধীন গুজৰাট টাইটানছৰ বাবে এটা দুঃস্বপ্ন বুলি প্ৰমাণিত হ’ল। প্ৰথমে দলটোৱে ফাইনেলত এক শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়, তাৰ পিছতে দলটোৰ সৈতে আন এক ডাঙৰ অনাহুত ঘটনা ঘটিল। পৰাস্ত হোৱাৰ পিছত আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ পৰা নিজৰ হোটেললৈ উভতি অহাৰ সময়তে হঠাৎ জ্বলি উঠিল গুজৰাট দলৰ বাছখন,যাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। খবৰ অনুসৰি, গুজৰাটৰ দলটোৱে ৰাষ্ট্ৰীয় পথতে অন্ততঃ এঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগীয়া হয়। অৱশ্যে আটাইকেইজন খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীক সুৰক্ষিতভাৱে উলিয়াই অনা হয়।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ বাবেই বাছখনত বিজুতি ঘটি জুই লাগিছিল। ততাতৈয়াকৈ সকলোকে লৰালৰিকৈ বাহিৰলৈ উলিয়াই অনা হয়। কেৱল এই ৰাতিটোৱেই টাইটানছ দলটোৰ বাবে চিন্তাজনক নাছিল, বৰঞ্চ যোৱা কেইটামান দিনৰ পৰাই দলটোৰ ভাগ্য সুপ্ৰসন্ন নাছিল। খিতাপৰ যুঁজখনৰ পূৰ্বে তেওঁলোক সময়মতে আহমেদাবাদত উপস্থিত হ’ব পৰা নাছিল। উত্তৰ-পশ্চিম ভাৰতৰ বেয়া বতৰৰ বাবে গুজৰাটৰ চাৰ্টাৰ্ড ফ্লাইটখন প্ৰায় তিনি ঘণ্টা পলম হয় আৰু দলটোৱে শনিবাৰে গভীৰ নিশা আহমেদাবাদত উপস্থিত হয়।

ফাইনেলত আৰচিবী (RCB)ৰ হাতত ৫ উইকেটত পৰাজিত হোৱাৰ পিছত শুভমন গfলে দলটোক প্ৰশংসাৰে উপচাই পেলায়। তেওঁ কয়, “আমি বিজয়ৰ সীমা অতিক্ৰম কৰিব নোৱাৰিলোঁ, কিন্তু সদায় এনে কিছুমান কথা থাকে য’ত উন্নতিৰ থল থাকে। আনকি আমি ট্ৰফী জয় কৰা হ’লেও এটা দল হিচাপে আমাৰ এটাই অনুভৱ হ’লহেঁতেন যে এতিয়াও এনে কিছুমান কথা আছে যাৰ ওপৰত আমি কাম কৰাৰ প্ৰয়োজন আছিল।”

লগতে পঢ়ক: দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ

ধৰ্মশালাত আই পি এলৰ ‘মহাযুঁজ’! কাৰ ভাগ্যত ফাইনেলৰ প্ৰথমটো টিকট

আই পি এল ২০২৬ৰ আটাইতকৈ ডাঙৰ আৰু নকআউট সপ্তাহ আজিৰ পৰা আৰম্ভ হ’ব। ধৰ্মশালাৰ হিমাচল প্ৰদেশ ক্ৰিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত কোৱালিফায়াৰ ১ত মুখামুখি হ’ব পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু গুজৰাট টাইটানছ।

সামৰণি পৰিল আই পি এল ২০২৬ৰ লীগ পৰ্যায়। এতিয়া সকলোৰে দৃষ্টি কোৱালিফায়াৰ মেচবোৰৰ ওপৰত নিবদ্ধ হৈ আছে ।২৬ মে’ মঙলবাৰে ধৰ্মশালাৰ এইচ পি চি এ ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছৰ মাজত অনুষ্ঠিত হ’ব আই পি এল কোৱালিফায়াৰ ১ৰ খেলখন।পইণ্ট টেবুলৰ শীৰ্ষ দুটা স্থান দখল কৰা ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু গুজৰাট টাইটানছ কোৱালিফায়াৰ ১ৰ মেচত মুখামুখি হ’ব।

আমোদজনক কথাটো হ’ল দুয়োটা দলে ১৮ পইণ্টকৈ লীগ পৰ্যায়ত অন্ত পেলায়।পইণ্ট তালিকাত ১৮ পইণ্টেৰে প্ৰথম স্থানত আছে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু আৰু ১৮ পইণ্টেৰে দ্বিতীয় স্থানত আছে গুজৰাট টাইটানছ। পাৰ্থক্য  মাথোঁ নেট ৰাণ ৰেটৰ আছিল, যিয়ে আৰ চি বিক শীৰ্ষ স্থানলৈ নিয়ে। কিন্তু এতিয়া পইণ্ট টেবুলৰ কোনো তাৎপৰ্য্য নাই।এতিয়া মাত্ৰ ৪০ অভাৰতে সিদ্ধান্ত ল’ব কোনে আই পি এল ২০২৬ৰ ফাইনেলৰ প্ৰথম টিকট লাভ কৰিব।

কোৱালিফায়াৰ প্ৰথম মেচখন সন্ধিয়া ৭:৩০ বজাৰ পৰা আৰম্ভ হ’ব। ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰ আৰু গুজৰাট টাইটানছৰ অধিনায়ক শুভমীন গিল সন্ধিয়া ৭:০০ বজাত টছৰ বাবে খেলপথাৰলৈ আহিব। কোৱালিফায়াৰ ১ মেচৰ পূৰ্বে ডিফেণ্ডিং চেম্পিয়ন আৰচিবিৰ বাবে খেলুৱৈৰ আঘাত এক ডাঙৰ মূৰৰ কামোৰণি হৈ পৰিছে।ইংলেণ্ডৰ অল ৰাউণ্ডাৰ জেকব বেথেলে আঙুলিৰ আঘাতৰ বাবে সমগ্ৰ প্ৰতিযোগিতাখনৰ পৰা আঁতৰি আছে।যিটো আৰচিবিৰ বাবে এক বৃহৎ আঘাত বুলি বিবেচনা কৰা হৈছে।

আইপিএলত ইতিহাস সৃষ্টি শুভমান গিলৰ; ভংগ কৰিলে  বিৰাট কোহলীৰ অভিলেখ

আই পি এলত ৪ হাজাৰ ৰান সম্পূৰ্ণ কৰি ইতিহাসৰ সৃষ্টি কৰিছে শুভমান গিলে। বিৰাট কোহলীৰ অভিলেখ ভংগ শুভমান গিলৰ।

গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৬)ত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰি নতুন ইতিহাসৰ সৃষ্টি কৰিছে।  আই পি এলত ৪ হাজাৰ ৰান সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমান গিল।২৬ বছৰ ২১৬ দিন বয়সত তেওঁ এই অভিলেখ অৰ্জন কৰিছে।ইয়াৰ লগে লগে তেওঁ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে।

শুভমান গিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলা মেচখনত এই বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে।এই মেচখনত দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰি তেওঁ ২৮ সংখ্যক অৰ্ধশতকো সম্পূৰ্ণ কৰে।আই পি এলত আটাইতকৈ কম বয়সতে ৪ হাজাৰ ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত এতিয়া স্থান লাভ কৰিছে শুভমান গিল।

তেওঁৰ পূৰ্বে এই অভিলেখ বিৰাট কোহলীৰ হাতত আছিল।যিয়ে ২৭ বছৰ ১৯৫ দিন বয়সত এই অভিলেখ অৰ্জন কৰিছিল।এই তালিকাত সঞ্জু চেমচন আৰু সুৰেশ ৰাইনাৰ দৰে বিখ্যাত খেলুৱৈৰ নামো অন্তৰ্ভুক্ত হৈ আছে।

লগতে পঢ়ক: মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংগছৰ খেলুৱৈয়ে আশা ভোছলেক দিলে শ্ৰদ্ধাঞ্জলি

‘ভাগ্যত লিখা কথা কোনেও কাঢ়ি নিব নোৱাৰে’;টি-২০ বিশ্বকাপৰ পৰা বাদ পৰাৰ পিছত শুভমান গিলৰ দুখ প্ৰকাশ

আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাদ পৰিল শুভমান গিল। দুৰ্বল ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰা শুভমান গিলে প্ৰথমবাৰলৈ প্ৰকাশ কৰিলে দুখ

টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক শুভমান গিলক আইচিচি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত কৰা নহ’ল।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত শুভমান গিল দলটোৰ অংশ আছিল,কিন্তু দুৰ্বল ফৰ্মৰ বাবে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাদ দিয়া হয়।টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলত নিৰ্বাচিত নোহোৱাত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ কৰিলে শুভমান গিলে।

দেওবাৰে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া খেলৰ ঠিক পূৰ্বে শুভমান গিলে কয় যে তেওঁ নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰে আৰু টি-২০ বিশ্বকাপত অংশগ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় দলটোক শুভকামনাও জনাই।

শুভমান গিলৰ শেহতীয়া টি-২০ ফৰ্ম দুৰ্বল হৈ পৰিছে আৰু দলীয় সংমিশ্ৰণৰ উদাহৰণ দি নিৰ্বাচকসকলে তেওঁক বিশ্বকাপৰ দলৰ পৰা বাহিৰ কৰা হৈছে।

শুভমান গিলৰ ঠাইত অক্ষৰ পেটেলক উপ-অধিনায়ক হিচাপে ৰাখিছে,আনহাতে ইয়াৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱ।

সংবাদমেলত শুভমান গিলে কয় যে,”মই নিৰ্বাচকসকলৰ সিদ্ধান্তক সন্মান কৰো।টি-২০ বিশ্বকাপৰ বাবে দললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ”।

“মই য’ত থাকিব লাগে তাতেই আছো। মোৰ ভাগ্যত যি লিখা আছে,তাক কোনেও কাঢ়ি নিব নোৱাৰে।এজন খেলুৱৈয়ে সদায় দেশৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি দিব বিচাৰে।নিৰ্বাচকসকলে লোৱা সিদ্ধান্ত গ্ৰহণযোগ্য আৰু সেইটো মই স্বীকাৰ কৰিছো।”

লগতে পঢ়ক: শেষ হোৱা নাই বাংলাদেশৰ নাটক; বিশ্বকাপৰ স্থান সলনি কৰিবলৈ আইচিচিলৈ দ্বিতীয়খন পত্ৰ

‘আচৰিত হৈছো…’; দলৰ পৰা শুভমান গিল বাহিৰ হোৱাক লৈ সুনীল গাভাস্কৰৰ প্ৰতিক্ৰিয়া

টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ পৰা বাহিৰ হ’ল শুভমান গিল। তেওঁ বাহিৰ হোৱাক লৈ এতিয়া সুনীল গাভাস্কৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

টি-২০ বিশ্বকাপৰ বাবে শনিবাৰে ঘোষণা কৰা হ’ল ভাৰতীয় দল আৰু ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে ঘৰুৱা টি-২০ বিশ্বকাপৰ বাবে নিৰ্বাচন কৰা ১৫ জনীয়া ভাৰতীয় দলৰ পৰা দুৰ্বল ফৰ্মৰ বাবে উপ অধিনায়ক শুভমান গিল বাহিৰ হৈছে।

এই সিদ্ধান্ত সন্দৰ্ভত সুনীল গাভাস্কৰে কয় যে, “শুভমান গিলক বাহিৰ কৰি দিয়াটো আচৰিত। ‘ক্লাছ এক্ট, গুণগত মান ভাল’।কিন্তু শেষত ক্লাছ সদায় কামত আহে।

গাভাস্কৰে লগতে কয়, “তেওঁ দীঘলীয়া বিৰতিৰ পিছত আহি আছিল আৰু ছন্দত নাছিল।আমি আই পি এলত দেখিছো যে তেওঁ বহুত ভাল।”

“সেই কাৰণে টছৰ অভাৱ হয়টো তেওঁৰ বিৰুদ্ধে গৈছিল।আশাকৰোঁ শুভমানে সঠিক মনোভাৱেৰে ল’ব।মই তেওঁৰ বাবে সৰ্বোত্তম বিচাৰো। তেওঁৰ কিছুমান আঘাত অদ্ভুত হৈ পৰিছে।”

লগতে পঢ়ক: টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে বি চি চি আইৰ ৫টা ডাঙৰ সিদ্ধান্ত… যিয়ে আচৰিত কৰিছে সকলোকে

শুভমান গিল আউট,ঈশান কিষাণ ইন; টি-২০ বিশ্বকাপৰ বাবে ঘোষণা ভাৰতীয় দল

ঘোষণা কৰা টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল। ১৬ জনীয়া দলটোত ঈশান কিষাণ আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা হৈছে

৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব আইচিচি টি-২০ বিশ্বকাপ ২০২৬। য’ত এইবাৰ ভাৰত আৰু শ্ৰীলংকাৰ যৌথ আয়োজনৰ অধীনত এই মেগা ইভেণ্ট অনুষ্ঠিত কৰা হৈছে।

টি-২০ বিশ্বকাপৰ বাবে ভাৰতৰ প্ৰাৰম্ভিক দল ঘোষণা কৰিছে। এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰিব সূৰ্য্যকুমাৰ যাদৱে, আনহাতে দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা শুভমান গিল দলৰ পৰা বাহিৰ হৈছে।

১৬ জনীয়া দলটোত ঈশান কিষান আৰু ৰিংকু সিঙক অন্তৰ্ভুক্ত কৰা হৈছে।মুম্বাইস্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ মুখ্য কাৰ্যালয়ত নিৰ্বাচকসকলৰ এখন বৈঠক অনুষ্ঠিত হয়,ইয়াৰ পিছতে বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়াই সংবাদমেলযোগে দলটোৰ কথা ঘোষণা কৰে।সংবাদমেলত অধিনায়ক সূৰ্যকুমাৰ যাদৱো উপস্থিত আছিল।

টি-২০ বিশ্বকাপৰ বাবে ১৫ জনীয়া ভাৰতীয় দলটো হৈছেঃ সূৰ্যকুমাৰ যাদৱ (অধিনায়ক), অক্ষৰ পেটেল (উপ অধিনায়ক), অভিষেক শৰ্মা, তিলক ভাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম ডুবে, জিতেশ শৰ্মা (উইকেটকীপাৰ), সঞ্জু চেমচন (উইকেটকীপাৰ), কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী,যশপ্ৰীত বুমৰাহ, আৰ্শদীপ সিং, ৰিংকু সিং, হৰ্ষিত ৰাণা আৰু ঈশান কিষাণ।

লগতে পঢ়ক: টি-২০ বিশ্বকাপৰ বাবে আজি ঘোষণা কৰা হ’ব ভাৰতীয় দল; কোনে কোনে পাব সুযোগ

শুভমান গিলৰ স্থানত সঞ্জু চেমছনে কৰিব অ’পেনিং! অন্তিম টি-২০ত গৌতম গম্ভীৰে আনিব পাৰে ডাঙৰ পৰিৱৰ্তন

শৃংখলা দখল কৰাৰ উদ্দেশ্যেৰে আজি খেলপথাৰত নামিব টীম ইণ্ডিয়া।শুভমান গিলৰ স্থানত সঞ্জু চেমছনে কৰিব নেকি অ’পেনিং?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৫খন মেচৰ শৃংখলা দখল কৰাৰ উদ্দেশ্যেৰে আজি খেলপথাৰত নামিব ভাৰতীয় দলটোৱে।

লক্ষ্ণৌত হোৱা হতাশাৰ পিছত শুকুৰবাৰে দুয়োটা দলে ছিৰিজৰ ডিচাইডাৰৰ বিৰুদ্ধে খেলিব।ভাৰতে ২-১ ত শৃংখলাখনত আগবাঢ়ি আছে। ইফালে ঘন কুঁৱলীৰ বাবে বাতিল কৰা হয় চতুৰ্থ টি-২০।

প্ৰতিখন মেচৰ লগে লগে ভাৰতে ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত ঘৰুৱা ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ ওচৰ চাপিছে।ভাৰতে নিজৰ ট্ৰফী ৰক্ষাৰ বাবে খেলপথাৰত নামিবলৈ মাত্ৰ ৬ খন মেচ বাকী আছে।

আহমেদাবাদত অনুষ্ঠিত হোৱা টি-২০ত ভাৰতৰ বাবে এক নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।উপ অধিনায়ক শুভমান গিলৰ ভৰিত আঘাত পোৱাৰ বাবে শুকুৰবাৰে খেলিব নোৱাৰিবও পাৰে। দলৰ সৈতে আহমেদাবাদত উপস্থিত হৈছে যদিও তেওঁৰ খেলাক লৈ প্ৰশ্ন উত্থাপন হৈছে।

দলটোত কোনো বেকআপ অ’পেনাৰ নাই, গতিকে পঞ্চম টি-২০ত গিলৰ ঠাইত সঞ্জু চেমছনে অ’পেনাৰ কৰাটো সম্ভৱ।অভিষেক শৰ্মাই তেওঁৰ সৈতে অ’পেনিং কৰিব, আনহাতে সূৰ্যকুমাৰ যাদৱে তিনি নম্বৰত বেটিং কৰিব।

ভাৰতীয় অধিনায়কগৰাকীয়ে কয় যে তেওঁ ফৰ্মৰ বাহিৰত নহয়,মাত্ৰ ৰান কৰিব পৰা নাই।আশাকৰোঁ এই শেষৰখন মেচ তেওঁৰ বাবে পুনৰ ফৰ্মলৈ ঘূৰি অহাৰ সুযোগ হ’ব।

তিলক ভাৰ্মাই চতুৰ্থ নম্বৰত নিজৰ স্থান সুদৃঢ় কৰিছে আৰু এই পজিচনত যিমানেই খেলিব সিমানেই তেওঁ আত্মবিশ্বাসী হ’ব।

লগতে পঢ়ক: আহমেদাবাদত উপস্থিত শুভমান গিল; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টি-২০ ত নামিব নেকি খেলপথাৰত?