আহমেদাবাদত উপস্থিত শুভমান গিল; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টি-২০ ত নামিব নেকি খেলপথাৰত

আহমেদাবাদত উপস্থিত শুভমান গিল; দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টি-২০ ত নামিব নেকি খেলপথাৰত?

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টি-২০ ত খেলিব নেকি শুভমান গিলে? টি-২০ৰ অন্তিমখন খেলৰ বাবে আহমেদাবাদত উপস্থিত হৈছে গিল। টি-২০ৰ অন্তিমখন খেলৰ বাবে আহমেদাবাদত উপস্থিত হৈছে শুভমান গিল। টি-২০ দলৰ ভাইচ অধিনায়ক গিলে চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ভৰিৰ আঘাতত ভুগিছিল। পঞ্চম আৰু শেষ মেচত খেলাটো তেওঁৰ

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অন্তিমখন টি-২০ ত খেলিব নেকি শুভমান গিলে? টি-২০ৰ অন্তিমখন খেলৰ বাবে আহমেদাবাদত উপস্থিত হৈছে গিল।

টি-২০ৰ অন্তিমখন খেলৰ বাবে আহমেদাবাদত উপস্থিত হৈছে শুভমান গিল। টি-২০ দলৰ ভাইচ অধিনায়ক গিলে চতুৰ্থ টি-২০ মেচৰ পূৰ্বে ভৰিৰ আঘাতত ভুগিছিল।

পঞ্চম আৰু শেষ মেচত খেলাটো তেওঁৰ বাবে অতি কঠিন।আঠুত পোৱা আঘাতৰ বাবে লক্ষ্ণৌত অনুষ্ঠিত হোৱা চতুৰ্থ টি-২০ খেলখনত গিলে খেলিব নোৱাৰিব যদিও বেয়া বতৰৰ বাবে মেচখন বাতিল কৰা হয়।

দুৰ্বল ফৰ্মৰ সৈতে যুঁজি থকা গিল শুকুৰবাৰে চতুৰ্থখন মেচৰ বাবে উপলব্ধ হ’ব নে তেওঁৰ ঠাইত সঞ্জু চেমছনক ফিল্ডিং কৰা হ’ব সেয়া হ’ব লক্ষ্যণীয়।

ইয়াৰ পূৰ্বে ডিঙিত আঘাতৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বেছিভাগ সময় খেলিব নোৱাৰিলে শুভমন গিলে।পিছত তিনিখন মেচৰ এদিনীয়া শৃংখলাও খেলিব নোৱাৰিলে।

টি-২০ ছিৰিজত ভাৰতে ২-১ ত আগবাঢ়ি আছে আৰু শুকুৰবাৰৰ খেলখনেই হ’ব চলিত বৰ্ষৰ অন্তিমখন মেচ।ইয়াৰ পিছত ১১ জানুৱাৰীৰ পৰা ভাৰতীয় দলটোৱে নিউজিলেণ্ডৰ বিৰুদ্ধে তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব।

জানিব পৰা মতে, ‘চতুৰ্থ টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলৰ এদিন পূৰ্বে শুভমনে নেটত দীঘলীয়া বেটিং অনুশীলন কৰিছিল।অনুশীলনৰ অন্তত,নেটত বেটিং কৰাৰ সময়ত তেওঁৰ ভৰিৰ আঙুলিত আঘাত পাইছিল’।

‘তাৰ পিছত খেলুৱৈ গৰাকীৰ যথেষ্ট বিষত থকা দেখিবলৈ পোৱা গৈছিল।বুধবাৰে খেলাটো তেওঁৰ বাবে কঠিন হ’লহেঁতেন’।

‘সেইবাবেই তেওঁ দলৰ লগত যোৱা নাছিল কাৰণ এই মেচত খেলাৰ সম্ভাৱনা বহু কম আছিল।অৱশ্যে এই সময়ত তেওঁ আহমেদাবাদত খেলিব নে নাই সেইটো কোৱা টান।’

লগতে পঢ়ক: ‘আই পি এল ২০২৬ এম এছ ধোনীৰ শেষ ছিজন হ’ব’; ৰবিন উথাপ্পাই লগালে মোহৰ!