ফিফা বিশ্বকাপ ২০২৬: সুদীৰ্ঘ ৬৮ বছৰৰ পাছত ঘটিল এই অঘটন!

ফিফা বিশ্বকাপ ২০২৬: সুদীৰ্ঘ ৬৮ বছৰৰ পাছত ঘটিল এই অঘটন!

বিশ্বকাপৰ মঞ্চলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা কেপ ভাৰ্ডেৰ মুখামুখি হৈছিল বৰ্তমানৰ ইউৰোপীয় চেম্পিয়ন স্পেইন চলিত ফিফা বিশ্বকাপত সৃষ্টি হৈছে এক বিৰল অভিলেখ । ক্ৰীড়া পত্ৰিকা ‘দ্য এথলেটিক’-অৰ এক প্ৰতিবেদন অনুসৰি, সুদীৰ্ঘ ৬৮ বছৰৰ পাছত বিশ্বকাপৰ ইতিহাসত একেটা দিনতে চাৰিখনকৈ মেচ ড্ৰ’ হোৱাৰ ঘটনা ঘটিছে

বিশ্বকাপৰ মঞ্চলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা কেপ ভাৰ্ডেৰ মুখামুখি হৈছিল বৰ্তমানৰ ইউৰোপীয় চেম্পিয়ন স্পেইন

চলিত ফিফা বিশ্বকাপত সৃষ্টি হৈছে এক বিৰল অভিলেখ । ক্ৰীড়া পত্ৰিকা ‘দ্য এথলেটিক’-অৰ এক প্ৰতিবেদন অনুসৰি, সুদীৰ্ঘ ৬৮ বছৰৰ পাছত বিশ্বকাপৰ ইতিহাসত একেটা দিনতে চাৰিখনকৈ মেচ ড্ৰ’ হোৱাৰ ঘটনা ঘটিছে । ইয়াৰ পূৰ্বে ১৯৫৮ চনৰ ১৫ জুনত একেটা দিনতে অনুষ্ঠিত আঠখন মেচৰ ভিতৰত চাৰিখন খেল ড্ৰ’ হৈছিল । এই ঐতিহাসিক দিনটোত বিশ্ববাসীয়ে লাভ কৰিলে কেইবাটাও ৰোমাঞ্চকৰ ফুটবল মূহূৰ্ত ।

স্পেইনক ৰোধিলে নৱাগত কেপ ভাৰ্ডেয়ে

দিনটোৰ আটাইতকৈ ডাঙৰ বিপৰ্যয় দেখিবলৈ পোৱা গ’ল প্ৰথমখন মেচত । বিশ্বকাপৰ মঞ্চলৈ প্ৰথমবাৰৰ বাবে যোগ্যতা অৰ্জন কৰা কেপ ভাৰ্ডে (Cape Verde)ৰ মুখামুখি হৈছিল বিশ্বৰ দুই নম্বৰ স্থান প্ৰাপ্ত তথা বৰ্তমানৰ ইউৰোপীয় চেম্পিয়ন স্পেইন । কিন্তু আটলাণ্টাত অনুষ্ঠিত এই খেলখনত নৱাগত দলটোৱে এক অনবদ্য ডিফেঞ্চিভ মাষ্টাৰক্লাছ প্ৰদৰ্শন কৰি তাৰকাখচিত স্পেইনক ০-০ গ’লহীন ড্ৰ’ত ৰখিবলৈ সক্ষম হয় । সোমবাৰে খেলা এই খেলখনৰ পাছত ‘গ্ৰুপ এইচ’-ৰ সমীকৰণ এতিয়া সম্পূৰ্ণ মুকলি হৈ পৰিছে ।

অন্তিম মূহূৰ্তত জয়ৰ পৰা বঞ্চিত ইজিপ্ত

দিনটোৰ দ্বিতীয়খন খেলত ছিয়াটলত মুখামুখি হৈছিল ইজিপ্ত আৰু বেলজিয়াম । খেলৰ আৰম্ভণিতে ইমান আশুৰৰ এক ক্ষিপ্ৰ গ’লৰ সহায়ত ইজিপ্তে অগ্ৰগতি লাভ কৰি ইতিহাসৰ প্ৰথমটো বিশ্বকাপ জয়ৰ দিশে আগবাঢ়িছিল । কিন্তু দ্বিতীয়াৰ্ধত বেলজিয়ামৰ তাৰকা ষ্ট্ৰাইকাৰ ৰোমেলু লুকা কুৱে খেলপথাৰত প্ৰৱেশ কৰিয়েই ১ মিনিটৰ ভিতৰত ইজিপ্তৰ ডিফেণ্ডাৰক এটা অ’ন-গ’ল কৰিবলৈ বাধ্য কৰে । ফলত মেচখন ১-১ গ’লত ড্ৰ’ হয় ।

ৰোমাঞ্চকৰ মেচৰ অন্তত পইণ্ট ভগাই ল’লে উৰুগুৱে-চৌদি আৰৱ আৰু ইৰানে

মঙলবাৰে মায়ামীত অনুষ্ঠিত অন্য এখন হাই-ভল্টেজ মেচত উৰুগুৱে আৰু চৌদি আৰৱে ১-১ গ’লত ড্ৰ’ খেলে । খেলৰ ৮০ মিনিটত মেক্সিমিলিয়ানো আৰাউজোৰ গুৰুত্বপূৰ্ণ সমতা স্থাপনকাৰী গ’লটোৰ সহায়ত উৰুগুৱে পৰাজয়ৰ পৰা ৰক্ষা পৰে । এই ড্ৰ’ৰ ফলত ‘গ্ৰুপ এইচ’ৰ আটাইকেইটা দল ক্ৰমে স্পেইন, কেপ ভাৰ্ডে, উৰুগুৱে আৰু চৌদি আৰৱ ১ পইণ্টকৈ লাভ কৰি বৰ্তমান সমস্থানত আছে ।

আনহাতে, লছ এঞ্জেলছৰ ছ’ফাই ষ্টেডিয়ামত অনুষ্ঠিত দিনটোৰ অন্তিমখন খেলত ইৰান আৰু নিউজিলেণ্ডৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা দেখিবলৈ পোৱা যায় । এই ৰোমাঞ্চকৰ মেচখন শেষত ২-২ গ’লত ড্ৰ’ হয় । বিশ্বকাপত নিজৰ সপ্তমখন মেচ খেলাৰ পিছতো নিউজিলেণ্ডে এতিয়ালৈকে প্ৰথম জয়ৰ সোৱাদ পাবলৈ সক্ষম হোৱা নাই ।

দেওবাৰে পৰৱৰ্তী যুঁজ

‘গ্ৰুপ জি’-ৰ পৰৱৰ্তী মেচসমূহ অহা দেওবাৰে অনুষ্ঠিত হ’ব । নকআউট পৰ্যায়ত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিবলৈ লক্ষ্য স্থিৰ কৰা ইৰানে বেলজিয়ামৰ বিৰুদ্ধে খেলিবলৈ পুনৰ লছ এঞ্জেলছলৈ উভতি আহিব । আনহাতে, নিউজিলেণ্ডে ভেংকুভাৰত ইজিপ্তৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব ।

লগতে পঢ়ক : বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ৰ আটাইকেইখন মেচৰ পৰাই বাহিৰ নেইমাৰ!