ভাৰতত নিষিদ্ধ হ’ল টেলিগ্ৰাম! কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

ভাৰতত নিষিদ্ধ হ’ল টেলিগ্ৰাম! কেন্দ্ৰীয় চৰকাৰৰ ডাঙৰ সিদ্ধান্ত

শেহতীয়াকৈ অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ টেলিগ্ৰামৰ বিভিন্ন গ্ৰুপৰ বিৰুদ্ধে উত্থাপন হোৱাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ভাৰতত জনপ্ৰিয় বাৰ্তা প্ৰেৰণ এপ্লিকেচন টেলিগ্ৰামৰ (Telegram) ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে । শেহতীয়াকৈ অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ

শেহতীয়াকৈ অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ টেলিগ্ৰামৰ বিভিন্ন গ্ৰুপৰ বিৰুদ্ধে উত্থাপন হোৱাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে

কেন্দ্ৰীয় চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ভাৰতত জনপ্ৰিয় বাৰ্তা প্ৰেৰণ এপ্লিকেচন টেলিগ্ৰামৰ (Telegram) ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা আৰোপ কৰিছে । শেহতীয়াকৈ অনুষ্ঠিত হোৱা NEET পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ টেলিগ্ৰামৰ বিভিন্ন গ্ৰুপৰ বিৰুদ্ধে উত্থাপন হোৱাৰ পিছত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত অহা ২১ জুনত সমগ্ৰ দেশতে পুনৰ NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে আৰু ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা বা NTA-ৰ পৰামৰ্শ অনুসৰিয়েই চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।

তথ্য প্ৰযুক্তি আইন, ২০০০-ৰ ধাৰা ৬৯এ-ৰ অধীনত এই চৰকাৰী নিৰ্দেশনা জাৰী কৰা হৈছে, যাৰ ফলত ভাৰতত এক নিৰ্দিষ্ট আৰু সীমিত সময়ৰ বাবে টেলিগ্ৰামৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে বন্ধ থাকিব । এই নিষেধাজ্ঞা অহা ২২ জুনলৈকে বাহাল থাকিব বুলি জানিব পৰা গৈছে ।

ইয়াৰ উপৰিও, চৰকাৰে টেলিগ্ৰাম কৰ্তৃপক্ষক আন এক বিশেষ নিৰ্দেশ দিছে যে ভাৰতত ব্যৱহাৰকাৰীসকলে ইতিমধ্যে পোষ্ট কৰা বাৰ্তাসমূহ পুনৰ সংশোধন বা ‘মেছেজ এডিট’ কৰিব নোৱাৰিব । এই নিষেধাজ্ঞা অহা ৩০ জুনলৈকে চলি থাকিব, কিয়নো পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সংক্ৰান্তীয় তদন্তৰ সময়ত বহু পুৰণি বাৰ্তা চৰকাৰী সংস্থাসমূহক প্ৰমাণ হিচাপে প্ৰয়োজন হ’ব পাৰে আৰু তাক বিকৃতকৰণৰ পৰা ৰক্ষা কৰাটো জৰুৰী হৈ পৰিছে ।

প্ৰশ্নকাকত ফাদিলৰ উপৰিও দেশত বিভিন্ন ধৰণৰ বেআইনী সামগ্ৰীৰ বেচা-কিনা আৰু চাইবাৰ প্ৰৱঞ্চনাৰ বাবে টেলিগ্ৰাম প্লেটফৰ্মখন বহুলভাৱে ব্যৱহাৰ হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া ।

টেলিগ্ৰামত থকা কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবেই চাইবাৰ অপৰাধী আৰু প্ৰৱঞ্চকসকলৰ ই প্ৰথম পচন্দ হৈ পৰিছে । এই এপ্লিকেচনত অতি সহজে একাউণ্ট খুলিব পৰা যায় আৰু বহু দেশৰ ভুৱা বা সাময়িক ভাৰ্চুৱেল নম্বৰ ব্যৱহাৰ কৰি ইয়াৰ একাউণ্ট প্ৰস্তুত কৰিব পাৰি, যাৰ ফলত অপৰাধীৰ আচল পৰিচয় লুকুৱাই ৰখা সহজ হয় ।

একেদৰে, টেলিগ্ৰামত এনে কিছুমান বৃহৎ গ্ৰুপ তৈয়াৰ কৰিব পাৰি য’ত একেলগে হাজাৰ হাজাৰ লোকক অন্তৰ্ভুক্ত কৰি অতি কম সময়ৰ ভিতৰতে যিকোনো তথ্য বহুলোকৰ মাজলৈ বিয়পাই দিব পৰা যায় । ইয়াৰ উপৰিও, স্বয়ংক্ৰিয়ভাৱে মেছেজ পঠিয়াবলৈ বা উত্তৰ দিবলৈ অপৰাধীসকলে টেলিগ্ৰামৰ বট আৰু অটোমেচনৰ সুবিধা গ্ৰহণ কৰে । এই সকলোবোৰ সুবিধাৰ অপব্যৱহাৰ কৰি চাইবাৰ অপৰাধীসকলে আইনৰ চকুত ধূলি দি সহজেই সাৰি যাবলৈ সক্ষম হয় বাবেই চৰকাৰে পৰীক্ষাৰ স্বচ্ছতা অক্ষুণ্ণ ৰাখিবলৈ এই সাময়িক নিষেধাজ্ঞা জাৰী কৰিবলগীয়া হৈছে ।

লগতে পঢ়ক : বিশ্বজুৰি ডাউন হ’ল ফেচবুক, ইনষ্টাগ্ৰাম…