ভয়ংকৰ দুৰ্ঘটনাত ছাৰখাৰ হ’ল বায়ুসেনাৰ ঐতিহাসিক বোমাৰু বিমান

ভয়ংকৰ দুৰ্ঘটনাত ছাৰখাৰ হ’ল বায়ুসেনাৰ ঐতিহাসিক বোমাৰু বিমান

এই কৰুণ দুৰ্ঘটনাত বিমানখনত থকা আঠজন ক্ৰু মেম্বাৰৰে থিতাতে মৃত্যু হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছে এক ভয়াৱহ বিমান দুৰ্ঘটনা । কেলিফৰ্ণিয়াৰ ম’জাভে মৰুভূমিত অৱস্থিত এডৱাৰ্ডছ এয়াৰ ফ’ৰ্চ বেচৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময় পিছতেই আমেৰিকাৰ বিমান বাহিনীৰ এখন বি-৫২ ষ্ট্ৰেটোফৰ্ট্ৰেছ নামৰ গধুৰ বোমাৰু

এই কৰুণ দুৰ্ঘটনাত বিমানখনত থকা আঠজন ক্ৰু মেম্বাৰৰে থিতাতে মৃত্যু হৈছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছে এক ভয়াৱহ বিমান দুৰ্ঘটনা । কেলিফৰ্ণিয়াৰ ম’জাভে মৰুভূমিত অৱস্থিত এডৱাৰ্ডছ এয়াৰ ফ’ৰ্চ বেচৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময় পিছতেই আমেৰিকাৰ বিমান বাহিনীৰ এখন বি-৫২ ষ্ট্ৰেটোফৰ্ট্ৰেছ নামৰ গধুৰ বোমাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই কৰুণ দুৰ্ঘটনাত বিমানখনত থকা আঠজন ক্ৰু মেম্বৰৰে থিতাতে মৃত্যু হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চিএনএন-ৰ তথ্য অনুসৰি, এটা নিয়মীয়া পৰীক্ষামূলক অভিযানত থকা বিমানখনে স্থানীয় সময় অনুসৰি প্ৰায় ১১:২০ বজাত উৰণ আৰম্ভ কৰিছিল । কিন্তু দুৰ্ভাগ্যবশত, উৰণৰ কিছু সময় পিছতেই লছ এঞ্জেলছৰ উত্তৰ-পূবত থকা দুৰ্গম সামৰিক ঘাটিটোৰ ওচৰত বিমানখন দুৰ্ঘটনাত পতিত হয় ।

এডৱাৰ্ডছ এয়াৰ ফ’ৰ্চ বেচ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বিমানখনত থকা আঠজন ক্ৰু মেম্বৰৰে মৃত্যু হোৱা বুলি ধৰি লোৱা হৈছে । ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া উদ্ধাৰ অভিযানৰ পৰিৱৰ্তে মৃতদেহ আৰু ধ্বংসাৱশেষ উদ্ধাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

আকাশলৈ উঠিল ক’লা ধোঁৱাৰ কুণ্ডলী

দুৰ্ঘটনাটোৰ লগে লগে জৰুৰীকালীন সঁহাৰি দলসমূহক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । ঘাটিটোৰ বিষয়াসকলে জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত আকাশলৈ ক’লা ধোঁৱাৰ এক বৃহৎ কুণ্ডলী উধাইছিল, যিটো বহু দূৰৈৰ পৰাও দৃশ্যমান হৈছিল । চিএনএনৰ সহযোগী সংবাদ প্ৰতিষ্ঠান ‘কেচিএএল’-এ প্ৰকাশ কৰা ভিডিঅ’ত ৰানৱেত এটা ডাঙৰ ক’লা দাগ আৰু ধোঁৱা ওলাই থকা দেখা গৈছে, যদিও বোমাৰু বিমানখন চূৰ্ণ-বিচূৰ্ণ হৈছে যে তাক স্পষ্টকৈ চিনাক্ত কৰা কঠিন হৈ পৰিছে ।

নিহতসকলৰ পৰিচয় আৰু সামৰিক অভিযান

চীফ মাষ্টাৰ চাৰ্জেণ্ট জছুৱা টি স্কাৰ্লকেনে জানিবলৈ দিয়া মতে, বৰ্তমান নিহতসকলৰ পৰিয়ালক খবৰ দিয়াৰ প্ৰক্ৰিয়া চলাই থকা হৈছে । এই ক্ৰু দলটোত সামৰিক কৰ্মীৰ উপৰিও চৰকাৰী অসামৰিক বিষয়া আৰু চৰকাৰী ঠিকাদাৰো অন্তৰ্ভুক্ত আছিল । বায়ু সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে দুৰ্ঘটনাটোৰ সময়ত বিমানখনে এটা ৰাডাৰ আধুনিকীকৰণ কাৰ্যসূচীৰ সমৰ্থনত পৰীক্ষামূলক বিমান উৰুৱাই আছিল ।

সাময়িকভাৱে সামৰিক ঘাটিৰ কাৰ্যসূচী স্থগিত :

সামৰিক ঘাটিটো ইতিমধ্যে পুনৰ মুকলি কৰা হৈছে যদিও, কৰ্তৃপক্ষই ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত আৰু দুৰ্ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ স্বাৰ্থত মঙলবাৰলৈকে সকলো ধৰণৰ সামৰিক অভিযান স্থগিত ৰাখিছে ।

উল্লেখযোগ্য যে, বি-৫২ ষ্ট্ৰেটোফৰ্ট্ৰেছ হৈছে আমেৰিকাৰ বিমান বাহিনীত বৰ্তমানো সক্ৰিয় হৈ থকা আটাইতকৈ পুৰণি আৰু শক্তিশালী বিমানসমূহৰ অন্যতম । ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীত অন্তৰ্ভুক্ত কৰা এই দীৰ্ঘ দূৰত্বৰ গধুৰ বোমাৰু বিমানখন বৰ্তমানো আমেৰিকাৰ কৌশলগত প্ৰতিৰক্ষা ব্যৱস্থাৰ এক মুখ্য স্তম্ভ হিচাপে বিবেচিত হৈ আহিছে ।

লগতে পঢ়ক : “ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি সম্পন্ন, শুকুৰবাৰৰ পৰা মুকলি হ’ব হৰমুজ প্ৰণালী” ; ট্ৰাম্পৰ ডাঙৰ দাবী