ইউ পি এছ চি অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা ২০২৬-ৰ ফলাফল ঘোষণা

ইউ পি এছ চি অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা ২০২৬-ৰ ফলাফল ঘোষণা

এই বছৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত অধিসূচিত ১,০১৬ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষাৰ বাবে মুঠ ১৩,৩৪৩ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচনে (UPSC) সোমবাৰে অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা (Prelims) ২০২৬-ৰ ফলাফল ঘোষণা কৰিছে । এই পৰীক্ষাত সমগ্ৰ দেশৰ মুঠ ১৩,৩৪৩ গৰাকী

এই বছৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত অধিসূচিত ১,০১৬ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষাৰ বাবে মুঠ ১৩,৩৪৩ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচনে (UPSC) সোমবাৰে অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা (Prelims) ২০২৬-ৰ ফলাফল ঘোষণা কৰিছে । এই পৰীক্ষাত সমগ্ৰ দেশৰ মুঠ ১৩,৩৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰি অসামৰিক সেৱা (মূল) বা Mains পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে, এই প্ৰাৰম্ভিক পৰীক্ষা যোৱা ২৪ মে’ত অনুষ্ঠিত হৈছিল ।

ইউ পি এছ চিয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, এই বছৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত অধিসূচিত ১,০১৬ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষাৰ বাবে মুঠ ১৩,৩৪৩ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে । আনহাতে, যোৱা বছৰ ১,০৮৭ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষা ২০২৫-ৰ বাবে ১৪,১৬১ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছিল ।

উল্লেখ্য যে, ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱা আদিকে ধৰি শীৰ্ষ পৰ্যায়ৰ আমোলাসকলক বাছনি কৰিবলৈ ইউ পি এছ চিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায় ক্ৰমে— প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ বা ব্যক্তিত্ব পৰীক্ষাৰ জৰিয়তে এই পৰীক্ষা অনুষ্ঠিত কৰে ।

পৰৱৰ্তী পৰ্যায়ৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা :

পৰীক্ষাৰ নিয়ম অনুসৰি, প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো সফল প্ৰাৰ্থীৰ বাবে আবেদন পত্ৰৰ সবিশেষ তথ্য আপডেট কৰিবলৈ এখন বিশেষ ৱিণ্ড’ মুকলি কৰা হ’ব ।

মাচুল : অসামৰিক সেৱা (মূল) পৰীক্ষাত বহিবলৈ প্ৰাৰ্থীসকলে ২০০ টকাৰ মাচুল জমা দিব লাগিব । অৱশ্যে মহিলা, বিশেষভাৱে সক্ষম, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কোনো মাচুল প্ৰযোজ্য নহয় (মাচুল ৰেহাই দিয়া হৈছে)।

সময়সীমা : এই সবিশেষ তথ্যসমূহ পূৰণ কৰা আৰু আবেদন পত্ৰ জমা দিয়াৰ লিংক ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইটত অহা ১৯ জুনৰ পৰা ২৮ জুনলৈ উপলব্ধ থাকিব ।

কমিচনে স্পষ্টকৈ জনাইছে যে মূল পৰীক্ষাৰ ই-এডমিট কাৰ্ড লাভ কৰিবলৈ হ’লে সফল প্ৰাৰ্থীসকলে উক্ত সময়ছোৱাৰ ভিতৰত অফিচিয়েল পৰ্টেলত (https://upsconline.nic.in) লগ-ইন কৰি নিজৰ আবেদন পত্ৰ জমা কৰাটো বাধ্যতামূলক । নিৰ্ধাৰিত সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰিলে প্ৰাৰ্থীসকলক পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়সমূহত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব ।

লগতে পঢ়ক : নৱম শ্ৰেণীৰ পাঠ্যপুথিত প্ৰতিস্থাপন হ’ব ‘ডান্সিং গাৰ্ল’ৰ প্ৰকৃত ছবিঃ এনচিইআৰটিৰ সিদ্ধান্ত