ইউ পি এছ চি অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা ২০২৬-ৰ ফলাফল ঘোষণা

এই বছৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত অধিসূচিত ১,০১৬ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষাৰ বাবে মুঠ ১৩,৩৪৩ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে

ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিচনে (UPSC) সোমবাৰে অসামৰিক সেৱা প্ৰাৰম্ভিক পৰীক্ষা (Prelims) ২০২৬-ৰ ফলাফল ঘোষণা কৰিছে । এই পৰীক্ষাত সমগ্ৰ দেশৰ মুঠ ১৩,৩৪৩ গৰাকী পৰীক্ষাৰ্থীয়ে সফলতা লাভ কৰি অসামৰিক সেৱা (মূল) বা Mains পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে । উল্লেখ্য যে, এই প্ৰাৰম্ভিক পৰীক্ষা যোৱা ২৪ মে’ত অনুষ্ঠিত হৈছিল ।

ইউ পি এছ চিয়ে জাৰি কৰা এক বিবৃতিত উল্লেখ কৰা অনুসৰি, এই বছৰ অসামৰিক সেৱা পৰীক্ষাৰ অধীনত অধিসূচিত ১,০১৬ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষাৰ বাবে মুঠ ১৩,৩৪৩ গৰাকী প্ৰাৰ্থীক চৰ্টলিষ্ট কৰা হৈছে । আনহাতে, যোৱা বছৰ ১,০৮৭ টা খালী পদৰ বিপৰীতে মূল পৰীক্ষা ২০২৫-ৰ বাবে ১৪,১৬১ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত হৈছিল ।

উল্লেখ্য যে, ভাৰতীয় প্ৰশাসনিক সেৱা, ভাৰতীয় বৈদেশিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱা আদিকে ধৰি শীৰ্ষ পৰ্যায়ৰ আমোলাসকলক বাছনি কৰিবলৈ ইউ পি এছ চিয়ে প্ৰতি বছৰে তিনিটা পৰ্যায় ক্ৰমে— প্ৰাৰম্ভিক, মূল আৰু সাক্ষাৎকাৰ বা ব্যক্তিত্ব পৰীক্ষাৰ জৰিয়তে এই পৰীক্ষা অনুষ্ঠিত কৰে ।

পৰৱৰ্তী পৰ্যায়ৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা :

পৰীক্ষাৰ নিয়ম অনুসৰি, প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলো সফল প্ৰাৰ্থীৰ বাবে আবেদন পত্ৰৰ সবিশেষ তথ্য আপডেট কৰিবলৈ এখন বিশেষ ৱিণ্ড’ মুকলি কৰা হ’ব ।

মাচুল : অসামৰিক সেৱা (মূল) পৰীক্ষাত বহিবলৈ প্ৰাৰ্থীসকলে ২০০ টকাৰ মাচুল জমা দিব লাগিব । অৱশ্যে মহিলা, বিশেষভাৱে সক্ষম, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি শ্ৰেণীৰ প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কোনো মাচুল প্ৰযোজ্য নহয় (মাচুল ৰেহাই দিয়া হৈছে)।

সময়সীমা : এই সবিশেষ তথ্যসমূহ পূৰণ কৰা আৰু আবেদন পত্ৰ জমা দিয়াৰ লিংক ইউ পি এছ চিৰ অফিচিয়েল ৱেবছাইটত অহা ১৯ জুনৰ পৰা ২৮ জুনলৈ উপলব্ধ থাকিব ।

কমিচনে স্পষ্টকৈ জনাইছে যে মূল পৰীক্ষাৰ ই-এডমিট কাৰ্ড লাভ কৰিবলৈ হ’লে সফল প্ৰাৰ্থীসকলে উক্ত সময়ছোৱাৰ ভিতৰত অফিচিয়েল পৰ্টেলত (https://upsconline.nic.in) লগ-ইন কৰি নিজৰ আবেদন পত্ৰ জমা কৰাটো বাধ্যতামূলক । নিৰ্ধাৰিত সময়ত এই প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰিলে প্ৰাৰ্থীসকলক পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়সমূহত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়া নহ’ব ।

লগতে পঢ়ক : নৱম শ্ৰেণীৰ পাঠ্যপুথিত প্ৰতিস্থাপন হ’ব ‘ডান্সিং গাৰ্ল’ৰ প্ৰকৃত ছবিঃ এনচিইআৰটিৰ সিদ্ধান্ত

কোন হয় ইউ পি এছ চি পৰীক্ষাত শীৰ্ষস্থান দখল কৰা শক্তি ডুবে ? জানক তেওঁৰ সফলতাৰ কাহিনী…

আজি কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠঠিত কৰা  অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হয় । ২০২৪ চনৰ ইউ পি এছ চি অসামৰিক সেৱা পৰীক্ষাত শীৰ্ষ স্থান দখল কৰি শক্তি ডুবেই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । আজি প্ৰকাশ পোৱা ইউ পি এছ চি চি এছ ই পৰীক্ষাৰ ফলাফলত শক্তি ডুবেই সৰ্বভাৰতীয় ৰেংক ১ লাভ কৰিছে ।

শক্তি ডুবে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজৰ বাসিন্দা । প্ৰয়াগৰাজৰ পৰাই স্কুল-কলেজীয়া শিক্ষা সমাপ্ত কৰে তেওঁ । শক্তিয়ে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছে । তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ শিক্ষা সমাপ্ত কৰে । ২০১৬ চনত স্নাতকোত্তৰ সম্পূৰ্ণ কৰা শক্তিয়ে ২০১৮ চনৰ পৰা অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে ।

বিজ্ঞানৰ পৰা অসামৰিক সেৱালৈ যাত্ৰা-

কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষা ২০২৪ত প্রথম স্থান দখল কৰা শক্তি ডুবেই প্রমাণ কৰিছে যে কঠোৰ পৰিশ্ৰম আৰু দৃঢ় ইচ্ছাশক্তিৰে যিকোনো লক্ষ্যত উপনীত হ’ব পৰা যায় । তেওঁৰ শৈক্ষিক যাত্ৰা বিজ্ঞান ক্ষেত্ৰৰ পৰা আৰম্ভ হৈ দেশৰ সন্মানীয় পৰীক্ষাৰ শীৰ্ষত উপনীত হয় ।

২০১৮ চনৰ পৰা আৰম্ভ হৈছিল প্ৰস্তুতি-

শক্তি ডুবেই এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি কৰিছিল, তাৰ পিছত ২০১৬ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়ন বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । পঢ়াৰ সময়ত প্ৰশাসনিক সেৱাত যোগদান কৰাৰ সপোন দেখিছিল আৰু ২০১৮ চনৰ পৰা ইউ পি এছ চিৰ প্ৰস্তুতিৰ কামত সম্পূৰ্ণৰূপে জড়িত হৈ পৰে তেওঁ ।

তেওঁৰ ঐচ্ছিক বিষয়-

উল্লেখ্য যে বিজ্ঞানৰ ছাত্ৰী হোৱাৰ পিছতো শক্তি ডুবেই ইউ পি এছ চি পৰীক্ষাৰ বাবে ৰাজনীতি বিজ্ঞান আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ দৰে বিষয়ক ঐচ্ছিক বিষয় হিচাপে বাছি লৈছিল । ইউ পি এছ চি পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছতে তেওঁৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে ।

শীৰ্ষত প্ৰয়াগৰাজৰ শক্তি ডুবে… কেন্দ্ৰীয় অসামৰিক সেৱা পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা

কেন্দ্ৰীয় লোকসেৱা আয়োগে মঙলবাৰে অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ চূড়ান্ত ফলাফল ঘোষণা কৰে । প্ৰয়াগৰাজৰ শক্তি ডুবেই এই সন্মানীয় পৰীক্ষাত প্ৰথম স্থান লাভ কৰিছে । এইবাৰ ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ), ভাৰতীয় বৈদেশিক সেৱা (আই এফ এছ), ভাৰতীয় আৰক্ষী সেৱা (আই পি এছ) আৰু অন্যান্য কেন্দ্ৰীয় সেৱা (গ্ৰুপ এ আৰু বি)ৰ বাবে মুঠ ১০০৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচিত কৰা হৈছে ।

শক্তি ডুবেই প্ৰথম স্থান দখল কৰাৰ বিপৰীতে হৰ্ষিতা গোৱেলে দ্বিতীয় আৰু ডংগ্ৰে আৰ্চিত পৰাগে তৃতীয় স্থান দখল কৰে । শীৰ্ষ দহৰ ভিতৰত আছে শ্বাহ মাৰ্ঘী চিৰাগ (৪), আকাশ গাৰ্গ (৫), কোমল পুনিয়া (৬), আয়ুষী বানচাল (৭), ৰাজ কৃষণ ঝা (৮), আদিত্য বিক্ৰম আগৰৱাল (৯) আৰু মায়ংক ত্ৰিপাঠী (১০) । ইয়াৰ ভিতৰত ৩৩৫ জন সাধাৰণ শ্ৰেণী, ১০৯ জন ই ডব্লিউ এছ, ৩১৮ জন অ বি চি, ১৬০ জন এছ চি, ৮৭ জন এছ টি আৰু ৪৫ জন দিব্যাংগ (পি ডব্লিউ বি ডি) প্ৰাৰ্থী । ২৪১ গৰাকী প্ৰাৰ্থীৰ ফলাফল অস্থায়ী ৰখা হৈছে ।

ইউ পি এছ চিয়ে ২৩০ জন প্ৰাৰ্থীৰ একত্ৰিত সংৰক্ষিত তালিকাও প্ৰকাশ কৰিছে, য’ত আছে ১১৫ জন জেনেৰেল, ৩৫ জন ই ডব্লিউ এছ, ৫৯ জন অ’ বি চি, ১৪ জন এছ চি, ৬ জন এছ টি আৰু ১ জন পি ডব্লিউ বি ডি প্ৰাৰ্থী । ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা ২০২৪ৰ প্ৰাৰম্ভিক পৰীক্ষা ২০২৪ চনৰ ১৬ জুনত, মূল পৰীক্ষা ২০-২৯ ছেপ্টেম্বৰ ২০২৪ আৰু সাক্ষাৎকাৰ (ব্যক্তিত্ব পৰীক্ষা) ৭ জানুৱাৰীৰ পৰা ১৭ এপ্ৰিল ২০২৫লৈ অনুষ্ঠিত হৈছিল । মুঠ ৫-৬ লাখ পৰীক্ষাৰ্থীয়ে প্ৰাৰম্ভিক পৰীক্ষাত অৱতীৰ্ণ হৈছিল, ইয়াৰে ২,৮৪৫ গৰাকীয়ে সাক্ষাৎকাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছিল ।