ভয়ংকৰ দুৰ্ঘটনাত ছাৰখাৰ হ’ল বায়ুসেনাৰ ঐতিহাসিক বোমাৰু বিমান

এই কৰুণ দুৰ্ঘটনাত বিমানখনত থকা আঠজন ক্ৰু মেম্বাৰৰে থিতাতে মৃত্যু হৈছে

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণিয়াত সংঘটিত হৈছে এক ভয়াৱহ বিমান দুৰ্ঘটনা । কেলিফৰ্ণিয়াৰ ম’জাভে মৰুভূমিত অৱস্থিত এডৱাৰ্ডছ এয়াৰ ফ’ৰ্চ বেচৰ পৰা উৰণ আৰম্ভ কৰাৰ কিছু সময় পিছতেই আমেৰিকাৰ বিমান বাহিনীৰ এখন বি-৫২ ষ্ট্ৰেটোফৰ্ট্ৰেছ নামৰ গধুৰ বোমাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত হয় । এই কৰুণ দুৰ্ঘটনাত বিমানখনত থকা আঠজন ক্ৰু মেম্বৰৰে থিতাতে মৃত্যু হৈছে ।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যম চিএনএন-ৰ তথ্য অনুসৰি, এটা নিয়মীয়া পৰীক্ষামূলক অভিযানত থকা বিমানখনে স্থানীয় সময় অনুসৰি প্ৰায় ১১:২০ বজাত উৰণ আৰম্ভ কৰিছিল । কিন্তু দুৰ্ভাগ্যবশত, উৰণৰ কিছু সময় পিছতেই লছ এঞ্জেলছৰ উত্তৰ-পূবত থকা দুৰ্গম সামৰিক ঘাটিটোৰ ওচৰত বিমানখন দুৰ্ঘটনাত পতিত হয় ।

এডৱাৰ্ডছ এয়াৰ ফ’ৰ্চ বেচ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, বিমানখনত থকা আঠজন ক্ৰু মেম্বৰৰে মৃত্যু হোৱা বুলি ধৰি লোৱা হৈছে । ঘটনাৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া উদ্ধাৰ অভিযানৰ পৰিৱৰ্তে মৃতদেহ আৰু ধ্বংসাৱশেষ উদ্ধাৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে ।

আকাশলৈ উঠিল ক’লা ধোঁৱাৰ কুণ্ডলী

দুৰ্ঘটনাটোৰ লগে লগে জৰুৰীকালীন সঁহাৰি দলসমূহক ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হয় । ঘাটিটোৰ বিষয়াসকলে জনোৱা মতে, বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত আকাশলৈ ক’লা ধোঁৱাৰ এক বৃহৎ কুণ্ডলী উধাইছিল, যিটো বহু দূৰৈৰ পৰাও দৃশ্যমান হৈছিল । চিএনএনৰ সহযোগী সংবাদ প্ৰতিষ্ঠান ‘কেচিএএল’-এ প্ৰকাশ কৰা ভিডিঅ’ত ৰানৱেত এটা ডাঙৰ ক’লা দাগ আৰু ধোঁৱা ওলাই থকা দেখা গৈছে, যদিও বোমাৰু বিমানখন চূৰ্ণ-বিচূৰ্ণ হৈছে যে তাক স্পষ্টকৈ চিনাক্ত কৰা কঠিন হৈ পৰিছে ।

নিহতসকলৰ পৰিচয় আৰু সামৰিক অভিযান

চীফ মাষ্টাৰ চাৰ্জেণ্ট জছুৱা টি স্কাৰ্লকেনে জানিবলৈ দিয়া মতে, বৰ্তমান নিহতসকলৰ পৰিয়ালক খবৰ দিয়াৰ প্ৰক্ৰিয়া চলাই থকা হৈছে । এই ক্ৰু দলটোত সামৰিক কৰ্মীৰ উপৰিও চৰকাৰী অসামৰিক বিষয়া আৰু চৰকাৰী ঠিকাদাৰো অন্তৰ্ভুক্ত আছিল । বায়ু সেনাৰ তৰফৰ পৰা কোৱা হৈছে যে দুৰ্ঘটনাটোৰ সময়ত বিমানখনে এটা ৰাডাৰ আধুনিকীকৰণ কাৰ্যসূচীৰ সমৰ্থনত পৰীক্ষামূলক বিমান উৰুৱাই আছিল ।

সাময়িকভাৱে সামৰিক ঘাটিৰ কাৰ্যসূচী স্থগিত :

সামৰিক ঘাটিটো ইতিমধ্যে পুনৰ মুকলি কৰা হৈছে যদিও, কৰ্তৃপক্ষই ঘটনাটোৰ ক্ষিপ্ৰ তদন্ত আৰু দুৰ্ঘটনাস্থলীৰ পৰা ধ্বংসাৱশেষ সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ স্বাৰ্থত মঙলবাৰলৈকে সকলো ধৰণৰ সামৰিক অভিযান স্থগিত ৰাখিছে ।

উল্লেখযোগ্য যে, বি-৫২ ষ্ট্ৰেটোফৰ্ট্ৰেছ হৈছে আমেৰিকাৰ বিমান বাহিনীত বৰ্তমানো সক্ৰিয় হৈ থকা আটাইতকৈ পুৰণি আৰু শক্তিশালী বিমানসমূহৰ অন্যতম । ১৯৫৫ চনত প্ৰথমবাৰৰ বাবে আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীত অন্তৰ্ভুক্ত কৰা এই দীৰ্ঘ দূৰত্বৰ গধুৰ বোমাৰু বিমানখন বৰ্তমানো আমেৰিকাৰ কৌশলগত প্ৰতিৰক্ষা ব্যৱস্থাৰ এক মুখ্য স্তম্ভ হিচাপে বিবেচিত হৈ আহিছে ।

লগতে পঢ়ক : “ইৰাণ-আমেৰিকাৰ শান্তি চুক্তি সম্পন্ন, শুকুৰবাৰৰ পৰা মুকলি হ’ব হৰমুজ প্ৰণালী” ; ট্ৰাম্পৰ ডাঙৰ দাবী

‘ভাৰতৰ আক্ৰমণত ধ্বংস পাকিস্তানৰ নুৰ খান এয়াৰাবেছ’… অৱশেষত স্বীকাৰ পাক প্ৰধানমন্ত্ৰীৰ

‘অপাৰেচন সিন্দুৰ’ৰ সফলতা মানি লৈছে পাকিস্তানে । পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে স্বীকাৰ কৰিছে যে ভাৰতৰ প্ৰতিশোধমূলক আক্ৰমণত দেশখনৰ বহু বিমান ঘাটি বিশেষকৈ নূৰখান এয়াৰবেছ ধ্বংস হৈছে । পাকিস্তানৰ এই স্বীকাৰোক্তি এতিয়া সমগ্ৰ বিশ্বই জানিব পাৰিছে ।

এইখন সেই একেখন পাকিস্তান যি কালিলৈকে একো হোৱা নাই বুলি কৈ আছিল আৰু নিজৰ জনসাধাৰণক মূৰ্খ সজাই বিজয় উদযাপন কৰিছিল । এতিয়া সেই একেই পাকিস্তানে কৈছে যে দেশখনৰ বহু ক্ষতি হৈছে ।

ভিডিঅ’ প্ৰকাশ-

শ্বাহবাজ শ্বৰীফৰ ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে । তেওঁ কৈছে, ‘৯ আৰু ১০ তাৰিখৰ মাজ নিশা পুৱা ২:৩০ বজাত চিপয়ছলাহৰ জেনেৰেল অসীম মুনিৰে মোক এটা নিৰাপদ ফোনত জনাইছিল যে ভাৰতে নিজৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে, ইয়াৰে এটা নূৰখান এয়াৰবেছত পৰিছে আৰু কিছুমান আন অঞ্চলতো পৰিছে… আমাৰ বায়ুসেনাই আমাৰ দেশক সুৰক্ষা দিবলৈ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰিছে আৰু তেওঁলোকে চীনৰ যুদ্ধ বিমানত আধুনিক গেজেট আৰু প্ৰযুক্তি ব্যৱহাৰ কৰে ।’

আটাইতকৈ গুৰুত্বপূৰ্ণ এয়াৰবেছ হৈছে নুৰখান-

উল্লেখ্য যে নূৰ খান কোনো সাধাৰণ এয়াৰবেছ নহয় । এয়া পাকিস্তানৰ ভি ভি আই পি আৰু উচ্চ পৰ্যায়ৰ সামৰিক বিমান পৰিবহণ কেন্দ্ৰ । ইছলামবাদৰ পৰা ওচৰত আৰু ইয়াৰ দ্বৈত ভূমিকাই এই বিমান ঘাটিটোক পাকিস্তানৰ অন্যতম স্পৰ্শকাতৰ বিমান ঘাটি হিচাপে গঢ়ি তুলিছে । আক্ৰমণৰ পিছত এতিয়ালৈকে উপলব্ধ সকলো উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে ভাৰতীয় বায়ুসেনাই সম্পূৰ্ণ নিখুঁতভাৱে আক্ৰমণ কৰিছিল আৰু ক’তো কোনো লক্ষ্য ব্যৰ্থ হোৱা নাছিল ।

ইছলামবাগৰ ওচৰত অৱস্থিত নুৰ খান এয়াৰবেছে পাকিস্তান বায়ুসেনাৰ অভিযানত সহায় কৰে আৰু ইয়াক দেশৰ শীৰ্ষ ভি ভি আই পিসকলেও বিমান পৰিবহণৰ বাবে ব্যৱহাৰ কৰে ।

ভাৰতৰ ড্ৰোন, মিছাইলে নিদ্ৰা হৰিছে পাকিস্তানৰ… আদমপুৰ বিমান ঘাটিৰ পৰা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে পাকিস্তান আৰু দেশখনে আশ্ৰয় দিয়া সন্ত্ৰাসবাদীক পাঠ শিকোৱাৰ পাছত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হয় । য’ত তেওঁ ভাৰতীয় সেনাবাহিনীক সম্বোধন কৰি তেওঁলোকৰ মনোবল বৃদ্ধি কৰে । এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে পাকিস্তানে আমাৰ ড্ৰোন আৰু মিছাইলৰ কথা ভাবি বহু দিন শুব নোৱাৰিব ।

তেওঁ কয় যে ভাৰতীয় সেনা, সেনা, বায়ুসেনা আৰু নৌসেনাই যি পাকিস্তানী সেনাক পৰাস্ত কৰিছে, যাৰ ওপৰত এই সন্ত্ৰাসবাদীবোৰে নিৰ্ভৰ কৰিছিল । তেওঁ কয় যে আপোনালোকে পাকিস্তানী সেনাকো কৈছে যে পাকিস্তানত এনে কোনো ঠাই নাই য’ত সন্ত্রাসবাদীয়ে বহি শান্তিৰে উশাহ ল’ব পাৰে ৷ আমি ঘৰত সোমাই তোমাক আক্ৰমণ কৰিম আৰু পলায়নৰ সুযোগো নিদিওঁ ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অপাৰেচন সিন্দুৰৰ জৰিয়তে আপোনালোকে দেশৰ মনোবল বৃদ্ধি কৰিছে । দেশক একত্ৰিত কৰি ভাৰতৰ সীমা ৰক্ষা কৰিছে । ভাৰতৰ আত্মসন্মানক নতুন উচ্চতা দিলে । আপোনালোকে এনেকুৱা কাম কৰিলে যিটো অভূতপূৰ্ব, কল্পনাতীত, আচৰিত । তেওঁ কয় যে আমাৰ বায়ুসেনাই পাকিস্তানৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি ২০-২৫ মিনিটৰ বাবে সীমা অতিক্ৰম কৰা লক্ষ্য ধ্বংস কৰিছিল । এই সকলোবোৰ আধুনিক প্ৰযুক্তিৰে সজ্জিত পেছাদাৰী শক্তিৰ দ্বাৰাহে কৰিব পৰা যায় ।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আপোনালোকৰ গতি আৰু সঠিকতা ইমানেই আছিল যে শত্ৰু স্তম্ভিত হৈ পৰিছিল । শত্ৰুৰ বুকু কেতিয়া বিন্ধি গ’ল সেৱাও গম পোৱা নাছিল । তেওঁ কয় যে আমাৰ লক্ষ্য আছিল পাকিস্তানৰ ভিতৰত থকা সন্ত্ৰাসবাদী মুখ্য কাৰ্যালয় আৰু সন্ত্ৰাসবাদীক লক্ষ্য কৰি লোৱা, কিন্তু পাকিস্তানে নিজৰ যাত্ৰীবাহী বিমানবোৰ সন্মুখত ৰাখি ষড়যন্ত্ৰ ৰচনা কৰিছিল । মই কল্পনা কৰিব পাৰো যে সেই মুহূৰ্তটো কিমান কঠিন হ’ব যেতিয়া অসামৰিক বিমান দৃশ্যমান হ’ব । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে মই গৌৰৱান্বিত যে আপোনালোকে এটা আচৰিত কাম কৰিলে আৰু অসামৰিক বিমানৰ কোনো ক্ষতি নকৰাকৈ পৰম সাৱধানতা আৰু সজাগতাৰে প্ৰত্যুত্তৰ দিলে ।

প্ৰধানমন্ত্ৰীয়ে উদঙালে পাকিস্তানৰ চৰিত্ৰ… আদমপুৰ এয়াৰবেছত গৈ দিলে ভাৰত মাত কি জয় ধ্বনি

অপাৰেচন সিন্দুৰৰ চমৎকাৰ সফলতাৰ পিছত মঙলবাৰে (১৩ মে’, ২০২৫) পুৱা হঠাতে পঞ্জাৱৰ আদমপুৰ এয়াৰবেছত উপস্থিত হৈ ভাৰতীয় বায়ুসেনাৰ বিষয়া-জোৱানসকলক সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত জোৱানসকলৰ অতি উৎসাহিত দেখা যায় । সৈনিকসকলৰ লগত কিছু মুহূৰ্ত কটোৱাৰ লগতে আৰু বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

পাকিস্তানৰ মিথ্যাচাৰ উদঙালে প্ৰধানমন্ত্ৰী মোদীয়ে-

যি সময়ত পাকিস্তানে ভাৰতৰ পঞ্জাৱত থকা আদমপুৰ বিমানঘাটি আক্ৰমণত ধ্বংস কৰাৰ লগতে ব্যাপক ক্ষতিসাধন কৰা বুলি সমগ্ৰ বিশ্বতে অহৰহ ভুৱা আখ্যান প্ৰচাৰ কৰি আছে, সেই সময়তে প্ৰধানমন্ত্ৰী মোদী আদমপুৰ বিমানঘাটিত উপস্থিত হয় । মঙলবাৰে পুৱা প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই আদমপুৰ বিমানঘাটিত উপস্থিত হৈ ফাঁকিবাজ পাকিস্তানৰ মিথ্যাচাৰ বিশ্বৰ আগত উদঙাই দিয়ে ।

নিৰাপদে আছে এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম-

নিজৰ জনসাধাৰণক সন্তুষ্ট কৰিবলৈ পাকিস্তান চৰকাৰে কয় যে তেওঁলোকৰ সেনাই আদমপুৰ এয়াৰবেছৰ ৰাণৱেৰ ক্ষতিসাধন কৰিছে । পাকিস্তানে আদমপুৰৰ এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম ধ্বংস কৰা বুলিও দাবী কৰে । পাকিস্তানৰ গোকাট মিছা কথা উদঙাই দিলে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে । প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাখনো ছবি শ্বেয়াৰ কৰিছে, য’ত এছ-৪০০ এয়াৰ ডিফেন্স চিষ্টেম নিৰাপদ আৰু সক্ৰিয় দেখা গৈছে । একে সময়তে আদপুৰ এয়াৰবেছৰ ৰাডাৰ ব্যৱস্থাও অক্ষত অৱস্থাত আছে আৰু শত্ৰুৰ প্ৰতিটো কুৎসিত কাৰ্য্যৰ ওপৰত চকু ৰাখিছে ।

প্ৰধানমন্ত্ৰী মোদীৰ ছবিয়ে পাকিস্তানক স্পষ্ট বাৰ্তা দিছে যে আদমপুৰ এয়াৰবেছ একেবাৰে নিৰাপদ আৰু সুৰক্ষিত আৰু পাকিস্তানৰ এই দাবী সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইফালে প্ৰধানমন্ত্ৰী মোদীৰ জোৱানসকলৰ সৈতে হোৱা সাক্ষাতৰ ভিডিঅ’ প্ৰকাশ পাইছে, য’ত তেওঁ বায়ুসেনাৰ বিষয়াৰ সৈতে বাৰ্তালাপ কৰি থকা দেখা গৈছে । ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীয়ে জোৱানসকলৰ লগতে ভাৰত মাতা কি জয় আৰু বন্দে মাতৰমৰ ধ্বনিও দিয়ে ।

আদমপুৰ বিমান ঘাটিৰ ছবি পোষ্ট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে-

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত আদমপুৰ এয়াৰবেছত জোৱানৰ সৈতে হোৱা সাক্ষাতৰ এখন ফটো শ্বেয়াৰ কৰি লিখিছে, “আজি পুৱা মই বায়ুসেনা ষ্টেচন আদমপুৰ ভ্ৰমণ কৰি আমাৰ সাহসী বিমান যোদ্ধা আৰু জোৱানসকলক লগ পাইছো । সাহস, দৃঢ়তা আৰু নিৰ্ভীকতাৰ সাৰ্থকতা দেখুওৱা লোকসকলৰ সৈতে থকাটো এটা অতি বিশেষ অভিজ্ঞতা আছিল । আমাৰ দেশৰ বাবে সকলো কাম কৰা আমাৰ সশস্ত্ৰ বাহিনীৰ প্ৰতি ভাৰত চিৰকাল কৃতজ্ঞ ।”

আদমপুৰ এয়াৰবেছৰ বহু ছবিও শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে । ফটোত দেখা গৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে সেনা জোৱানসকলক উৎসাহিত কৰা দেখা গৈছে । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে সাহসী এয়াৰ ৱাৰিয়ৰ আৰু জোৱানক লগ পোৱাৰ কেইবাখনো ছবি প্ৰকাশ পাইছে । বিশেষ কথাটো হ’ল এখন ফটোত প্ৰধানমন্ত্ৰী মোদীৰ আঁৰত এখন ভাৰতীয় যুদ্ধ বিমানৰ ছবি আছে । এই ফটোখনৰ কেপচনত লিখা আছে, “শত্ৰুৰ পাইলটসকলে কিয় সঠিকভাৱে শুব পৰা নাই?” এই বিশেষ ছবিখনে চুবুৰীয়া দেশখনক স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰিছে ।

পহলগামৰ প্ৰতিশোধ… PoK আৰু পাকিস্তানত কিমান সন্ত্ৰাসবাদী নিহত হ’ল জনালে চৰকাৰে

ভাৰতীয় সেনাই ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰত বুধবাৰে নিশা বিমান আক্ৰমণ চলাই । এই সামৰিক অভিযান তিনিও সেনাই চলাই । এই অভিযান সন্দৰ্ভত ভাৰত চৰকাৰে চৰকাৰে স্পষ্ট কৰি দিছে যে এয়া কোনো প্ৰৰোচনা নোহোৱাকৈ সংযত কাৰ্য্য আছিল য’ত পাকিস্তানৰ সামৰিক প্ৰতিষ্ঠান আৰু সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হোৱা নাছিল । কেৱল সন্ত্ৰাসবাদী ঘাটিকহে লক্ষ্য কৰি লোৱা হৈছে ।

‘নিহত কমেও ১০০ সন্ত্ৰাসবাদী’

বৃহস্পতিবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় আৰু এই সভাত কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গে, ৰাহুল গান্ধী, এছ পিৰ ৰাম গোপাল যাদৱকে ধৰি বহু নেতা উপস্থিত থাকে । জানিব পৰা মতে এই বৈঠকত প্ৰথমবাৰৰ বাবে চৰকাৰে বিমান আক্ৰমণত নিহত সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ কৰে । বিৰোধী নেতা ৰাজনাথ সিঙে এই অভিযানত কমেও ১০০টা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিবলৈ দিয়ে । বৈঠকত তেওঁ কয় যে আমি বিষয়টো আগুৱাই নিব নিবিচাৰো, কিন্তু যদি পাকিস্তানে কিবা এটা কৰে তেন্তে আমিও পিছুৱাই নাযাওঁ ।

ইয়াৰ পূৰ্বে সূত্ৰই প্ৰকাশ কৰিছিল যে ৯০টা সন্ত্ৰাসবাদী নিহত হৈছে । কিন্তু এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিহত সন্ত্ৰাসবাদীৰ সংখ্যা প্ৰকাশ কৰিছে । ভাৰতীয় সেনাই ৬ মে’ৰ নিশা নিশা প্ৰায় ১ বজাত এই অভিযান চলাইছিল, য’ত পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত অৱস্থিত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা হৈছিল ।

সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বৈঠকৰ অন্তত কয় যে অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে আৰু সমগ্ৰ দেশৰ ৰাজনৈতিক দলসমূহে এই অভিযানক প্ৰশংসা কৰিছে । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত সমগ্ৰ বিৰোধীয়ে চৰকাৰৰ সৈতে থিয় দিছে আৰু সকলো দলে গুৰুত্বসহকাৰে আলোচনা কৰিছে বুলিও তেওঁ কয় । প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সকলো নেতাক এই অভিযানৰ বিষয়ে অৱগত কৰে ।