আইপিএলত ইতিহাস সৃষ্টি শুভমান গিলৰ; ভংগ কৰিলে বিৰাট কোহলীৰ অভিলেখ

আইপিএলত ইতিহাস সৃষ্টি শুভমান গিলৰ; ভংগ কৰিলে  বিৰাট কোহলীৰ অভিলেখ

আই পি এলত ৪ হাজাৰ ৰান সম্পূৰ্ণ কৰি ইতিহাসৰ সৃষ্টি কৰিছে শুভমান গিলে। বিৰাট কোহলীৰ অভিলেখ ভংগ শুভমান গিলৰ। গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৬)ত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰি নতুন ইতিহাসৰ সৃষ্টি কৰিছে। আই পি এলত ৪

আই পি এলত ৪ হাজাৰ ৰান সম্পূৰ্ণ কৰি ইতিহাসৰ সৃষ্টি কৰিছে শুভমান গিলে। বিৰাট কোহলীৰ অভিলেখ ভংগ শুভমান গিলৰ।

গুজৰাট টাইটানছৰ অধিনায়ক শুভমান গিলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল ২০২৬)ত এক বৃহৎ মাইলৰ খুঁটি অৰ্জন কৰি নতুন ইতিহাসৰ সৃষ্টি কৰিছে।  আই পি এলত ৪ হাজাৰ ৰান সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হৈছে শুভমান গিল।২৬ বছৰ ২১৬ দিন বয়সত তেওঁ এই অভিলেখ অৰ্জন কৰিছে।ইয়াৰ লগে লগে তেওঁ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে।

শুভমান গিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ বিৰুদ্ধে খেলা মেচখনত এই বিশেষ মাইলৰ খুঁটি অৰ্জন কৰে।এই মেচখনত দুৰ্দান্ত বেটিং প্ৰদৰ্শন কৰি তেওঁ ২৮ সংখ্যক অৰ্ধশতকো সম্পূৰ্ণ কৰে।আই পি এলত আটাইতকৈ কম বয়সতে ৪ হাজাৰ ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাৰ শীৰ্ষত এতিয়া স্থান লাভ কৰিছে শুভমান গিল।

তেওঁৰ পূৰ্বে এই অভিলেখ বিৰাট কোহলীৰ হাতত আছিল।যিয়ে ২৭ বছৰ ১৯৫ দিন বয়সত এই অভিলেখ অৰ্জন কৰিছিল।এই তালিকাত সঞ্জু চেমচন আৰু সুৰেশ ৰাইনাৰ দৰে বিখ্যাত খেলুৱৈৰ নামো অন্তৰ্ভুক্ত হৈ আছে।

লগতে পঢ়ক: মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংগছৰ খেলুৱৈয়ে আশা ভোছলেক দিলে শ্ৰদ্ধাঞ্জলি

শেহতীয়া প্ৰৱন্ধসমূহ