ঐতিহাসিক জয়ৰ পিছত বৃন্দাবনত উপস্থিত বিৰাট-অনুষ্কা; প্ৰেমানন্দ মহাৰাজৰ পৰা ললে আশীৰ্বাদ

আই পি এলত আৰচিবিৰ জয়লাভৰ পাছতে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই বৃন্দাবনত প্ৰেমানন্দ মহাৰাজ জীৰ আশীৰ্বাদ লয়।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত গুজৰাট টাইটানছৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ আকৰ্ষণীয় আৰু ঐতিহাসিক বিজয়ৰ পিছত দলৰ তাৰকা বেটছমেন বিৰাট কোহলী পত্নী অনুষ্কা শৰ্মাৰ সৈতে পুনৰবাৰ আধ্যাত্মিক যাত্ৰাত গৈছে। সোমবাৰে এই বিখ্যাত দম্পতীহাল বৃন্দাবনত উপস্থিত হয়, য’ত আধ্যাত্মিক গুৰু প্ৰেমানন্দ মহাৰাজৰ আশ্ৰমৰ ওচৰত তেওঁলোকক দেখা পোৱা যায়। বিৰাট আৰু অনুষ্কাই ৰাধা কেলি কুঞ্জ আশ্ৰমত মূৰ দোঁৱাই মহাৰাজ জীৰ আশীৰ্বাদ লয়। ছচিয়েল মিডিয়াত তেওঁলোকৰ কেইবাখনো ছবি আৰু ভিডিঅ’ অতি ক্ষিপ্ৰতাৰে ভাইৰেল হৈ পৰিছে, যিবোৰত দুয়োকে আশ্ৰমৰ পৰা ওলাই অহা দেখা গৈছে।

লাইমলাইটৰ পৰা আঁতৰি থাকিবলৈ দুয়ো অতি সাধাৰণ পোছাকত আছিল আৰু নিজৰ মুখ ঢাকি ৰাখিছিল। অনুষ্কা আৰু বিৰাটক অতি সাধাৰণ ৰূপত দেখিবলৈ পোৱা গৈছে।দুয়োকে অতি সাদৰ আৰু সৰলতাৰে উদং ভৰিৰে খোজ কাঢ়ি থকা দেখা গৈছিল। জয়ৰ পিছত দুয়ো নিজৰ সুখবোৰ প্ৰেমানন্দ মহাৰাজৰ সৈতে ভাগ-বতৰা বাবে গৈছে।

লগতে পঢ়ক: ‘তেওঁ গ’ল্ড ডিগাৰ নাছিল, মইহে কেপ্ট বয়ফ্ৰেণ্ড আছিলো’; সুষ্মিতা সেন সন্দৰ্ভত প্ৰথমবাৰলৈ ললিত মোদীৰ প্ৰতিক্ৰিয়া

জয়ৰ পিছত আৰ চি বি অনুৰাগীৰ তাণ্ডৱ; আৰক্ষীৰ লাঠিচাৰ্জ

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ ট্ৰফী জয়ৰ পিছত কেইবাখনো চহৰৰ পৰা ভিডিঅ’ পোহৰলৈ আহিছে, য’ত আৰ চি বিৰ অনুৰাগীয়ে পথৰ মাজতে হুলস্থুলৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে লাঠি-চাৰ্জ কৰে।

আই পি এল ২০২৬ৰ খিতাপ দখল কৰাৰ পিছত হায়দৰাবাদকে ধৰি কিছুমান চহৰৰ পৰা আৰ চি বিৰ অনুৰাগীৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা ভিডিঅ’ পোহৰলৈ আহিছে। ভাইৰেল হৈ পৰা ভিডিঅ’সমূহত আৰক্ষী বাহিনীয়ে পথৰ ওপৰত আনন্দ-উল্লাস কৰা লোকসকলক লাঠীচালনা কৰা দেখা গৈছে। এইধৰণৰ উদযাপনে জনসাধাৰণৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ আৰু বেংগালুৰুৰ কিছু অংশৰ পৰা এই ভিডিঅ’সমূহ পোহৰলৈ আহিছে। কিছুমান ভিডিঅ’ত অনুৰাগীসকলে মাজ ৰাস্তাত ফটকা ফুটাই থকা দেখা গৈছে। ইয়াৰ উপৰিও আন কিছুমান ভিডিঅ’ত বহুলোকে আনন্দতে বেৰিকেড ভাঙিবলৈ চেষ্টা কৰা দেখা গৈছে। আনহাতে, একাংশ লোকে উদযাপনত ইমানেই মত্ত হৈ পৰিল যে তেওঁলোক গাড়ীৰ ওপৰত উঠিছিলে। এই সকলোবোৰ কাণ্ড-কাৰখানা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে হস্তক্ষেপ কৰিবলগীয়া হয় আৰু ভিৰ নিয়ন্ত্ৰণ তথা নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি লাঠীচালনা কৰে।

বেংগালুৰুৱে যোৱা ছিজন অৰ্থাৎ ২০২৫ চনত প্ৰথমটো খিতাপ অৰ্জন কৰিছিল। এই বিজয়ৰ পিছত বেংগালুৰুত এক বিজয় সমদল উলিওৱা হৈছিল, য’ত পদপৃষ্ট হৈ ১১ জন লোকে প্ৰাণ হেৰুৱাইছিল। ইয়াৰ উপৰিও বহু লোক আহত হৈছিল। এই ঘটনাৰ কথা মনত ৰাখিয়েই এইবাৰ নিৰাপত্তাৰ দিশটোত সম্পূৰ্ণ গুৰুত্ব আৰোপ কৰা হৈছে।

লগতে পঢ়ক: “মই গাখীৰ নাখাওঁ”; অৰেঞ্জ কেপ বিজয়ী বৈভৱে প্ৰকাশ কৰিলে পাৱাৰ হিটিঙৰ ৰহস্য

দ্বিতীয়বাৰৰ বাবে আৰ চি বিৰ শিৰত আই পি এলৰ ট্ৰফী ; গুজৰাট টাইটানছৰ স্বপ্নভংগ

দ্বিতীয়বাৰৰ বাবে আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু। চেম্পিয়ন হোৱাৰ সপোন পূৰণ নহ’ল গুজৰাট টাইটানছৰ।

২৮ মাৰ্চৰ পৰা আৰম্ভ হোৱা আই পি এল ২০২৬ অৱশেষত অন্ত পৰিল।আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটানছ  আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু মাজত  অনুষ্ঠিত হোৱা ফাইনেল মেচখনত পুনৰবাৰ চেম্পিয়ন হ’ল আৰ চি বি।

ফাইনেল মেচত গুজৰাট টাইটানছে আৰ চি বিৰ সন্মুখত ১৫৬ ৰাণৰ লক্ষ্য বান্ধি দিছিল। কিন্তু ৫ টা উইকেট হেৰুৱাই দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰছ বাংগালুৰু।আৰচিবিৰ বলাৰসকলে দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়ায়। কিন্তু গুজৰাট টাইটানছৰ আৰম্ভণি ভাল নাছিল। ৰছিখ চালাম দাৰে সৰ্বাধিক তিনিটা উইকেট দখল কৰে।

গুজৰাট টাইটানছৰ বিৰুদ্ধে ফাইনেলত বিৰাট কোহলীয়ে নিজৰ আইপিএল কেৰিয়াৰৰ দ্ৰুততম অৰ্ধশতক অৰ্জন কৰে। তেওঁ ২৫টা বলত ৫০ ৰাণ কোবায়। ১৫৬ ৰাণৰ লক্ষ্য খেদিবলৈ গৈ আৰচিবি ১৮ অভাৰত ৫টা উইকেট হেৰুৱাই ১৬১ ৰাণ সংগ্ৰহ কৰিছে।

লগতে পঢ়ক: গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ

গুজৰাট টাইটানছৰ বেটিং বিপৰ্যয়; দ্বিতীয়টো খিতাপৰ বাবে ১৫৬ ৰানৰ লক্ষ্য আৰ চি বি ৰ

ফাইনেলত প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ সন্মুখত ১৫৬ ৰানৰ লক্ষ্য বান্ধি দিয়ে।

আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত খেলি থকা আই পি এল ২০২৬ ৰ ফাইনেল মেচখনত গুজৰাট টাইটানছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৮ টা উইকেট হেৰুৱাই ১৫৫ ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ ৱাশ্বিংটন সুন্দৰে আটাইতকৈ ডাঙৰ ইনিংছ খেলি ৩৭ টা বলত ৫ টা চাৰিৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে। দলৰ তাৰকা বেটছমেন শুভমন গিল, জছ বাটলাৰ আৰু ছাই সুদৰ্শন সম্পূৰ্ণৰূপে ফ্লপ প্ৰমাণিত হয়। এই খেলখনত বেংগালুৰুৰ হৈ ৰাশিখ ছালাম দাৰে সৰ্বাধিক ৩ টা উইকেট দখল কৰে।

মেচখনত বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰে টছত জিকি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেটিং কৰাৰ আমন্ত্ৰণ পোৱা গুজৰাটৰ আৰম্ভণি একেবাৰেই ভাল নহ’ল। দলটোৱে ২২ ৰাণৰ স্ক’ৰতে প্ৰথমটো উইকেট হেৰুৱায়, যেতিয়া অধিনায়ক শুভমন গিল মাত্ৰ ১০ ৰাণ কৰি পেভিলিয়নলৈ উভতি যায়।

ইয়াৰ পিছত দলটোৱে ২৬ ৰাণত দ্বিতীয়টো উইকেট, ৫৫ ৰাণত তৃতীয়টো উইকেট, ৭৩ ৰাণত চতুৰ্থটো উইকেট, ৯৯ ৰাণত পঞ্চমটো উইকেট, ১১৫ ৰাণত ষষ্ঠটো উইকেট,১৪২ ৰাণত সপ্তমটো উইকেট আৰু ১৫১ ৰাণত অষ্টমটো উইকেট হেৰুৱায়।

আটাইতকৈ ডাঙৰ ইনিংছ খেলা সুন্দৰৰ বাহিৰে দলটোৰ হৈ ছাই সুদৰ্শনে ১২ ৰাণ, অধিনায়ক শুভমন গিলে ১০ ৰাণ, নিশাম্ব সিন্ধুৱে ২০ ৰাণ, জছ বাটলাৰে ১৯ ৰাণ, আৰ্শদ খানে ১৫ ৰাণ, ৰাহুল টেৱাটিয়াই ০৭ ৰাণ, জেছন হ’ল্ডাৰে ০৭ ৰাণ, ৰাছিদ খানে ০৭ ৰাণ আৰু কাগিছ’ ৰাবাডাই ০৩ ৰাণ সংগ্ৰহ কৰে।

বেংগালুৰুৱে নিশ্চিতভাৱে দ্বিতীয়টো খিতাপ অৰ্জন কৰিব বিচাৰিব। দলটোৱে যোৱা ছিজনত অর্থাৎ ২০২৫ চনত নিজৰ প্ৰথমটো খিতাপ জয় কৰিছিল। এতিয়া অধিনায়ক ৰজত পাটিদাৰৰ নেতৃত্বত বেংগালুৰুৱে ধাৰাবাহিকভাৱে দ্বিতীয়বাৰৰ বাবে ট্ৰফীত নিজৰ নাম খোদিত কৰিব পাৰে।

বেংগালুৰুৱে দ্বিতীয়টো ট্ৰফী লাভ কৰিবলৈ ১৫৬ ৰাণ কৰিব লাগিব। এতিয়া দলটোৱে এই লক্ষ্য খেদি কেনে প্ৰদৰ্শন কৰে, সেয়া চোৱাটো আকৰ্ষণীয় হ’ব।

ছেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ পিছত ধাৰাবাহিকভাৱে দুখন ট্ৰফী জয় কৰা তৃতীয়টো দল হোৱাৰ সুযোগ আছে বেংগালুৰুৰ সন্মুখত।

লগতে পঢ়ক: বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; ইণ্ডিয়া এ টীমৰ পৰা বাদ পৰিল ৰিয়ান পৰাগ

“অসাধাৰণ,এই বয়সত আমি টাং গুটিও খেলিব পৰা নাছিলো”; বৈভৱ সূৰ্যবংশীৰ প্ৰশংসাত পঞ্চমুখ অমিতাভ বচ্চন

আই পি এলৰ পৰা ৰাজস্থান ৰয়েলছ বাহিৰ হোৱাৰ পিছত ১৫ বছৰীয়া তাৰকা ক্ৰিকেটাৰ বৈভৱ সূৰ্য্যবংশী যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল। বৈভৱৰ খেলি দেখি প্ৰশংসা অমিতাভ বচ্চনৰ

আইপিএলৰ কোৱালিফায়াৰ-২ ত শুকুৰবাৰে ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ হাতত পৰাস্ত হয়। এই পৰাজয়ৰ সৈতে দলটো টুৰ্ণামেণ্টৰ পৰা বাহিৰ হৈ পৰে, কিন্তু এই মেচখনত ১৫ বছৰীয়া যুৱ ক্ৰিকেটাৰ বৈভৱ সূৰ্যবংশীয়ে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। অৱশ্যে, মেচৰ পৰাজয়ৰ পিছত বৈভৱ আৱেগিক হৈ পৰা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে, যাক লৈ বলীউডৰ মহানায়ক অমিতাভ বচ্চনে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়ায়।

১৫ বছৰীয়া যুৱ বেটাৰ বৈভৱ সূৰ্যবংশীয়ে নিজৰ ধাৰাবাহিক বেটিঙেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। তেওঁ ৪৭টা বলত ৯৬ ৰানৰ এক বিস্ফোৰক ইনিংছ খেলি দলটোক প্ৰতিযোগিতাত বৰ্তাই ৰাখিবলৈ সম্পূৰ্ণ চেষ্টা কৰিছিল।

মেচখন শেষ হোৱাৰ পিছত বৈভৱক ডাগআউটত হতাশ আৰু আৱেগিক দেখা গৈছিল। ছ’চিয়েল মিডিয়াত তেওঁৰ কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছিল, য’ত দলটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হোৱাৰ বেদনা তেওঁৰ মুখত স্পষ্টকৈ দেখা গৈছিল। ক্ৰিকেট অনুৰাগীসকলেও যুৱ খেলুৱৈগৰাকীৰ প্ৰদৰ্শনৰ প্ৰশংসা কৰি তেওঁৰ সাহস বঢ়ায়। এই তালিকাত অমিতাভ বচ্চনৰ নামো অন্তৰ্ভুক্ত হৈছে।

বৈভৱক আৱেগিক হোৱা দেখি এতিয়া বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে তেওঁক সমৰ্থন আৰু মনোবল বৃদ্ধিৰ বাবে আগবাঢ়িছে।বৈভৱ সূৰ্যবংশীৰ সমৰ্থনত অমিতাভে নিজৰ এক্স হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰিছে।বৈভৱক প্ৰশংসা কৰি বিগ বিয়ে মন্তব্য কৰে যে সেই বয়সত তেওঁ নিজেও টাং গুটিও ভালকৈ খেলিবও নোৱাৰিলে।

বৈভৱ সূৰ্য্যবংশীৰ সমৰ্থনত অমিতাভ বচ্চনে লিখিছে—অসাধাৰণ ১৫ বছৰীয়া সূৰ্য্য। সেই বয়সত আমি মাৰ্বল বা টাং গুটিও সঠিকভাৱে খেলিব পৰা নাছিলো।

লগতে পঢ়ক: মুক্তিৰ বাবে সাজু মুখ্যমন্ত্ৰী বিজয়ৰ পুত্ৰ জেছন সঞ্জয়ৰ প্ৰথম ছবি ‘চিগমা’

পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে উচুপি উঠিল বৈভৱ সূৰ্যবংশী; ফাইনেলৰ স্বপ্নভংগ

গুজৰাট টাইটানছৰ হাতত পৰাস্ত হোৱাৰ পিছত আৱেগিক হৈ খেলপথাৰতেই উচুপি উঠিল ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী।

শুকুৰবাৰে আই পি এলত খেলা দ্বিতীয়খন কোৱালিফায়াৰত গুজৰাট টাইটানছৰ হাতত পৰাস্ত হৈ ৰাজস্থান ৰয়েলছৰ দলটো বাহিৰ হয়।খেলখনত পৰাজয় বৰণ কৰাৰ পিছত ১৫ বছৰীয়া বেটছমেন বৈভৱ সূৰ্যবংশীৰ চকুত চকুলো দেখা গ’ল। ২০২৬ চনৰ আই পি এলত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে লাভ কৰা এই অসাধাৰণ কৃতিত্ব চিৰদিনৰ বাবে স্মৰণীয় হৈ থাকিব।আই পি এল ২০২৬ৰ গোটেই প্ৰতিযোগিতাখনত বৈভৱে নিজৰ বিস্ফোৰক বেটিঙেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই ছিজনত বৈভৱে এককভাৱে ৰাজস্থান ৰয়েলছৰ সমগ্ৰ দায়িত্ব কান্ধত লৈছিল।

যেতিয়াই দলটোক তেওঁৰ প্ৰয়োজন হৈছিল, এই ১৫ বছৰীয়া বেটছমেন গৰাকীয়ে নিজৰ প্ৰচেষ্টাৰে দলটোক বিপদৰ পৰা উলিয়াই আনিছিল। কোৱালিফায়াৰ ২তো বৈভৱে ঠিক সেই কামেই কৰিলে যিটোৰ বাবে তেওঁ পৰিচিত। যদিও বৈভৱ ৯৬ ৰানত আউট হৈছিল, ইয়াৰ লগে লগে তেওঁ আৰু এটা শতক হেৰুৱাই কিন্তু তেওঁ দুৰ্দান্ত প্ৰদৰ্শনে অনুৰাগীৰ হৃদয় জয় কৰিছিল। মন কৰিবলগীয়া যে যেতিয়া ৰাজস্থানে ৭ উইকেটৰ পৰাজয়ৰ সন্মুখীন হৈছিল, তেতিয়া খেলপথাৰত বৈভৱ সম্পূৰ্ণৰূপে নিৰাশ হৈ পৰিছিল।

বৈভৱৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। জাডেজাই তেওঁৰ ওচৰলৈ গৈ তেওঁক সাৱটি ধৰি সান্ত্বনা দিয়ে। আনহাতে বিপক্ষৰ অধিনায়ক শুভমন গিলেও মেচৰ পিছত এই ১৫ বছৰীয়া চমৎকাৰী খেলুৱৈ গৰাকীক সাৱটি ধৰে। দলৰ পৰাজয়ত সূৰ্যবংশী ইমানেই বিচলিত হৈ পৰিছিল যে অধিনায়ক ৰিয়ান পৰাগে এই পৰাজয়ৰ কথা ক’বলৈ উপস্থাপন অনুষ্ঠানলৈ যোৱাৰ সময়তো ডাগআউটত বহি থকা বৈভৱক হতাশ আৰু আৱেগিক যেন দেখা গৈছিল।

এই আই পি এল ছিজনত বৈভৱে ১৬খন মেচত মুঠ ৭৭৬ ৰান সংগ্ৰহ কৰি বৰ্তমান অৰেঞ্জ কেপ দখল কৰি আছে। বৈভৱৰ ইনিংছৰ বলতেই কোৱালিফায়াৰ ২ৰ সময়ত ৰাজস্থানে ২০ অভাৰত ২১৪ ৰান সংগ্ৰহ কৰিছিল।যদিও শুভমন গিলে ১০৪ ৰানৰ ইনিংছৰে নিজৰ দলটোক জয়ৰ দিশত আগুৱাই লৈ গৈছিল, তথাপিও এই মেচখনত ১৫ বছৰীয়া বৈভৱৰ বেটিং প্ৰদৰ্শনে সঁচা অৰ্থত হৃদয় জয় কৰিছিল। এই খেলখনত বৈভৱে যি পৰিপক্কতাৰে বেটিং কৰিছিল, সেইটোৱে প্ৰমাণ কৰিছে যে তেওঁ এজন প্ৰত্যাহ্বানমূলক পৰিস্থিতিৰ মাজেৰেও নিজৰ দলটোক পৰিচালিত কৰিবলৈ সক্ষম খেলুৱৈ।

লগতে পঢ়ক: ‘আমি কোৱালিফাই কৰিবই নালাগিছিল…’; পৰাজয়ৰ পিছত ৰিয়ান পৰাগৰ অদ্ভূত মন্তব্য

‘আমি কোৱালিফাই কৰিবই নালাগিছিল…’; পৰাজয়ৰ পিছত ৰিয়ান পৰাগৰ অদ্ভূত মন্তব্য

অৱশেষত আই পি এল ২০২৬ত ৰাজস্থান ৰয়েলছৰ যাত্ৰাৰ অন্ত পৰিল।কোৱালিফায়াৰ ২ত গুজৰাট টাইটানছে ৭ উইকেটত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰে।

আইপিএল ২০২৬ৰ ফাইলিষ্ট দুটা দল নিশ্চিত হৈছে। কোৱালিফায়াৰ-১ত পৰাস্ত হোৱাৰ পিছত, গুজৰাট টাইটানছ পুনৰ এবাৰ আৰচিবিৰ সৈতে খিতাপ জয়ৰ বাবে যুঁজিবলৈ সাজু হৈছে।শুকুৰবাৰে কোৱালিফায়াৰ-২ত গুজৰাট টাইটানছে ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰে। এই পৰাজয়ৰ পিছত ৰিয়ান পৰাগে এক মন্তব্য আগবঢ়ায়। তেওঁ নিজৰ দলৰ প্ৰশংসা কৰাৰ লগতে পৰাজয়ৰ কাৰণো স্পষ্ট কৰি দিয়ে। প্লে অফত সৰ্বাধিক স্ক’ৰ (২১৪) গঢ়াৰ পিছতো ৰাজস্থান ৰয়েলছৰ দলটোৱে শোচনীয় পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয়।

মেচৰ অন্তত পৰাজয়ৰ কাৰণ ব্যাখ্যা কৰি ৰিয়ান পৰাগে কয়, “ই এটা গড় স্ক’ৰ আছিল। মই ভাবো ২১৫ ৰান কৰিব পৰা গ’লহেঁতেন, কিন্তু মোৰ অনুভৱ হৈছিল যে দ্বিতীয় ইনিংছত হেভী ৰ’লাৰ চলোৱাৰ পিছত উইকেটৰ কিছু উন্নতি ঘটে।প্ৰথম ইনিংছত স্পিনাৰসকলে অধিক গ্ৰিপ পাইছিল আৰু চুটি, লেহেমীয়া বলবোৰ আৰু লেহেমীয়া হৈ আহিছিল। সেয়ে মই ভাবো ই এটা ঠিক-ঠাক স্ক’ৰ আছিল, কিন্তু ই আৰু উন্নত হ’ব পাৰিলেহেঁতেন। এটা সময়ত এনে লাগিছিল যে ২৩৫ ৰান হ’ব, যিটো এনে ডাঙৰ মেচত পাৰ্থক্য গঢ়িব পাৰিলেহেঁতেন, সেই অতিৰিক্ত ১৫-২০ ৰান। মই ভাবো যদি ২৩০-২৪০ ৰান হ’লহেঁতেন, তেন্তে লক্ষ্যত উপনিত হোৱাটো সঁচাকৈয়ে অতি কঠিন হ’লহেঁতেন।”

তেওঁ লগতে কয়, “আমি জানিছিলো যে আমি অপেনাৰসকলক সোনকালে আউট কৰিব লাগিব, যিটো আমি কৰিব নোৱাৰিলোঁ আৰু তাৰ পিছত কামটো কঠিন হোৱাটো খাটাং আছিল। ই এটা ভাল ছিজন আছিল, বহুতো ইতিবাচক দিশ আছিল। কিন্তু যদি এটা শাৰীত ক’বলৈ যাওঁ, তেন্তে মোৰ অনুভৱ হৈছে যে আমি কোৱালিফাই কৰিবই নালাগিছিল। আমাৰ দলত বহুতো যুৱ মুখ আছিল, যিসকলৰ অভিজ্ঞতা কম আছিল। তেওঁলোকে আইপিএলত কম ক্ৰিকেট খেলিছে আৰু আমি বহু নতুন পৰিৱৰ্তন আৰু সংমিশ্ৰণ চেষ্টা কৰিলোঁ আৰু পৰীক্ষা কৰিলোঁ। কিন্তু ল’ৰাবোৰে যি ধৰণৰ প্ৰদৰ্শন দেখুৱালে আৰু আমি আৰু আজি আমি য’ত উপস্থিত হৈছো,মই ভাবো আগন্তুক দীঘলীয়া যাত্ৰাৰ বাবে এয়া এক উৎকৃষ্ট আৰম্ভণি।”

ৰিয়ান পৰাগে বৈভৱ সূৰ্যবংশীৰ ভূয়সী প্ৰশংসা কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে। বৈভৱে একেৰাহে দুখন মেচত ‘নাৰ্ভাছ নাইনটিজ’ৰ (নব্বৈৰ ঘৰত আউট) বলি হৈছে। তেওঁ হায়দৰাবাদৰ বিৰুদ্ধে ৯৭ ৰানৰ এক অভিলেখ গঢ়া ইনিংছ খেলিছিল। আনহাতে, গুজৰাটৰ বিৰুদ্ধেও বৈভৱ ৰৈ নাথাকিল আৰু বিধ্বংসী ৯৬ ৰান সংগ্ৰহ কৰিলে। অৱশ্যে, আউট হোৱাৰ পিছত বৈভৱক যথেষ্ট আৱেগিক হৈ পৰা দেখা গৈছিল।

লগতে পঢ়ক: ফাইনেললৈ গুজৰাট টাইটানছ; অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত বেটিং

ফাইনেললৈ গুজৰাট টাইটানছ; অথলে গ’ল বৈভৱ সূৰ্যবংশীৰ দুৰ্দান্ত বেটিং

আই পি এল ২০২৬ৰ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি গুজৰাট টাইটানছে আৰ চি বিৰ বিৰুদ্ধে ফাইনেলত স্থান নিশ্চিত কৰিছে।

আইপিএল ২০২৬ৰ কোৱালিফায়াৰ ২ত শুকুৰবাৰে মুলানপুৰৰ মহাৰাজা যাদবিন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত সংঘৰ্ষ হয়। আইপিএল ২০২৬ৰ কোৱালিফায়াৰ ২-ত ৰাজস্থান ৰয়েলছক ৭ উইকেটত পৰাস্ত কৰি ফাইনেলক প্ৰৱেশ কৰে গুজৰাট টাইটানছৰ। মোলানপুৰৰ মহাৰাজা যাদবেন্দ্ৰ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হয় মেচখন। মেচখনত ৰিয়ান পৰাগে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয়।

এই খেলখনত ৰাজস্থান ৰয়েলছে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২১৪ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। বৈভৱ সূৰ্যবংশীয়ে পুনৰ এবাৰ ধাৰাবাহিক প্ৰদৰ্শন আগবঢ়াই ৯৬ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলে যদিও দলটোক ফাইনেললৈ নিয়াত ব্যৰ্থ হ’ল। অৱশ্যে, তেওঁ একেৰাহে দ্বিতীয়বাৰৰ বাবে শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় বৈভৱ। ডোনোবেন ফৰেৰাই মাত্ৰ ১১টা বলত ৩৮ ৰানৰ এক বিধ্বংসী ইনিংছ খেলে।

গুজৰাটৰ তাৰকা স্পিনাৰ ৰছিদ খান এই মেচখনত যথেষ্ট ব্যয়বহুল প্ৰমাণিত হয়। তেওঁ ২ অভাৰত ২২.৫০ ইকনমি ৰেটত ৪৫ ৰান খৰচ কৰে। ৰাজস্থানৰ হৈ ৰবীন্দ্ৰ জাদেজাইও ৪৫ ৰানৰ এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়। অহা ৩১ মে’ত আহমেদাবাদত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ বিৰুদ্ধে গুজৰাট টাইটানছে আই পি এল ২০২৬ৰ ফাইনেল খেলিব ।

লগতে পঢ়ক: আই পি এলৰ মাজতে বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; খেলপথাৰত নিষিদ্ধ হ’ল স্মাৰ্ট ছানগ্লাছ

আই পি এল ২০২৬ত লক্ষ্ণৌৰ দুৰ্বল প্ৰদৰ্শন; ঋষভ পণ্টে এৰিলে অধিনায়কৰ পদ

২০২৬ চনৰ আই পি এল ছিজনৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক পদ এৰিলে ঋষভ পণ্টে। শুকুৰবাৰে ফ্ৰেঞ্চাইজিটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰ শ্বেয়াৰ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ঋষভ পণ্টে ফ্ৰেঞ্চাইজিৰ অধিনায়ক পদৰ এৰিবলৈ অনুৰোধ জনাইছে। ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ এই অনুৰোধ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি গ্ৰহণ কৰিছে।অধিনায়কৰ পদৰ পৰা সকাহ দিবলৈ পণ্টে নিজেই ফ্ৰেঞ্চাইজিক অনুৰোধ কৰিছিল। এল এছ জিৰ পৰিচালনা সমিতিয়ে অধিনায়ক হিচাপে ঋষভ পণ্টৰ অৱদানৰ শলাগ লৈছে, তেওঁৰ নেতৃত্ব আৰু দলৰ প্ৰতি নিষ্ঠাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ক্ৰিকেটৰ সঞ্চালক টম মুডীয়ে কয়, এই বিষয়টো সন্দৰ্ভত ঋষভে ফ্ৰেঞ্চাইজিৰ সৈতে যোগাযোগ কৰিছিল, আৰু আমি তেওঁৰ অনুৰোধ সন্মানেৰে গ্ৰহণ কৰিছো। এনে সিদ্ধান্ত লোৱা কেতিয়াও সহজ নহয়। অধিনায়ক হিচাপে এই ড্ৰেছিং ৰুমত ঋষভে যি অৰিহণা যোগাইছিল, তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ। আমাৰ গুৰুত্ব এতিয়া দলটোৰ সামূহিক পুন নিৰ্মাণ আৰু উচ্চতম মানদণ্ডত উপনীত হ’বলৈ পুনৰ্গঠনৰ ওপৰত হ’ব।