আই পি এলৰ মাজতে বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; খেলপথাৰত নিষিদ্ধ হ’ল স্মাৰ্ট ছানগ্লাছ

আই পি এলৰ মাজতে বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত; খেলপথাৰত নিষিদ্ধ হ’ল স্মাৰ্ট ছানগ্লাছ

আইপিএল ২০২৬ৰ চলি থকাৰ মাজতে খেলুৱৈ আৰু মেচ বিষয়াৰ বাবে বিচিচিআইয়ে নতুন কঠোৰ নিয়ম ৰূপায়ণ কৰিছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা কোনো খেলুৱৈ, সহায়ক কৰ্মী আৰু মেচ বিষয়াই স্মাৰ্ট ছানগ্লাছ বা স্মাৰ্ট

আইপিএল ২০২৬ৰ চলি থকাৰ মাজতে খেলুৱৈ আৰু মেচ বিষয়াৰ বাবে বিচিচিআইয়ে নতুন কঠোৰ নিয়ম ৰূপায়ণ কৰিছে।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৬ চলি থকাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰে পৰা কোনো খেলুৱৈ, সহায়ক কৰ্মী আৰু মেচ বিষয়াই স্মাৰ্ট ছানগ্লাছ বা স্মাৰ্ট গগলছ ব্যৱহাৰ কৰিব নোৱাৰিব। বিচিচিআই-ৰ এণ্টি কৰাপচন এণ্ড চিকিউৰিটি ইউনিটে সকলো ১০টা দললৈ এই সন্দৰ্ভত এক নতুন নিৰ্দেশনা প্ৰেৰণ কৰিছে। ব’ৰ্ডে আশংকা কৰিছে যে এই স্মাৰ্ট চশমাসমূহ গোপন আলোচনা, ভিডিঅ’ ৰেকৰ্ডিং বা লাইভ ষ্ট্ৰিমিঙৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ACSU-ৰ মতে, শেহতীয়াকৈ বহু প্ৰযুক্তি প্ৰতিষ্ঠানে আই পি এল খেলুৱৈ আৰু ফ্ৰেন্সাইজি কৰ্মীক স্মাৰ্ট ছানগ্লাছ আৰু গগলছ বিক্ৰী তথা প্ৰচাৰ কৰাত ব্যস্ত হৈ পৰিছে।

এই স্মাৰ্ট গগলছসমূহত Wi-Fi নেটৱৰ্কৰ জৰিয়তে কল কৰা, মেচেজ পঠিওৱা, ভিডিঅ’ ৰেকৰ্ডিং আৰু ইন্টাৰনেটৰ সৈতে সংযোগ হোৱাৰ দৰে সুবিধাসমূহ থাকে। সেইবাবেই বিচিচিআই এ ইয়াক কমিউনিকেচন আৰু ৰেকৰ্ডিং ডিভাইচৰ শাৰীত ৰাখি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে।

বিচিচিআই এ স্পষ্ট কৰি দিছে যে ‘প্লেয়াৰ্ছ এণ্ড মেচ অফিচিয়েলছ এৰিয়া’ ৰ ভিতৰত এনে স্মাৰ্ট চশমা ৰখা বা পিন্ধাটো সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব। পূৰ্বতে মোবাইল ফোন আৰু অন্যান্য যোগাযোগৰ সঁজুলিৰ ওপৰত নিষেধাজ্ঞা আছিল, এতিয়া স্মাৰ্ট ছানগ্লাছকো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

ইয়াৰ পূৰ্বে এই আইপিএল ছিজনৰ আৰম্ভণিতে ৰাজস্থান ৰয়েলছৰ মেনেজাৰ ৰোমী ভিন্দৰক মেচৰ সময়ত ডাগআউটত মোবাইল ব্যৱহাৰ কৰাৰ বাবে ১ লাখ টকাৰ জৰিমনা বিহা হৈছিল।এই নতুন নিৰ্দেশনা অনুসৰি খেলুৱৈ আৰু সহায়ক কৰ্মচাৰীয়ে ষ্টেডিয়ামত উপস্থিত হোৱাৰ লগে লগে নিজৰ স্মাৰ্ট চশমা নিৰাপত্তা যোগাযোগ বিষয়া (এছ এল অ’)ৰ ওচৰত জমা দিব লাগিব।

লগতে পঢ়ক: আই পি এল ২০২৬ত লক্ষ্ণৌৰ দুৰ্বল প্ৰদৰ্শন; ঋষভ পণ্টে এৰিলে অধিনায়কৰ পদ