ঋষভ পন্তৰ ডাঙৰ সিদ্ধান্ত; এৰিলে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়কৰ পদ

আই পি এল ২০২৬ত লক্ষ্ণৌৰ দুৰ্বল প্ৰদৰ্শন; ঋষভ পণ্টে এৰিলে অধিনায়কৰ পদ

২০২৬ চনৰ আই পি এল ছিজনৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক পদ এৰিলে ঋষভ পণ্টে। শুকুৰবাৰে ফ্ৰেঞ্চাইজিটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰ শ্বেয়াৰ কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ঋষভ পণ্টে ফ্ৰেঞ্চাইজিৰ অধিনায়ক পদৰ এৰিবলৈ অনুৰোধ জনাইছে। ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ এই অনুৰোধ

২০২৬ চনৰ আই পি এল ছিজনৰ পিছত লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ অধিনায়ক পদ এৰিলে ঋষভ পণ্টে। শুকুৰবাৰে ফ্ৰেঞ্চাইজিটোৱে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে এই খবৰ শ্বেয়াৰ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে যে ঋষভ পণ্টে ফ্ৰেঞ্চাইজিৰ অধিনায়ক পদৰ এৰিবলৈ অনুৰোধ জনাইছে। ফ্ৰেঞ্চাইজিয়ে তেওঁলোকৰ এই অনুৰোধ তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰি গ্ৰহণ কৰিছে।অধিনায়কৰ পদৰ পৰা সকাহ দিবলৈ পণ্টে নিজেই ফ্ৰেঞ্চাইজিক অনুৰোধ কৰিছিল। এল এছ জিৰ পৰিচালনা সমিতিয়ে অধিনায়ক হিচাপে ঋষভ পণ্টৰ অৱদানৰ শলাগ লৈছে, তেওঁৰ নেতৃত্ব আৰু দলৰ প্ৰতি নিষ্ঠাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছে।

লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ ক্ৰিকেটৰ সঞ্চালক টম মুডীয়ে কয়, এই বিষয়টো সন্দৰ্ভত ঋষভে ফ্ৰেঞ্চাইজিৰ সৈতে যোগাযোগ কৰিছিল, আৰু আমি তেওঁৰ অনুৰোধ সন্মানেৰে গ্ৰহণ কৰিছো। এনে সিদ্ধান্ত লোৱা কেতিয়াও সহজ নহয়। অধিনায়ক হিচাপে এই ড্ৰেছিং ৰুমত ঋষভে যি অৰিহণা যোগাইছিল, তাৰ বাবে আমি তেওঁৰ ওচৰত কৃতজ্ঞ। আমাৰ গুৰুত্ব এতিয়া দলটোৰ সামূহিক পুন নিৰ্মাণ আৰু উচ্চতম মানদণ্ডত উপনীত হ’বলৈ পুনৰ্গঠনৰ ওপৰত হ’ব।